Class 12 Political Science Solved Paper 2020 (Assamese) | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান 2020 প্ৰশ্নকাকত সমাধান

In this article, we have shared the Assam Board Class 12 Political Science Solved Paper 2020 (Assamese),দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান 2020 প্ৰশ্নকাকত সমাধান to help students prepare for their exams. The Assam Higher Secondary Education Council (AHSEC), under the Assam State School Education Board (ASSEB), conducts the Class 12 exams every year. This solved paper includes clear and simple answers to all the questions. It will help students understand the topics better and score good marks in their Assam Board Class 12 Political Science exam.

Class 12 Political Science Solved Paper 2020 (Assamese)

২০২০
ৰাজনীতি বিজ্ঞান
(নতুন পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে)
(সম্পূৰ্ণ নম্বৰ: ৮০)
উত্তীৰ্ণৰ বাবে নম্বৰ: ২৪
প্ৰশ্নৰ পাৰ্শ্বত উল্লেখ কৰা সংখ্যাবোৰ প্ৰশ্নটোৰ পূৰ্ণ নম্বৰ সূচাই।

ক – অংশ (সমসায়িক বিশ্ব ৰাজনীতি)

1. (a) NATO ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ NATO-ৰ সম্পূর্ণ ৰূপটো হ’ল- North Atlantic Treaty Organisation ।

(b)  ১৯৮৫ চনত ছোভিয়েট ইউনিয়নত ____ য়ে সংস্কাৰৰ সূচনা কৰিছিল। (খালি ঠাই পূৰণ কৰা) 

উত্তৰঃ মিখাইল গর্বাচভে।

(C) কিমান চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল?

উত্তৰঃ ১৯৯০ চনত।

(d) সমসাময়িক বিশ্ব ৰাজনীতিত ‘৯/১১’ বুলি কোনটো ঘটনাক বুজোৱা হয়?

উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্র (World Trade Centre) টো আক্রমণ কৰি যুক্তৰাষ্ট্ৰখনৰ বৃহৎ ক্ষতিসাধন কৰে। এই আক্রমণে বিশ্ব সন্ত্রাসবাদৰ ব্যাপ্তিক সূচায়। 

(e) ‘মৰুভমি ধুমুহা অভিযান’ মানে কি?

উত্তৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি জর্জ এইচ ডব্লিউ বুশ্বৰ দিনত প্রথম ইউৰােপীয় যুদ্ধ হৈছিল। ৩৪ খন ৰাষ্ট্রৰ ৬৬০,০০০ জন সৈনিকেৰে এটা বৃহৎ সামৰিক বাহিনীয়ে যুদ্ধ কৰি ইৰাকক পৰাস্ত কৰে। ইয়াকে অপাৰেশ্যন ডেজার্ট বা ‘ মৰুধুমুহা’ বােলে। এই যুদ্ধত ইৰাকৰ ৰাষ্ট্রপতি ছাদ্দাম হুচেইন আমেৰিকাৰ হাতত পৰাস্ত হয়। ইৰাকৰ সামৰিক বাহিনীক আমেৰিকাই পৰাস্ত কৰি কুৱেইটৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰায়।

(f) ছাৰ্ক ( SAARC) প্ৰথমখন শীৰ্ষ সন্মিলন ক’ ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ছাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ১৯৮৫ চনৰ ৭-৮ ডিচেম্বৰত ঢাকাত অনুষ্ঠিত হয়।

2. নতুন আন্ত: ৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ দুটা নীতি লিখা।

উত্তৰঃ নতুন আন্তৰাষ্ট্রীয় অর্থনৈতিক শৃংখলাৰ দুটা নীতি হ’ল-

(ক) ভৱিষ্যত প্রজন্মৰ বাবে শান্তি আৰু ন্যায়ৰ ওপৰত প্রতিষ্ঠিত এক আন্তর্জাতিক অর্থব্যৱস্থা গঢ়ি তােলা।

(খ) আন্তর্জাতিক অর্থনীতিত চলি থকা অসমতা আৰু অন্যায় দূৰীকৰণৰ লগতে উন্নত আৰু উন্নয়নশীল দেশবােৰৰ মাজৰ ব্যৱধান দূৰ কৰা।

3. বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ কিও প্ৰয়োজন? দুটা কাৰণ লিখা।

উত্তৰঃ নিম্নলিখিত কাৰণসমূহৰ বাবে বিশ্বৰ সৰু দেশবােৰ বৃহৎ শক্তিৰ বাবে অতি উপযােগী —

(ক) প্রমুখ বা মূল সম্পদসমূহ যেনে— তেল আৰু খনি।

(খ) ভূ-ক্ষেত্র (য’ৰ পৰা বৃহৎ শক্তিসমূহে নিজৰ অস্ত্র-শস্ত্ৰ আৰু সেনা সঞ্চালন কৰিব পাৰে)।

 4. ছোভিয়েট ইউনিয়ন খন্দিতকৰণৰ দুটা কাৰণ লিখা।

উত্তৰঃ ১। মিখাইল গর্বাচেভে গ্ৰহণ কৰা সংস্কাৰমূলক আঁচনি।

২। গোষ্ঠীনিৰপেক্ষ দেশবোৰে লোৱা ভূমিকা।

5. মাৰ্কিন আধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবন্ধকতা লিখা।

উত্তৰঃ মাৰ্কিন আধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবন্ধকতা হল- 

(ক) আমেৰিকান ৰাজ্য নিজস্ব প্ৰতিষ্ঠানিক আৰ্কিটেকচাৰ।

(খ) চৰকাৰৰ তিনিটা শাখাৰ মাজত ক্ষমতা বিভাজনৰ এটা ব্যৱস্থা কাৰ্যনিৰ্বাহী শাখাৰ দ্বাৰা আমেৰিকাৰ সামৰিক শক্তিৰ সীমাহীন ব্যৱহাৰৰ উপৰত গুৰুত্ব পূৰ্ণ বাধা আৰোপ কৰে।

6. বিশ্ব বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ যিকোনো এটা কাৰ্য উল্লখ কৰা।

উত্তৰঃ ১৯৪৫ চনত বিশ্ব বেংক স্থাপন কৰা হৈছিল। ইয়াৰ এটা কাৰ্য হল: বিশ্ব অৰ্থনৈতিক উন্নয়নত সাহায্য আৰু উপদেশ প্ৰদান কৰা।

7. পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজৰ পাৰ্থক্য কি?

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্র এখনৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ কথা বুজায়। ইয়াত প্ৰধানকৈ সামৰিক দিশটো অন্তর্ভুক্ত কৰা হয়। আনহাতে , অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক ভাবুকিৰ দিশটো অতিক্রম কৰি এক বিস্তৃত পৰিসৰৰ ভয়াৱহতা আৰু ভাবুকিক অন্তর্ভুক্ত কৰিছে।

8. ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ব্ৰিটিছ শাসনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰা সময়ত ভাৰত আৰু পাকিস্তানত বিভাজন হৈছিল। জন্মলগ্নৰ পৰা এই দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত সংঘাতপূর্ণ পৰিৱেশৰ সৃষ্টি হৈ আহিছে। তলত ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতপূর্ণ বিষয়সমূহ আলোচনা কৰা হ’ল-

(i) ভাৰতবৰ্ষ আৰু পাকিস্তান দুয়োখন দেশে স্বাধীনতাৰ সময়ৰ পৰাই কাশ্মীৰক কেন্দ্র কৰি প্ৰথমবাৰৰ বাবে সংঘাতত লিপ্ত হৈছিল আৰু নিজৰ ভূ-খণ্ড বুলি দাবী কৰি অহাৰ ফলশ্ৰুতিত 1947-1948, 1965 চনত দুয়োখন দেশে দুখনকৈ যুদ্ধৰ মুখামুখি হৈছিল।

(ii) ভাৰত আৰু পাকিস্তানৰ মাজত দেখা দিয়া আন এটা সমস্যা হ’ল নদীৰ পানীৰ ভাগবটোৱাৰা। 1960 চনলৈকে সিন্ধু নদীৰ জলধাৰাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত তীব্র বাক-বিতৰ্কৰ উদ্ভৱ হৈছিল। অৱশ্যে 1960 চনত বিশ্ব-বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ‘সিন্ধু জল চুক্তি’ৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল।

9. ৰাষ্ট্ৰসংঘত সংস্কাৰৰ প্রযোজনিয়তা সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে যিকোনো সংস্থাৰ সংস্কাৰ আৰু উন্নয়নৰ মৌলিক প্ৰয়োজন আছে। ৰাষ্ট্ৰসংঘও ইয়াৰ ব্যতিক্ৰম নহয়। 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ পিছত বিশ্বৰ ৰাজনীতিত যথেষ্ট পৰিৱৰ্তন হৈছে। সেয়েহে ইয়াক সংস্কাৰ তথা পুনর্গঠনৰ বাবে দাবী উত্থাপন হৈছে।

ৰাষ্ট্ৰসংঘক দুই ধৰণৰ সংস্কাৰ কৰাৰ প্ৰয়োজন হৈছে। যেনে—

(ক) সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সংস্কাৰ।

(খ) ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰা বিষয়সমূহৰ সংস্কাৰ।

ৰাষ্ট্ৰসংঘৰ সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়াৰ সংস্কাৰ বুলি ক’লে সাধাৰণতে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ কথাকে বুজা যায়। ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। বিশেষকৈ নিৰাপত্তা পৰিষদত যিহেতু এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা উচিত প্রতিনিধিত্ব নাই, সেয়েহে এই অঞ্চলবোৰৰ পৰা উচিত প্রতিনিধি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অন্তর্ভূক্ত কৰিব লাগে। আকৌ, কার্যপ্রণালীৰ ক্ষেত্ৰত আমেৰিকা আৰু পশ্চিমীয়া দেশবোৰে ৰাষ্ট্ৰসংঘৰ বাজেটৰ নিয়ম নীতি আৰু প্ৰশাসনৰ উন্নয়ন বিচাৰিছিল।

দ্বিতীয়তে, কেতবোৰ ৰাষ্ট্ৰ তথ্য বিশেষজ্ঞসকলৰ মতে ৰাষ্ট্ৰসংঘৰ কার্যক্ষেত্ৰখন সম্প্ৰসাৰণ হ’ব লাগে। তেওঁলোকৰ মতে ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আনহাতে, কিছুমানৰ মতে উন্নয়ন আৰু মানবীয় কাৰ্য, যেনে— স্বাস্থ্য, শিক্ষা, পাৰিপার্শ্বিকতা নিয়ন্ত্রণ, জনসংখ্যা নিয়ন্ত্রণ, মানৱীয় অধিকাৰ ৰক্ষা এইবোৰ কাৰ্যৰ মাজতে ৰাষ্ট্ৰসংঘৰ কাৰ্য সীমিত হ’ব লাগে। গতিকে সমগ্র বিশ্বত যিবোৰ ৰাজনৈতিক পৰিৱৰ্তন হৈছে বা নতুন নতুন সমস্যাই দেখা দিছে সেইবোৰ প্রতিহত কৰাৰ বাবে বৰ্তমান ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰাৰ প্ৰয়োজন আহি পৰিছে।

10. মানৱীয় নিৰাপত্তা স্বাস্থ্যৰ মাজৰ সম্পৰ্ক কি? চমুকৈ আলোচনা কৰা।

উত্তৰঃ মানৱীয় নিৰাপত্তাই সাধাৰণতে ৰাষ্ট্ৰক ৰক্ষণাবেক্ষণ দিয়াতকৈ জনসাধাৰণক বেছি ৰক্ষণাবেক্ষণ দিয়াটোক বুজায়। মানৱীয় নিৰাপত্তাৰ সমর্থকসকলে কয় যে ৰাষ্ট্ৰৰ প্রাথমিক লক্ষ্য হ’ল ইয়াৰ ব্যক্তিসকলক ৰক্ষণাবেক্ষণ দিয়া। তেওঁলােকৰ মতে মানৱীয় নিৰাপত্তাৰ ধাৰণাই ক্ষুধা, ৰোগ ব্যাধি আৰু প্ৰাকৃতিক দূর্যোগ আদিক সন্নিবিষ্ট কৰা উচিত। কিয়নাে, এইবােৰে এনেকি যুদ্ধতকৈ বেছি মানুহক মৃত্যুৰ মুখত পেলায়। এইদৰে মানৱীয় নিৰাপত্তাৰ নীতিয়ে এইবােৰ ভাবুকিৰ পৰা জনসাধাৰণক, সংঘৰ্য আৰু যুদ্ধতকৈ বেছি ৰক্ষণাবেক্ষণ দিয়া উচিত। কাৰণ দৰিদ্ৰতা, ক্ষুধা, ৰােগ ব্যাধি, প্রাকৃতিক দুর্যোগেহে মানুহৰ স্বাস্থ্যৰ লগত জড়িত হৈ এক অসহায়, নিৰুপায়তাৰ বেছি সৃষ্টি কৰে। 

11. খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিবেশৰ মাজৰ সম্পৰ্ক কি।

উত্তৰঃ ৰাষ্ট্ৰসংঘই খিলঞ্জীয়াসকলৰ সংজ্ঞা দিবলৈ গৈ কৈছে যে খিলঞ্জীয়াসকল হ’ল এক নির্দিষ্ট বসতি স্থাপন কৰা প্ৰথম অধিবাসীসকলৰ সতি-সন্তান— যাক পিছৰ পৰ্যায়ত অন্য স্থানৰ পৰা অহা পৃথক জনগোষ্ঠীৰ বা সংস্কৃতিৰ লোকে পৰাভূত কৰিছিল। খিলঞ্জীয়া লোকসকলে তেওঁলোক বসবাস কৰা ৰাষ্ট্ৰৰ আনুষ্ঠানিক নীতি-নিয়মতকৈ তেওঁলোকৰ স্বকীয় পৰম্পৰা তথা আর্থ-সামাজিক, সাংস্কৃতিক ৰীতি-নীতিৰ মাজেদি জীয়াই থাকিব বিচাৰে।

ৰাষ্ট্ৰসংঘৰ সংজ্ঞা অনুসৰি যিসকলক খিলঞ্জীয়া বুলি ধৰা হয় সেই সকলৰ অধিকাৰ ৰক্ষাৰ্থে বিভিন্ন দেশে খিলঞ্জীয়াসকলক ন্যায় প্ৰদান কৰাৰ বাবে নিজৰ নিজৰ সাংবিধানিক ব্যৱস্থা কৰিছে। খিলঞ্জীয়াসকলৰ বসবাসৰ সুবিধা- প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সংস্কৃতি সংৰক্ষণৰো ব্যৱস্থা লৈছে। তেওঁলোকক ন্যায় প্ৰদান কৰাৰ বাবে দেশসমূহে আতি বা অনুসূচীত জাতি হিচাপে তালিকাভুক্ত কৰি তেওঁলোকৰ শিক্ষা, স্বাস্থ্য, আর্থিক উন্নয়নৰ প্ৰতি ৰাষ্ট্ৰসমূহে অগ্ৰাধিকাৰৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিছে।

খিলঞ্জীয়াসকলৰ পৰম্পৰাগত ব্যৱস্থা অনুযায়ী তেওঁলোকৰ জীৱিকা নির্বাহ প্ৰধানকৈ কৃষি, মৎস উৎপাদন। পাহাৰীয়া অঞ্চলত বাস কৰা খিলঞ্জীয়া সকলৰ জীৱিকা প্রধানকৈ অৰণ্যত উৎপাদিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। সাগৰীয়া অঞ্চলৰ মৎসজীৱীসকলে সাগৰৰ পানী বিষময় কৰি পানী প্ৰদূষণৰ সৃষ্টি কৰি আহিছে। তেওঁলোকে সাগৰৰ পানী বিষময় কৰাৰ ফলত সাগৰীয়া জীৱকূলৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে আৰু মৎস উদ্যোগ ধ্বংস প্রাপ্ত হৈছে। একেদৰে নৈ-বিল আদিৰ কাষত বাস কৰাসকলে জল প্ৰদূষণত ইন্ধন যোগাইছে।

পৰম্পৰাগত কৃষি ব্যৱস্থাই কৃষিভূমিত নিমখৰ মাত্রা বৃদ্ধি কৰি ইয়াৰ উৎপাদন ক্ষমতাও হ্ৰাস কৰিছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষি ভূমিৰ ওপৰত অধিক চাপ পৰিছে আৰু অনুস্ত কৃষি পদ্ধতিয়ে কৃষি ভূমিৰ উৰ্বৰতা কমাই আনিছে আৰু মাটি প্ৰদূষণত সহায় কৰিছে। খিলঞ্জীয়াসকলৰ যি সকলৰ জীৱন অৰণ্য কেন্দ্রিক তেওঁলোকে যধে মধে গছ-গছনি কটাৰ ফলত অৰণ্যৰ জীৱ-জন্ত আৰু উদ্ভিদৰ প্ৰাকৃতিক বাসস্থান বিলাক ধ্বংস হৈ জৈৱ বৈচিত্র্যতা লোপ পাইছে। খিলঞ্জীয়া সকলৰ বিভিন্ন কৰ্মৰাজীয়ে সমগ্ৰ বিশ্বৰ সাগৰ-মহাসাগৰ, অৰণ্য আৰু উপকূলীয় অঞ্চলসমূহৰ পৰিৱেশৰ প্ৰদূষণৰ মাত্ৰা ক্রমাগত বৃদ্ধি কৰিছে।

12. বিশ্বাওনৰ সপেক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি লিখা।

উত্তৰঃ সপক্ষে: 

১I বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ মানুহ, ব্যৱসায়-বাণিজ্য আৰু চৰকাৰৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি পাইছে।

২I প্রযুক্তিবিদ্যাৰ উন্নয়ন হোৱাৰ লগে লগে টেলিভিশ্বন, ম’বাইল আদিয়ে বিশ্বখনক সৰু কৰি তুলিছে।

বিপক্ষে:

১I বিশ্বায়নৰ সমালোচকসকলৰ মতে ই বিশ্ব পুঁজি বাদক প্রতিনিধিত্ব কৰে যিয়ে ধনীসকলক বেছি ধনী আৰু দুখীয়াসকলক বেছি দুখীয়া কৰে।

২I বিশ্বায়নৰ ফলত সংস্কৃতিৰ ক্ষেত্ৰতো ভাবুকি আহিছে। বিশ্বায়নৰ কেতবোৰ আপসংস্কৃতিয়ে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ খাদ্যাভাস, ৰুচি, স্থানীয় ভাষা আদিৰ অৱনতি ঘটাইছে। যাৰ ফলত নিজৰ সংস্কৃতি বাদ দি পাশ্চাত্যৰ প্ৰভাৱৰ প্ৰতিহে মানুহ আকৰ্ষিত হৈছে। 

13. ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতি সমূহ আলোচনা কৰা।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ খন্ধিতকৰণৰ পৰিণতি সমূহ হল:

(ক) ত্ৰুটিপূৰ্ণ নেতৃত্ব: ছোভিয়েট ইউনিয়নৰ খন্ধিতকৰণৰ পৰিণতি সমূহ হৈছে ক্ৰুতিপূৰ্ণ নেতৃত্ব। দলৰ নেতাজনক চৰকাৰৰ নেতা আৰু দেশৰ নেতা বুলি মান্যতা দিয়া হৈছিল। দুৰ্বল নেতা আৰু দেশৰ কল্যাণৰ বিষয়ে চিন্তা নকৰা এই নেতৃত্ব ছোভিয়েট ইউনিয়নৰ খন্ধিতকৰণৰ পৰিণতি।

(খ) গৰ্ব্বছেৱৰ সংস্কাৰ মূলক নীতি: ছোভিয়েট ইউনিয়নৰ খনদিতকৰণৰ পৰিণতি অন্নতম কাৰক আছিল গৰ্বছেৱৰ সংস্কাৰ মূলক নীতি।তেখেতে দেশৰ জনগণৰ স্বাধীনতা, সমতা, জাতীয়তাবোধ, অৰ্থনৈতিক স্ব-নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্ৰস্তুতি নকৰাকৈ ৰাছিয়াত তেওঁৰ বিখ্যাত Glasnost আৰু Persestroika ৰ ধাৰণা কাৰ্যকৰী কৰিব বিচাৰিছিল।

(গ) অৰ্থনৈতিক স্থবিৰতা: ছোভিয়েট ৰাষ্ট্ৰৰ পূব ইউৰোপত থকা দেশসমূহক ,মধ্য গণৰাজ্য সমুহক সদায় নীয়ন্ত্ৰণত ৰখাৰ বাবে বছৰি বহু ধন সামৰিক ক্ষেত্ৰত খৰচ কৰিছিল আৰু আধুনিক কৰি ৰখাৰ বাবে ব্যক্ত কৰিছিল।ইয়াৰ ফলত ছোভিয়েট অৰ্থ ব্যৱস্থাৰ উপৰত যথেষ্ট বুজা পৰিছিল।

অথবা 

13. আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ শেহতীয়া ধাৰাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ নিজে কৰা।

14.ইউৰোপীয়ান ইউনিয়নৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱ পৰীক্ষা কৰা।

উত্তৰঃ ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য।নিৰাপত্তা পৰিষদৰ কেইবাখনো অস্থায়ী সদস্য ৰাষ্টও ইউৰোপীয় সংঘৰ সদস্য। ইয়াৰ ফলত বৰ্তমান সময়ত ইউৰোপীয় সংঘই  ইৰাণৰ আনৱিক কৰ্যহুচি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতিৰ  দৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান নীতিত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।ইয়াৰ কূটনৈতিক , অৰ্থনৈতিক বিনিয়োগ আৰু আলোচনাবোৰ , ই গ্ৰহণ কৰা শাস্তিমূলক ব্যৱস্থা আৰু সামৰিক বাহিনীৰ তুলনাত অধিক ফলপ্ৰসূ হৈছে। উদাহণস্বৰূপে, চীনৰ মানৱ অধিকাৰ আৰু পৰিবেশৰ অবক্ষয় বিষয়ত ইয়াৰ দ্বি-পাক্ষিক আলোচনা ফলপ্ৰসূ হৈছিল।

অথবা

14. আছিয়ানৰ (ASEAN) ৰ লক্ষ্য আৰু সাফল্য বৰ্ণনা কৰা।

উত্তৰঃ ১৯৬৭ চনত যেতিয়া আছিয়ান গঠন কৰা হৈছিল সেই সময়ছােৱাত দক্ষিণ পূব এছিয়াৰ দেশসমূহ ৰাজনৈতিক, আর্থ-সামাজিক আৰু সাংস্কৃতিকভাৱে বিচ্ছিন্ন আছিল। ম্যানমাৰ, লাওচ, ভিয়েটনাম, কম্বােডিয়া আদি দুখীয়া ৰাষ্ট্ৰ থকাৰ লগে লগে চীন আৰু জাপানৰ নিচিনা আর্থিকভাৱে ধনী তথা ছিংগাপুৰ, দক্ষিণ কোৰিয়াৰ নিচিনা উন্নয়নশীল অর্থনীতি এই অঞ্চলটোত আছিল। দক্ষিণ-পূর্ব এছিয়াৰ দেশসমূহ পূৰ্বৰে পৰা চীন, জাপান আৰু দক্ষিণ- কোৰিয়াৰ অৰ্থনীতিৰ লগত দূৰত্ব বজাই ৰাখিছিল। আছিয়ানে প্রথমে সাম্যবাদী চীন আৰু পুঁজিবাদী জাপানক লক্ষ্য কৰি নিৰাপত্তাজনিত আৰু আর্থিক দৃষ্টিকোণৰ পৰা সংগঠনটোৰ জন্ম দিছিল। 

এই আর্থিক সহযােগিতাই দেশকেইখনৰ মাজত থকা ৰাজনৈতিক আৰু নিৰাপত্তাজনিত দূৰত্ববােৰ কমাই আনিছিল। ASEANৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ ব্যৱসায়িক উন্নতি আৰু প্রত্যক্ষ বিদেশী বিনিয়ােগৰ গােটেই কেইখন সদস্য ৰাষ্ট্ৰকো সহায় কৰিছিল। অর্থনৈতিক ক্ষেত্ৰৰ উপৰিও সামাজিক, গণতান্ত্রিক আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰতাে ই ভাল কাম কৰিবলৈ সক্ষম হৈছে। বর্তমান সময়ত ASEAN-এ ইয়াৰ সদস্যসমূহৰ মাজত মুক্ত বাণিজ্য অঞ্চল (Free Trade Area) গঠন কৰিবলৈ সক্ষম হৈছে। বিশ্ব ৰাজনীতিত বর্তমান ASEAN এক কেন্দ্রীয় শক্তিত পৰিণত হােৱাৰ লগতে ৰাষ্ট্ৰসংঘৰ কার্যসূচীসমুহত ইয়াৰ সক্রিয় সমর্থনে ইয়াক এটি সন্মানীয় সংগঠনত পৰিণত কৰিছে। তাৰােপৰি, এটা আঞ্চলিক সংগঠন হিচাপে ই দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ লগতে বৃহৎ শক্তিৰ প্ৰতিযােগিতাৰ পৰা আর্থ-ৰাজনৈতিক বিষয়ত সুস্থিৰতা প্রদান কৰি আহিছে। তাৰােপৰি, উন্নয়নশীল দেশৰ সংগঠন হিচাপেও ই ভাল কাম কৰি আছে।

খ – অংশ ( স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি)

15. (a) ভাৰতৰ বহুদলীয় ব্যৱস্থা আছে। ( সত্য নে অসত্য লিখা)

উত্তৰঃ সত্য।

(b) সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ ড° ভীমৰাও ৰামজি আম্বেদকাৰ। 

(c) ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু ________ৰ মাজত। (খালি ঠাই পূৰণ কৰা)

উত্তৰঃ পাকিস্তানৰ। 

(d) প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ বেলগ্রেড চহৰতI

(e) ভাৰতীয় সংবিধানৰ _________ নম্বৰ অনুচ্ছেদ জম্মু কাশ্মীৰক বিশেষ মৰ্য্যদা প্ৰদান কৰিছিল।

উত্তৰঃ ৩৭০

(f) ‘নেদা’ (NEDA) ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ NORTH EAST Democratic Alliance 

16. ভাৰতীয় জনসংঘৰ যিকোনো দুটা আদৰ্শ উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় জনসংঘৰ দুটা আদর্শ হ’ল-

(ক) চৰকাৰী ভাষা হিচাপে হিন্দী ভাষাক স্বীকৃতি প্রদানৰ ক্ষেত্রত।

(খ) অখণ্ড আরু একত্রিত ভাৰতবর্ষ গঢ়ি তুলাত। 

17. ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল।

উত্তৰঃ ভাৰতৰ নিৰ্বাচন আয়োগ ১৯৫০ চনৰ জানুৱাৰী মাহত গঠন কৰা হৈছিল।সুকুমাৰ সেন ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল।

18. ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা।

উত্তৰঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি হল:

১I ১৯৭৫ চনৰ জৰুৰীকালী অৱস্থা ঘোষণাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ হাতত দেশৰ সকলো ক্ষমতা অধিনস্ত হয় আৰু কেন্দ্ৰ চৰকাৰ একক শক্তিশালী হৈ পৰে। 

২I জৰুৰী কালীন অৱস্থাৰ প্ৰৱৰ্তনৰ ফলত কেন্দ্ৰ চৰকাৰ তথা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী সকলো ক্ষমতা আহৰণ কৰি একক শক্তিশালী হৈ পৰে আৰু দেশত তেওঁ একনায়কত্ববাদী আৰু স্বেচ্ছাচাৰী শাসন চলাই।

19. ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ যিকোনো দুটা কাৰণ লিখা।

উত্তৰঃ ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ দুটা কাৰণ হ’ল- 

(ক) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক  নীতিI

(খ) দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতাI

20. মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা।

উত্তৰঃ মণ্ডল আয়োগৰ দুটা পৰামৰ্শ হ’লঃ

১I চৰকাৰী চাকৰি বা শৈক্ষিক অনুষ্ঠানসমূহত ২৭ শতাংশ পদ আৰু আসন অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত কৰিব লাগে।

২I অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ উৎসাহিত আৰু সহায় কৰিব লাগে।

21. ভাৰতত নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট উল্লেখ কৰা।

উত্তৰঃ ভাৰতত নতুন অৰ্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য হ’ল-

১I উদাৰীকৰণঃ নতুন অৰ্থনৈতিক নীতিয়ে ভাৰতত ৰাষ্ট্ৰৰ অপ্ৰয়োজনীয় নিয়ন্ত্ৰণৰ পৰা অৰ্থনীতি মুক্ত হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থনীতিৰ উদাৰীকৰণ আৰু নীতিৰ ক্ষেত্ৰত স্বচ্ছতা আনিবলৈ ১৯৯১ চনত গ্ৰহণ কৰা নতুন উদ্যোগ নীতিয়ে বিনিয়োগ নিৰ্বিশেষে সকলোধৰণৰ ঔদ্যোগিক নিগমৰ বাবে ঔদ্যোগিক অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ বিলোপ সাধন কৰিছে।

২I অৰ্থনীতিৰ বিশ্বায়নঃ ভাৰতে নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তনৰ দ্বাৰা অৰ্থনৈতিক বিশ্বায়নৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। অৰ্থনীতিৰ বিশ্বায়নৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতৰ নতুন অৰ্থনৈতিক নীতিত বিভিন্ন ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছেI

22. ভাৰত বিভাজনৰ পৰিনিতিসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৯৪৭ চনত ভাৰত বিভাজনৰ প্ৰধান কাৰক হৈছে দ্বি-জাতি তত্ব। দ্বি-জাতি তত্ত্বৰ মতে হিন্দু আৰু মুছলমান এই দুয়োটা সম্পূৰ্ণৰূপে পৃথক জাতি । সেইবাবে মুছলমানসকলৰ ৰাজনৈতিক, সাংস্কৃতিক তথা সামাজিক অধিকাৰৰ সুৰক্ষাৰ হেতু বৃটিছ শাসনাধীন ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠ ঠাইসমূহ একত্ৰিত কৰি তেওঁলোকৰ বাবে এক স্বতন্ত্ৰ গৃহভূমি থকাটো উচিত। এই তত্বই উক্ত দুই ধৰ্মীয় সম্প্ৰদায়ৰ মাজৰ পাৰ্থক্য আৰু বৈসাদৃশ্যসমূহক বুজাই বা সূচায়। দ্বি-জাতি তত্বৰ ভিত্তিতে হিন্দু আৰু মুছলমান দুই ধৰ্মৰ লোকৰ বাবে দুখন পৃথক ৰাষ্ট্ৰ গঠনৰ দাবী উশ্থাপিত হৈছিল। সেয়া হ’ল মুছলমানসকলৰ বাবে পাকিস্তান আৰু হিন্দুসকলৰ বাবে ভাৰত।

উক্ত দ্বি-জাতি তত্ব আঁচনিয়ে ১৯৪৭ চনৰ ৩ জুনত ঘোষণা কৰা মাউন্টবেটেন আঁচনিৰ দ্বাৰা পূৰ্ণতা লাভ কৰে। ইয়াৰ দ্বাৰাই বৃটিছ ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলবোৰ পাকিস্তানৰ ভূ-খণ্ডৰ অন্তৰ্ভুক্ত হয়। এই মাউন্টবেটেন আঁচনিৰ মূল বিষয়বস্তু আছিলঃ

১I ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক দেশ গঠন কৰা হ’ব।

২I বংগ আৰু পঞ্জাৱৰ কোনোবোৰ অংশ পাকিস্তানৰ অন্তৰ্ভুক্ত হ’ব, সেয়া নিৰ্ধাৰণ কৰিবৰ বাবে এখন সীমা নিৰ্ধাৰণ আয়োগৰ নিযুক্তি দিয়া হ’ব।

৩I মুছলমান লোকৰ সংখ্যাগৰিষ্ঠতাৰ অসমৰ জিলা ছিলেট আৰু উত্তৰ-পশ্চিম সীমান্ত অঞ্চল পাকিস্তানৰ লগত চামিল হ’বনে নাই সেই সিদ্ধান্ত অঞ্চল কেইটাৰ জনগণৰ গণভোটৰ দ্বাৰা গ্ৰহণ কৰা হ’ব।

৪I সিন্ধু প্ৰদেশৰ বিধানসভাই ভোটদানৰ দ্বাৰা সংযুক্তকৰণৰ সিদ্ধান্ত ল’ব।

৫I দেশীয় ৰাজ্যবোৰে নিজ ইচ্ছাৰে যিকোনো এখন দেশৰ সৈতে সংযুক্ত হ’ব পাৰিব বা স্বতন্ত্ৰ স্থিতি অৱলম্বন কৰিব পাৰিব।

23. ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ শক্তিশালী পাৰমাণৱিক নীতি ভাৰতৰ বৈদেশিক নীতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। বিজ্ঞানী হোমী জাহাংগীৰ ভাবা ভাৰতৰ পাৰমাণৱিক নীতি পথ প্ৰদৰ্শক। তেওঁৰ নেতৃত্বতে ১৯৪০ ৰ দশকৰ শেষৰফালে ভাৰতত পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ কৰা হয়। ১৯৬৪ চনত চীনে পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰাৰ সময়ৰ লৈকে বিশ্বত পাৰমাণৱিক যুদ্ধাস্ত্ৰ নিৰ্মাণৰ হাৰ বহু পৰিমাণে বৃদ্ধি পাব ধৰিছিল আৰু সেয়ে এনে পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰসমূহক পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিবলৈ আহ্বান জনায়।  কিন্ত ভাৰতে এই চুক্তিক বৈষম্যমূলক বুলি গণ্য কৰি আজিৰ লৈকে স্বাক্ষৰ কৰা পৰা দূৰত আছে। ৰাষ্ট্ৰখনে কিন্ত ১৯৬৩ চনৰ আংশিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰ কৰিছে। ভাৰতে প্ৰথম ৰাষ্ট্ৰ যি পাৰমাণৱিক পৰীক্ষা নিষিদ্ধ কৰাৰ দাবী জনাইছিল।ৰাষ্ট্ৰখনে ১৯৯৯ চনত বিশ্বাসযোগ্য নূন্যতম প্ৰতিৰোধৰ ওপৰত আধাৰিত এক পাৰমাণৱিক মতবাদৰ আৰম্ভ কৰে। 

ভাৰতে ভৱিষৎতলৈ প্ৰথমে কেতিয়াও পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ ব্যৱহাৰ নকৰিব বুলি ঘোষণা কৰে। ভাৰতে ২০০৩ চনত আনুষ্ঠানিকভাৱে কৌশলগত পাৰমাণৱিক কৰ্তৃত্ব গঠন কৰে। তদুপৰি ভাৰত আন্তঃৰাষ্ট্ৰীয় আণৱিক ইন্ধন এজেন্সিৰো সদস্য ৰাষ্ট্ৰ। ই সুসংহত পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰাৰ পৰাও দূৰত আছে। ভাৰত সদায় নিৰস্ত্ৰীকৰণ, অংহিসা, বিশ্ব শান্তি, সহযোগিতা আৰু বন্ধুত্ব নীতিৰ ওপৰত বিশ্বাসী। সেয়ে ৰাষ্ট্ৰখনে সদায় পাৰমাণৱিক ইন্ধনৰ শান্তিপূৰ্ণ উদ্দেশ্যত উৎপাদন আৰু ব্যৱহাৰক সমৰ্থন জনাই। ভাৰতে কেতিয়াও পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ হিংসাত্মক আৰু ধ্বংসকাৰী ব্যৱহাৰক অস্বীকাৰ কৰে।

24. ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জঢ়িত বিতৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত  খালী হৈ থকা ৰাষ্ট্ৰপতি পদটো পূৰণৰ  বাবে দেশত  ১৯৬৯ চনত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয়। সেই সময়ছোৱাত ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজত তীব্ৰ সংঘাতে দেখা দিয়ে। পোনপ্ৰথমে ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতি পদৰ বাবে জগজীৱন ৰামৰ নাম প্ৰস্তাৱ কৰে কিন্ত চিণ্ডিকেটৰ নেতাসকলে ইয়াক নাকচ কৰে আৰু গৃহীত হয় মোৰাৰজী দেশায়ে বিবেক ভোটৰ নামত প্ৰস্তাৱ কৰা নীলম সঞ্জীৱা ৰেড্ডিৰ নামটো। 

এই কথাত অসন্তষ্ট হৈ ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ দলৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভি ভি গিৰিক ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনায় আৰু ইন্দিৰা গান্ধীৰ প্ৰস্তাৱ স্বীকাৰ কৰি তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে। নীলম সঞ্জীৱা ৰেড্ডি কংগ্ৰেছৰ আনুষ্ঠানিক প্ৰাৰ্থী আছিল বাবে কংগ্ৰেছৰ সভাপতি এছ নিজালিন গাপ্পাই কংগ্ৰেছৰ সাংসদ তথা ৰাজ্য বিধানসভাৰ সদস্যসকলক ৰেড্ডিক ভোটদান কৰিবলৈ হুইপ জাৰি কৰে। ইয়াৰ প্ৰতিক্ৰিয়া ৰূপে ইন্দিৰা গান্ধীয়ে মুক্তভাৱে তেওঁলোকক বিবেক ভোট দিবলৈ আহ্বান জনায়। শেষত এই নিৰ্বাচনত ভি ভি গিৰিয়ে জয় লাভ কৰে আৰ ইয়ে কংগ্ৰেছ দলত সম্পূৰ্ণ বিভাজন ঘটায়।

25. চিপকো আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ উত্তৰ প্ৰদেশৰ (এতিয়াৰ উত্তৰাখণ্ডৰ) চিপকো আন্দোলন ভাৰতৰ পৰিবেশ। আন্দোলনৰ ভিতৰৰ এটা উল্লেখযােগ্য আন্দোলন। এই আন্দোলনটো প্রদেশখনৰ তিনিখনমান গাঁৱত হৈছিল। ৰাজ্যখনৰ বনাঞ্চল বিভাগে গাঁওবাসীক কৃষিৰ বাবে প্রয়ােজনীয় আহিলা তৈয়াৰ কৰাৰ বাবে এশ গছ কাটিবলৈ অনুমতি দিবলৈ অস্বীকাৰ কৰে কিন্তু সেই বিভাগটোৱে খেলৰ সঁজুলি তৈয়াৰ কৰিবলৈ এটা কোম্পানীক সেই অঞ্চলটোতে , বাণিজ্যিক উদ্দেশ্যৰে গছ কাটিবলৈ – অনুমতি দিয়ে। এই কার্যহ গাঁওবাসীক উত্তেজিত কৰি তােলে আৰু তেওঁলােকে ইয়াৰ প্রতিবাদ কৰিবলৈ আগবাঢ়ি আহে। এই আন্দোলন অতি সােনকালে উত্তৰাখণ্ডৰ চাৰিওফালে বিয়পি পৰে। এই সংঘৰ্ষৰ লগত অন্যান্য বিষয় যেনে পাৰিবেশিক, অর্থনৈতিক শােষণ আদি কথাও জড়িত হৈ পৰে। 

আন্দোলনৰ দাবীসমূহ:

১। এই অঞ্চলটোৰ গাঁওবাসী ৰাইজে চৰকাৰে তেওঁলােকৰ বাবে কম দামী বস্তুৰ যােগান ধৰিব লাগে আৰু সেই অঞ্চলৰ উন্নয়নৰ বাবে ক্ষুদ্র উদ্যোগৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় আৰু সেই অঞ্চলৰ পাৰিবেশিক বাতাৱৰণৰ ক্ষতি হ’ব নালাগে। 

২। এই আন্দোলনে সেই অঞ্চলৰ ভূমিহীন বনকৰ্মীসকলৰ বিষয়টো চৰকাৰে লােৱাৰ বাবে দাবী জনায় আৰু তেওঁলােকৰ নিম্নতম মজুৰীৰ নিশ্চিতি দিয়াৰ দাবী কৰে। 

৩। এই আন্দোলনত গাঁওবাসীয়ে দাবী কৰে যে এই অঞ্চলৰ বনাঞ্চলৰ গছ কটাৰ ঠিকা কোনাে বাহিৰৰ লােকক দিয়া উচিত নহয়। এনে ঠিকা কেৱল স্থানীয় গাঁওবাসীকহে দিব লাগিব; যিসকলে এই অঞ্চলৰ প্রাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্রণ ৰাখিব পাৰে।

আন্দোলনৰ প্ৰভাৱ: শব্দগতভাবে ‘চিপকো’ (Chipko) শব্দটোৰ অৰ্থ হ’ল, ‘গছ কাটিব নােৱৰাকৈ গছবােৰ আঁকোৱালি ধৰি থকা। ‘এই অভিনৱ কৌশল অৱলম্বনে এই পৃথিবী বিখ্যাত পৰিবেশ আন্দোলনটোক ভাৰতত অতি গুৰুত্ব প্রদান কৰিছিল। চিকো আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে মহিলাসকলৰ এই আন্দোলনত সক্রিয় অংশগ্রহণ। তেওঁলােকে এই আন্দোলনত পুৰুষসকলৰ সুৰাপানৰ বিৰুদ্ধেও আন্দোলন কৰিছিল। কাৰণ সেই অঞ্চলত ঠিকাদাৰসকলে পুৰুষসকলক নিয়মিতভাৱে সুৰাৰ যােগান ধৰিছিল। এই আন্দোলনটোৱে এটা ডাঙৰ কৃতকার্যতা লাভ কৰিছিল— এটা মাত্র বিষয়ত আৰম্ভ হােৱা চিপকো আন্দোলনে বহুতাে বিষয় সামৰি লৈছিল আৰু চৰকাৰে সেই অঞ্চলত পােন্ধৰ বছৰলৈ গছ কটা নিষিদ্ধ কৰিছিল। সেই কাৰণে এই আন্দোলনটো দেশৰ ভিতৰত গণ আন্দোলনৰ এটা প্রতীক আন্দোলন হৈ পৰিছিল। 

26. ভাৰতৰ মৰ্চা চৰকাৰৰ প্ৰধান বৈশিষ্টসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ মৰ্চা চৰকাৰৰ প্ৰধান বৈশিষ্টসমূহ আলোচনা কৰা হ’লঃ

১I অস্থিৰতাপূৰ্ণ মৰ্চাঃ মৰ্চা চৰকাৰসমূহ সাধাৰণতে অস্থিৰতাপূৰ্ণ। ভাৰতত,বিশেষকৈ কেন্দ্ৰত অধিকাংশ মৰ্চা চৰকাৰ ব্যৰ্থ হৈছে। আভ্যন্তৰীণ সংঘাতে মৰ্চা চৰকাৰৰ সুস্থিৰতাত বাধাৰ সৃষ্টি কৰে।

২I কংগ্ৰেছৰ বিৰোধিতাঃ ভাৰতত মৰ্চা চৰকাৰৰ উদ্ভৱ হৈছিল কংগ্ৰেছ দলক ক্ষমতাচ্যুত কৰাৰ উদ্দেশ্যে । বিৰোধী দলসমূহে সন্মিলিতভাৱে কংগ্ৰেছক প্ৰতিৰোধ কৰাত সফলতাও লাভ কৰিছে।

৩I ৰাজনৈতিক সুবিধাবাদঃ মৰ্চা চৰকাৰ গঠনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল ৰাজনৈতিক সুবিধাবাদ। ৰাজনৈতিক দলসমূহে মৰ্চা চৰকাৰ গঠনৰ নিজৰ নিজৰ স্বাৰ্থ পূৰণৰ চেষ্টা কৰে। বিভিন্ন মৰ্চা চৰকাৰত অংশগ্ৰহণক কেন্দ্ৰ কৰি ৰাজনৈতিক দৰ-দাম চলে।

৪I অ-নীতিগত মিত্ৰতাঃ ভাৰতত মৰ্চা চৰকাৰ গঠনৰ ক্ষেত্ৰত মতাদৰ্শগত দিশটোক যথোচিত গুৰুত্ব প্ৰদান কৰাৰ পৰিবৰ্তে পৰিস্থিতিগত দিশটোকহে অধিক গুৰুত্ব দিয়া হয় । নীতিগত দিশটোৰ প্ৰতি উচিত গুৰুত্ব প্ৰদান নকৰাৰ ফলতে আভ্যন্তৰীণ সংঘাত অধিক পৰিমাণে ভাৰতৰ মৰ্চা চৰকাৰত পৰিলক্ষিত হয়।

27. সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল সমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষই খাদ্যসংকট দূৰ কৰাৰ কাৰণে কৃষিখণ্ডৰ আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদনৰ বাবে গ্ৰহণ কৰা নতুন নতুন কৌশল বা পদক্ষেপে ভাৰতবৰ্ষৰ কৃষিখণ্ডত এক বৈপ্লবিক পৰিৱৰ্তন অনা বুলি দাবী কৰা হয়। এই পদক্ষেপক ‘ সেউজ বিপ্লৱ বুলি আখ্যা দিয়া হয়।

 সেউজ বিপ্লৱৰ ৰাজনৈতিক ফলাফল হৈছে– 

(ক) সেউজ বিপ্লৱৰ জৰিয়তে ভাৰত এখন ভােকাতুৰ ৰাষ্ট্ৰৰ পৰা খাদ্যশস্য ৰপ্তানি কৰাৰ সামর্থ্য থকা ৰাষ্ট্ৰৰূপে পৰিগণিত হয়। ভাৰতে এই সফলতাৰ বাবে আন্তঃৰাষ্ট্রীয় সম্প্রদায় আৰু বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ পৰা সমর্থন লাভ কৰিবলৈ সমর্থ হয়। 

(খ) সেউজ বিপ্লৱে ইন্দিৰা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক অধিক শক্তিশালী কৰাত পৰােক্ষভাৱে যথেষ্ট সহায় কৰে। আনহাতে,

 সেউজ বিপ্লৱৰ অর্থনৈতিক ফলাফল হৈছেঃ 

(ক) সেউজ বিপ্লৱৰ প্ৰধান সফলতা আছিল ঘেঁহু আৰু ধান — এই দুইবিধ প্রধান শস্যৰ উৎপাদনৰ অভাৱনীয় বৃদ্ধি । 

(খ) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষিক্ষেত্রত পদ্ধতিগত পৰিৱৰ্তন সূচনা হয়।

অথবা

27. দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত উদ্ভৱ হোৱা বিতৰ্কৰ বৰ্ণনা কৰা।

উত্তৰঃ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পাছত ভাৰতত কৃষি বনাম শিল্পৰ ক্ষেত্ৰত এক বিতৰ্ক উদ্ভৱ হৈছিল । ভাৰতত ১৯৫৬ চনৰ পৰা ১৯৬১ চনলৈ চলা এই পৰিকল্পনাই মূলত গধুৰ উদ্যোগৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছৰ পৰাই ভাৰতত উদ্যোগ খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰা হয়। ইয়াৰ লগে লগে উদ্যোগ নে কৃষি খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে তাক কেন্দ্ৰ কৰি এক বিৰ্তকৰ সূচনা হয়। একাংশই কৃষি খণ্ডক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ পোষকতা কৰাৰ পৰিৱৰ্তে আন একাংশই উদ্যোগ খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ পোষকতা কৰিছিল। শেষত পৰিকল্পনাকাৰী সকলে সকলোবোৰ সমালোচনাৰ প্ৰত্যুত্তৰ স্বৰূপে দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰা যে দ্ৰুত বিকাশ আৰু উন্নয়ন সম্ভৱ তাৰ যুক্তিযুক্ততা প্ৰমাণ কৰি দেখুৱাই।অৰ্থাৎ শেষত কৃষি আৰু উদ্যোগৰ ভিতৰত উদ্যোগকে অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰে। পৰিকল্পনাকাৰী সকলে উদ্যোগ খণ্ডক বাছি লোৱা আৰু প্ৰাধান্য দিয়াৰ যুক্তিসমূহ আছিলঃ

১I প্ৰচুৰ প্ৰাকৃতিক আৰু মানৱ সম্পদৰে সমৃদ্ধ ৰাষ্ট্ৰ ভাৰতবৰ্ষ উদ্যোগৰ বাবে সম্পূৰ্ণভাৱে উপযুক্ত।

২I তদুপৰি ভাৰতৰ কৃষিভূমিৰ ওপৰত পৰা অধিক হেঁচা হ্ৰাস কৰিবৰ বাবে উদ্যোগীকৰণৰ ওপৰত প্ৰাধান্য দিয়াতো অতি প্ৰয়োজন।

৩I তৰোপৰি দ্ৰুত উদ্যোগীকৰণ কেৱল ভাৰতৰ কৃষিখণ্ডৰ বাবেই নহয়, আনকি সকলো খণ্ডৰ বিকাশৰ বাবে এক অতি আৱশ্যকীয় পূৰ্বচৰ্ত।

৪I দেশৰ জাতীয় আৰু জনমূৰি আয়ৰ দ্ৰুত বৃদ্ধি কেৱল মাত্ৰ দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰাহে সম্ভৱ।

এনেদৰে দ্বিতীয় পৰিকল্পনাৰ পাছত ভাৰতত উদ্ভ্ৰৱ হোৱা কৃষি আৰু উদ্যোগ খণ্ডৰ বিতৰ্ক শেষত পৰিকল্পনাকাৰী সকলে উদ্যোগ খণ্ডকে প্ৰাধন্য দিয়ে আৰ বাছি লয়।

28. জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষাৰ বিশ্লেষণ কৰা।

উত্তৰঃ জৰুৰীকালীন অৱস্থাৰ ফলত লাভ কৰা শিক্ষা হ’ল:

(ক) ভাৰতীয় গণতন্ত্রক জৰুৰী অৱস্থাই কেতিয়াও আঘাতপ্রাপ্ত কৰিব নােৱাৰে। 

(খ) জৰুৰী অৱস্থাৰ বাবে সকলাে নাগৰিকে পৌৰ স্বতন্ত্রতাৰ মূল্য উপলদ্ধি কৰিলে।

(গ) জৰুৰী অৱস্থাত সামৰিক বাহিনী আৰু প্রশাসনে স্বতন্ত্রভাৱে কার্য কৰিব পৰা নাছিল। শাসক দলে এই দুয়ােটা বিভাগক ৰাজনৈতিক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল I

অথবা

28. উওৰ- পূবৰ ৰাজনীতি আৰু অঞ্চলটোত স্বায়ত্ব শাসনৰ দাবীৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতৰ সংবিধানৰ অধীনত ভাৰতৰ বিভিন্ন জনগোষ্ঠীক স্বায়ত্বশাসন বা আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু ক্ষমতা প্ৰদান কৰা প্ৰদান কৰা হৈছে যদিও কিছু ৰাজ্যত কিছুসংখ্যক জনগোষ্ঠীয়ে বা লোকে অধিক স্বাধীনতা আৰু স্বতন্ত্ৰতাৰ দাবী উশ্থাপন কৰিছে। ভাৰতৰ উত্তৰ-পূব অঞ্চলটো এনে দাবীৰ উশ্থাপন হয় বিশেষকৈ নাগালেণ্ড, মিজোৰাম আৰু অসমত। 

উত্তৰপূৰ্বাঞ্চলত পোন প্ৰথমে স্বতন্ত্ৰতাৰ দাবী কৰে নাগালেণ্ড ৰাজ্যই। ১৯২৯ চনত গঠন হোৱা নগা ক্লাবে প্ৰথম এই দাবী উশ্থাপন কৰিছিল যি পৰৱৰ্তি সময়ত ১৯৪৬ চনত নগা নেচনেল কাউন্সিল (NNC) নামেৰে ৰাজনৈতিক সংগঠনত পৰিণত হয়। এই সংগঠনৰ প্ৰথম সভাপতি সভাপতি ইমটি আলিবা আওৰ নেতৃত্বত ১৯৪৬ চনৰ ১৯ জুনত কেবিনেট মিছনৰ ওচৰত নগা পাহাৰৰ স্বায়ত্বশাসন বা স্বতন্ত্ৰতাৰ দাবী জনাই স্মাৰক পত্ৰ দাখিল কৰা হয়। ১৯৫০ চনত NNC এ নগা স্বাধীনতা বিষয়টোৰ ওপৰত এক গণভোটৰ আয়োজন কৰে য’ত ৯৯ শতাংশ নগা জনসাধাৰণে স্বাধীন নগা ৰাষ্ট্ৰ এখনৰ সপক্ষে ভোটদান কৰে। 

জাপু ফিজোৰ নেতৃত্বত ১৯৫১ চনত এক বৃহৎ সংখ্যক নগা লোকে ভাৰতৰ পৰা স্বাধীনতাৰ দাবী কৰে আৰু ১৯৫৬ চনত ফিজোৱে নগাসকলৰ বাবে এখন নিজা সংবিধান আৰু সেনাৰ চৰকাৰৰ গঠনৰ ঘোষণা কৰে আৰু শেষত নগা নেচনেল কাউন্সিলে ফিজোৰ নেতৃত্বত নগাসকলৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ আন্দোলনৰ আৰম্ভ কৰে। অৱশেষত ১৯৭৫ চনৰ ১১ নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰ আৰু নগা নেচনেল কাউন্সিল যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজত নগা সমস্যাৰ স্থায়ী সমাধানৰ হকে ‘শ্বিলং চুক্তি’ সম্পাদন হয় কিন্ত এই চুক্তিৰ প্ৰতি সংগঠনটোৰ বহু নেতাই অসন্তষ্টি ব্যক্ত কৰে আৰু ইয়াক বিশ্বাসঘাটকতা আখ্যা দি অস্বীকাৰ কৰে। ১৯৮০ চনত নেচনেল ছ’চিয়েলিষ্ট কাউঞ্চিল অৱ নাগালেণ্ড (NSCN) ৰ জন্ম হয় আৰু ১৯৮৮ চনত সংগঠনটোৰ বিভাজন ঘটি NSCN (IM) আৰু NSCN (K) নামে দুটা ভাগত পৰিণত হয়।  NSCN(K) ভাগটোৱে বৃতত্তৰ নাগালিমৰ দাবীত জনাই সংশস্ত্ৰ সংগ্ৰাম চলাই আছে।

ঠিক তেনেদৰে মিজোৰামতো নাগালেণ্ডৰ দৰে স্বতন্ত্ৰতাৰ দাবী উশ্থাপন হোৱা পৰিলক্ষিত হয়। ১৯৫৯ চনত হোৱা মিজোৰাম দুৰ্ভিক্ষ ‘মৈটম’ অসম চৰকাৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ ৰূপে বিফল হোৱাত তাৰ ফলস্বৰূপে পু লালডেংগাৰ নেতৃত্বত মিজো নেচনেল ফেমাইন ফ্ৰন্ট (MNF) গঠন হয়। MNF এ ‘মিজোৰাম মিজোসকলৰ বাবে’ শ্ল’গানেৰে মিজোৰামৰ স্বাধীনতাৰ দাবীত সশস্ত্ৰ আন্দোলনৰ সূচনা কৰে আৰু প্ৰায় দুই দশক ধৰি সংগ্ৰামী আৰু ভাৰতীয় সেনাৰ মাজত সশস্ত্ৰ সংঘাত চলি থাকে। শেষত ১৯৮৬ চনৰ ৩০ জুনত MNF ৰ আত্মগোপনকাৰী চৰকাৰৰ লালডেংগা আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মাজত মিজোৰাম শান্তি চুক্তি সম্পাদন হয় যি চুক্তি মৰ্মে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে মিজোৰামে এখন সুকীয়া ৰাজ্যৰ সন্মান লাভ কৰে। নাগালেণ্ড আৰু মিজোৰামৰ দৰে অসমতো স্বতন্ত্ৰতাৰ দাবী উশ্থাপিত হোৱা পৰিলক্ষিত হয়।১৯৭৯ চনত জন্ম গ্ৰহণ কৰা সশস্ত্ৰ সংগ্ৰামী দল সংযুক্ত মুক্তি বাহিনী, অসম (ULFA) ই এই দাবীৰ উশ্থাপন কৰে। 

আলফাই কেন্দ্ৰীয় চৰকাৰৰ শোষণৰ বিৰুদ্ধে সশস্ত্ৰ আন্দোলন চলাই স্বাধীন অসমৰ দাবী জনায়। সংগঠনটোৱে অসমক কেতিয়াও ভাৰতৰ অংগ বুলি ভৱা নাছিল আৰু সেয়ে ৰাজ্যখনৰ বাবে স্বতন্ত্ৰতাৰ দাবী জনাইছিল আৰু বহু কূটাঘাট মূলক কাৰ্য-কলাপ কৰিছিল। সম্প্ৰতি আলফাই চৰকাৰৰ সৈতে শান্তিৰ মাধ্যমেৰে আলোচনা মজিয়ালৈ আহিছে যদিও বিতৰ্কিতভাৱেহে এই শান্তি প্ৰক্ৰিয়া চলি আছে।

-00000-

Also Read: Solved Question Papers for Class 12 Political Science (2012-2024)

2012Class 12 Political Science Solved Paper 2012 in Assamese
2013Class 12 Political Science Solved Paper 2013 in Assamese
2014Class 12 Political Science Solved Paper 2014 in Assamese
2015Class 12 Political Science Solved Paper 2015 in Assamese
2016Class 12 Political Science Solved Paper 2016 in Assamese
2017Class 12 Political Science Solved Paper 2017 in Assamese
2018Class 12 Political Science Solved Paper 2018 in Assamese
2019Class 12 Political Science Solved Paper 2019 in Assamese
2020Class 12 Political Science Solved Paper 2020 in Assamese
2022Class 12 Political Science Solved Paper 2022 in Assamese
2023Class 12 Political Science Solved Paper 2023 in Assamese
2024Class 12 Political Science Solved Paper 2024 in Assamese

These solved question papers in Assamese are helpful for understanding the exam pattern, practicing important questions, and improving your preparation.

Benefits of Class 12 Political Science Assamese Medium Solved Question Papers

  1. Exam Preparation Made Easy (সহজ পৰীক্ষা প্ৰস্তুতি)
    – Solved question papers help students understand the exam pattern and marking scheme effectively.
  2. Clear Understanding of Concepts (বিষয় বুজা সহজ)
    – Each question is answered clearly, making it easier for students to understand key concepts.
  3. Practice for Better Performance (অভ্যাসৰ জৰিয়তে ভাল প্ৰদৰ্শন)
    – Regular practice with solved papers improves time management and accuracy during exams.
  4. Self-Assessment (নিজকে মূল্যায়ন)
    – Students can evaluate their performance and identify areas for improvement.
  5. Familiarity with Important Questions (প্ৰয়োজনীয় প্ৰশ্নৰ জ্ঞান)
    – Solved papers highlight frequently asked questions and important topics.
  6. Reduces Exam Fear (পৰীক্ষাৰ ভয় হ্ৰাস)
    – Practicing solved papers boosts confidence and reduces exam-related stress.
  7. Improves Writing Skills (লিখনি কৌশল উন্নত কৰে)
    – Students learn how to present their answers in a structured and clear manner.
  8. Helps in Revision (পুনৰাবৃত্তিত সহায়)
    – Solved papers act as a quick revision tool before the exam.

Using Class 12 Political Science Assamese Medium Solved Question Papers ensures better preparation and helps students achieve excellent results in their exams.

FAQs on Class 12 Political Science Assamese Medium Solved Question Papers

1. What resources are available for Class 12 Political Science in Assamese medium on assebnotes.in?

  • Answer: assebnotes.in provides free access to a variety of study materials, including solved question papers, notes, assignments, and project solutions for Class 12 Political Science students in Assamese medium.

2. How can I access the solved question papers for Class 12 Political Science?

  • Answer: You can freely view the solved question papers online on our website. For downloadable PDF versions, you can purchase them at a minimal cost through the PDF section.

3. Are the study materials aligned with the AHSEC syllabus?

  • Answer: Yes, all study materials on assebnotes.in, including PDFs, are carefully designed to match the AHSEC syllabus, ensuring they are accurate and relevant for Assam Board exams.

4. Is accessing the content on the website free of cost?

  • Answer: Yes, all resources on the website are completely free to view online. However, if you need downloadable PDFs for offline use, they are available for purchase.

5. How do I buy PDFs of the solved question papers?

  • Answer: To purchase PDFs, visit the respective section of the site, add the desired PDF to your cart, and complete the payment process. After payment, you’ll get instant access to download the PDFs.

6. What are the benefits of using Class 12 Political Science solved question papers?

  • Answer: These solved question papers help you:
    • Understand the exam pattern and marking scheme.
    • Practice important questions.
    • Improve answer-writing skills.
    • Prepare effectively for Assam Board Class 12 exams.

7. Are there any discounts or bundles for purchasing multiple PDFs?

  • Answer: Yes, we often provide discounts or bundles for purchasing multiple PDFs. Check the offers section on assebnotes.in for the latest deals.

8. How frequently is the website updated with new content?

  • Answer: We update our website regularly with the latest study materials, ensuring students have access to updated content aligned with the current syllabus.

9. Can I share the purchased PDFs with others?

  • Answer: No, the purchased PDFs are for personal use only. Sharing or distributing them violates our terms and conditions.

10. Who can I contact for support regarding purchases or content?

  • Answer: For any inquiries or support, you can reach out to us through the Contact Us section on assebnotes.in.

Last words

We hope this Class 12 Political Science Solved Paper 2020 (Assamese) | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান 2020 প্ৰশ্নকাকত সমাধান helps you prepare well for your exams. Solved papers are great for understanding the exam pattern, practicing questions, and feeling more confident.

If this was useful, you can find more study materials on assebnotes.in. All resources are free to view, and PDFs are available at a low cost.

Keep studying, practice a lot, and do your best! For any help, visit our website. Good luck with your exams!

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
Share via
Copy link