Class 12 Political Science Chapter – 5 কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা Question Answers

Here We have provided, you ASSEB/AHSEC Class 12 Political Science Chapter – 5 কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 5 কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা (Challenges to and Restoration Of the Congress System) PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি Solutions for All Subject, You can practice these here.

In this post, we have provided Class 12 Political Science Chapter 5 – “কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.

কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা

পাঠ: ৫

দ্বিতীয় খণ্ড

Very Short Question Answer

1. ভাৰতৰ প্ৰথম গৰাকী নির্বাচন আয়ুক্তৰ নাম কি আছিল? (HS 2015)

উত্তৰঃ সুকুমাৰ সেন।

2. দল ত্যাগৰ অৰ্থ কি? (HS 2014, 2023)

উত্তৰঃ দল ত্যাগে এটা দল ত্যাগ কৰি আন এটা দললৈ যোৱাটোকে বুজায়।

3.  ভাৰতত কোনটো দশকক ভয়ংকৰ দশক হিচাপে আখ্যা দিয়া হয়? (HS 2012)

উত্তৰ: 1960 দশকক।

4. ভাৰতীয় দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (HS 2016)

উত্তৰঃ (i) ভাৰতীয় দলীয় ব্যৱস্থাত বহুদলীয় ব্যৱস্থা থকা দেখা যায়।

(ii) ভাৰতীয় দলীয় ব্যৱস্থাত দলত্যাগৰ প্ৰথা দেখা যায়।

5. ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথম গৰাকী নির্বাচন আয়ুক্ত কোন আছিল? (HS 2017)

উত্তৰঃ 1950 চনৰ 25 জানুৱাৰীত।

প্রথম মুখ্য নির্বাচনী আযুক্ত আছিল সুকুমাৰ সেন।

6.  1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্রার্থী কোন আছিল? নির্বাচনটোত কোনে জয়লাভ কৰিছিল?

উত্তৰ: কংগ্ৰেছৰ প্ৰাৰ্থী আছিল নীলম সঞ্জীৱা ৰেড্ডী।

জয়লাভ কৰিছিল ভি ভী গিৰি।

7. দেশৰ কোন চাৰিখন ৰাজ্যত 1967 চনত নির্বাচনত কংগেছে ৰাজ্যিক বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল?

উত্তৰঃ তামিলনাড়ু, পশ্চিমবংগ, মহাৰাষ্ট্ৰ আৰু বিহাৰ।

Short Question Answer

1. লালবাহাদুৰ শাস্ত্রী সম্পর্কে চমুটোকা লিখা।

উত্তৰঃ স্বাধীন ভাৰতৰ প্রধানমন্ত্রী হিচাপে লালবাহাদূৰ- শাস্ত্রীয়ে কার্য্যভাৰ গ্রহণ কৰিছিল। তেওঁ উত্তৰ প্রদেশৰ কংগ্রেছী নেতা হোৱাৰ উপৰি নেহেৰু কেবিনেটৰ এজন মন্ত্রীও আছিল। লালবাহাদুৰ শাস্ত্রী এজন সবল আৰু নীতিৰ প্রতি থকা আস্থাৰ বাবে তেওঁ মন্ত্রালয়ৰ পৰা পদটো ত্যাগ কৰিছিল। ১৯৬৪ – ১৯৬৬ চনলৈ দেশত প্রধানমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰি নিজৰ বিচক্ষণতাৰ পৰিচয় দাঙি ধৰিছিল। তেওঁ জনতাক আকর্ষিক কৰাৰ উদ্দেশ্যত জয় জৱান, জয় কিষান লোগোটো ৰচনা কৰিছিল।

2. চতুর্থ সাধাৰণ নির্বাচনে (১৯৬৭) কিদৰে কংগ্রেছক বিপৰ্যস্থ কৰিছিল?

উত্তৰঃ ১৯৬৭ চনত চতুর্থ সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল। এই নির্বাচন আছিল অতি দুর্ভাগ্যজনক। কাৰণ ১৯৫১ চনৰ পৰা আৰম্ভ কৰি এইটো নির্বাচনত কংগ্রেছে আটাইতকৈ কম আসন অর্থাৎ কেৱল ২৮৩ খন আসন হে লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাজ্যবোৰৰ ক্ষেত্রত কংগেছে সাতখন ৰাজ্যত সংখ্যা গৰিষ্ঠতাত হে ৰুও ৱাৰ উপৰি দুখন ৰাজ্যত দল ত্যাগ কার্য্যই চৰকাৰ গঠনত বিফল হৈছিল। তাৰোপৰি ইন্দিকৰা গান্ধীৰ মন্ত্রীসভাৰ আধাতকৈ বেছি সংখ্যক সদস্যই এই নির্বাচনত জয়ী হ’ব পৰা নাছিল। এনেবোৰ এটনাপ্রবাহে কংগ্রেছ দলক একেবাৰে বিপর্য্যস্থ কৰিছিল বাবেই বহুতো বিশ্লেষকে ১৯৬৭ চনৰ নির্বাচনৰ ৰাজনৈতিক ভূমিকম্প বুলি অবিহিত কৰিছিল।

3. মর্চা চৰকাৰ বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া নির্বাচনৰ ফলাফলৰ পাছত কোনো এটা ৰাজনৈতিক দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয়। তেতিয়া একাধিক ৰাজনৈতিক দলে লগ লাগি উমৈহতীয়াভাৱে এজন নেতা মনোনীত কৰি সংযুক্ত চৰকাৰ গঠন কৰে। এনেধৰণে গঠন কৰা ৰাজনৈতিক দল তথা চৰকাৰক সংযুক্ত চৰকাৰ বোলে।

4. মহামর্চা অভিধানটো ব্যাখ্যা কৰা

বা

বৃহৎ মিত্রজোট কি ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৭১ চনত সাধাৰণ নির্বাচনত ভাৰতৰ সাম্যবাদী দল আৰু কংগ্ৰেৰ বাহিৰে আন সকলোবোৰ বার্জনৈতিক দলে ইন্দিৰা গান্ধীক পৰাজয় কৰা ৰ বাবে ঐক্যবদ্ধ ভাৱে যুজ দিয়াৰ সংকল্পৰে যি নির্বাচনী মিত্রতা গঠন কৰিছিল তাকে বৃহৎ মিত্র গেজেট বোলা হয়। 

এই মিত্রজোটত অন্তর্ভুক্ত দলবোৰ আছিল—

(i) সংযুক্ত সমাজবাদী দল।

(ii) প্রজা সমাজবাদী দল।

(iii) ভাৰতীয় জনসংঘ দল।

(iv) স্বতন্ত্র দল।

(v) ক্রান্তি দল।

5. আয়াৰাম, গয়াৰাম, বাক্যংশটোৰ উদ্ভব কিদৰে হৈছিল?

উত্তৰঃ ভাৰতৰ ৰাজনৈতিক ক্ষেত্রত আয়াৰাম, গয়াৰাম শব্দটো এটা জনপ্রিয় শব্দ। এই শব্দই বিধায়ক সকলে সঘনাই দল সলনি কৰা কার্য্যক উপস্থাপন কৰিবলৈ ব্যৱহাত কৰা হৈছিল।

১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত হাৰিয়ানাত গয়াৰাম নাথ নামৰ এজন বিধায়কে অতি আচৰিত ভাৱে দুই সপ্তাহৰ ভিতৰত তিনিবাৰকৈ দল ত্যাগ কৰিছিল। তেতিয়াৰ পৰা সঘনাই দলত্যাগ কৰা বিষয়টোক বুজাবলৈ আয়াৰাম গয়াৰাম বুলি ব্যৱহাত কৰা হয়।

6. ১৯৬৭ চনত কংগ্ৰেছৰ পৰাজয় বৰণ কৰাৰ কাৰণবোৰ উল্লেখ কৰা।

উত্তৰঃ ১৯৬৭ চনৰ নির্বাচন কংগ্রেছৰ বাবে এক বৃহৎ প্রত্যাহ্বান স্বৰূপ আছিল। বিশেষকৈ পঞ্জাব, হাৰিয়ানা, উত্তৰ প্রদেশ আৰু কেৰেলাত ৰাজ্যিক বিধান সভাত নির্বাচনত কংগ্রেছ সংখ্যো গৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। 

7. ছিন্ডিকেট বুলিলে কি বুজা ?

উত্তৰঃ ছিন্ডিকেট শব্দই শক্তিশালী আৰু প্রভাৱশালী নেতাৰ গোটক বুজায়। কংগ্রেছৰ আনুষ্ঠানিক গোট তথা শক্তিশালী আৰু প্রভাবশালী নেতা তথা দলকে ছিন্ডিকেটভ বোলা হয়। কংগ্রেছ ছিন্ডিকেটৰ নেতৃত্ব বহন কৰিছিল কে. কামবাজ।

8. হুইপ অভিধানটো ব্যাখ্যা কৰা।

উত্তৰঃ হুইপৰ, অর্থ হ’ল বিধায়িনী দলৰ সদস্যসকলক দলীয় নেতৃবর্গৰ দ্বাৰা প্রদান কৰা কঠোৰ নির্দেশ। এই নির্দেশ দলৰ প্রতিগৰাকী সদস্যই মানি চলাটো বাধ্যতামূলক।

9. প্রিভি পার্চ বুলিলে কি বুজা ?

উত্তৰঃ দেশীয় ৰাজ্যবোৰক ভাৰতৰ সৈতে চামিলকৰণৰ সময়ত তাত প্রচলিত ৰাজকীয় শাসন উঠাই দিয়া হয় যদিও সেই সকলৰ পাঠ পৰিয়ালবোৰে কিছু ব্যক্তিগত সা-সম্পত্তি শাসক লাভ কৰিছিল যাক প্রিভি পার্চ কোৱা হৈছিল।

10. ভাৰতীয় ৰাজনীতিত ‘বিশাল মিত্রতা’ বুলিলে কি বুজা ?

উত্তৰ: 1971 চনত নির্বাচন প্রাক মূহুৰ্তত কংগ্রেছক ক্ষমতাৰ পৰা আঁতৰাবলৈ প্রধান বিৰোধী দলসমূহ যেনে- সংযুক্ত, সমাজ বাদী পার্টি, ভাৰতীয় জনসংঘ, স্বতন্ত্র আৰু ক্রান্তি একেলগ হৈ এক মিত্রজোট গঠন কৰে। এই মিত্রজোঁটৰ ‘বিশাল মিত্রতা’ বা গ্ৰেণ্ড এলাইনচ’ বুলি কোৱা হয়। এই জোঁটটোৱে পঞ্চম সাধাৰণ নির্বাচনত কংগ্রেছক পৰাস্ত কৰিবলৈ ‘ইন্দিৰা হাটা ও’ ধ্বনি ব্যৱহাৰ কৰিছিল।

11. লাল বাহাদুৰ শাস্ত্রীৰ চমু শাসন কালত সন্মুখীন হোৱা প্ৰত্যাহ্বান দুটা কি কি?

উত্তৰ –  i) ভাৰত, চীন যুদ্ধৰ পাছত পৰা ভাৰতীয় অর্থনৈতিক পুনৰ উদ্ধাৰ কৰা আৰু খাদ্র সংকট, মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাটো  বাবে এক বৃহৎ প্ৰত্যাহ্বান আছিল।

ii) 1965  চনত অতর্কিতে পাকিস্তানে কৰা আক্ৰমণৰ সময়ত ভাৰতত ৰক্ষা কৰা আৰু এক সফল যুদ্ধ পৰিকল্পনা কৰাটো শাস্ত্রীৰ বাবে গুৰুত্বপূর্ণ প্রত্যাহ্বান আছিল।

12. ভাৰতীয় ৰাজনীতিত আয়া ৰাম, গয়া ৰাম কৌতুকটোৰ তাৎপর্য কি?

 উত্তৰ: 1967 চনৰ নিৰ্বাচনৰ পিছত ভাৰতীয় ৰাজনীতিক দলত্যাগ ৰাজনীতিয়ে বিশেষ তাৎপর্য বহন কৰিছিল। এই সময়ছোৱাত হাৰিয়ানাৰ এগৰাকী বিধায়কে ৭ ঘন্টাতা তিনিবাৰকৈ দল সলনি কৰি এক নতুন অভিলেখ সৃষ্টি কৰে। হাৰিয়ানাৰ বিধায়ক ‘গায়াৰামে’ প্রথমে কংগ্রেছৰ পৰা সংযুক্ত ফ্রন্টলে আহে তাৰ ২ ঘন্টাৰ পিছতেই পুনৰ কংগ্ৰছত যোগদান কৰে তাৰপাছত পুনৰ জাতীয় ফ্রন্টলৈ গমন কৰে। তাৰ কিছু মুহূর্ত্তৰ পিছতেই পুনৰ কংগ্রেছলৈ অহাৰ মন মেল ইয়াতে উত্তেজিত হৈ হাৰিয়ানাৰ বিধায়ক ৰাও বিৰেন্দ্র সিঙে সংবাদ মাধ্যমৰ আগত তাছিল্য কৰি কয় যে গয়াৰাম এতিয়া আয়াৰাম। তেতিয়াৰে পৰাই আয়াৰাম, গয়া ৰাম দলত্যাগ ৰাজনীতিৰ অন্যতম ধ্বনি হৈ পৰে।

Long Question Answer

1. 1967 চনত নির্বাচনত কংগ্রেছ দলে পৰাজয় বৰণৰ মূল কাৰণসমূহ আলোচনা কৰা-

উত্তৰঃ অকংগ্রেছী দলৰ মাজত গঢ়ি উঠা ঐক্যবোধ আৰু কংগ্রেছ দলৰ ভিতৰত সৃষ্টি হোৱা অন্তদ্বন্দত নির্বাচনত কংগ্রেছ দলে পৰাজয় বৰণ কৰাত মূল কাৰণ আছিল। 1967 চনত নির্বাচনৰ সময়ছোৱাত কংগ্রেছ দলৰ বিৰোধীতা কৰা অকংগ্রেছী দলবোৰে উপলব্ধি কৰিছিল যে, কংগ্রেছক পৰাজিত কৰিবৰ বাবে তেওঁলোকৰ মাজত একতা গঢ়ি উঠাটো বাহু জৰুৰী। এনে উপলব্ধিৰ ফলতেই তেওঁলোকৰ মাজত একতা বৃদ্ধিৰ চেষ্টাও চলিছিল আৰু নির্বাচনী আসন বুজাবুজিতে পৰবৰ্তী  নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত লৈছিল। তাৰোপতি তেওঁলোকে অনুভৱ কৰিছিল যে কংগ্ৰেছ দলৰ ভিতৰত সৃষ্টি হোৱা অন্তদ্বন্দ্বই তেওঁলোকৰ জয়ৰ বাট মুকুলি কৰিব পাৰে।

এইদৰে অকংগ্রেছী দলসমূহৰ মাজত হোৱা মিত্ৰতা আৰু কংগ্ৰেছ দলৰ বিভাজনৰ ফলত কংগ্রেছৰ আসন ৰ সংখ্যা পূর্বর্তকৈ কমি যোৱা পৰিলক্ষিত হৈছিল। সেইদৰে সাতখন ৰাজ্যত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা কংগ্রেছ দলক চতকাৰ গঠনত বাধা দিছিল। মুঠৰ ওপৰতে ৯ খন ৰাজ্যত অকংগ্রেছী সংযুক্ত চৰকাৰ গঠিত হৈছিল।

2. ১৯৭০ ৰ দশকৰ আৰম্ভণিতে ইন্দিয়া গান্ধীৰ চৰকাৰে জনপ্রিয়তা অর্জন কৰাৰ কাৰণসমূহ কি কি আছিল?

উত্তৰঃ ১৯৭০ দশকৰ প্রথম ছোৱাত ইন্দিৰা গান্ধী চৰকাৰে অর্জন কৰিছিল। 

এই জনপ্রিয়তাৰ মূল কাৰনসমূহ হ’ল —

(ⅰ) অসাধাৰণ ব্যক্তিত্ব: অসাধাৰণ ব্যক্তিত্বৰ বাবে হুন্দিৰা গা ন্ধিয়ে উর্দ্ধমুখী জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। ইন্দিৰা গান্ধীয়ে সাংবিধানিক দিশত থকা কঠোৰতা, নিয়মানুবর্তিতা, নিপুণতা আৰু বিচক্ষণতাৰে আনক নেতৃত্ব দিব পৰা গুওনৰ বাবে ১৯৭১ চনৰ নির্বাচনত জনগণৰ পৰা ব্যাপক হাৰত ভোট লাভ কৰিছিল।

(ii) সমাজবাদী আদর্শৰ নীতি: ইন্দিৰা গান্ধীয়ে সমাজবাদী আদর্শৰ কীর্তিবোৰৰ বাবে অধিক জনপ্রিয়তা লাভ কৰিছিল। তেওঁ বেংক ৰাষ্ট্রীয়কৰণ, ভূমি সংস্কাৰ নীতি আদিৰ দ্বাৰা জনসাধাৰন ৰ সমর্থন লাভ কৰিছিল।

(ⅱi) কল্যানমুখী আঁচনি গ্রহণ: ‘গৰীবী’ হাঁটাও’ শ্লোগানৰ দ্বাৰায়  কল্যানমুখী আঁচনি গ্রহণ কৰি ভাৰতৰ দৰিদ্রতা দুৰিকৰনত আগ ভাগ লৈছিল। ইয়াৰ বাবে পিছপৰা শ্রেণী, আধিকর্মী, নিবনুৱা যুৱক যুৱতী, অনুসূচিত জাতি, জনজাতি আদিক উন্নয়নমুখী আঁচনিতে লাভান্বিত কৰাৰ ইংগিত দিয়াত ইন্দিৰা গান্ধীয়ে বহুলভাবে জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

(ⅳ) পাকিস্তানৰ সৈতে হোৱা সুদ্ধত সফলতা: ১৯৭১ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত সফলতাই ইন্দিৰা গান্ধিৰ জনপ্রিয়তা অধিক সক্রিয় কৰি তুলিছিল।

3. ১৯৬৭ চনত ইন্দিৰা চৰকাৰে কিয় টকাত মূল্য হ্রাস কৰিছিল? ‘ইয়াৰ ফলাফল কি আছিল ?

উত্তৰঃ ১৯৬৭ চনত ভাৰতত বিত্তীয় সংকটে দেখা দিছিল। উৎপাদন হ্রাস, খাদ্যসংকট, বাণিজ্যত বৈদেশিক বিনিয়োগ হ্রাস, সামতিক খৰচ বৃদ্ধি আদিয়ে দেশত অর্থনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছিল ইন্দিৰা চৰকাৰে আমেৰিকাৰ হেচাত পৰি টকা মূল্য বৃদ্ধি হবলৈ ধৰে। 

এই মূল্যবৃদ্ধিৰ বাবে সমগ্র দেশতে প্রতিবাদী কার্যসূচী হাততলৈ ধর্মঘট, হৰতাল আদিয়ে দেশত আইন শৃংখলাৰ অবনতি ঘটাইছিল। তাৰোপৰি সাম্যবাদী দলৰ একাংশই সশস্ত্র বিপ্লৱ তথা কৃষকসকলক উত্তেজিত কতি তুলিছিল।

4. কংগ্রেছ পাটীত ছিন্ডিকেটডৰ ভূমিকা লিখা।

উত্তৰঃ মাদ্রাছত প্রাক্তন মুখ্যমন্ত্রী তথা কংগ্রেছৰ সভাপতি কে কামৰাজে ছিন্ডিকেট পৰিচালনা কৰিছিল। ই হ’ল কংগ্রেছ নেতাৰ এটা আনুষ্ঠানিক সংগঠন। এই ছিন্ডিকেট সংগঠনত বোম্বাইৰ এচ.কে. পাটিল, মহীশুৰৰ এচ নিজলিংগাপ্পা, অন্ধ্রপ্রদেশৰ এন. সজীৱা ৰেড্ডী পশ্চিমবংগত অটুল্য ঘোষ আদিৰ দৰে প্ৰভাৱশালী আৰু ক্ষমতাশালী নেতাক স্থান দিয়া, হৈছিল। কংগ্রেছত বর্তি থকাৰ মূলতে এই ছিন্ডিকেটত শক্তিশালী আৰু তেওঁলোকৰ সহায়ত হে ইন্দিৰা গান্ধী আৰু লালবাহাদূৰ শাস্ত্রী শাসনত থাকিব পাৰিছিল।

5. 1969 চনত হোৱা কংগ্রেছ বিভাজনৰ বাবে দায়ী যিকোনো দুটা ৫ টা কাৰকৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ 1969 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হৈ কংগ্ৰেছ ‘O’ আৰু ‘R’ দল সৃষ্টি হৈছিল। ইন্দিৰা গান্ধীৰ নেতৃত্বত সেই সময়ত কংগ্রেছৰ মাজত হোৱা মতানৈক্যই বৃহৎ শক্তিশালী কংগ্ৰেছ দলক দুটা দলত বিভক্ত কৰিছিল। 

ইয়াত কাৰণ সমূহ আছিল তলত দিয়া ধৰনৰ —

(ⅰ) দলৰ আভ্যন্তৰীন মতানৈক্যৰ বাবে ৰাষ্ট্রপতি নির্বাচনক কেন্দ্ৰ কৰি ইন্দিৰা গান্ধি আৰু ছিন্ডিকেটৰ সদস্য সকলোৰ মাজত মতানৈক্য সৃষ্টি হৈছিল। যাৰ ফলত দলটো বিভাজন হৈ নতুন কংগ্ৰেছ দলৰ সৃষ্টি হৈছিল। 

(ⅱ) ২য় তে ৰাষ্ট্রপতি দলপদৰ বাবে দলীয় প্রার্থীৰ পৰাজয় কংগ্ৰেছ দলক দুটা বিভাজিত কৰিছিল।

(iii) ৰাষ্ট্রপতি নির্বাচনত কংগ্রেছৰ সভাপতি নিজালিংগাপ্পাই দলীয় প্রার্থী এন . সঞ্জীবা ৰেড্ডিক ভোট দিবলৈ হুইপ জাৰি কৰিছিল যদিও ইন্দিৰা গান্ধীৰ গোটটোৱে ইয়াক অমান্য কৰিছিল। ফলত দলৰ বিভাজন নিশ্চিত হৈছিল।

(iv) দুই শক্তিশালী কংগ্ৰেছ দলৰ পৰস্পৰ বিৰোধী মন্তব্বই বিশেষকৈ ছিন্ডিকেট আৰু ইন্দিৰা গান্ধীৰ সদস্যৰ মাজত হোৱা মন্ত ব্যই দল- বিভাজনত উদ্‌গনি যোগাইছিল।

(v) ১৯৬৭ চনৰ নির্বাচনত কংগ্রেছৰ শোচনীয় ভাবে পৰাজয় বৰন কৰিব লগীয়া হৈছিল। কেইখনমান আসন লাভ কৰাৰ বাবে বাকী ৰাজ্যসমূহত কংগ্রেছ পৰাজয় দলীয় নেতা সকলৰ মাজত ঐক্য নোহোৱা হৈ পৰিছিল। ফলত কংগ্রেছ বিভাজিত হৈ দুই ৰাজনৈতিক দল কংগ্রেছ ‘O’ আৰু কংগ্রেছ ‘R’ ত বিভক্ত হৈছিল।

6. কংগ্রেছ (অ) ‘0’ আৰু কংগ্ৰেছ (আৰ) ‘R’ ৰ পার্থক্য সমূহ লিখা।

বা

কংগ্ৰেছ ‘R’ ৰ প্ৰকৃতি নিৰূপণ কৰা।

উত্তৰঃ ১৯৬৯ চনত হোৱা বাষ্ট্রপতি নির্বাচনৰ সময়ত কংগ্রেছ দলটো কংগ্রেছ ‘O’ আৰু  ‘R’ দুটা ৰাজনৈতিক পৰিণত হৈছিল। কংগ্রেছ ‘O’ দলটোৱে ছিন্ডিকেটৰ সদস্য সকলক অন্তর্ভুক্ত কৰিছিল। আনহাতে ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্রেছ ‘R’ দলটোৱে পৰিচালিত হৈছিল। কংগ্রেছ ‘০’ দলটোৰ নির্দেশতে ইন্দিৰা গান্ধীক কাম কৰিবলৈ আহ্বান জনোৱা হৈছিল যদিও ইন্দিৰা গান্ধীয়ে তেন্তে নির্দেশনা অমান্য কৰিছিল।  তাৰোপৰি ৰাষ্ট্রপতি নির্বাচনৰ বাবে ঘোষণা কৰা প্রার্থী ‘সঞ্জীৱা ৰেড্ডী’  ইন্দিৰা গান্ধীয়ে সমর্থন নকৰি ‘ভি ভি গিৰিক’ সমর্থন কৰা দলটোৱে প্রত্যাহ্বানৰ সম্মুখীন হৈছিল। এনেদৰেই সমাজবাদী আদর্শক আজ ৰক্ষণশীল দলৰ সৃষ্টি হৈছিল। অর্থাৎ ইন্দিৰা গান্ধীৰ নির্দেশনাত কংগ্রেছ ‘R’ সমাজবাদী আদর্শ আৰু দৰিদ্র শ্রেণীক প্রতিনিধিত্ব কৰিছিল।

আনহাতে কংগ্রেছ ‘0’ দলটোৰ ইন্দিৰা গান্ধিয়ে তেওঁৰ সমাজবাদী আদর্শৰে কিছুমান গুৰুত্বপৰ্ণ কাৰ্যসূচী ৰূপায়ন কৰিছিল। সেনে- জনমুখী আঁচনি স্বৰূপে ভুমি সংস্কাৰ আইন, ভূমিত সর্বোচ্চ মালিকানা স্বত্ব নির্ধাৰণ আদিয়েই অন্যতম। এনে সমাজক আঁচনি ৰূপায়নৰ বাবে ইন্দিৰা গান্ধীৰ প্রতি মানুহে আকর্ষিত হৈছিল আৰু ইন্দিৰাৰ নেতৃত্বত পুনৰ কংগ্রেছ ব্যৱস্থাটো পুনৰুজ্জীবিত হৈছিল।

7. ‘kamraj’ পৰিকল্পনা কি? কে, কামৰাজৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ ১৯৬৩ চনত কংগ্রেছ দলৰ সভাপতি কে. কামৰাজ দলৰ মজিয়াত এনে এক প্ৰস্তাৱ আগবঢ়াইছিল যে- সকলো জেষ্ট-কংগ্রেহীয়ে দলীয় পদবীৰ পৰা পদত্যাগ কৰিব লাগে যাতে নতুন কর্মী সকলে দলত স্থান পাই দলটো পৰিচালনা কৰিবলৈ সুযোগ লাভ কৰে। ইয়াকেই কামৰাজ আঁচনি বুলি কোৱা হয়। কে. কামৰাজ ভাৰতৰ স্বাধনতা আন্দোলনৰ এগৰকী সক্রিয় কর্মী আছিল। তেওঁ কংগ্রেছ দলৰ সভাপতি আৰু মাদ্রাছ ৰাজ্যত মুখ্যমন্ত্রী আছিল। তেওঁ নিজে শিক্ষা গ্রহণৰ পৰা বঞ্চিত হৈছিল আৰু সেয়ে তেওঁ শিক্ষা বিস্তাৰৰ কাৰনে অশেষ চেষ্টা কৰিছিল। তেওঁ আনকি স্কুলীয়া ছাত্র-ছাত্রীৰ ‘বাবে মধ্যাহ্ন ভোজন আঁচনি প্রৱর্তন কৰিছিল।

ইয়াৰ মূল কাৰণ সমূহ হ’ল-

(i) ১৯৬০ দশকটোত দেখা দিয়া অর্থনৈতিক সংকটৰ বাবে দেশখনৰ জনগনে কংগ্রেছৰ বিপক্ষে আন্দোলন গঢ়ি তুলিছিল। ফলত কংগ্রেছে জয়ী হ’ব পৰা নাছিল।

(iⅱ) কংগ্রেছ চৰকাৰে জনসাধাৰণৰ প্রতি গুৰুত্ব আৰু বিক্ষোভৰ প্রতি গুৰুত্ব প্রদান নকৰি অধিক ক্ষোভৰ সৃষ্টি হয়। আনকি স্বাধীন ভাৰতত প্ৰথম বাৰৰ বাবে একাংশ লোকে সশস্ত্র বিদ্রোহৰ সূচনা কৰে।

(ⅲ) কংগ্রেছৰ দুটা দলত বিভক্ত হোৱাৰ সুযোগলৈ ঐক্যবদ্ধ বিৰোধী দল সমূহে ঐক্যবদ্ধ সংগ্রামত নামি পৰিছিল।

(iv) সেই সময়ত কংগ্রেছত নেহেৰুৰ দৰে আকর্ষনীয় ব্যক্তিত্ব বাদি নেতাৰ অভাবে শক্তিশালী কংগ্রেছ দলে নির্বাচনী যুঁজত শোচনীয় ভাবে পৰাজয়ৰ সম্মুখীন হ’ব লগীয়া হৈছিল।

8. ৰাজনৈতিক উত্তৰাধিকাৰৰ ক্ষেত্রত উত্থাপিত প্ৰত্যাহ্বান সমূহ আলোচনা কৰা।

উত্তৰ- 1964 চনত ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী কোন হব সেই লৈ কংগ্রেছ দলৰ ভিতৰভাগত যথেষ্ট মতানৈক্যৰ সৃষ্টি হয়। নেহেৰুৰ নেতৃত্বত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰা ভাৰতবর্ষই তেওঁৰ মৃত্যুত গুৰতৰ প্রত্যাহ্বানৰ সমুখীন হয়। জৱাহৰলাল নেহেৰুৰ মৃত্যুত উত্থাপিত আন এটি প্রশ্ন হৈছে নেহেৰুৰ অবর্তমানত ভাৰতৰ গণতান্ত্রিক পৰম্পৰা বর্তি থাকিবনে? অনান্য বহু সদ্য স্বাধীন দেশৰ দৰে ভাৰতেও গণতান্ত্রিক উত্তৰাধিকাৰী নির্বাচনত ব্যর্থ হব নেকি? কিয়নো এনে হলে সামৰিক শাসন প্রৱর্তনৰো সম্ভাৱনা থাকে।

         নেহেৰুৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰী সমস্যা সমাধান হবলৈ নাপাওতেই আন বহুতো সমস্যা যেনে- দুর্ভিক্ষ, অসমতা, দৰিদ্রতা, সাম্প্রদায়িক আৰু আঞ্চলিক বিভাজন আদিয়ে গণতান্ত্রিক আঁচনিসমূহ বিফল কৰাৰ উপৰিও দেশখনক জুৰুলা কৰি তোলে। সেয়েহে 1960 দশকক বিপদজনক যুগ বা সংকটৰ যুগ বুলি কোৱা হয়। অৱশ্যে কংগ্রেছ নেতৃবৃন্দই বিচক্ষণতাৰে লাল বাহাদুৰ শাস্ত্রীক প্রধানমন্ত্রীৰ পদত অধিস্থিত কৰে। 1964 চনৰ পৰা 1966 চনলৈকে শাস্ত্রী ভাৰতৰ প্রধানমন্ত্রী হয় আৰু উপৰোক্ত সমস্যা সমূহ সমাধান কৰিবলৈ পদক্ষেপ গ্রহণ কৰে। এইদৰেই শাস্ত্রীৰ নেতৃত্বত ভাৰতৰ ৰাজনৈতিক প্রেক্ষাপটত উদ্ভৱ হোৱা উত্তৰধিকাৰী সমস্যাৰ লগতে অনান্য প্ৰত্যাহ্বান সমূহ  সমাধানৰ চেষ্টা কৰা হয়।

9. 1969 চনৰ ৰাষ্ট্রপতি নির্বাচনৰ বিষয়ে চমুকৈ লিখা। (HS 2016, 2019)

Or

1969 চনৰ ৰাষ্ট্রপতি নির্বাচনৰ সৈতে জড়িত বিতর্কসমূহ আলোচনা কৰা।

উত্তৰ: ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজৰ সংঘাটে 1969 চনত তীব্ৰৰূপ ধাৰন কৰে। সেই সময়তে ভাৰতৰ ৰাষ্ট্রপতি জাকিৰ হুছেইনৰ মৃত্যু হয়। খালী হোৱা ৰাষ্ট্ৰপতি আসনখনক লৈ এক নতুন সংঘাটে গা কৰি উঠিছিল। ইন্দিৰা গান্ধীৰ বাধা স্বত্ত্বেও ছিণ্ডিকেটে তেওঁৰ বহুদিনৰ বিৰোধী তথা সেই সময়ৰ লোকসেৱাৰ অধ্যক্ষ এন. ছঞ্জিবো ৰেজিক কংগ্ৰেছৰ অফিচিয়েল পার্থী হিচাপে মনোনিত কৰে। ইয়াৰ বিপৰীতে ইন্দিৰা গান্ধীয়ে সেই সময়ৰ উপ-ৰাষ্ট্রপতি ভি. ভি. গিৰিক নির্দলীয় পার্থি হিচাপে মনোনিত কৰে। তেওঁ সেই সময়ৰ বহু জনপ্রিয় আঁচনি বন্ধ কৰে। এই বিষয়ত অসন্তুষ্ট হৈ সেই সময়ৰ উপ-প্রধানমন্ত্রী আৰু বিত্তমন্ত্রী মুৰাৰজী দেশাইয়ে পদত্যাগ কৰে। ৰাষ্ট্রপতি নির্বাচনক লৈ  দুয়োদলৰ মাজত নিজ নিজ শক্তি প্রদশর্নৰ বাবে তীব্র প্রতিয়োগিতা আৰম্ভ হয়। কংগ্রেছ দলে তেওঁলোকৰ সকলো সাংসদক রিধায়কক, দলীয় পার্থিক ভোট দিয়াৰ বাবে নির্দেশজাৰী কৰিছিল, ইফালে ইন্দিৰা গান্ধীয়ে মনে-প্রাণে ভি.ভি গিৰিক সমর্থন কৰি সকলোকে বিবেক ভোট দিবলৈ আহ্বান কৰিছিল। অবশেষত ভি. ভি-গিৰি জয়যুক্ত হয় আৰু কংগ্রেছ দলীয় পার্থি ৰেজিয়ে পৰাজয় বৰণ কৰে।

         দলীয় পার্থিৰ পৰাজয়ে কংগ্ৰেছ  দলক আনুষ্ঠানিকভাৱে বিভাজন কৰে। কিন্তু ইন্দিৰা গান্ধীয়ে তেওঁৰ গোটহে প্রকৃত কংগ্রেছ বুলি দাবী কৰে। 1969 চনৰ নবেম্বৰ মাহত কংগ্ৰেছ  (০) আৰু ইন্দিৰা গান্ধীৰ গোটটোক কংগ্রেছ (R) নামেৰে নামাকৰণ কৰা হৈছিল। এই দল দুটাক পুৰনি আৰু নতুন কংগ্রেছ নামেৰেও জনা যায়।

10. 1971 চনৰ নির্বাচন আৰু কংগ্ৰেছৰ পুনৰ উদ্ধাৰৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। 

উত্তৰ:  ভাৰতীয় জাতীয় কংগ্রেছ দলৰ বিভাজনে ইন্দিৰা গান্ধী চৰকাৰক সংখ্যা লঘু লৈ পৰিণত কৰে যদিও C.P.I আৰু D.M.K দলকে ধৰি আন কেবাটাও দলৰ সমর্থন লৈ গান্ধী চৰকাৰ বর্তি আছিল। সেই সময়ত ইন্দিৰা গান্ধীয়ে ভূমি- সংস্কাৰ আইন দ্রুত গতিৰ কার্যকৰী কৰিবলৈ অভিযান চলাইছিল। তেওঁ আন ৰাজনৈতিক দলৰ পৰা সকাহ পাবৰ বাবে তথা সংসদত নিজৰ স্থিতি সবল কৰাৰ বাবে আৰু জনপ্রিয় আঁচনিসমূহ কার্যকৰী কৰাৰ বাবে জনাদেশ লাভ কৰিবলৈ 1970 চনৰ ডিচেম্বৰ মাহত লোকসভা ভংগ কৰিবলৈ পৰামর্শ আগবঢ়াই। 1971 চনৰ ফেব্রুৱাৰী মাহত দেশৰ লোকসভাৰ পঞ্চম নির্বাচন অনুষ্ঠিত হয়। এই নির্বাচনত কংগ্ৰেছ (o) আৰু কংগ্রেছ (R) দুয়ো নিজৰ শক্তি প্রদর্শনৰ চেষ্টা কৰিছিল কংগ্রেছ R হল পূর্বৰ দুর্বল কংগ্রেছৰ এটা অংশ আৰু প্রকৃত সাংগঠনি শক্তি কেৱল কংগ্রেছ o ৰ হাতত আছিল বুলি সকলোৱে বিশ্বাস কৰিছিল। ইন্দিৰা গান্ধীক দুর্বল কৰাৰ কাৰণে সকলো বিৰোধী এক গোট হৈ মহাজোটবদ্ধ বা বৃহৎ শক্তিবদ্ধ গঠন কৰে। আনফালে ইন্দিৰা গান্ধীয়ে প্রচাৰ অনুষ্ঠানত কৈছিল যে, বৃহৎ মহাজোটবদ্ধৰ কোনো – ৰাজনৈতিক সু-সংগঠিত আঁচনি নাই আৰু তেওঁলোকৰ মূল আঁচনি হৈছে কেৱল, “ইন্দিৰা হাটাও” কিন্তু ইয়াৰ বিপৰীতে ইন্দিৰা গান্ধীৰ মূলমন্ত্র আছিল “গৰিবী হাটাও” তেওঁ ৰাজহুৱা খণ্ডৰ উন্নয়ন, গাঁৱলীয়া মাটিৰ ওপৰত সবোর্চ সীমা নির্ধাৰণ, আয় আৰু সুবিধা, ৰাজকুমাৰসকলৰ বিশেষ সুবিধা কর্তন ইত্যাদি আঁচনি লৈছিল। এইবোৰে ভূমিহীন আৰু শ্রমিক শ্রেণীৰ লগতে দলিত, সংখ্যালঘু, আদিবাসী মহিলা আৰু নিৱনুৱা আর্কষিত কৰিছিল। এইদৰে বিভিন্ন উপায় অবলম্বন কৰি ইন্দিৰা গান্ধীয়ে ৰাজনৈতিক সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল।

অতি আশ্চর্য্যজনক ভাৱে ভাৰতৰ পঞ্চম লোকসভা নিৰ্বাচনত  1973 চনত 484 এখন আসনৰ ভিতৰত ইন্দিৰা গান্ধী কংগ্ৰেছে 352 খন আসন লাভ কৰি আধিপত্য বিস্তাৰ কৰে। তেওঁৰ দলেই প্ৰকৃত কংগ্ৰেছ বুলি দাবী কৰি ভাৰতৰ ৰাজনীতিত গুৰুত্বপূর্ণ স্থান দখল কৰিবলৈ সক্ষম হয়।

11. মৰ্চা চৰকাৰৰ যিকোনো 4 টা বৈশিষ্ট্য লিখা। (HS 2014, 2016, 2018, 2019)

উত্তৰঃ 1967 চনৰ পিছৰ পৰা ভাৰতীয় ৰাজনীতিৰ ৰাজ্যিক পৰ্যায়ত আৰু 1977 চনৰ পৰা কেন্দ্ৰীয় পৰ্যায়ত মৰ্চা চৰকাৰৰ আৰম্ভণি হৈছিল। তলত মৰ্চা চৰকাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল-

(i) মৰ্চা চৰকাৰত দুই বা ততোধিক ৰাজনৈতিক দল সংযুক্ত হৈ থাকে।

(ii) মৰ্চা চৰকাৰত অর্ন্তভুক্ত হৈ থকা ৰাজনৈতিক দলসমূহৰ আদৰ্শ বেলেগ বেলেগ।

(iii) মৰ্চা চৰকাৰ অস্থায়ী বা অস্থিৰ, এই চৰকাৰৰ যিকোনো সময়ত পতন ঘটিব পাৰে।

 (iv) মৰ্চা চৰকাৰত আঞ্চলিক দলসমূহেও প্রাধান্য বিস্তাৰ কৰে।

12. স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰনসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ:  স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ হ’ল-

ক) ব্রিটিছ উপনিবেশিকতাবাদৰ পৰা মুক্ত কৰাৰ বাবে কংগ্রেছৰ নেতৃত্বত আন্দোলন গঢ়ি উঠিছিল। কংগ্ৰেছৰ নেতৃত্বই পৰবৰ্তী কালত দলটোৰ জনপ্রিয়তা বৃদ্ধি কৰিছিল।

খ) কংগ্রেছ দলটো অতি পুৰণি আৰু সুসংগঠিত দল। নির্বাচন বিষয়ত আন দলতকৈ এই দল পৰিপক্ক।

গ) ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছ দলে ইয়াৰ ভেটি দেশখনৰ গাঁবে-ভূঞে, চহৰে-নগৰে সকলো স্তৰতে শক্তিশালী কৰি তুলিছিল।

ঘ) স্বাধীনতা আন্দোলনৰ লগত জড়িত কংগ্ৰেছী নেতাসকলৰ ব্যক্তিত্ব আৰু নিকা ভাবমূর্তিব বাবেও এই দল জনপ্রিয় হৈছিল।

13. চতুর্থ সাধাৰণ নির্বাচনটো ওপৰত টোকা লিখা।

উত্তৰ: ভাৰতবর্ষৰ ৰাজনীতিত আটাইতকৈ গুৰুত্বপূর্ণ আৰু ঐতিহাসিক  নির্বাচনটো হৈছে ৪র্থ সাধাৰণ নির্বাচন । 1967  এই নির্বাচনে পূর্বৰ নির্বাচন ধাৰাৰ আমোল পৰিবর্তন সাধন কৰে। ইন্দিৰা গান্ধী প্রধানমন্ত্রী হোৱাৰ মাত্র এবছৰ পিচতে  এই নির্বাচন অনুষ্ঠিত হৈছিল। সেই সময়ত ইন্দিৰা গান্ধী আছিল ৰাজনৈতিকভাৱে তেনে অনভিজ্ঞ আৰু নতুন। তাৰোপৰি দুর্ভিক্ষ মহামাৰী ,সমম্প্রদায়িক সংঘর্ষ, অর্থনৈতিক দুৰবস্থা, মূল্যবৃদ্ধি নিৱনুৱা সমস্যা ইত্যাদিয়ে দেশক জুৰুলা  কৰি তুলিছিল। এনে পৰিস্থিতিত দেশত ধর্মঘট, হৰতাল, আইন শৃংখলাৰ সমস্যা, উদ্ভব হৈছিল আৰু সকলো বিৰোধী একগোট হৈ কংগ্ৰেছৰ বিৰুদ্ধে থিয় দিছিল। ফলত লোক সভা আৰু বিধানসভা উভয়তে কংগেছে বাৰুকৈয়ে মুখ থেকেচা খাইছিল। বহু ৰাজনৈতিক বিশেষজ্ঞই এই নির্বাচনক ৰাজনৈতিক ভূমিকম্প  আখ্যা দিছে। এই নির্বাচনৰ ফলস্বৰূপে দলটোত দল ত্যাগৰ প্রৱণতাই দেখা দিয়াৰ ওপৰিও দলৰ মাজত বিভাজনৰ সৃষ্টি হৈছিল। উল্লেখযোগ্য যে 1967 চনৰ এই চতুর্থ সাধাৰণ নির্বাচনতেই ভাৰতবর্ষত পোন প্রথমবাৰৰ বাবে অ কংগ্ৰেছী দল লগ লাগি মর্চা চৰকাৰ গঠন কৰে। তাৰোপৰি এই নির্বাচনত 9 খন ৰাজ্যত কংগ্রেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে। ইয়াৰ 7খন ৰাজ্যত কংগ্ৰেছে সংখ্যা গৰিষ্ঠতা হেৰুৱালে আৰু ২ খন ৰাজ্যত দল ত্যাগৰ বাবে চৰকাৰ গঠন কৰিব নোৱাৰিলে। এইদৰে 1967 চনৰ নির্বাচনৰ পিছৰ পৰা কংগ্রেছ আধিপত্যৰ পৰিসমাপ্তি ঘটে।

14. চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়ত কংগ্রেছ দলে সম্মুখীন হোৱা গুৰুত্বপূর্ণ প্রত্যাহ্বানসমূহ কি কি?

উত্তৰ- ভাৰতৰ তিনিটা সাধাৰণ নির্বাচনত ভাৰতীয় জাতীয় কংগ্রেছ দলে  সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল যদিও 1967 চনৰ চতুর্থ সাধাৰণ নির্বাচনত কংগ্রেছ দল ব্যাপকভাৱে ক্ষতিগ্রস্ত হয়। কেন্দ্র আৰু ৰাজ্য উভয়তে দলটোক নিৰাশ কৰা মূলতে থকা গুৰুতৰ প্রত্যাহ্বানসমৃদ্ধ তলত আলোচনা কৰা হল –

i) অ-কংগ্রেছবাদ: গণতন্ত্রত বিৰোধীদলৰ ভূমিকা অতি গুৰুত্বপূর্ণ, সেই সময়ৰ ভাৰত বিৰোধী দলসমূহে অনুভৱ কৰিছিল যে,  তেওঁলোকৰ মাজৰ বিভাজনে বা অমিলে কংগ্রেছ দলক নির্বাচনৰ জয়লাভত সহায় কৰিছে সেয়ে বিভিন্ন নীতি-আদর্শ তথা প্রভেদ থকা সত্ত্বেও দলবোৰ লগ হৈ কংগ্ৰেছ বিৰোধী গোট গঠন কৰে। যাক অকংগ্ৰেছবাদ বুলি কোৱা হয়। এই অকংগ্রেছবাদ কংগ্ৰেছ দলৰ সম্মুখত দেখা দিয়া এক গুৰুত্বপূর্ণ প্ৰত্যাহ্বান।

ii) দল ত্যাগঃ- চৰকাৰ গঢ়া আৰু ভঙাৰ দিশত দল ত্যাগীসকলৰ  ভূমিকা অতি গুৰুত্বপূর্ণ। চতুর্থ সাধাৰণ নির্বাচনত দলৰ প্রাধান্য হ্রাস পোৱাত  বহু কংগ্রেছী নেতাই দল ত্যাগ কৰি অন্য দলত যোগ দিয়ে, যাক ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ‘আয়া ৰাম গয়া ৰাম ‘ হিচাপে আখ্যা দিয়া হয়। এই দল ত্যাগ কংগ্রেছ দলৰ বাবে আন এক প্রত্যাহ্বান আছিল।

iii) সংযুক্ত চৰকাৰঃ- যেতিয়া কোনো এটা দলে নির্বাচনত সংখ্যা গৰিষষ্ঠতা লাভ কৰিব নোৱাৰে। তেতিয়া একাধিক দল লগ হৈ – চৰকাৰ গঠন কৰে যাক মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ বুলি কোৱা হয় 1967 চনৰ নিৰ্বাচনত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে মর্চা চৰকাৰ গঠন হৈছিল। বিভিন্ন দল একগোট হৈ গঠন কৰা এই মর্চাও কংগ্রেছ দলৰ বাবে আন এটি প্ৰত্যাহ্বান হিচাপে থিয় দিছিল।

iv) ছিণ্ডিকেট ৰাজনীতিঃ- দলৰ সংগঠনক নিয়ন্ত্রণত ৰখা কংগ্ৰেছ নেতাৰ অনানুষ্ঠানিক গোটক ছিণ্ডিকেট বুলি কোৱা হয়। সেই সময়ৰ কংগ্রেছক ছিণ্ডিকেটত নেতৃত্ব প্রদান কৰা নেতাসকল আছিল কে. কামৰাজ, এচ. কে. পাটিল, এন. ছনজিবা ৰেড্ডী, অতুল্য ঘোষ ইত্যাদি। এই ছিণ্ডিকেতে লাল বাহাদুৰ শাস্ত্রী আৰু ইন্দিৰা গান্ধীক প্রধানমন্ত্রী হোৱাত সহায় কৰিছিল। কিন্তু পিছলৈ এই ছিণ্ডিকেটৰ লগত ইন্দিৰা গান্ধীৰ মতানৈক্য হোৱাত দলটোত ব্যাপক খেলি-মেলিৰ সৃষ্টি হৈছিল

v) কংগ্রেছৰ বিভাজন:- 1967 চনৰ চতুর্থ সাধাৰণ নির্বাচনৰ পাছত ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজত হোৱা মতানৈক্যৰ ফলত 1969 চনত কংগ্ৰেছ দল (o) আৰু কংগ্রেছ (R) হিচাপে দুটা ভাগত বিভক্ত হয়। এই বিভাজনক ভাৰতৰ ৰাজনীতিত অতি গুৰুত্বপূর্ণ ঘটনা হিচাপে বিবেচিত হয়।

ওপৰত উল্লেখ কৰাসমূহেই হৈছে কংগ্রেছ দলে সম্মুখীন হোৱা গুৰুত্বপূর্ণ প্রত্যাহ্বান।

-00000-

Last Word

We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 5 – “কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা” (Challenges to and Restoration of the Congress System) Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
Share via
Copy link