In this post, we have provided Class 12 Political Science Chapter 7 – “সাম্প্ৰতিক বিশ্বত নিৰাপত্তা” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.
Here we have provided HS Class 12 Chapter – 7 সাম্প্ৰতিক বিশ্বত নিৰাপত্তা Question Answer very Important for the Upcoming ASSEB/AHSEC Class 12 final Examination for Assamese Medium so read this post very carefully and be prepared for your exam.
দ্বাদশ শ্ৰেণী
প্ৰথম খণ্ড
সাম্প্ৰতিক বিশ্বত নিৰাপত্তা
পাঠ: ৭
Very Short Question Answer
১। জন নিৰাপত্তা বা মানৱ নিৰাপত্তা কি?
উত্তৰঃ জন নিৰাপত্তা বা মানৱ নিৰাপত্তা হল ১৯৯০ ৰ দশকত জনপ্রিয় হোৱা নিৰাপত্তাৰ এক নতুন ধাৰণা। যিয়ে ৰাষ্ট্রৰ নিৰাপত্তাৰ সলনি ব্যাক্তি আৰু ব্যক্তিৰ জীৱনৰ লগত জড়িত প্ৰমূল্যক সুৰক্ষা প্রদান কৰে। জন নিৰাপত্তাই জনসাধাৰণৰ নিৰাপত্তাক বুজায়।
২। বর্তমান বিশ্বত সন্ত্রাসবাদ সৃষ্টি কৰা দুটা দুৰাৰোগ্য ৰোগৰ নাম লিখা।
উত্তৰঃ ১। এইডছ (AIDS)
২। কৰনা ভাইৰাছ (Corona Virus)
৩। ভাৰতৰ নিৰাপত্তা কৌশলৰ দুটা উপাদান উল্লেখ কৰা।
উত্তৰঃ ১। সামৰিক দিশত দক্ষতা বৃদ্ধি কৰা।
২। ৰাষ্ট্রীয় বিধি আৰু আন্ত ৰাষ্ট্রীয় অনুষ্ঠানসমূহ শক্তিশালী কৰা।
উত্তৰঃ 1990 চনত।
৫। পৰম্পৰাগত নিৰাপত্তা কৌশলৰ এটা উপাদান উল্লেখ কৰা।
উত্তৰঃ ক্ষমতাৰ ভাৰসম্যতা।
৬। আধুনিক বিশ্বত মানুহৰ সম্মুখত দেখা দিয়া এটা ভয়ৰ উৎস উল্লেখ কৰা।
উত্তৰঃ সন্ত্রাসবাদ।
৭। সামৰিক শক্তিসম্পন্ন দুখন ৰাষ্ট্রৰ নাম লিখা।
উত্তৰঃ ভাৰত আৰু চীন।
৮। প্ৰব্ৰজনৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ ১। দৰিদ্রতা।
২। জনসংখ্যা বৃদ্ধি।
৯। গোলকীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ ১। সন্ত্রাসবাদ।
২। দৰিদ্রতা।
১০। SARS-ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ Severe Acute Respiratory Syndrome
১১। অস্ত্র নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ পাৰমাণবিক মি-সম্প্ৰসাৰণ চুক্তি (NPT)।
১২। নিৰস্ত্ৰীকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰঃ 1968 চনত।
সংক্ষিপ্ত উত্তৰঃ
১। নিৰাপত্তা বুলিলে কি বুজা ?
উত্তৰঃ যিকোনাে ধৰণৰ সামৰিক বা অসামৰিক ভাবুকিৰ পৰা মুক্তি পােৱাকে নিৰাপত্তা বোলা হয়।
২। আভ্যন্তৰীণভাৱে স্থানান্তৰিত লােক বুলিলে কি বুজা ?
উত্তৰঃ যিবােৰ মানুহে নিৰাপত্তাহীনতাৰ বাবে নিজৰ ঘৰ এৰি যায় কিন্তু নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰতে থাকে তেওঁলােককে আভ্যন্তৰীণভাৱে স্থানান্তৰিত লােক বুলি কোৱা হয়।
৩। ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ উদ্দেশ্যটো কি ?
উত্তৰঃ ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ স্বার্থ।
৪। মানৱীয় নিৰাপত্তাই কি বুজায় ?
উত্তৰঃ মানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা। ইয়াৰ প্রাথমিক লক্ষ্য হ’ল ব্যক্তিক সুৰক্ষা প্রদান কৰা।
৫। গােলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদ।
৬। আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি ?
উত্তৰঃ সন্ত্রাসবাদ বুলিলে ৰাজনৈতিক হিংসাক বুজায় যি হিংসাই সাধাৰণ মানুহৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে। আন্তর্জাতিক সন্ত্রাসবাদে গােটেই বিশ্বজুৰি আলােড়ন সৃষ্টি কৰে।
৭। সহযােগী নিৰাপত্তা কি ?
উত্তৰঃ অপাৰম্পৰিক সুৰক্ষা ভাবুকিৰ ক্ষেত্ৰত সামাৰিক বিৰােধিতাৰ পৰিৱর্তে সহযােগিতাৰ প্রয়ােজন।
৮। কিহে ধনী ৰাষ্ট্ৰক আৰু অধিক ধনী কৰে ?
উত্তৰঃ জনসংখ্যাৰ হ্ৰাস লগতে আয় বৃদ্ধিয়ে।
৯। মানুহে প্ৰব্ৰজন কিয় কৰে ?
উত্তৰঃ মানুহে পাৰম্পৰিক আৰু অপাৰম্পৰিক নিৰাপত্তাৰ বাবে এক স্থান এৰি আন স্থানলৈ যায়।
১০। NATO ৰ সম্পূৰ্ণ ৰূপটো কি ?
উত্তৰঃ North Atlantic Treaty Organisation.
১১। ভাৰতে পােন প্রথমে কেতিয়া পাৰমাণৱিক যতনৰ পৰীক্ষণ চলায় ?
উত্তৰঃ ১৯৭৪ চনত।
১২। কোন বছৰ গােলকীয় নিৰাপত্তাৰ উদ্ভৱ হয় ?
উত্তৰঃ ১৯৯০ চনত।
১৩। অস্ত্র নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ এন্টি বেলিষ্টিক মিছাইল চুক্তি ( ABM )।
১৪। নিৰস্ত্রীকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰঃ ১৯৬৮ চনত।
১৫৷ ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা।
উত্তৰঃ সামৰিক ক্ষমতা বৃদ্ধি।
১৬। প্ৰদূষণ কি ?
উত্তৰঃ বিশ্বৰ পৰিৱেশত জীৱই জীৱন ধাৰণৰ বাবে অনুপযুক্ত কৰি তােলাক প্রদূষণ বুলি ক’ব পাৰি।
১৭। খালী ঠাই পূৰণ কৰা:
(ক) গােলকীয় দাৰিদ্ৰ ………… ৰ আন এক উৎস।
উত্তৰঃ গােলকীয় দাৰিদ্ৰ সন্ত্রাসবাদৰ আন এক উৎস।
(খ) নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা ……….।
উত্তৰঃ নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা মুক্ত।
(গ) অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবােৰ ………ৰ উদ্ধত।
উত্তৰঃ অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবােৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধত।
১৮। কিমানখন দেশে ৰাসায়নিক অস্ত্র চুক্তি সম্মতি দিছিল ?
উত্তৰঃ ১৮১ খন দেশে।
১৯। নিৰস্ত্রীকৰণৰ ধাৰণাই কিদৰে হিংসা এৰাই চলত সহায় কৰে ?
উত্তৰঃ অস্ত্র সম্বৰণৰ যােগেদি।
২০। সকলােবােৰ সমাজতে নিৰাপত্তা ধাৰণাটো একেইনে ?
উত্তৰঃ নহয়।
২১। আভ্যন্তৰীণভাৱে বিতাড়িত ব্যক্তি বুলিলে কি বুজা ?
উত্তৰঃ কোনাে বিশেষ কাৰণবশতঃ যেনে প্রাকৃতিক দুর্যোগৰ বাবে এখন দেশৰ এটা প্রধান অঞ্চলৰ মানুহ যদি আনটো অঞ্চললৈ স্থানান্তৰিত হয় তেতিয়া।
২২। জন – নিৰাপত্তা বুলিলে কি বুজা ?
উত্তৰঃ জনসাধাৰণৰ নিৰাপত্তা সমাজৰ সকলাে ধৰণৰ ভাবুকিৰ পৰা।
২৩৷ পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল?
উত্তৰঃ ১৯৬৮ চনত।
Short Question Answer
1. বিশ্ব দৰিদ্রতা কি ?
উত্তৰঃ সুৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযােগ্য ভাবুকি হৈছে বিশ্ব দৰিদ্ৰতা । তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত জনসংখ্যা বৃদ্ধি দৰিদ্ৰতাৰ এক অন্যতম প্রধান কাৰণ।
2. সন্ত্রাসবাদ কি ?
উত্তৰঃ সন্ত্রাসবাদ হৈছে এক অপৰাধজনিত আৰু হিংস্র কার্য যি কার্য এটা শ্ৰেণীৰ জনগণে সমাজ ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজৰ দাবী পূৰণ কৰাৰ বাবে অস্ত্র হাতত লয়।
3. ভাৰতে কোনটো বছৰত প্রথমে আণবিক অস্ত্র পৰীক্ষা কৰিছিল?
উত্তৰঃ ১৯৭৪ চনত।
4. ৰাসায়নিক অস্ত্র অভিৱৰ্তন কেতিয়া হৈছিল ?
উত্তৰঃ ১৯৯২ চনত।
5. জন নিৰাপত্তাৰ দুটা প্রতিবন্ধকতা বা বাধা উল্লেখ কৰা।
উত্তৰঃ জন নিৰাপত্তাৰ দুটা প্রতিবন্ধকতা বা বাধা তলত উল্লেখ কৰা হ’ল-
১। দৰিদ্ৰতা: সাম্প্ৰতিক সময়ত ব্যক্তিৰ নিৰাপত্তা বিঘ্নিত কৰা এটা গুৰুত্বপূর্ণ প্রত্যাহ্বান হৈছে দৰিদ্ৰতা। দৰিদ্ৰতাৰ ফলত তৃতীয় বিশ্বৰ বিভিন্ন দেশত ব্যক্তিয়ে খাদ্য, স্বাস্থ্য, শিক্ষা আদি নূন্যতম সা-সুবিধাৰ পৰা বঞ্চিত হৈ এক সংকট পূর্ণ তথা কষ্টকৰ জীৱন কটাব লগা হয়।
২। প্রব্রজন: হিংসা, দৰিদ্ৰতা, কর্মসংস্থাপনহীনতা আদি কাৰণত এখন দেশৰ পৰা আন এখন দেশলৈ স্ব-ইচ্ছাই আঁতৰি যোৱাকে প্ৰব্ৰজন বুলি কোৱা হয়। প্রব্রজনৰ কাৰণ আৰু ফলাফল দুয়োটাই হ’ল নিৰাপত্তাহীনতা। প্ৰব্ৰজন ব্যক্তিৰ মানৱীয় মর্যাদা লাঘৱ কৰি ব্যক্তিৰ বিকাশৰ পথ বন্ধ কৰে।
6. জন নিৰাপত্তাৰ প্ৰতি দুটা ভাবুকি উল্লেখ কৰা।
উত্তৰঃ ১। দৰিদ্ৰতা।
২। প্রব্রজন।
7. পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ ১। পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আনহাতে, অপৰম্পৰাগত নিৰাপত্তাই ব্যক্তিৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
২। পৰম্পৰাগত নিৰাপত্তাই যুদ্ধ, সন্ত্রাসবাদ আদিৰহে নিৰাপত্তাৰ প্ৰত্যাহ্বান বুলি বিবেচনা কৰে।
আনহাতে, অপৰম্পৰাগত নিৰাপত্তাই যুদ্ধ, সন্ত্রাস আদিৰ উপৰিও দৰিদ্ৰতা, নিৰক্ষৰতা, পৰিৱেশৰ অৱক্ষয়, মহামাৰী আদিৰ সমস্যাকো নিৰাপত্তাৰ প্ৰত্যাহ্বান বুলি দাবী কৰে।
8. দুটা মানৱ অধিকাৰ উল্লেখ কৰা।
উত্তৰঃ (i) পৌৰ আৰু ৰাজনৈতিক অধিকাৰ।
(ii) অর্থনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰ।
9. ক্ষমতাৰ ভাৰসাম্য কি? এখন ৰাষ্ট্ৰই কেনেকৈ ক্ষমতাৰ ভাৰসাম্য অৰ্জন কৰিব পাৰে?
উত্তৰঃ দেশসমূহৰ মাজত হ’ব পৰা যুদ্ধ বা সংঘাতক যি উপায়েৰে নিয়ন্ত্ৰণ কৰা হয়, তেনে উপায় অৱলম্বনৰ দ্বাৰা ক্ষমতাৰ ভাৰসাম্য অনা হয়। ক্ষমতাৰ ভাৰসাম্য বজায় ৰাখিবলৈ বৃহৎ শক্তিশালী দেশসমূহক নিয়ন্ত্ৰণ কৰাৰ কিছুমান প্ৰয়োজনীয় উপায় অৱলম্বন কৰা হয়। বিশেষকৈ মিত্ৰতা স্থাপন, নিৰস্ত্ৰীকৰণ, যুদ্ধ, অস্ত্র আহৰণ আদিয়েই প্রধান
শক্তিশালী দেশসমূহৰ তুলনাত দুৰ্বল দেশসমূহৰ বিভিন্ন ক্ষমতা তথা অধিকাৰ কম থাকে। এই ক্ষেত্রত শক্তিশালী দেশে তেনে দেশসমূহক সহজতে বশ কৰিব পাৰে নাইবা নিজৰ অধীনলৈ নিবলৈ সক্ষম হয়। কিন্তু এনে কার্যক ৰোধ কৰিবলৈ যি উপায় অৱলম্বন কৰা হয়, তাকে ক্ষমতাৰ ভাৰসাম্য বোলে।
তলত দিয়া বিভিন্ন কাৰকসমূহৰ জৰিয়তে ৰাষ্ট্ৰই ক্ষমতাৰ ভাৰসাম্য অৰ্জন কৰিব পাৰে –
(i) মিত্ৰতা স্থাপন: বিশ্বৰ সকলো ৰাষ্ট্ৰৰ মাজতে এক প্রতিযোগিতাৰ ফলত শক্তিলূলক ভাৱ গঢ়ি উঠা দেখা যায়। এনে প্ৰতিযোগিতাৰ ফলত শক্তিশালী দেশসমূহৰ তুলনাত দুৰ্বল দেশসমূহে সহজতে মিত্ৰতা স্থাপন কৰে।
(ii) নিৰস্ত্ৰীকৰণঃ দুখন ৰাষ্ট্ৰৰ সামৰিক দিশত শক্তিশালী হ’লে ৰাষ্ট্ৰদুখনৰ মাজত নিৰাস্ত্ৰীকৰণ ব্যৱস্থা কৰি সমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা যায়।
(iii) সশস্ত্ৰীকৰণঃ দুখন ৰাষ্ট্ৰৰ মাজত অস্ত্ৰৰ পৰিমাণ বৃদ্ধিয়ে নিৰাপত্তাৰ ক্ষেত্ৰত শংকাৰ সৃষ্টি কৰে। এই শংকা দূৰ কৰিবৰ বাবে সশস্ত্ৰীকৰণ ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ আন এটা উপায়।
10. ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদান চাৰিটা আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদানসমূহ তলত উল্লেখ কৰা হ’ল-
(i) ভাৰতৰ নিৰাপত্তা কৌশলৰ প্ৰথমটো উপাদান হ’ল-সামৰিক দক্ষতা বৃদ্ধি কৰা। ভাৰতে ইয়াৰ সামৰিক দক্ষতা বৃদ্ধি কৰিবলৈ যুদ্ধ জাহাজ, যুদ্ধ বিমান তথা সামৰিক বাহিনীৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
(ⅱ) আন্তঃৰাষ্ট্ৰীয় বিধি আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান শক্তিশালী কৰি ভাৰতৰ নিৰাপত্তা সুৰক্ষিত কৰা।
(iii) দেশখনক আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ প্ৰস্তুত কৰা যাতে বিচ্ছিন্নতাবাদ, সন্ত্রাসবাদ আদিৰ দৰে ব্যাধি সমূহক কঠোৰ হাতেৰে দমন কৰিব পৰা যায়।
(iv) ভাৰতৰ নিৰাপত্তা কৌশলৰ চতুৰ্থ তথা অন্তিমটো উপাদান নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাৰ লগত জড়িত। স্বাধীনতাৰ পিছত অর্থনৈতিক বিকাশ সাধনৰ বাবে ভাৰতবৰ্ষই বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। যেনে- দৰিদ্ৰতা দূৰীকৰণ, শিক্ষাৰ প্ৰসাৰ, উদ্যোগৰ সম্প্ৰসাৰণ, কৃষিৰ বিকাশ ইত্যাদি।
11. মানৱ অধিকাৰ কি?
উত্তৰঃ সমগ্র বিশ্বত জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে বসবাস কৰা সকলো লোকেই মানুহ হিচাপে মর্যদা সম্পন্নভাবে জীয়াই থাকিবলৈ যি সুযোগ সুবিধা লাভ কৰে তাকেই মানৱ অধিকাৰ বুলি কোৱা হয়।
12. সামৰিক মিত্ৰতাৰ উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ সামৰিক মিত্রতাৰ গঠন পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। ই ৰাষ্ট্ৰ সমূহৰ মাজত সামৰিক বাহিনীৰ আক্রমণৰ প্ৰতিৰোধ অথবা সামৰিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি সামৰিক প্ৰতিৰক্ষা ব্যৱস্থা গ্রহণ কৰে। কেতিয়াবা দেশসমূহে বিভিন্ন দেশৰ মিত্রজোট সমূহৰ তুলনাত ক্ষমতা বৃদ্ধি কৰিবলৈ নিজকে মিত্রজোট গঠন কৰে।
13. মানৱ প্ৰব্ৰজন মানে কি?
উত্তৰঃ যেতিয়া মানুহে এটা স্থান এৰি আন এক স্থানলৈ স্থায়ীভাবে বসতি কৰাৰ উদ্দেশ্যৰে যায় তেতিয়া তাক মানৱ প্রব্রজন হোৱা বুলি কোৱা হয়।
1. প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পার্থক্য লিখা। (HS 2013, 2015, 2017, 2019)
উত্তৰ: প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পার্থক্য হ’ল –
- প্ৰব্ৰজনকাৰীসকলে ভাল জীবন-যাপন লাভৰ আশাত আন অঞ্চললৈ যায়। আনহাতে শৰণাৰ্থীসকলে প্রাকৃতিক দুৰ্যোগ বা অত্যাচাৰ আদিৰ ফলত নিজৰ অঞ্চল এৰি আন অঞ্চললৈ যাবলৈ বাধ্য হয়।
- প্ৰব্ৰজনকাৰী সকলক আন্তৰাষ্ট্ৰীয় আইন অনুসৰি সংশ্লিষ্ট ৰাষ্ট্ৰখনে আশ্রয় দিবলৈ বাধ্য নহয়। আনহাতে, শৰনাৰ্থী সকলক সাধাৰণতে অন্য ৰাষ্ট্ৰই আশ্রয় প্ৰদান কৰে।
Long Question Answer
2. নিৰাপত্তা কি? পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাসমূহ আলোচনা কৰা।
উঃ- বর্তমান সময়ত নিৰাপত্তা এক অতি গুৰুত্বপূর্ণ বিষয়। অতি সাধাৰণ ভাষাত নিৰাপত্তা অর্থ হৈছে ভয় আৰু ভাবুকিৰ পৰা মুক্ত অবস্থা। সমাজত শান্তি-সম্প্রীতি, প্রগতি আৰু সকলোধৰণৰ উন্নয়নৰ বাবে সুৰক্ষা আৰু নিৰাপত্তা অতি প্রয়োজনীয়। নিৰাপত্তা বুলিলে এনে এক পৰিৱেশক বুজায়,যত সাধাৰণ মানুহে সশস্ত্র বিদ্রোহী বা নিৰাপত্তা বাহিনীয়ে সন্ত্রাসৰ সৃষ্টি নকৰা এক পৰিৱেশত শান্তিপূর্ণ ভাবে জীয়াই থাকিব পাৰে। নিৰাপত্তাই মানবীয় প্রমূল্যবোধক গুৰুত্ব আৰোপ কৰে। যাৰ জৰিয়তেহে ৰাষ্ট্রৰ নিৰাপত্তা প্রকৃত অৰ্থত সুৰক্ষিত হয়।
নিৰাপত্তাক প্রধানত: 2টা ভাগত ভাগ কৰা হৈছে – পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা। পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা বুজায়। আনহাতে অপৰম্পৰাগত নিৰাপত্তা মানৱ নিৰাপত্তা প্রতিনিধিত্ব কৰে। পৰম্পৰাগত নিৰাপত্তা মূল ধাৰণা সমূহ তলত আলোচনা কৰা হল-
i) সামৰিক ভিতিগ্রস্ততা:- পৰম্পৰাগত নিৰাপত্তাৰ এটা গুৰুত্বপূর্ণ দিশ হৈছে সামৰিক ভিতিগ্রস্ততা। নিৰাপত্তাৰ দিশত আটাইতকৈ ডাঙৰ ভাবুকি আহে সামৰিক দিশৰ পৰা। এখন ৰাষ্ট্রই আন এখন ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক কার্য্য ব্যৱস্থা গ্রহণ কৰিলে দ্বিতীয় ৰাষ্ট্ৰখনক সার্বভৌমত্ব, স্বাধীনতা আৰু ভৌগোলিক অখণ্ডতা তথা জনগণৰ জীৱন বিপদাপন্ন হয়।
ii) যুদ্ধৰ ভয়:- যুদ্ধৰ ভাবুকিৰ প্রত্যুত্তৰ দিবলৈ চৰকাৰৰ সন্মুখত তিনিটা বিকল্প থাকে। যেনে আত্মসমর্পন কৰা, যুদ্ধত অতিমাত্রা খৰচ হোৱা বুলি ঘোষণা কৰি প্রতিপক্ষক আক্ৰমণৰ পৰা বিৰত ৰখা আৰু যুদ্ধ হলে নিজকে প্রতিৰক্ষা প্রদান কৰি আক্রমণকাৰী ওভটাই পঠিওৱা নাইবা সম্পূর্ণ ৰূপে পৰাস্ত কৰা। সাধাৰণতে এখন ৰাষ্ট্রই আত্মসমর্পণ নীতিৰ পৰিবর্তে যুদ্ধ নিবাৰক নীতি আৰু প্রতিৰক্ষা নীতি গ্রহণ কৰা দেখা যায়।
iii) ক্ষমতাৰ ভাৰসাম্য:- ৰাষ্ট্রীয় সুৰক্ষাৰ তৃতীয় গুৰুত্বপূর্ণ দিশটো হৈছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত সু সম্পর্ক প্ৰতিষ্ঠাৰ দ্বাৰা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰা। যাৰ দ্বাৰা যুদ্ধৰ সন্ত্রাস নিয়ন্ত্রিত হোৱাৰ লগতে ৰাষ্ট্রৰ মাজত সহযোগিতাৰ বৃদ্ধি হয়।
iv) মিত্ৰজোঁট গঠনঃ- মিত্রজোট গঠনৰ জৰিয়তে ৰাষ্ট্রসমূহৰ মাজত মৰ্চা গঠন কৰি বৃহৎ শক্তিৰ আক্ৰমণৰ পৰা প্ৰতিৰক্ষা প্রদান কৰিব পাৰি। মিত্ৰজোট গঠন ৰাষ্ট্রৰ সুৰক্ষা আৰু স্বাৰ্থৰ লগত জড়িত। এই স্বাৰ্থৰ পৰিবর্তন হলে মিত্ৰজোঁটৰো পৰিবর্তন হোৱা দেখা যায়। তথাপি পৰম্পৰাগত নিৰাপত্তা শক্তিশালী কৰা ক্ষেত্রত মিত্ৰজোঁটৰ ভূমিকা গুৰুত্বপূর্ণ।
পৰম্পৰাগত নিৰাপত্তাৰ প্ৰধান দিশসমুহ তলত আলোচনা কৰা হল। বর্তমান আন্তৰাষ্ট্রীয় ৰাজনীতি কোনো বিশেষ শক্তিয়ে নিয়ন্ত্রণ কৰি থকা নাই যদিও ৰাষ্ট্রসংঘই ইয়াৰ নিজা কার্যসূচীয়ে আর্ন্তজাতিক সমস্যা সমাধানত বিশেষ ভূমিকা পালন কৰাৰ উপৰিও প্রতিখন ৰাষ্ট্রই নিজৰ সুৰক্ষা ব্যৱস্থা নিজে শক্তিশালী কৰি বিশ্বত ইয়াৰ স্থিতি প্রতিষ্ঠা কৰে।
3. নিৰাপত্তাৰ ৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতি আলোচলা কৰা।
উত্তৰ: ৰাষ্ট্ৰসমূহৰ পৰম্পৰাগত নিৰাপত্তা নিশ্চিত কৰাৰ বাবে বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতা স্থাপন কৰাটো এক গুৰুত্বপূর্ণ কৌশল হিচাপে বিবেচনা কৰা হয়। সহযোগিতাই উত্তেজনা আৰু সংঘাট লাঘৱ কৰাৰ উপৰিও যুদ্ধ আৰু যুদ্ধৰ অস্ত্র নিয়ন্ত্রণত সহায় কৰে। সেয়েহে বিশ্বজুৰি সকলোৰে গ্ৰহণযোগ্য মতামত হল যুদ্ধত অৱতীর্ণ হোৱাৰ পূর্বে প্ৰকৃত যুক্তি যুক্ততা নিৰীক্ষণ কৰি সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু গ্ণহত্যাৰ পৰা নির্দিষ্ট দূৰত অৱস্থান কৰা। এই ক্ষেত্রত সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ব্যৱস্থাই যথেষ্ট সহায় কৰা পৰিলক্ষিত হয়। এনে কিছুমান ব্যৱস্থা হৈছে-
i) নিৰস্ত্রীকৰণঃ- নিৰস্ত্রীকৰণৰ প্রকৃত অর্থ হৈছে ৰাষ্ট্রসমূহে এটা নির্দিষ্ট সীমাৰ ভিতৰত অস্ত্ৰৰ নিয়ন্ত্রণ কৰা। উদাহৰণস্বৰূপে-1972 চনৰ জৈৱিক অস্ত্র। অভিবৰ্তন আৰু 1992 চনৰ ৰাসায়নিক অস্ত্ৰ অভিবর্তন ইত্যাদিয়ে অস্ত্র প্রস্তুত বা সংৰক্ষণ নিষিদ্ধ কৰিছিল।
ii) অস্ত্র নিয়ন্ত্রণঃ সহযোগিতা বৃদ্ধিৰ আন এটা কৌশল হৈছে অস্ত্র নিয়ন্ত্রণ ব্যৱস্থা। এই সম্পর্কে অস্ত্ৰ প্রতিৰোধ চুক্তি স্বাক্ষৰিত হৈছে যাৰ জৰিয়তে মানৱ সমাজত ধ্বংসকাৰী অস্ত্রসমুহ সীমিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উদাহৰণস্বৰূপে, 1968 চনৰ পাৰমাণৱিক নিঃ সম্পসাৰণ চুক্তি বা কৌশলগত অস্ত্র হ্ৰাসসকৰণ চুক্তি আদি প্রধান। যিয়ে অস্ত্রসমূহ সম্পূর্ণৰূপে বন্ধ কৰাৰ পৰিবর্তে সীমিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
iii) বিশ্বাসৰ প্রতিষ্ঠাঃ- পৰম্পৰাগত নিৰাপত্তাই বিশ্বাস প্রতিষ্ঠা প্দ্ধতিক হত্যা হিংসা এৰাই চলাৰ এক উপায় হিচাপে গণ্য কৰে। এই পদ্ধতিৰ জৰিয়তে ৰাষ্ট্ৰসমূহে তেওঁলোকৰ প্রতিদ্বন্দী ৰাষ্ট্ৰৰ সৈতে আদর্শ আৰু অন্যান্য তথ্যৰ আদান প্রদান কৰে আৰু ভুল বুজা-বুজিৰ বাবে যাতে যুদ্ধ সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।
ওপৰত উল্লেখ কৰা বিভিন্ন কৌশলৰ জৰিয়তে ৰাষ্ট্রসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰি যুদ্ধৰ বিভিষীকাৰ পৰা দেশবাসীক সুৰক্ষিত কৰা চেষ্টা কৰা হৈছে।
4. ভাৰতৰ নিৰাপত্তাৰ কৌশলসমূহ আলোচনা কৰা।
উত্তৰ: ভাৰতবর্ষই পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাক সমানে গুৰুত্ব প্রদান কৰিছে। স্বাধীনতাৰ পৰৱর্তীসময়ত ভাৰতবর্ষই নিজস্ব ভাবে নিৰাপত্তা নীতি প্রদর্শন কৰিছে। তেতিয়াৰে পৰা এতিয়ালৈকে ভাৰত চৰকাৰে এই নিৰাপত্তা নীতিসমূহ অনুসৰণ কৰি আহিছে। এই ক্ষেত্ৰত ভাৰতবর্ষই প্রধানকৈ তলত দিয়া 4 প্ৰকাৰৰ কৌশল অৱলম্বন কৰা দেখা যায়-
i) সামৰিকা দক্ষতা বৃদ্ধিঃ প্রথম পর্যায়ত ভাৰতবর্ষই নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে সামৰিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভাৰতে ইয়াৰ চুবুৰীয়া ৰাষ্ট্র পাকিস্তানৰ লগত ক্ৰমে 1947,1965, 1971 আৰু 1999 চনত চাৰিবাৰকৈ সংঘৰ্ষত লিপ্ত হৈছিল। তাৰোপৰি আন এখন প্রতিবেশী ৰাষ্ট্ৰ চীনৰ সৈতে 1962 ভাৰতৰ যুদ্ধ হৈছিল। এই দুই দেশৰ লগত এতিয়াও কিছু উত্তেজনা অব্যাহত আছে। এই সমস্যাবোৰ নির্মূল কৰাৰ বাবে ভাৰতে পাৰমাণৱিক পৰীক্ষা আদিও সম্পাদন কৰি সামৰিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
ii) আন্তঃ ৰাষ্ট্রীয় অনুষ্ঠান শক্তিশালী কৰা: ভাৰতবর্ষৰ আন এটা গুৰুত্বপূর্ণ নিৰাপত্তা কৌশল হৈছে আঁন্তঃ ৰাষ্ট্রীয় অনুষ্ঠানসমূহ, শক্তিশালী কৰা। প্রধানমন্ত্রী জৱাহৰলাল নেহেৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মাজেৰে নিৰস্ত্ৰীকৰণ আৰু বৈষম্য দূৰ কৰি শান্তি প্রতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ উপৰিও পাৰমাণৱিক নিঃ সম্প্রসাৰণ চুক্তি বৈষম্যমূলক হোৱাৰ বাবে ভাৰতে স্বাক্ষৰ কৰাৰ পৰা বিৰত আছিল আৰু গোলকীয় উত্তাপ নিয়ন্ত্ৰনৰ বাবে কিয়ট’ পটকলত স্বাক্ষৰ কৰিছিল।
iii) আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থা: ভাৰতবর্ষৰ নিৰাপত্তা কৌশলৰ তৃতীয় উপাদানটো হৈছে অভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা ।সেয়ে ভাৰতবর্ষই সামৰিক আৰু ৰাজনৈতিক দুয়োটা দিশৰ ওপৰত সমগুৰুত্ব প্রদান কৰিছে। স্বাধীনতাৰ পিছৰে পৰাই উত্তৰ-পূৱৰ বিভিন্ন সশস্ত্ৰ বা নিগোষ্ঠীয় সংঘাত দমনৰ বাবে ভাৰতে গণতান্ত্রিক পদ্ধতি অনুসৰণ কৰি আহিছে। আলাপ-আলোচনাৰ মাজেৰে শান্তিপূর্ণ সমস্যা সমাধানৰ প্রতি ভাৰত সদায় আগ্রহী।
iv) অর্থনৈতিক মানৱ বিকাশঃ- ভাৰতবর্ষই স্বাধীনতাৰ পিছৰে পৰাই অর্থনৈতিক বিকাশৰ বাবে তথা দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত অন্যতম হল- গ্রাম্য, স্বাস্থ্য অভিযান, মধ্যাহ্ন ভোজন আঁচনি, মহাত্মা গান্ধীৰ ৰাষ্ট্রীয় নিয়োগ নিশ্চিতকৰণ আঁচনি ইত্যাদি উল্লেখযোগ্য। এই কার্যসূচীসমূহৰ জৰিয়তে ভাৰতবৰ্ষই নাগৰিকসকলক অর্থনৈতিক নিৰাপত্তাৰ প্রদান কৰি মানৱ বিকাশৰ কার্যসূচী হাতত লৈছে।
5. অপৰম্পৰাগত নিৰাপত্তা বুলিলে কি বুজা? জননিৰাপত্তা বা বিশ্ব নিৰাপত্তা ধাৰনা সম্পর্কে চমুকৈ লিখা। (HS 2014)
উত্তৰ: ৰাষ্ট্ৰৰ নিৰাপত্তা, জাতীয় নিৰাপত্তাকে সামৰিক নিৰাপত্তা বিপৰীতে জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অস্তিত্বৰ লগত জড়িত দিশবোৰক অপৰম্পৰাগত নিৰাপত্তা নামেৰে জনা যায়। এই নিৰাপত্তাই ৰাষ্ট্ৰৰ পৰিবৰ্তে সাধাৰণ লোকৰ বা বিভিন্ন সামাজিক গোটৰ নিৰাপত্তাক প্রাধান্য দিয়ে। বর্তমান সময়ত এই নিৰাপত্তাক জননিৰাপত্তা বা বিশ্ব নিৰাপত্তা নামেৰে জনা যায়।
জন নিৰাপত্তা বা মানৱ নিৰাপত্তা ধাৰণাৰ বিকাশত আটাইতকৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে ৰাষ্ট্রসংঘৰ উন্নয়ন আঁচনিয়ে (UNDP)। এই আঁচনিয়ে 1994 চনৰ জননিৰাপত্তাৰ বিষয়ে প্ৰতিবেদন প্রকাশ কৰিছিল। এই আচনিয়ে জন নিৰাপত্তা তিনিটা দিশৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল –
i) মানৱীয় মযর্দাৰ সুৰক্ষা
ii) ভয় বা হ্ৰাসৰ পৰা মুক্তি
iii) অভাৱৰ পৰা মুক্তি
বিশ্ব নিৰাপত্তাৰ ধাৰণায়েও মানুহৰ নিৰাপত্তা ভংগ কৰে। বিশ্বব্যাপী থকা প্রত্যাহ্বানসমূহ মোকাবিলা কৰিবৰ বাবে বিশ্বব্যাপী প্রস্তুতি আৰু উদ্যোগৰ প্রয়োজন। সেয়ে এনে নিৰাপত্তাসমূহক বিশ্ব নিৰাপত্তা বুলি কোৱা হয়। পৃথিবীজুৰি শংকাৰ সৃষ্টি কৰা প্রত্যাহ্বান সমূহৰ ভিতৰত কেতবোৰ অন্যতম হল গোলকীয় উষ্ণতা মহামাৰী, সন্ত্ৰাসবাদ, বিশ্ব দৰিদ্রতা ইত্যাদি। এই সমস্যাসমূহে পৃথিৱী বাসী প্রতি ভাবুকি কঢ়িয়াই আনিছে সেয়ে এই সমস্যাসমূহ সমাধানৰ বাবে আন্তজার্তিক সহযোগিতা আৰু সমন্বয়ৰ প্ৰয়োজন।
6. স্বাস্থ্য মহামাৰীসমূহে কি ধৰণে বিশ্ব নিৰাপত্তাৰ প্ৰতি নতুন ভাবুকি আনিছে আলোচনা কৰা। (HS 2023)
উত্তৰ: স্বাস্থ্যই হৈছে পৰম সম্পদ। সেয়েহে স্বাস্থ্য মহামাৰীক বিশ্ব নিৰাপত্তাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা এক উৎস হিচাপে গণ্য কৰা হৈছে। এনে কিছুমান মহামাৰী আছে যিবোৰ অতি সহজে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বা এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ বা কেতিয়াবা দেশৰ পৰিসীমা পাৰ হৈ ততালিকে অন্য দেশত বিয়পি পৰা দেখা যায়। এনে ৰোগসমূহৰ কোনো ধৰণৰ সঠিক ঔষধ বা নিৰাময়ৰ ব্যৱস্থা পোৱা নাযায়, ফলত বহুলোকে ইয়াৰ কবলত মৃত্যুমুখত পৰিব লগা হয়। গতিকে এনে মহামাৰী সমূহক বিশ্ব নিৰাপত্তাৰ এক ভাবুকি বুলি গণ্য কৰা হয়।
7. গোলকীয় নিৰাপত্তাৰ ধাৰণাৰ ওপৰত চমুকৈ লিখা। (HS 2023)
উত্তৰ : সাম্প্ৰতিক সময়ত বিশ্ব নিৰাপত্তা বা গোলকীয় নিৰাপত্তা এটা গুৰুত্বপূৰ্ণ বিষয়। গোলকীয় নিৰাপত্তাই এই বিশ্বৰ জল, স্থল, তথা বায়ুমণ্ডলত বসবাস কৰা জীৱ, প্রকৃতি আদিৰ সুৰক্ষাক বুজায়। সম্প্রতি যি ভয়াৱহ সময়ৰ মাজেৰে বিশ্বই গতি কৰি আছে, ইয়াৰ পৰা বিশ্বক সুৰক্ষা কৰা বিষয়টো অতি গুৰুত্বপূৰ্ণ ।বিশ্বায়ন, বিজ্ঞান প্রযুক্তি বিদ্যাৰ উন্নয়ন আদিৰ ফলত উৎপাদন বৃদ্ধিৰ বিপৰীতে ভয়াৱহ প্রদূষণই, ৰাষ্ট্ৰ সমূহৰ মাজত অস্ত্ৰ উৎপাদনৰ প্রতিযোগিতা, বিশ্ব দৰিদ্রতা, মহামাৰী আদি সমস্যাবোৰে সম্প্রতি গোলকীয় নিৰাপত্তা বিষয়টোত অধিক চিন্তনীয় কৰি তুলিছে। যাৰ ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয়, সংগঠনসমূহকে ধৰি ৰাষ্ট্ৰসমূহেও বর্তমানে এই বিষয়টোত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।
8. বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা। (HS 2022, 2018, 2015)
উত্তৰ: বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ জনসাধাৰণৰ যেতিয়া কর্মসংস্থাপনৰ সুবিধা নাথাকে বা আয় কৰাৰ উপার্জন নাথাকে তেতিয়া জনসাধাৰণৰ মাজত আহে দৰিদ্ৰতা। দৰিদ্ৰতাৰ ফলত মানুহে দুবেলা দুমুঠি খাবলৈ নাপায়, উপযুক্ত শিক্ষা আৰু চিকিৎসাৰ পৰা বঞ্চিত হব লগা হয়। ফলত এই বিশ্ব দৰিদ্ৰতাই মানুহক নিৰাপত্তাহীনতাত ভূগায়। গতিকে, বিশ্বদৰিদ্ৰতাৰ সৃষ্টিত বিশ্বৰ বিভিন্ন দেশৰ দ্রুতগতিত বৃদ্ধি পোৱা জনসংখ্যাই সহায় কৰিছে।
9. কিয়ট’ চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল? (HS 2019)
উত্তৰ : কিয়ট’ চুক্তি 1997 চনৰ 11 ডিচেম্বৰত স্বাক্ষৰিত হৈছিল। এই চুক্তি পৰিৱেশৰ জলবায়ু পৰিৱৰ্তন সমস্যাৰ সৈতে জড়িত।
10. প্ৰব্ৰজন আৰু মানৱ নিৰাপত্তাৰ মাজত সম্পর্ক আলোচনা কৰা। (HS 2016)
উত্তৰ: প্ৰব্ৰজন আৰু মানৱ নিৰাপত্তাৰ মাজৰ সম্পৰ্ক তলত আলোচনা কৰা হল-
(i) বর্তমান বিশ্বত মানৱ প্ৰব্ৰজন নিৰাপত্তাৰ সৈতে জড়িত এক বিষয় হৈ পৰিছে। কিয়নো প্ৰব্ৰজনকাৰীসকলো সাধাৰণতে মানুহ, গতিকে তেওঁলোকৰো নিৰাপত্তাৰ প্রয়োজন।
(ii) দৰিদ্রতা, কর্মসংস্থাপন আদিৰ বাবে এখন ৰাষ্ট্ৰৰ লোকে আন এখন ৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে। কিন্তু সেই ৰাষ্ট্রখনেও তেওঁলোকক সহায় কৰিবলৈ অসন্মত হয়। ফলত তেওঁলোকৰ নিৰাপত্তা বিঘ্নিত হয়।
(iii) যুদ্ধ, অত্যাচাৰ, প্ৰাকৃতিক দুর্যোগ আদি মানৱীয় নিৰাপত্তাৰ প্ৰতি থকা ভাবুকিৰ বাবে সাধাৰণতে মানুহে আন এখন ৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে।
(iv) প্ৰব্ৰজনকাৰীসকলে অপৰম্পৰাগত নিৰাপত্তাসমূহৰ ভাবুকি বিভিন্ন সময়ত কৰিব লগা হয়।
11. মানৱ নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। (HS 2017)
উত্তৰ: বর্তমান সময়ছোৱাত মানৱ নিৰাপত্তা এটা গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে। কিয়নো, মানুহৰ নিৰাপত্তা কিছুমান পৰম্পৰাগত ভাবুকিৰ উপৰিও অপৰম্পৰাগত দিশসমূহেও মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। বিভিন্ন অপৰম্পৰাগত ভাবুকি যেনে পক্ষীজ্বৰ, শ্বৱাইন ফ্ল আদিয়ে মানুহৰ স্বাস্থ্য বৰ বেয়াকৈ ক্ষতিগ্রস্ত কৰিছে। আনকি বহুতো মানুহ মৃত্যুৰ মুখতো পৰিছে। উদাহৰণ স্বৰূপে, 2003 চনত বিশ্বত প্রায় 4 কোটি লোক মহা মাৰীত আক্রান্ত হৈছিল। অর্থাৎ এই মানুহখিনিৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল। সেয়েহে স্বাস্থ্যৰ নিৰাপত্তা সুনিশিয়ত হলেহে মানৱ নিৰাপত্তা ৰক্ষা কৰাটোও সম্ভৱ হ’ব।
12. ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই পাৰমাণবিক প্রযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূর্ণ ব্যৱহাৰৰ দিশটো চোৱা চিতা কৰে? (HS 2018)
উত্তৰঃ আন্তর্জাতিক আণৱিক ইন্ধন এজেন্সিয়ে।
13. মানৱ নিৰাপত্তাৰ যিকোনো এটা ভাবুকিৰ নাম লিখা। (HS 2018)
উত্তৰঃ বিশ্ব দৰিদ্ৰতা।
14. বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। (HS 2014)
উত্তৰঃ সন্ত্রাসবাদ।
15. নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা নতুন উৎসসমূহৰ বিষয়ে লিখা।
উত্তৰ- নিৰাপত্তাৰ পৰিসীমা কোনো এখন দেশৰ মাজত সীমাবদ্ধ হৈ ৰোৱা নাই। ই এক বিশ্বজোৰা ৰূপ গ্রহণ কৰিছে। বিশেষকৈ সন্ত্রাসবাদ, মহামাৰী প্ৰৱজন, বিশ্ব দৰিদ্রতা ইত্যাদি সমস্যা সমূহৰ ক্ষেত্ৰত পৃথিৱী ব্যাপী সমাধান প্রচেষ্টা হাতত লোৱাৰ প্রয়োজনীয়তা উপলব্ধি হয়। নিৰাপত্তাৰ প্রতি ভাবুকি সৃষ্টি কৰা এনে কিছুমান নতুন উৎসৰ বিষয়ে তলত আলোচনা কৰা হ’ল –
i) সন্ত্ৰাসবাদ:- নিৰাপত্তা প্রতি ভাবুকিৰ সৃষ্টি কৰা এটা অন্যতম প্রধান উৎস হৈছে আন্তর্জতিক সন্ত্রাসবাদ। চমু কথাত সন্ত্রাসবাদ হ’ল-নির্বিচাৰ ভাৱে সাধাৰণ মানুহৰ ওপৰত জাপি দিয়া এক ধৰণৰ ৰাজনৈতিক হিংসা যি অনবৰতে মানুহক ভিতিগ্রস্ত কৰি ৰাখে। পৃথিবীৰ কোনো অঞ্চললেই আচলতে সন্ত্রাসৰ পৰা মুক্ত নহয়। এই গোটসমূহে জন সমাৱেশৰ ঠাই যেনে- বজাৰ, চিনেমা হল , আদালত, বিমান/ৰেল/ বাছ আস্থান আদিক আক্রমণৰ লক্ষ্য হিচাপে বাচি লয়।
ii) বিশ্ব দৰিদ্রতাঃ সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ নিৰাপত্তা আটাইতকৈ বেছি বিঘ্নিত কৰা কাৰণ টোৱেই হৈছে দৰিদ্রতা। দৰিদ্ৰতা হল এনে এক অৱস্থা যত মানুহৰ জীৱিকা বা উপার্জনৰ সুবিধা নাই। ফলত মানুহে জীৱনৰ মৌলিক প্রয়োজন সমূহ পূৰনত ব্যর্থ হয়। এনে পৰিস্থিতিয়ে সমাজত বৈষম্যৰ সৃষ্টি কৰাও দেখা যায় আৰু প্রয়োজন অনুসৰি নূন্যতম সা-সুবিধাৰ পৰা বঞ্চিত হৈ মানুহৰ অকাল মৃত্যু হোৱা দেখা যায়।
iii) প্ৰৱজন:- নিৰাপত্তাৰ প্রতি ভাবুকি সৃষ্টি কৰা উৎসসমূহৰ ভিতৰত আন এটি নতুন উৎস হৈছে-প্ৰৱজন। দৰিদ্রতা ৰাজনৈতিক ভাৰা শাস্তি বা অনান্য আর্থ সামাজিক কাৰণত মানুহ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গতি কৰে। সাধাৰণতে দুখীয়া বা অনুন্নত ঠাইৰ পৰা মানুহ তুলনামূলকভাৱে উন্নত জীৱন-জীৱিকাৰ পর্যাপ্ত সুবিধা থকা ঠাইলৈ মানুহ যাবলৈ বাধ্য হয়। কেতিয়াবা যুদ্ধ বা কোনো সংঘাতৰ ফলতো হাৰাশাস্তিৰ সম্মুখীন হৈ মানুহ এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ বাধ্য হয়।
আর্ন্তজাতিক নীতি অনুসৰি প্রৱজনকাৰী আৰু শৰণার্থীৰ মাজত যথেষ্ট পার্থক্য আছে। প্রৱজন কাৰী সকলে সাধাৰণতে স্ব-ইচ্ছাৰে উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজৰ দেশৰ ভিতৰতে এঠাইৰ পৰা আন এঠাইলৈ যায়। কিন্তু পৃথিবীৰ কোনো দেশে এনে প্ৰৱজনকাৰীসকলক আশ্রয় প্রদান কৰিবলৈ বাধ্য নহয়। আনহাতে শৰণার্থীসকল হল- যুদ্ধ, সন্ত্রাস, প্রাকৃতিক দুর্যোগ, মানসিক ভাৰাক্রান্তিৰ বলি হৈ অন্য দেশলৈ পলাই যোৱা লোক। যাক সাধাৰণতে অন্য দেশে আশ্রয় প্রদান কৰে। এনেদৰে জীৱন জীৱিকাৰ সন্ধানত কৰা প্ৰৱজন বর্তমান বিশ্ব নিৰাপত্তাৰ প্রতি ভাবুকি সৃষ্টি কৰা এক নতুন উৎস হিচাপে পৰিগণিত হৈছে।
iv) মহামাৰী- স্বাস্থ্যই হৈছে পৰম সম্পদ। সেয়েহে স্বাস্থ্য মহামাৰীক বিশ্ব নিৰাপত্তাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা এক উৎস হিচাপে গণ্য কৰা হৈছে। এনে কিছুমান মহামাৰী আছে যিবোৰ অতি সহজে এজন ব্যক্তিব পৰা আন এজন ব্যক্তিলৈ বা এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ বা কেতিয়াবা দেশৰ পৰিসীমা পাৰ হৈ ততালিকে অন্য দেশত বিয়পি পৰা দেখা যায়। এনে ৰোগসমূহৰ কোনো ধৰণৰ সঠিক ঔষধ বা নিৰাময়ৰ ব্যৱস্থা পোৱা নাযায়, ফলত বহুলোকে ইয়াৰ কবলত মৃত্যুমুখত পৰিব লগা হয়। গতিকে এনে মহামাৰী সমূহক বিশ্ব নিৰাপত্তাৰ এক ভাবুকি বুলি গণ্য কৰা হয়।
ওপৰত উল্লেখ কৰাবোৰেই হৈছে আর্থসামাজিক দিশত ব্যাপক নেতিবাচক প্রভাৱ পেলোৱা তথা বিশ্ব নিৰাপত্তাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা কেতবোৰ গুৰুত্বপূর্ণ নতুন উৎস।
৩৭। মানৱ নিৰাপত্তা বা গোলকীয় নিৰাপত্তাৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ লগত বিশেষভাবে জড়িত সুৰক্ষাৰ দিশটোক মানৱ নিৰাপত্তা বুলি কোৱা হয়। মানৱ নিৰাপত্তা হল জনগণৰ নিৰাপত্তা। ই ৰাষ্ট্ৰৰ নিৰাপত্তাতকৈ জনগণৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়ে। অৱশ্যে মানৱ নিৰাপত্তা আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা প্রায় একে হোৱা দেখা যায়। কিন্তু ৰাষ্ট্ৰ এখন সুৰক্ষিত হ’লেই জনগণ নিজে সুৰক্ষিত নহয়। এই দিশটোত জনসাধাৰণৰ দৈনন্দিন জীৱনৰ প্ৰতিটো পদক্ষেপতে প্রত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে আৰু ইয়াৰ বাবে বিশ্ব নিৰাপত্তাৰ প্ৰয়োজন হৈ পৰিছে। মানৱ জাতিৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰত্যাহ্বানবোৰ হ’ল বিশ্ব দৰিদ্ৰতা, স্বাস্থ্য, শিক্ষা, অধিকাৰ ইত্যাদি। অনুন্নত ৰাষ্ট্ৰবোৰত অতি দ্রুতগতিত জনসংখ্যা বৃদ্ধি হোৱা বাবে বিশ্ব দৰিদ্ৰতা আৰু উত্তৰ আৰু দক্ষিণৰ দেশবোৰৰ মাজত থকা জনমূৰি আয়ৰ ব্যৱধান যথেষ্ট বৃদ্ধি পাইছে। AIDS, ডেংগু আদি ধৰণৰ মহামাৰীবোৰে মানৱ নিৰাপত্তাৰ প্ৰতি এক গুৰুত্বৰ ভাবুকিৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি গোলকীয় উষ্ণতা বৃদ্ধি, আন্তর্জাতিক সন্ত্রাসবাদ, পৰিৱেশৰ ভাৰসাম্যহীনতা আদিয়েও মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
গতিকে এইবোৰৰ পৰা হাত সাৰিবলৈ অর্থাৎ মানৱ বিকাশৰ বাবে আটাইতকৈ প্রয়োজনীয় চর্ত হ’ল শিক্ষা। শিক্ষাৰ অবিহনে মানৱ জাতিৰ বিকাশ সাধন হ’ব নোৱাৰে। সেয়েহে শিক্ষাৰ সম্প্ৰসাৰণৰ জৰিয়তে মানৱ নিৰাপত্তা নিশ্চিত কৰাটো সম্ভৱপৰ।
৩৮। চমুটোকা লিখা:
(i) বিশ্ব দৰিদ্ৰতা বা গোলকীয় দৰিদ্ৰতা
উত্তৰঃ বিশ্ব দৰিদ্ৰতা বা গোলকীয় দৰিদ্ৰতা: মানৱ জীৱনত নিৰাপত্তাহীনতাৰ প্ৰথম আৰু প্ৰধান কাৰণ হ’ল দৰিদ্ৰতা। ৰাষ্ট্র এখনত যেতিয়া কর্মসংস্থাপনৰ অভাৱ হয়, তেতিয়াই জনসাধাৰণৰ জীৱনলৈ দৰিদ্ৰতা নামি আহে। অর্থাৎ অর্থনৈতিক স্বতন্ত্রতা অবিহনে ব্যক্তি কেতিয়াও প্ৰকৃতাৰ্থত স্বাধীন হ’ব নোৱাৰে।
বিশ্ব দৰিদ্রতা হল নিৰাপত্তাহীনতাৰ এটা উৎস। বর্তমান বিশ্বশ্বৰ জনসংখ্যাৰ প্ৰায় 650 কৌটি। বিশ্বৰ বর্তমান মুঠ জনসংখ্যাৰ বৃদ্ধিৰ আধা সংখ্যক বৃদ্ধি হৈছে মাত্র ৬ খন দেশত। সেই দেশ কেইখন হ’ল- চীন, ভাৰত, পাকিস্তান, নাইজেৰিয়া, বাংলাদেশ আৰু ইণ্ডোনেছিয়া। বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ জনসংখ্যা অহা ১০ বছৰত তিনিগুণ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। আনহাতে ধনী ৰাষ্ট্ৰসমূহৰ জনসংখ্যা ইয়াৰ তুলনাত হ্রাস পাব বুলি ভবা হৈছে। উচ্চ জনমূৰি আয় আৰু নিম্ন হাৰত জনসংখ্যা বৃদ্ধিয়ে ধনী ৰাষ্ট্ৰক অধিক ধনী কৰি তোলে। আনহাতে নিম্ন আয় আৰু উচ্চ হাৰত জনসংখ্যা বৃদ্ধিয়ে দৰিদ্ৰ ৰাষ্ট্ৰক অধিক দৰিদ্ৰ কৰি তোলে।
এই বৈষম্যই গোলকীয় পর্যায়ত উত্তৰ আৰু দক্ষিণৰ দেশসমূহৰ মাজত বৈষম্যৰ সৃষ্টি কৰিছে। কাৰণ অতি কম সংখ্যক দেশে জনসংখ্যা বৃদ্ধিত বাধা আৰু আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। বিশ্ব দৰিদ্ৰতাই সন্ত্রাস মূলক কার্যকলাপটো বৰঙণি যোগায়। ইয়াৰ ফলত জনসাধাৰণৰ নিৰাপত্তা অনিশ্চিত হৈ পৰে।
মুঠতে আমি ক’ব পাৰো যে, বিশ্ব দৰিদ্ৰতা এক ব্যাধি, যিয়ে সমগ্ৰ মানৱ জাতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে। প্রয়োজনীয় শিক্ষাৰ বিকাশ, পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্রহণ ইত্যাদিৰ মাধ্যমেৰে ইয়াক নির্মূল কৰাটো সম্ভৱ।
৩৯। প্রথম বিশ্বৰ নাগৰিকে সম্মুখীন হোৱা ভাবুকি আৰু তৃতীয় বিশ্বৰ নাগৰিকে সম্মুখীন হোৱা ভাবুকিৰ মাজৰ পাৰ্থক্য ব্যাখ্যা কৰা।
উত্তৰঃ প্রথম বিশ্বৰ দেশ যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া আৰু অন্যান্য ইউৰোপীয় ৰাষ্ট্ৰবোৰে সন্মুখীন হোৱা ভয় আৰু তৃতীয় বিশ্বৰ দৰিদ্র দেশবোৰে সন্মুখীন হোৱা নিৰাপত্তাজনিতৰ মাজত পাৰ্থক্য আছে। প্রথম বিশ্বৰ দেশবোৰৰ বাবে আন ৰাষ্ট্রৰ আক্রমনেই প্রধান নিৰাপত্তাজনিত ভয় বা সমস্যা। কিন্তু তৃতীয় বিশ্বৰ দেশবোৰে কেৱল আন ৰাষ্ট্ৰৰ আক্রমণৰ ভয়ৰেই সম্মুখীন নহয়। দেশৰ ভিতৰতে আন কিছুমান নিৰাপত্তা বিস্মিতকাৰী ঘটনাৰ সন্মুখীন হ’ব লগা হয়। অর্থাৎ, তৃতীয় বিশ্বৰ দেশবোৰক আভ্যন্তৰীণ ভাৱে চলি থকা সন্ত্রাসবাদীৰ কাৰ্যকলাপ তথা বিচ্ছিন্নতাবাদী আন্দোলনে ভাবুকি সৃষ্টি কৰে।
৪০। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পাৰ্থক্য আলোচনা কৰা।
উঃপ্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পাথক্য তলত আলোচনা কৰা হ’ল-
(i) যিসকলে সু-ইচ্ছাই নিজৰ দেশ ত্যাগ কৰে তেওঁলোকক প্ৰব্ৰজনকাৰী বুলি কোৱা হয়। আনহাতে, যিসকলে যুদ্ধ, প্রাকৃতিক দুর্যোগ আৰু ৰাজনৈতিক উৎপীড়নৰ ফলাফলত পলায়ন কৰে তেওঁলোকক শৰণাৰ্থী বোলে।
(ⅱ) প্ৰব্ৰজনকাৰী সকলে চৰকাৰৰ অনুমতি অবিহনে অর্থাৎ অবৈধভাৱে থাকিবলৈ লয়। আনহাতে, শৰণাৰ্থীসকলে চৰকাৰৰ অনুমতি অনুসৰি অর্থাৎ বৈধভাবে থাকিবলৈ লয়।
-0000-
Last word
We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 7 – “সাম্প্ৰতিক বিশ্বত নিৰাপত্তা” Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.