Class 12 Political Science Chapter – 9 গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি Question Answers

Here We have provided, you ASSEB/AHSEC Class 12 Political Science Chapter – 9 গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 9 গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি (Democratic Upsurge and Coalition Politics) PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি Solutions for All Subject, You can practice these here.

In this post, we have provided Class 12 Political Science Chapter 9 – “গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.

দ্বাদশ শ্ৰেণী

দ্বিতীয় খণ্ড

গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি

(Democratic Upsurge and Coalition Politics)

Q. Fill in the Blanks:

(ক) নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰত ________ টা ৰাজনৈতিক দল আছিল।

উত্তৰ: নেচনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰত 13  টা ৰাজনৈতিক দল আছিল।

(খ) হিন্দুত্ব  ভাৰতীয় _________ পাৰ্টি ৰ ৰাজনৈতিক মতাদৰ্শ।

উত্তৰ : হিন্দুত্ব  ভাৰতীয় জনতা পাৰ্টি ৰ ৰাজনৈতিক মতাদৰ্শ।

(গ) ইউ•পি•এ চৰকাৰে প্ৰথমবাৰৰ বাবে  ________ চনত কেন্দ্ৰত চৰকাৰ গঠন কৰে।

উত্তৰ: ইউ•পি•এ চৰকাৰে প্ৰথমবাৰৰ বাবে  2004 চনত কেন্দ্ৰত চৰকাৰ গঠন কৰে।

1. NDA চৰকাৰৰ নেতৃত্ব কোন দলে গ্রহণ কৰিছিল? (HS 2012)

উত্তৰঃ ভাৰতীয় জনতা পার্টিয়ে (BJP)

2. 1991 চনৰ নিৰ্বাচনত কোন দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল?

উত্তৰঃ 1991 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল।

3. জনতা দল কোন চনত গঠন হয়?

উত্তৰঃ জনতা দল 1977 চনত গঠন হয়।

4. ভাৰতীয় জনতা পাৰ্টি কোন চনত গঠন হয়?

উত্তৰঃ 1984 চনত ভাৰতীয় জনতা পাৰ্টি গঠন হয়।

5. ইউ  পি এ (UPA) ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ UPA ৰ সম্পূৰ্ণ অৰ্থ হ’ল- United Progressive Alliance.

6. RSS ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ RSS ৰ সম্পূৰ্ণ অৰ্থ হ’ল Rastriya Swayam Sevak Sangh.

7.  নেচনেল ফ্ৰন্টে কোন চনত কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল?

উত্তৰঃ  নেচনেল ফ্ৰন্টে 1989 চনত কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল।

8. ভাৰতৰ মৰ্চা চৰকাৰৰ বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ মৰ্চা চৰকাৰৰ  বৈশিষ্ট্য সমূহ হ’লঃ

অস্থিৰতাপূৰ্ণ মৰ্চাঃ   মৰ্চা চৰকাৰসমূহ সাধাৰণতে অস্থিৰতাপূৰ্ণ। আভ্যন্তৰীণ সংঘাতে মৰ্চা চৰকাৰৰ সুস্থিৰতাত বাধাৰ সৃষ্টি কৰে।

কংগ্ৰেছৰ বিৰোধিতাঃ      কংগ্ৰেছ দলক ক্ষমতাচ্যুত কৰাৰ উদ্দেশ্যে ভাৰতত মৰ্চা চৰকাৰ গঠন হৈছিল।বিৰোধী দলসমূহে সন্মিলিতভাৱে কংগ্ৰেছক প্ৰতিৰোধ কৰাত সফলতাও লাভ কৰিছে। বৰ্তমান সময়ত কংগ্ৰেছ দলো মৰ্চা চৰকাৰ ৰাজনীতিত প্ৰৱেশ কৰে।

ৰাজনৈতিক সুবিধাবাদঃ  মৰ্চা চৰকাৰ গঠনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল ৰাজনৈতিক সুবিধাবাদ। ৰাজনৈতিক দলসমূহে মৰ্চা চৰকাৰ গঠনৰ নিজৰ নিজৰ স্বাৰ্থ পূৰণৰ চেষ্টা কৰে। বিভিন্ন মৰ্চা চৰকাৰত অংশগ্ৰহণক কেন্দ্ৰ কৰি ৰাজনৈতিক দৰ-দাম চলে।

অ-নীতিগত মিত্ৰতাঃ   ভাৰতত মৰ্চা চৰকাৰ গঠনৰ ক্ষেত্ৰত মতাদৰ্শগত দিশটোক যথোচিত গুৰুত্ব প্ৰদান কৰাৰ পৰিবৰ্তে পৰিস্থিতিগত দিশটোকহে অধিক গুৰুত্ব দিয়া হয় । নীতিগত দিশটোৰ প্ৰতি উচিত গুৰুত্ব প্ৰদান নকৰাৰ ফলতে আভ্যন্তৰীণ সংঘাত অধিক পৰিমাণে ভাৰতৰ মৰ্চা চৰকাৰত পৰিলক্ষিত হয়।

9. বহুদলীয়া ব্যৱস্থাৰ দুটা সুবিধা লিখা।

উত্তৰ: (i) বহুদলীয়া ব্যৱস্থাত বিভিন্ন জাতি, ধর্ম, সম্প্রদায় আদিক প্রতিনিধিত্ব কৰা দলসমূহে তেওঁলোকৰ মতামত ব্যক্ত কৰাৰ সুযোগ লাভ কৰে।

(ii) ভাৰতৰ বিভিন্ন সংস্কৃতি, জনগোষ্ঠী, ভাষা আদিৰ লোকৰ বাবে বহুদলীয় ব্যৱস্থা অধিক উপযোগী।

10. NDA ৰ সম্পূর্ণ ৰূপটো লিখা।

উত্তৰ: National Democratic Alliance.

11. আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ কাৰণসমূহ।

উত্তৰঃ ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত  ক্ৰমাগতভাৱে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব আৰু প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ কাৰণ সমূহ হ’লঃ

কংগ্ৰেছ দলৰ দুৰ্বল স্থিতিঃ কংগ্ৰেছ দলৰ সংগঠন আৰু মতাদৰ্শ শক্তিশালী হৈ থকা সময়ত আঞ্চলিক দলসমূহৰ অস্তিত্ব বাস্তৱিক অৰ্থত প্ৰায় নাছিল বুলিব পাৰি । কংগ্ৰেছ দলৰ স্থিতি দুৰ্বল হৈ যোৱাৰ লগে লগে আঞ্চলিক দলসমূহৰ উশ্থান আৰম্ভ হয়।

ভাৰতৰ সাংস্কৃতিক বহুত্ববাদঃ  ভাৰতীয় সমাজৰ সাংস্কৃতিক-জাতিগত-ধৰ্মীয়-ভাষিক ভিন্নতাই আঞ্চলিক ৰাজনৈতিক দলসমূহৰ বিকাশৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত বিশেষভাৱে সহায় কৰে।

আঞ্চলিকতাবাদী মানসিকতা আৰু প্ৰত্যাশাঃ-   আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহ আঞ্চলিকতাবাদী মানসিকতাৰ সৃষ্টি। ভাৰতত আঞ্চলিকতাবাদী মানসিকতা বৃদ্ধি হৈ অহাৰ লগে লগে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধি পাইছে।

এটা দলৰ শাসনৰ অৱসানঃ  এটা দলৰ আধিপত্যৰ সমাপ্তি আঞ্চলিক দলসমূহৰ ক্ৰমবৰ্ধমান ভূমিকাৰ এক অতি গুৰুত্বপূৰ্ণ কাৰণ। বিগত আঠটা লোকসভা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। বৰ্তমান মৰ্চা চৰকাৰৰ দিনত আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকা বৃদ্ধি পাইছে। আঞ্চলিক দলৰ সহায় অবিহনে কেন্দ্ৰত চৰকাৰ গঠন কৰাটো বৰ্তমান প্ৰায় অসম্ভৱ।

12. আঞ্চলিক দলৰ জন্মৰ দুটা কাৰণ লিখা।

উত্তৰঃ আঞ্চলিক দলৰ জন্মৰ দুটা কাৰণ হ’ল-

  • কংগ্ৰেছ দলৰ দুৰ্বল স্থিতি আৰু
  • ভাৰতৰ সাংস্কৃতিক বহুত্ববাদ।

-00000-

Last Word

We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 9 – “গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি” Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
Share via
Copy link