Class 12 Political Science Chapter – 6 এক মেৰু বিশিষ্ট বিশ্বত আন্তর্জাতিক সংগঠন Question Answers

In this post, we have provided Class 12 Political Science Chapter 6 – “এক মেৰু বিশিষ্ট বিশ্বত আন্তর্জাতিক সংগঠন” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.

Here we have provided HS Class 12 Chapter – 6 এক মেৰু বিশিষ্ট বিশ্বত আন্তর্জাতিক সংগঠন Question Answer very Important for the Upcoming ASSEB/AHSEC Class 12 final Examination for Assamese Medium so read this post very carefully and be prepared for your exam.

দ্বাদশ শ্ৰেণী

প্ৰথম খণ্ড

এক মেৰু বিশিষ্ট বিশ্বত আন্তর্জাতিক সংগঠন

পাঠ: 6

 Short Question Answer

১। কিহৰ বাবে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন।

উত্তৰঃ বিশ্বত শান্তি প্ৰতিষ্ঠা আৰু ৰাষ্ট্ৰসমূহৰ প্ৰগতিৰ বাবে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন। 

২। আন্তৰ্জাতিক সংগঠন কাক বোলে।

উত্তৰঃ বিশ্বৰ ৰাষ্ট্ৰসমূহে স্ব-ইচ্ছাই একগোট হৈ সমূহীয়া স্বাৰ্থৰ বাবে গঠন কৰা সংগঠনটোকে আন্তৰ্জাতিক সংগঠন বোলা হয়।

৩। বিশ্ববাসীৰ বাবে ৰাষ্ট্ৰসংঘ কি।

উত্তৰঃ বিশ্ববাসীৰ বাবে ৰাষ্ট্ৰসংঘ হল মানৱ জাতিৰ শান্তি আৰু প্ৰগতিৰ এটা অপৰিহাৰ্য অনুষ্ঠান।

৪। ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধানজনৰ নাম কি।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধানজনৰ নাম হল ডাগ হেমাৰছিল্ড।

৫। বিশ্বৰ প্ৰতিজন ৰাষ্ট্ৰই নিজৰ দেশৰ নাগৰিকসকলক কি দিয়াৰ প্ৰয়োজন।

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাৰ দিশ দুটা হল- 

(ক) বহিঃ নিৰাপত্তা।

(খ) আভ্যন্তৰীণ নিৰাপত্তা।

৬। সামৰিক সংঘৰ্ষ বা যুদ্ধৰ মূল উদ্দেশ্য কি।

উত্তৰঃ সামৰিক সংঘৰ্ষ বা যুদ্ধৰ মূল উদ্দেশ্য হল শত্ৰু সৈন্যৰ ওপৰত আঘাত হানি দুৰ্বল কৰা।

চমু প্ৰশ্নোত্তৰঃ

১। ‘যুদ্ধ যুদ্ধ কৰাতকৈ বকবকনিয়েই ভাল ” — এই মন্তব্য কেনে কৰিছিল ? 

উত্তৰঃ চার্চিলে। 

২। ৰাষ্ট্ৰসংঘত প্রতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমান সদস্যই চহী কৰিছিল ? 

উত্তৰঃ ৫১ খন ৰাষ্ট্ৰই। 

৩। ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যটো কি ?

উত্তৰঃ বিশ্বশান্তি প্রতিষ্ঠা কৰা। 

৪। বর্তমান ৰাষ্ট্ৰসংঘত কিমান সদস্য ৰাষ্ট্র আছে ? 

উত্তৰঃ ১৯২ খন। 

৫। খালী ঠাই পূৰণ কৰা: 

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত …………স্থায়ী সদস্য আছে। 

উত্তৰঃ ৫ খন। 

৬। ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিবপ্রধান গৰাকী কোন ?

উত্তৰঃ এণ্টেনিঅ’ গুটাৰ।

৭। IAEA ৰ পূৰ্ণ ৰূপটো লিখা। 

উত্তৰঃ International Atomic Energy Agency . 

৮। ভেটো ক্ষমতাই কি বুজা ? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনাে সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰৰ বিৰােধিতা কৰিব পৰা ক্ষমতাই হ’ল ভেটো ক্ষমতা।

৯। ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্রধান কোন আছিল ? 

উত্তৰঃ নৰৱেৰ ট্রিভি লি। 

১০। ৰাষ্ট্ৰসংঘৰ একক বৃহৎ বৰঙণি দাতা দেশখনৰ নাম কি ? 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্র। 

১১। কোনটো দিনত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় ? 

উত্তৰঃ ২৪ অক্টোবৰত। 

১২। ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা কোন আছিল ? 

উত্তৰঃ বিজয়লক্ষ্মী পণ্ডিত। 

১৩। কোন বছৰত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল ? 

উত্তৰঃ ২০০৫ চনত। 

১৪। ‘বিগ থ্রি’ বুলিলে কি বুজা ? 

উত্তৰঃ ৰুচভেল্ট , চার্চিল আৰু ষ্টেলিন। 

১৫। পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পর্কীয় আন্তঃৰাষ্ট্ৰীয় অভিধাৰণাটোৰ নাম লিখা। 

উত্তৰঃ UNEP 

১৬। ৰাষ্ট্ৰসংঘৰ সর্বোচ্চ কার্যবাহীৰ নাম কি ? 

উত্তৰঃ সচিব প্রধান। 

১৭। শান্তি গঢ়া আয়ােগ কেতিয়া গঠন কৰা হৈছিল ? 

উত্তৰঃ ২০০৭ চনত। 

১৮। এখন এককেন্দ্রিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি ? 

উত্তৰঃ শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখা।

ভেটো ক্ষমতা সম্পৰ্ক তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰাঃ

(ক) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰহে  কেৱল ভেটো ক্ষমতা আছে।

উত্তৰঃ শুদ্ধ।

(খ) এইটো এক ৰকমৰ নেতিবাচক ক্ষমতা।

উত্তৰঃ শুদ্ধ।

(গ) যেতিয়া কোনো সিদ্ধান্তত সচিবপ্ৰধান সন্তষ্ট নহয় তেতিয়া তেওঁ এই ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

উত্তৰঃ অশুদ্ধ।

(ঘ) এটা ভেটো ক্ষমতাই নিৰাপত্তা পৰিষদৰ এটা প্ৰস্তাৱ বন্ধ কৰিব পাৰে।

উত্তৰঃ শুদ্ধ।

২। ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ ধৰণ সম্পৰ্কে তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰাঃ

(ক) সকলো ধৰণৰ নিৰাপত্তা আৰু শান্তি সম্পৰ্কীয় বিষয়বিলাক নিৰাপত্তা পৰিষদে বিচাৰ কৰে।

উত্তৰঃ শুদ্ধ।

(খ) বিশ্বৰ চাৰিওফালে সিঁচৰতি হৈ থকা প্ৰধান অংগ আৰু বিশেষ সংস্থাসমূহে সকলো মানৱীয় নীতিসমূহ কাৰ্যকৰী কৰে।

উত্তৰঃ শুদ্ধ।

(গ) পাঁচখন সদস্য ৰাষ্ট্ৰই একমত হৈ নিৰাপত্তাজনিত সিদ্ধান্ত কাৰ্যকৰী কৰা যুগুত।

উত্তৰঃ অশুদ্ধ।

(ঘ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সকলো সদস্যই স্বতঃস্ফূৰ্তভাৱে সকলো প্ৰধান অংগ আৰু বিশেষ সন্থাসমূহৰ সদস্য।

উত্তৰঃ অশুদ্ধ।

৩। নিৰাপত্তা পৰিষদত স্থায়ী সদস্য পদৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱৰ ক্ষেত্ৰত তলত দিয়া কোনটোৰ ওপৰত তুমি বেছি গুৰুত্ব দিবাঃ

(ক) আণৱিক ক্ষমতা।

(খ) আৰম্ভণিৰ পৰা ই ৰাষ্ট্ৰসংঘৰ সদস্য।

(গ) ই এছিয়া মহাদেশত অৱস্থিত।

(ঘ) ভাৰতৰ উন্নত অৰ্থনৈতিক ক্ষমতা আৰু স্থায়ী ৰাজনৈতিক ব্যৱস্থা।

উত্তৰঃ (খ) আৰম্ভণিৰ পৰা ই ৰাষ্ট্ৰসংঘৰ সদস্য।

৪। আণৱিক প্ৰযুক্তিৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ লগত ৰাষ্ট্ৰসংঘৰ কোনটো এজেন্সি জড়িত হয়ঃ

(ক) ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ কমিটি।

(খ) আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সি।

(গ) ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক নিৰাপদ কমিটি।

(ঘ) ওপৰত উল্লেখ কৰা এটাও নহয়। 

উত্তৰঃ (খ) আন্তৰ্জাতিক আণৱিক শক্তি এজেন্সি।

৫। বিশ্ব বাণিজ্য সন্থা তলত উল্লেখ কৰা কোনটো সংগঠন উত্তৰাধিকাৰীঃ

(ক) বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তি।

(খ) বাণিজ্য আৰু শুল্কৰ শৃংখলাবদ্ধ কৰা।

(গ) বিশ্ব  স্বাস্থ্য সন্থা।     

(ঘ) ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি।

উত্তৰঃ (ক) বাণিজ্য আৰু শুল্কৰ  সাধাৰণ চুক্তি।

৬। খালী ঠাই পূৰ কৰাঃ

(ক) ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ’ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

(খ) ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সন্থাটোক কোৱা হয় নিৰাপত্তা পৰিষদ।

(গ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৫ জন স্থায়ী সদস্য আৰু ১০ অস্থায়ী সদস্য আছে।

(ঘ) এন্টনিঅ’ গোটাৰেছ  বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান।

Long Question Answer

1.  আন্তর্জাতিক সংগঠনৰ প্রয়োজনীয়তা সম্পর্কে আলোচন কৰা।

উত্তৰ:  দেশৰ পৰিধিৰ বাহিৰৰ সমগ্ৰ বিশ্বব্যাপী যিবোৰ অনুষ্ঠানে বিভিন্ন দিশত নিজৰ দায়িত্ব পালন কৰি আছে তথা পৃথিবীৰ দেশসমূহক এখন মঞ্চত থিয় কৰাই শান্তি, নিৰাপত্তা আৰু বিশ্বকল্যানৰ  বাবে কাম কৰি থকা অনুষ্ঠানবোৰেই হৈছে আর্ন্তজাতিক সংগঠন। বিশ্বত আর্ন্তজাতিক সংগঠনৰ যথেষ্ট প্রয়োজনীয়তা আছে। সেইবোৰ  তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি।

         প্রথমতে, আন্তজার্তিক সংগঠনৰ ইতিহাসত এটা বলিষ্ঠ পদক্ষেপ হৈছে ৰাষ্ট্রসংঘৰ পূর্বে বিশ্ব ব্যৱস্থাত কোনো সংগঠনেই ইমান ব্যাপক আৰু স্বিস্তৃতি পৰিধি লৈ মানব জাতিক কল্যান তথা অস্তিত্ব ৰক্ষাৰ কাৰণে আর্বিভাৱ হোৱা নাছিল। সেয়েহে সমগ্র বিশ্বৰ দৃষ্টিত ৰাষ্ট্রসংঘ এক অতি গুৰুত্বপূর্ণ অনুষ্ঠান যাৰ প্রয়োজনীয়তাক নুই কৰিব নোৱাৰি।

         দ্বিতীয়তে, আন্তজার্তিক সংগঠনৰ মূল লক্ষ্য হল বিশ্ব শান্তি আৰু নিৰাপত্তাক নিশ্চিত কৰা। ই যুদ্ধৰ পৰিৱৰ্তে শান্তি প্রতিষ্ঠা কৰি ৰাষ্ট্রসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰি জীৱন নির্বাহৰ পথ সুচল কৰাৰ চেষ্টা কৰে। সেয়েহে মানৱ জাতিৰ প্রগতিৰ বাবে ৰাষ্ট্ৰসংঘৰ প্রয়োজন।

         তৃতীয়তে, বিশ্বৰ ৰাষ্ট্ৰবোৰৰ মাজত আদর্শগত আৰু অনান্য কাজিয়া, মতানৈক্য, সংঘাত আদি থাকিব পাৰে যিবোৰ যুদ্ধৰে সমাধান নহয়। গতিকে আর্ন্তজাতিক সংগঠনে এই ক্ষেত্রত বন্ধুত্বমূলক আলোচনাৰ মাজেৰে শান্তিৰ পথ মুকলি কৰিব পাৰে।

         চতুর্থতে, পৃথিবীত এনে কিছুমান সমস্যা বা কাম আছে যেনে-গোলকীয় উচ্চতা, মহামাৰী ইত্যাদি নিৰাময়ৰ কাৰণে সকলো ৰাষ্ট্রৰ সহযোগিতাৰ প্রয়োজন। গতিকে, এই সহযোগিতা সৃষ্টি তথা সেই বিষয়ৰ তথ্য আৰু ধাৰণা যোগান ধৰাত আন্তজাৰ্তিক সংগঠনে সহায় কৰিব পাৰে।

         পঞ্চমতে, বর্তমান বিশ্বত আন্তজার্তিক সংগঠন ৰাষ্ট্রসংঘ সমগ্র বিশ্বৰ মিলন ক্ষেত্র। ই তৃতীয় বিশ্বৰ অনুন্নত আৰু উন্নয়নশীল দেশসমূহৰ বিকাশৰ বাবে বহু আঁচনি প্রস্তুত কৰি কার্যকৰী কৰিছে। গতিকে সকলো দেশৰ সৱাংগীন  বিকাশৰ বাবে আন্তজার্তিক সংগঠন অপৰিহাৰ্য।

         ষষ্ঠতে, আর্ন্তজাতিক সংগঠনৰ সহযোগিতাৰ বাবেই এছিয়া আৰু আফ্রিকাৰ দেশসমূহে সহজে স্বাধীনতা অর্জন কৰিব পৰিছে। তাৰোপৰি স্বাধীনতাৰ সময়ত দেখা দিয়া সমস্যাবোৰৰ সমাধানটো ই দেশসমূহক উপকৃত কৰিছে। সেয়েহে ৰাষ্ট্রসংঘৰ প্রয়োজনীয়তাক মানৱ সমাজে স্বীকাৰ কৰি লৈছে।

         ওপৰত কৰা আলোচনাৰ আমি ক’ব পাৰো যে, বর্তমান সময়তো আন্তজার্তিক সংগঠনৰ প্রয়োজনীয়তা আছে। যাৰ প্রয়োজনীয়তাক আমি নুই কৰিব নোৱাৰো।

2. এক মেৰু বিশিষ্ট বিশ্ব ব্যৱস্থাত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা ব্যাখা কৰা।

অথবা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যত ৰাষ্ট্রসংঘই ভাৰসাম্য প্রতিষ্ঠা কৰে ব্যাখা  কৰা।

উঃ- ছোভিয়েট সংঘৰাজ্য পতনৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব ব্যৱস্থাত একক মহাশক্তি হিচাপে নিজৰ আধিপত্য বিস্তাৰ কৰে। ৰাষ্ট্ৰসংঘ হৈছে এক আন্তজার্তিক সংগঠন। যি পৃথিৱীৰ দেশসমূহৰ এক সামুহিক মঞ্চ। এতিয়া প্রশ্ন হল ৰাষ্ট্ৰসংঘই আমেৰিকাৰ অপ্রতিৰূদ্ধ শক্তিক নিয়ন্ত্রণ কৰিব/বাধা দিব পাৰিবনে নাই? এনে অৱস্থাত ৰাষ্ট্রসংঘৰ প্রাসংগিকতা গুৰুত্বপূর্ণ হৈ পৰিছে। আমেৰিকা বর্তমান এখন অতি শক্তিশালী ৰাষ্ট্ৰ যাৰ প্ৰভাৱ ৰাষ্ট্র সংঘটো প্ৰতিষ্ঠিত হৈছে। ইয়াৰ মূল কাৰণ বোৰ হল –

i) ছোভিয়েট ৰাছিয়াৰ বিভাজনৰ পাছত আমেৰিকা বিশ্বৰ একমাত্র বৃহৎ শক্তি হিচাপে গঢ়ি উঠে ইয়াৰ সামৰিক বা অর্থনৈতিক ক্ষমতাই। ৰাষ্ট্রসংঘ বা আন্তজাতিক সংগঠনকো – প্রত্যাহ্বান জনাব পৰা হৈছে।

ii) ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্রভাৱ আৰু প্রতিপত্তি অধিক হোৱাৰ আন এটা গুৰুত্বপূর্ণ কাৰণ হৈছে আমেৰিকাই ৰাষ্ট্রসংঘলৈ আটাইতকৈ বেছি বৰঙনি আগবঢ়াইছিল।

iii) ৰাষ্ট্ৰ সংঘৰ আমোলা বিষয়াসকলৰ ভিতৰত সৰহ সংখ্যকেই আমেৰিকাৰ নাগৰিক সেয়েহে ৰাষ্ট্রসংঘৰ সিদ্ধান্ত গ্ৰহণত আমেৰিকাৰ প্রভাৱ পৰিলক্ষিত হয়।

iv) ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে  আমেৰিকাই ভেটো ক্ষমতা উপভোগ কৰে । যাৰ ফলত আমেৰিকাই বন্ধুৰাষ্ট্র বা নিজৰ স্বার্থত সিদ্ধান্ত গ্রহণ কৰে।

ওপৰৰ কাৰণসমূহৰ ভিত্তিত আমি কব পাৰো যে, ৰাষ্ট্ৰসংঘৰ ওপৰত আমেৰিকাৰ প্রভাৱ বিভিন্ন দিশত প্রতিষ্ঠা হোৱা পৰিলক্ষিত হৈছে। কিছু ক্ষেত্রত আমেৰিকাৰ ক্ষমতাৰ ওপৰত ৰাষ্ট্ৰসংঘই  ভাৰসাম্য ৰক্ষা কৰিব পৰা নাই যেন অনুভৱ হয় যদিও বিশ্বৰ 193 খন ৰাষ্ট্রৰ বৃহৎ সংগঠন হিচাপে ৰাষ্ট্রসংঘৰ প্রাসংগিকতা নুই কৰিব নোৱাৰি।ৰাষ্ট্রসংঘৰ প্রচেষ্টাতেই বিশ্বৰ মানৱ জাতি বিভিন্ন দিশত ভাবুকি গ্ৰস্ত হৈছে যদিও সুৰক্ষিত হৈ আছে আৰু বিভিন্ন স্পর্শকাতৰ বিষয় সমূহৰ শান্তিপূর্ণ সমাধান হৈছে। গতিকে এক মেৰু বিশ্ব  ব্যৱস্থাত ৰাষ্ট্রসংঘই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

3. শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কি কি পৰিৱৰ্তন হৈছে?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সংঘটিত হোৱা শীতল যুদ্ধৰ পিছত বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক পৰিৱৰ্তন আহে । তাৰ ভিতৰত বিশ্বসংস্থা ৰাষ্ট্ৰসংঘৰ পৰিৱৰ্তন বা সংস্কাৰ সাধন হৈছে এক উল্লেখযোগ্য পৰিৱৰ্তন। ৰাষ্ট্ৰসংঘলৈ অহা পৰিৱৰ্তন বা সংস্কাৰৰ ভিতৰত দুটা মূল পৰিৱৰ্তন হ’ল-

(ক) ৰাষ্ট্ৰসংঘৰ গাঁথনিৰ সংস্কাৰ:-  ৰাষ্ট্ৰসংঘৰ গাঁঠনিৰ সংস্কাৰৰ ভিতৰত নিৰাপত্তা পৰিষদৰ পৰিৱৰ্তন বা সংস্কাৰ উল্লেখযোগ্য। নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যা বৃদ্ধি পায়। ১৯৬৫ চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এক প্ৰস্তাৱ যোগে নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা ১১ জনৰ পৰা ১৫ জনলৈ বৃদ্ধি পায়।

(খ) কাৰ্যপ্ৰণালীৰ সংস্কাৰ আৰু আলোচনাৰ বিষয়বোৰৰ পুনৰ নিৰীক্ষণ:-  আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে ৰাষ্ট্ৰসংঘৰ বাজেটৰ নিয়ম-নীতি আৰু প্ৰশাসনৰ উৎকৰ্ষ সাধনৰ ওপৰত প্ৰাধান্য দিয়ে। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ কাৰ্য প্ৰণালীৰ উন্নতি সাধনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।

(গ) শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘলৈ অহা আন এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ল যে বহু সংখ্যক ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘত যোগদান কৰিছে।

(ঘ) আন এক পৰিৱৰ্তন হ’ল যে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক প্ৰভৃতি ক্ষেত্ৰত বিভিন্ন জাতিৰ মাজত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ বিশেষ তৎপৰ হৈ পৰিছে।

(ঙ) তদুপৰি ৰাষ্ট্ৰসংঘই পূৰ্বৰ তুলনাত ৰাষ্ট্ৰসংঘই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানৱীয় অন্যান্য সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে। লগতে স্বাস্থ্য শিক্ষা, পাৰিপাৰ্শ্বিকতা, জনসংখ্যা নিয়ন্ত্ৰণ, মানৱ অধিকাৰ, সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘই অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ ওপৰতো সমানে গুৰুত্ব প্ৰদান কৰিবলৈ ধৰিছে।

এনেধৰণে ধৰণেৰে শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘত বহুতো পৰিৱৰ্তন সাধন হৈছে।

4.  বিশ্ব বেংকৰ কার্যাৱলীসমূহ চমুকৈ লিখা। (HS 2019)

উত্তৰ : বিশ্ব বেংকৰ কার্যাৱলীসমূহ হ’ল-

(ক) মানৱ উন্নয়ন যেনে- শিক্ষা, স্বাস্থ্য আদি।

(খ) কৃষি আৰু গ্রাম্য উন্নয়ন যেনে পানী যোগান, গ্রাম্য সেৱা।

(গ) পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ আৰু প্ৰদূষণ দূৰীকৰণ।

(ঘ) ৰাস্তা নির্মাণ আৰু নতুন নগৰৰ সৃষ্টিকৰণ আদি।

5. ৰাষ্ট্ৰসংঘত সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পর্কে চমুকৈ আলোচনা কৰা। (HS 2020)

উত্তৰ: পৰিবৰ্তিত পৰিবেশত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা ৰক্ষা কৰাৰ বাবে কেইটামান পদক্ষেপ গ্রহন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ক) শান্তি ৰক্ষা আয়োগৰ প্রতিস্থা।

(খ) যদি কোনো ৰাষ্ট্রই নিজৰ নাগৰিক সকলক যিকোনা ধৰণৰ অত্যাচাৰ অথবা বিপদৰ পৰা ৰক্ষা কৰিবলৈ ব্যর্থ হয়, তেন্তে আন্তৰাষ্ট্র সম্প্রদায়ে সেই দ্বায়ীত্ব বহন কৰিব লাগে।

6. চমুটোকা লিখা।

ক) বিশ্ববেংক: বিশ্ব বেংক হৈছে এক আন্তঃ ৰাষ্ট্রীয় বিত্তীয় প্রতিষ্ঠান। এই প্রতিষ্ঠানটোৰ জন্ম হৈছিল 1944 চনৰ জুলাই মাহত ইয়াৰ প্রধান উদ্দেশ্য হৈছে উন্নয়নশীল দেশসমূহক আন্তঃ গাথনি নির্মাণৰ বাবে ঋণ প্রদান কৰা। বিশ্ব বেংক দুটা প্রতিষ্ঠানেৰে গঠিত

i) আন্তঃ ৰাষ্ট্ৰীয় পুনৰ নির্মাণ আৰু উন্নয়ন বেংক (IBRD-188)

ii)আন্তঃ ৰাষ্ট্ৰীয়  উন্নয়ন সন্থা (IDA-172)

বিশ্ব বেংকৰ প্রধান কার্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰীয় ৱাশিংটন চহৰত অৱস্থিত। ইয়াৰ আনুষ্ঠানিক লক্ষ্য হৈছে দৰিদ্রতা মুক্ত পৃথিৱী নির্মাণ। দ্বিতীয় মহাসমৰৰ পিছত গঠিত হোৱা বিশ্ব বেংকে বিভিন্ন মানৱ উন্নয়নৰ কাম কৰিছিল। যেনে শিক্ষা, স্বাস্থ্য, কৃষি আৰু গাঁও অঞ্চলৰ উন্নয়ন আদিৰ বাবে ৰাষ্ট্ৰবোৰক ঋণ প্রদান আৰু অনুদান দিয়ে। দুখীয়া ৰাষ্ট্রবোৰৰ অর্থনৈতিক নীতি সমালোচনা কৰি এইবোৰৰ ঋণৰ ওপৰত কঠোৰ নীতি আৰোপ কৰি মুক্ত বজাৰ সংস্কাৰৰ দাবী কৰে।

খ) ৰাষ্ট্রসংঘঃ- পৃথিৱীত দুখনকৈ বিশ্বযুদ্ধই কঢ়িয়াই অনা ভয়াবহতা আৰু অবর্ণনীয় ধ্বংস লীলাই সমগ্র বিশ্বক শংকিত কৰি তোলাৰ সময়তেই পৃথিৱীত শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে বিভিন্ন দেশৰ নেতিত্ব স্থানীয় ব্যক্তিসকলে ৰাষ্ট্রসংঘ নামেৰে এটা আন্তজাৰ্তিক সংগঠনৰ জন্ম দিয়ে। 1945 চনৰ 24 অক্টোবৰ তাৰিখে ছানফ্রান্সিস্কো সম্মিলনত 51 খন ৰাষ্ট্রৰ স্বাক্ষৰ প্রদানেৰে ৰাষ্ট্রসংঘ  জন্ম দিয়া হয়। (UNO- United Nations Organisation)  সেইবাবে 24 অক্টোবৰ তাৰিখটো ৰাষ্ট্রসংঘ দিৱস হিচাপে পালন কৰা হয়। বর্তমান ৰাষ্ট্ৰ সংঘৰ সদস্যৰ সংখ্যা 193 খন আমেৰিকা যুক্তৰাষ্ট্ৰৰ  নিউইয়র্ক চহৰত ইয়াৰ মুখ্য কার্যালয় অৱস্থিত। ৰাষ্ট্রসংঘৰ চনদত মুঠ 111 টা অনুচ্ছেদ্য আছে। ইয়াৰ প্রথম অনুচ্ছেদ্যত ৰাষ্ট্ৰসংঘৰ 4 টা উদ্দেশ্য সন্নিবিষ্ট আছে। ৰাষ্ট্রসংঘৰ প্রধান অংগ 6টা সাধাৰণ সভা, নিৰাপত্তা পৰিষদৰ, ন্যাসৰক্ষী পৰিষদ, আন্তজাৰ্তিক ন্যায়লয় আৰু সচিবালয়, ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ 5জন স্থায়ী আৰু 10 জন অস্থায়ী সদস্য আছে। ইয়াৰে স্থায়ী সদস্য সকলৰ ( আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স,ৰাছিয়া,আৰু চীন) ভেটো প্ৰয়োগৰ ক্ষমতা আছে। ৰাষ্ট্ৰ সংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপে অংগটো হল সচিবালয়। যত এজন সচিব প্ৰধান আৰু অন্যান্য কমচাৰী থাকে।ৰাষ্ট্ৰ সংঘৰ প্ৰথম সচিব প্ৰধান জন আছিল নৰৱেৰ ট্ৰিগভিলি আৰু বৰ্তমানৰ সচিব প্ৰধানজন পতুগলৰ এণ্টোনিঅ গুতেৰাছ। ৰাষ্ট্ৰসংঘৰ মূল 6টা অংগৰ উপৰিও অন্যান্য কিছুমান সংগঠন যেনে বিশ্ব স্বাস্থ্য সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি , ৰাষ্ট্ৰ সংঘৰ শিক্ষা সাংস্কৃতিক সংগঠন, ৰাষ্ট্ৰ সংঘৰ উন্নয়ন আচনি ইত্যাদি এই সকলোবোৰে বিশ্ববাসীৰ মনৰ পৰা যুদ্ধৰ ভয় আঁতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন পৃথিৱী গঢ়াৰ  লক্ষ্যৰে ধাৱমান হৈছে।

গ) IAEA-International Atomic Energy Agency (আর্ন্তজাতিক আণৱিক শক্তি সন্থা): 1957 চনত জুলাই মাহত এই সন্থা গঠন কৰা হয়। ই এটা আর্ন্তজাতিক সংগঠন যাৰ মূখ্য কার্যালয় অষ্ট্ৰেলিয়া Viennaত অৱস্থিত। ইয়াৰ সদস্যৰ সংখ্যা হৈছে 176। এই সংগঠনটোৰ কৰ্মচাৰীৰ সংখ্যা হৈছে 2560 (2021) ৰ মতে। ইয়াৰ মূখ্য উদ্দেশ্য হৈছে আণৱিক শক্তিৰ শান্তিপূর্ণ ব্যৱহাৰ আৰু ইয়াৰ সামৰিক উদ্দেশ্যত বাধা প্রদান কৰা। আর্ন্তজাতিক আণৱিক দলে নিয়মিত ভাৱে পৃথিৱীৰ পাৰমাণৱিক সুবিধাৰ প্ৰদৰ্শন কৰে যাতে কোনো ক্ষেত্ৰতে ই সামৰিক উদ্দেশ্যত ব্যৱহাৰ কৰা নহয়।

ঘ) Amnesty International (আন্তজার্তিক ক্ষমাদান):- আন্তজার্তিক ক্ষমাদান এটা বেচৰকাৰী সংগঠন (NGO) যিয়ে সমগ্র পৃথিবীৰ মানৱ অধিকাৰ সংৰক্ষণৰ বাবে  প্ৰচাৰ চলায়। এই আর্ন্তজাতি সংগঠনটোৰ জন্ম হৈছিল 1961 চনৰ জুলাই মাহত। যাৰ মূখ্য কার্যালয় লণ্ডনত অবস্থিত। সমগ্র বিশ্বত দহ মিলিয়নতকৈ ও অধিক সদস্য আৰু সমর্থক আছে। সার্বজনীন মানৱ অধিকাৰত উল্লেখ কৰা সকলো অধিকাৰক ই সন্মান  জনাবলৈ আহ্বান কৰাৰ লগতে মানৱ অধিকাৰক পৰস্পৰ নিৰ্ভৰশীল আৰু অবিভক্ত বুলি বিশ্বাস কৰে। এই সংগঠনটোৱে মানৱ অধিকাৰ সম্পর্কীয় প্রতিবেদন প্রস্তুত কৰি চৰকাৰলৈ প্রেৰণ কৰে যিবোৰে মানৱ অধিকাৰ সমৰ্থন আৰু অনুসন্ধান কৰাত সহায় কৰে।

ঙ) Human Rights Watch (মানৱ অধিকাৰ জাগৰণ) – মানৱ অধিকাৰ জাগৰণ হৈছে আন এটা আর্ন্তজাতিক বেচৰকাৰী সন্থা। যিয়ে মানৱ অধিকাৰ গৱেষণা আৰু সমর্থন কৰে। এই অনুষ্ঠানটোৰ জন্ম হৈছিল 1978 চনত  যাৰ মুখ্য কার্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ক চহৰত অবস্থিত। পৃথিৱী ব্যাপি থকা এই অনুষ্ঠানটোৱে মানৱ অধিকাৰ ভংগৰ বিৰুদ্ধে প্রচাৰ চলায় বিশ্বক আকর্ষণ কৰাৰ লগতে শিশুক সামৰিক কামত লগোৱা বন্ধ কৰি আন্তজাতিক ফৌজদাৰী আদালত গঠনৰ হকে কাম কৰে।

7. নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলী কি কি ?

উত্তৰঃ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এক মুখ্য অংগ আৰু ইয়াক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা হিচাপে অভিহিত কৰা হয়। ৰাষ্ট্ৰসংঘৰ মুখ্য অংগ হিচাপে এই পৰিষদৰ বহুতো কাৰ্যাৱলী আছে। 

তলত সেইবোৰ উল্লেখ কৰা হ’ল-

(ক) আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা: নিৰাপত্তা পৰিষদৰ এক মূল কাৰ্য হ’ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। ৰাষ্ট্ৰসংঘৰ চনদৰ ৩৩ নং অনুচ্ছেদত উল্লেখ আছে যে বিশ্বশান্তি আৰু নিৰাপত্তা ব্যাহত হ’ব পৰা কোনো পৰিস্থিতিৰ সৃষ্টি হ’লে বিবাদ জড়িত দেশে আলাপ-আলোচনা, মধ্যস্হতা নাইবা আন্তৰাষ্ট্ৰীয় আদালতৰ জৰিয়তে তেনে বিবাদ মীমাংসা কৰাৰ কাৰণে নিৰাপত্তা পৰিষদে চেষ্টা কৰিব।

(খ) শাস্তিমূলক ব্যৱস্হাৰ প্ৰয়োগ: নিৰাপত্তা পৰিষদৰ অন্য এক অন্যতম কাৰ্য হ’ল শাস্তিমূলক ব্যৱস্থাৰ প্ৰয়োগ। নিৰাপত্তা পৰিষদৰ যদি বিশ্বাস হয় যে কোনো দেশে গ্ৰহণ কৰা নীতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা আছে আৰু সেই দেশ শান্তিপূৰ্ণ উপায়ে বিবাদ মীমাংসা কৰাৰ বাবে আগ্ৰহী নহয়, তেতিয়াহ’লে পৰিষদ তেনে দেশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এই শাস্তিমূলক ব্যৱস্থা অৰ্থনৈতিক আৰু সামৰিক এই দুই ধৰণৰ হ’ব পাৰে।

(গ) নিৰস্ত্ৰীকৰণ: নিৰাপত্তা পৰিষদৰ অন্য এক কাৰ্য হ’ল নিৰস্ত্ৰীকৰণৰ। নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ-পাতি নিয়ন্ত্ৰণৰ কাৰণে পৰিকল্পনা প্ৰস্তত কৰি সদস্য ৰাষ্ট্ৰসমূহলৈ এই পৰিকল্পনা পৰিষদে পঠাব পাৰে। দেশসমূহৰ আৰ্থিক সম্পদ যাতে অস্ত্ৰ-পাতি বৃদ্ধিত বেছিকৈ খৰচ কৰা নহয়; সেই বিষয়েও পৰিষদে দৃষ্টি ৰাখিব লাগে।

(ঘ) নিৰ্বাচনসংক্ৰান্ত ক্ষমতা: নিৰ্বাচনসংক্ৰান্ততো নিৰাপত্তা পৰিষদৰ কৰণীয় আছে। এই পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই ৰাষ্ট্ৰসংঘত নতুন সদস্যক ভৰ্তি কৰিব পাৰে। কোনো সদস্য ৰাষ্ট্ৰক বহিষ্কাৰ কৰাৰ বিষয়তো নিৰাপত্তা পৰিষদৰ অনুমোদনৰ প্ৰয়োজন।

এনেদৰে নিৰাপত্তা পৰিষদৰ বহুকেইটা কাৰ্যাৱলী আছে।

8. ভাৰতৰ নাগৰিক হিচাপে তুমি নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব সমৰ্থন কৰা নে ? তোমাৰ দাবী প্ৰতিপন্ন কৰা।

উত্তৰঃ ভাৰতৰ নাগৰিক হিচাপে মই নিৰাপত্তা পৰিষদত ভাৰতৰ স্হায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব গভীৰভাৱে সমৰ্থন কৰো। কাৰণ ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এখন স্থায়ী আসন দাবী কৰিব পৰাকৈ বা সদস্যপদৰ প্ৰাৰ্থিত কৰিব পৰাকৈ ভাৰতৰ সকলোখিনি অৰ্হতা, গুণ, অধিকাৰ আৰু যুক্তি আছে। ভাৰতৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব দাবীৰ সমৰ্থনৰ ভিত্তিত বহুকেইটা যুক্তি দাঙি ধৰিব পাৰি। 

তলত সেইসমূহ উল্লেখ কৰা হ’ল-

(১) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ। সমগ্ৰ বিশ্বৰ  এক পঞ্চমাংশ জনসংখ্যাই ভাৰতত বসবাস কৰে।

(২) ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। আৰম্ভণিৰে পৰা ভাৰতত এতিয়াও গণতান্ত্ৰিক শাসনব্যৱস্হা প্ৰৱৰ্তন হৈ আছে।

(৩) ৰাষ্ট্ৰসংঘৰ সকলো কামতে ভাৰতে আগভাগ লৈ আহিছে।

(৪) ৰাষ্ট্ৰসংঘৰ সকলো শান্তি ৰক্ষামূলক কামৰ ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

(৫) দেশৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগতিত আগবাঢ়ি আছে।

(৬) ভাৰতে নিয়মিতভাৱে আৰ্থিক অনুদান আগবঢ়াই আছে।

সেয়ে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব লাভৰ বাবে কৰা দাবীক যুক্তিসংগত বুলি মই বিবেচনা কৰো আৰু  সমৰ্থন কৰো। কাৰণ ভাৰতৰ আটাইবোৰ যুক্তি ন্যায়সংগত। তদুপৰি ভাৰত আৰম্ভণিৰে পৰা ৰাষ্ট্ৰসংঘৰ সদস্য। ১৯৪৫ চনৰ ৩০ অক্টোবৰ তাৰিখে আমাৰ দেশ ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয়। তেতিয়াৰে পৰা বৰ্তমানলৈ ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্য-প্ৰক্ৰিয়াত নিৰৱচ্ছিন্নভাৱে সকলো কাৰ্যতে সক্ৰিয় অংশগ্ৰহণ কৰি আছে। এই হিচাপেও ভাৰতৰ স্থায়ী সদস্যপদৰ বহুখিনি অধিকাৰ আছে। ই ৰাষ্ট্ৰসংঘৰ প্ৰতিটো কামতেই আগভাগ লৈ এক গুৰুত্বপূৰ্ণ আৰু সক্ৰিয় ভূমিকা পালন কৰি আহিছে। বৰ্তমান ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বাকী স্হায়ী সদস্যৰ সমানেই অৰ্থনৈতিক,সাংস্কৃতিক, বাণিজ্যিক, ঔদ্যোগিক,বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ আদি সকলো ক্ষেত্ৰতে উন্নতি সাধন কৰিছে। তদুপৰি ই বিশ্বৰ ৰাষ্ট্ৰ সমূহৰ মাজত শান্তি আৰু সহযোগিতা বজাই ৰাখিবলৈ  সদায় চেষ্টা কৰি আহিছে। সেয়ে এনেবোৰ কাৰণতে আৰু যুক্তিৰ ভিত্তিতে মই ভাৰতৰ এগৰাকী নাগৰিক হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব দৃঢ়তাৰে সমৰ্থন কৰো।

9. ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কৰণ সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শৱলীৰ সমালোচনামূলক পুনৰ মূল্যাংকন কৰ।

উত্তৰঃ বৰ্তমান সময়ত পৰিৱৰ্তিত এখন সংস্কাৰ কৰা শক্তিশালী ৰাষ্ট্ৰসংঘৰ প্ৰয়োজনীয়তাক কোনেও নুই কৰিব নোৱাৰে। সেয়েহে ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ প্ৰশ্ন উশ্থাপন হৈছে। ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰই বিভিন্ন মত পোষণ কৰিছে আৰু বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। তাৰ ভিৰতৰ ভাৰতে পৰামৰ্শ আগবঢ়াইছে আৰু ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ প্ৰশ্নকো পূৰ্ণ সমৰ্থন জনাইছে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন আৰু সিবিলাকৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো ভাৰতে বিচাৰে। ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীত বিকাশ অৰ্থাৎ উন্নয়নৰ কেন্দ্ৰবিন্দু হোৱাটো ভাৰতে বিচাৰে কাৰণ ইয়ে হ’ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ পূৰ্ব চৰ্ত। তদুপৰি ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সদস্য সংখ্যা বৃদ্ধি কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। ভাৰতৰ এই পৰামৰ্শৰ যথেষ্ট প্ৰাসংগিকতা আৰু যুক্তিযুক্ততা আছে। কাৰণ ৰাষ্ট্ৰ সংঘৰ উদ্দেশ্যই হ’ল বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, বিকাশ আৰু উন্নয়ন সাধন কৰা। সেই সমূহে বিষয় ৰাষ্ট্ৰসংঘত অধিক প্ৰাধান্য পোৱা উচিত।

-0000

Last word

We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 6 – এক মেৰু বিশিষ্ট বিশ্বত আন্তর্জাতিক সংগঠন Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
Share via
Copy link