Class 12 Political Science Chapter – 4 ভাৰতৰ বৈদেশিক সম্বন্ধ Question Answers

Here We have provided, you ASSEB/AHSEC Class 12 Political Science Chapter – 4 ভাৰতৰ বৈদেশিক সম্বন্ধ(india’s External Relations) PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 4 ভাৰতৰ বৈদেশিক সম্বন্ধ (India’s External Relations) PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি Solutions for All Subject, You can practice these here.

In this post, we have provided Class 12 Political Science Chapter 4 – “ভাৰতৰ বৈদেশিক সম্বন্ধ” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.

Chapter -4

ভাৰতৰ বৈদেশিক সম্বন্ধ

পাঠ: ৪

দ্বিতীয় খণ্ড

Very Short Question Answer

1. ভাৰতে পোন প্ৰথমবাৰৰ বাবে কেতিয়া পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল? (HS 2018)

উত্তৰ: 1974 চনত।

2. 1972 চনত ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলি ভুট্টেৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি খনৰ নাম কি? (HS 2015)

উত্তৰ: চিমলা চুক্তি।

3. মার্শাল পৰিকল্পনাই কি বুজায় ?  

উত্তৰঃ ১৯৪৮ চনত আমেৰিকা যুক্তৰাষ্ট্রই ইউৰোপীয় অর্থনীতিক পুনৰ উত্থাপনৰ বাবে প্ৰচুৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে যি পৰিকল্পনা হাতত লৈছিল, তাকেই মার্শাল পৰিকল্পনা বোলে।

4. Open door Policy বা খোলা দুৱাৰ-বুলিলে কি বুজা ?

উত্তৰঃ ১৯৭৮ চনত চীন দেশত ঘোষণা কৰা মুক্ত নীতি অনুসৰি বিদেশৰ পৰা অনা মূলধন আৰু প্রযুক্তিবিদ্যা বিনিয়োগ কৰি উচ্চ উৎপাদনশীলতাৰ সৃষ্টি কৰা।

5. চাৰি আধুনিকৰণ বুলিলে কি বুজা ?

উত্তৰঃ চাৰিটা আধুনিকৰণ মানে আধুনিকৰণত চাৰিটা ক্ষেত্রক বুজোৱা হয়, যেনে বিজ্ঞান-প্রযুক্তিবিদ্যা কৃষি, উদ্যোগ, ৰাষ্ট্রীয় প্রতিৰক্ষা।

Short Question Answer

1. চীনৰ সৈতে থকা ভাৰতৰ দুটা প্ৰধান সীমা বিবাদৰ বিষয়ে বিবৰণ দিয়া ?

উত্তৰঃ সীমা বিবাদ: চীনে আৰম্ভণিৰ পৰাই লাডাখত আকচাই চীন অঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচলৰ সদায় তেওঁলোকৰ অন্তৰ্গত অঞ্চল বুলি দাবী চলাই আহিছে। আনকি চীনে ডোকলাম চীন অঞ্চল দখল কৰি পথ নিৰ্মাণ কৰিছে। এনে ক্ষেত্ৰত দুয়োখন দেশৰ মাজত হোৱা আলোচনাবোৰৰ সমাধান উলিয়াব পৰা নাই।

দলাইলামাৰ আশ্ৰয়: ১৯৫৯ চনত তিব্বতৰ ধৰ্মগুৰু দলাইলামা পলাই আহি ভাৰতৰ ৰাজনৈতিক আশ্ৰয় গ্ৰহণ কৰা বিষয়টো চীনে সদায় সন্দেহেৰে চকুত চাই আহিছে।

2. নিৰশ্ৰী কৰণত আন্তৰাষ্ট্ৰীয় চুক্তিসমূহৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা কি ?

উত্তৰঃ ভাৰতে অতীতৰে পৰা আন্তৰ্জাতিক চুক্তি বোৰৰ ক্ষেত্ৰত সদায় নিজস্ব ভূমিকা পালন কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী  সদস্য সমূহে যি সময়ত পাৰমাণৱিক শক্তিৰ অধিকাৰী হৈছিল সেইবোৰ ৰাষ্ট্ৰই 1968 চনত পৃথিৱীৰ আনবোৰ দেশৰ ওপৰত আনৱিক অপ্ৰসাৰণ চুক্তি জাপি দিব বিচাৰিছিল। কিন্তু ভাৰতে এনে চুত্তিক বিপদকামি আৰু বৈষম্যমূলক চুক্তি বুলি স্বাক্ষৰ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছিল। ভাৰতবৰ্ষ এনে চুক্তি বিৰোধিতা কৰি অহাৰ উপৰিও আন্তৰ্জাতিক চুক্তিৰ সমতাৰ বিষয়টো উপৰত গুৰুত্ব প্ৰদান কৰি আহিছে । ১৯৯৮ চনত পাৰমাণৱিক পৰীক্ষাৰ পিছত ভাৰতে আমেৰিকা আৰু জাপান ৰ অৰ্থনৈতিক দিশৰ সন্মুখীন হলেও নিজৰ স্বাধিনতা তথা অস্তিত্তক বিসৰ্জন দিয়া নাই।

3. জৱাহৰলাল নেহৰুৱে বৈদেশিক নীতি কিয় এখন ৰাষ্ট্ৰৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰা হৈছিল?

উত্তৰঃ (i) বৈদেশিক নীতিৰ যোগেদি এখন ৰাষ্ট্ৰৰ স্বাধীন সত্তা প্ৰকাশিত হব পাৰে।

(ii) ভাৰতে বৈদেশিক নীতিৰ গোষ্ঠী নিৰপেক্ষতাক এক উপাদান হিচাবে গ্ৰহণ কৰি দুই শক্তি -গোষ্ঠীৰ ক্ষমতা কেন্দ্ৰিক ৰাজনীতিৰ পৰা আঁতৰি থাকিব বিচাৰিছিল।

4. ভাৰতৰ বৈদেশিক নীতিৰ দুই ইতিবাচক আৰু দুটা নীতিবাচক দিশ উল্লেখ কৰা ?

উত্তৰঃ ইতিবাচক দিশ –

(i) সকলো ৰাষ্ট্ৰৰ সৈতে বন্ধুত্ব পূৰ্ণ সম্পৰ্ক স্থাপনত গুৰুত্ব।

(ii) গোষ্ঠীনিৰপক্ষত নীতি।

নেতিবাচক দিশ —

(i) ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ সমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা আৰু উদাৰীকৰণ আৰু গোলকীয়কৰণ নীতি।

(ii) আন্ত: ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদক বাধা দিবৰ বাবে শক্তিশালী কাৰ্য্য পন্থাৰ প্ৰভাৱ।

5. নিৰপেক্ষতা আৰু গোষ্ঠী নিৰপেক্ষতাৰ মাজত পার্থক্য ? 

উত্তৰঃ কোনো শক্তি গোষ্ঠীত যোগদান নকৰাকৈ দুয়োটা শক্তিগোষ্ঠীৰ মাজত সদ্ভাব বজাই ৰাখি দেশত জাতীয় স্বাৰ্থ পূৰণ কৰাৰ উদ্দেশ্যে গ্রহণ কৰা বৈদেশিক নীতিয়ে হৈছে গোষ্ঠী নিৰপেক্ষ নীতি। গোষ্ঠীনিৰপেক্ষতাই সাম্রাজ্যবাদ, উপনিবেশিকতাবাদ, বর্ণ বৈষম্যবাদ আৰু বৃহৎ শক্তিগোষ্ঠীৰ নিয়ন্ত্রণত পৰা মুক্ত হৈ শান্তিপূর্ণ অৰু স্বতন্ত্র ভাবে বৈদেশিক সম্পর্ক স্থাপনৰ প্ৰচেষ্টাক বুজায়।

আনহাতে, নিৰপেক্ষতাই কোনো যুদ্ধ, সংঘর্ষ বা বিবাদত অংশগ্রহণ নকৰি আঁতৰি থকাটোক বুজায়। অর্থাৎ, কোনো যুদ্ধ বিগ্রহ অথবা সংঘর্ষ আদিৰ কোনো পক্ষপাতিত্বমূলক আচৰণ প্রদর্শন নকৰি নিজকে দূৰত অবস্থান কৰাক বুজায়।

6. ভাৰতৰ পাৰমানবিক নীতিৰ ওপৰত চমুটোকা লিখা!

উত্তৰঃ ১৯৭৪ চনত ভাৰতে পোন প্রথমবাৰৰ বাবে পাৰমানবিক পৰীক্ষন সম্পন্ন কৰিছিল। ভাৰতে

 বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রত দ্রুত বিকাশ ঘটাই শান্তিপূর্ণ ভাৱে উন্নয়নমূলক কামত আগবাঢ়ি যোৱাত মত পোষণ কৰি আহিছে। প্রতিৰক্ষা ব্যৱস্থাৰ ক্ষেত্রত দ্রুত পৰিবর্তন ঘটাই দেশৰ প্রতি পাৰমাণৱিক আক্রমনৰ পৰা সম্ভাব্য বিপদক ৰোধ কৰিবৰ বাবে ভাৰতবর্ষই গুৰুত্ব প্রদান কৰি আহিছে। বিভিন্ন সময়ত গ্রহণ কৰি অহা পাৰমাৱিক চুক্তিত ভাৰতে স্বাক্ষৰ কৰা নাই। এই ক্ষেত্রত ভাৰতে মত পোষন কৰিছিলে যে এই পাৰমানৱিক চুক্তিসমূহ বৈষম্যমূলক নীতিৰ ভিত্তিত ৰচনা কৰা হৈছে। ১৯৬৩ চনত ভাৰতে পাৰমাণৱিক চুক্তিত আংশিক পৰীক্ষণত নিষিদ্ধকৰণ ‘চুক্তিত স্বাক্ষৰ কৰিছিল যদিও ১৯৭৪ চনত আৰু ১৯৯৮ চনত ভাৰতে দুবাৰকৈ পাৰমাণৱিক পৰীক্ষণ সম্পাদন কৰিছিল।

7. বেনদাং সম্মিলনৰ তাৎপর্য্য ব্যাখ্যা কৰা ?

উত্তৰঃ ইন্দোনেছিয়াৰ বেনদাং চহৰত ১৯৫৫ চনত এফ্রো- এছিয়ান সম্মিলন অনুষ্ঠিত হৈছিল। এই সম্মিলনত এছিয়া আৰু আফ্রিকাৰ ২৯ খন দেশে প্রতিনিধিত্ব কৰিছিল। বর্ণ বৈষম্য নির্মূল কৰা, ঔপনিবেশিক শাসনত্ব অবসান ঘটোৱা, আনবিক অস্ত্রৰ পৰীক্ষণ নিসিদ্ধকৰণ আদিয়ে এই সম্মিলনত স্থান পাইছিল। এই সম্মিলন মানে গোষ্ঠী-নিৰপেক্ষ আন্দোলনত অৰিহণা যোগাইছিল।

অর্থনৈতিক খবরের সাবস্ক্রিপশন

8. তুমি ভাৱানে যে ইউৰোপীয় সংঘই এক জাতি ৰাষ্ট্রৰ দৰে কাম কৰিবলৈ লৈছে ? কাৰণ দর্শোৱা।

উত্তৰঃ ইউৰোপীয় ইউনিয়নে এক জাতি ৰাষ্ট্ৰৰ দৰে অর্থনৈতিক সংস্থাৰ পৰিৱর্তে নিজকে ৰাজনৈতিক সংস্থা হিচাপেহে আত্ম প্রকাশ কৰিছে। কিন্তু জাতীয় ৰাষ্ট্র হিচাবে অধিক কার্য্য কৰিবলৈ এখন স্পষ্ট সংবিধান নাথাকিলেও নিজৰ পতাকা, সংগীত, প্রতিষ্ঠা দিৱস আৰু মুদ্রা আছে। এই ক্ষেত্রত উমৈহতীয়া বৈদেশিক আৰু প্রতিৰক্ষা নীতিও আছে। 

9. তুমি ভাবানে যে ইউৰোপীয় সংহতিত শীতল যুদ্ধই সহায় কৰিছিল ? কেনেদৰে।

উত্তৰঃ শীতল যুদ্ধই ইউৰোপীয় সংহতিত অৰিহনা যোগাইছিল। কাৰণ আমেৰিকাই মার্শাল পৰিকল্পনাৰ আধাৰত ইউৰোপীয় অর্থনীতিৰ পুনর্গঠনৰ বাবে যথেষ্ট বিত্তীয় সহায় আগবঢ়াইছিল।

10. বর্তমান চীন অর্থনীতি কিদৰে ব্যৱহাৰিক অর্থনীতিৰ- পৰা পৃথক?

উত্তৰঃ চীনৰ, নিয়ন্ত্রিত ‘অর্থনীতিত ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিবর্তে চৰকাৰী খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। কিন্তু নতুন অর্থনৈতিক নীতিয়ে ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই ক্ষেত্রত বৈদেশিক বিনিয়োগক নিষিদ্ধকৰণৰ বিপৰীতে নতুন অর্থনৈতিক নীতিত বিভিন্ন খণ্ডত বৈদেশিক বিনিয়োগক অনুমতি প্রদান কৰা হৈছে।

11. ভাৰত পকিস্তানৰ মাজৰ উত্তেজনাৰ দুটা দিশে উল্লেখ কৰা।

উত্তৰ:  i) কাশ্মীৰ প্ৰসংগ কৰি দুই দেশৰ মাজত সংঘাত চলি থাকে।

ii) ভাৰত বিৰোধী উগ্রপন্থীসকলক পাকিস্তানে দিয়া ধ্বনি ভাৰত পাকিস্তানৰ সংঘাতৰ আন এটা কাৰণ।

iii) সিন্ধুকে আদি কৰি নদীৰ পানী ভাগ-বতৰাক লৈ দুই দেশৰ মাজত সংঘাত চলি থাকে।

12. ভাৰতৰ বৈদেশিক নীতিৰ প্রধান লক্ষ্যসমূহ উল্লেখ কৰা।

উত্তৰ:  i)ভাৰতৰ ভৌগোলিক একতা আৰু  অখণ্ডতা তথা সর্বভৌমত্ব ৰক্ষা কৰা।

ii) আন্তঃৰাষ্ট্রীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা তথা বিশ্ব শান্তিৰ বাবে সদায় উৎসাহ যোগোৱা।

iii) চুবুৰীয়া ৰাষ্ট্রসমূহৰ সৈতে বন্ধুত্ব সুলভ সম্পর্ক স্থাপন কৰা আৰু শান্তিপূর্ণ সহৱস্থান নীতি অনুসৰণ কৰা।

iv) বর্ণ, বৈষম্য, জাতিগত বৈষম্য আদিৰ বিৰোধিতা কৰা আৰু সমাজবাদী আৰ্হিৰ বিকাশ সাধনৰ ব্যৱস্থা কৰা।

Long Question Answer

1. ভাৰত কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰিছিল?

উত্তৰঃ ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ কাৰণ তলত উল্লেখ কৰা হল –

(i)  ভাৰতৰ দৰে বিশাল দেশ এখন কোনো শক্তিগোষ্ঠৰ লগ নলগাকৈ স্বাধীনভাবে বৈদেশিক নীতি গ্রহণ কৰি বিশ্বৰ বিশ্ব ৰাজনীতিত সম্মানসূচক আসন গ্রহণ কৰিব বুলি নেতাসকলে বিশ্বাস কৰিছিল।

(ii) অর্থনৈতিক উন্নয়নৰ বাবে শান্তিপূর্ণ পৰিবেশৰ প্রয়োজন। সেয়ে ভাৰতে কোনো বিশেষ মিত্রগোষ্ঠীৰ সৈতে মিত্রতা গঢ়াৰ পৰিবর্তে সকলো ৰাষ্ট্রৰ সৈতে বন্ধুত্বপূর্ণ পৰিবেশ ৰক্ষাৰ ওপৰত গুৰুত্ব দিছিল।

অর্থনৈতিক খবরের সাবস্ক্রিপশন

(ⅲ) ভাৰতৰ দ্রুত অর্থনৈতিক উন্নয়নৰ বাবে দুয়োটা বৃহৎ শক্তিগোষ্ঠীৰ পৰা সাহায্য লাভ কৰিবলৈ হ’লে ‘গোষ্ঠীনিৰপেক্ষতাই’ আছিল উত্তম আহিলা।

(ⅳ) স্বাধীনতা লাভৰ সময়ত ভাৰতবর্ষ সামৰিক দিশত শক্তিশালী নাছিল। গোষ্ঠীনিৰপেক্ষ নীতি গ্রহণৰ যোগেদি যুদ্ধৰ ভয়াবহতাৰ পৰা ৰক্ষা পাবলৈ সম্ভব হৈছিল।

(v) গোষ্ঠীনিৰপেক্ষ নীতিয়ে ভাৰতৰ আভ্যন্তৰীন দিশতো জনপ্রিয়তা লাভ কৰিছে। ভাৰতৰ প্রায় আটাইবোৰ ৰাজনৈতিক দলেই এই নীতিৰ প্রতি সমর্থন আগবঢ়াইছে।

2. ASEAN সম্প্রদায় মানে কি? ASEAN ৰ ‘উদ্দেশ্যবোৰ কি কি? 

উত্তৰঃ ১৯৬৭ চনত দক্ষিণ – পূৰ্ব এছিয়া অঞ্চলত কেইখন ঠাই যেনে- ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইনচ, চিংগাপুৰ আৰু থাইলেণ্ডৰ দ্বাৰা এছিয়ান আঞ্চলিক মঞ্চ গঠন হয়। যাক এছিয়ান সম্প্রদায় বুলি কোৱা হয়। ইয়াক ‘ASEAN স্তম্ভ নামেও’ জনা যায়।

ASEAN ৰ মূল উদ্দেশ্য হ’ল-

(ⅰ) সদস্য ৰাষ্ট্ৰ সমূহৰ অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰা।

(ii) সদস্য তাজসমূহৰ মাজত সামাজিক, সাংস্কৃতিক, অর্থনৈতিক, কাৰিকৰী,

 বৈজ্ঞানিক আদি সকলো দিশতে সহযোগীতা বৃদ্ধি কৰা।

(ⅲ) সমগ্ৰ দক্ষিণ পূর্ব এছিয়াত শান্তি  আৰু নিৰাপত্তা বজাই ৰখা।

(iⅳ) শিক্ষা, কাৰিকৰী আৰু প্রশাসনীয় দিশত এখন দেশে আন এখন দেশক সহায় কৰি  প্রশিক্ষণ, গবেষণা আৰু অন্বেষণ ব্যাপক কৰি তোলা।

(v) ইতিমধ্যে গঠিত হোৱা আন্তর্জাতিক আৰু আঞ্চলিক সংগঠনবোৰৰ লগত লাভজনক তথা ঘনিষ্ট সম্পর্ক আৰু সহযোগিতা ৰক্ষা কৰি আগবাঢ়ি যোৱা।

(vi) আমেৰিকাত আধিপত্যক প্রত্যাহ্বান জনাব পৰাকৈ ক্ষমতাৰ বিকল্প কেন্দ্র হিচাপে কাম কৰা।

3. ASEAN দর্শন ২০২০ ৰ উপাদান সমূহ কি কি ? 

উত্তৰঃ এটা আঞ্চলিক সংগঠন হিচাপে ASEAN ২০২০ যে  আন্তৰাষ্ট্রীয় ক্ষেত্রত বহির্মুখী দৃষ্টিভংগীৰ ভূমিকা গ্রহণ কৰিছিল। এই নীতিয়ে অঞ্চলটোত সংঘাত সমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ পক্ষ পাতি নীতি গ্রহণ কৰিছিল। এইক্ষেত্রত কম্বোডিয়াৰ বিবাদ মীমাংসা আৰু পূবটিমাতত সমস্যা সমাধান কৰিবলৈ মধ্যস্ততা কৰিছিল। ইয়াৰ উপৰি পূব এছিয়া সহযোগীতাৰ বিষয়ে আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ বার্ষিক সম্মিলনৰো অনুষ্ঠিত কৰিছিল।

4. ASEAN ত ভাৰতৰ স্থিতি আৰু মর্যাদাৰ বিষয়ে লিখা।

উত্তৰঃ ASEAN – আঞ্চলিক সংগঠনটো প্রতিষ্ঠা হৈছিল ১৯৬৭ চনত দক্ষিণ পূর্ব এছিয়াত পাঁচখন দেশক সাভুতিলৈ। এই সংগঠনত সদস্য  হিচাপে ভাৰতবর্ষই ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যক পূর্ণ সমর্থন জনাইছিল। বিশেষকে অর্থনৈতিক উন্নতিৰ জৰিয়তে সামাজ্যিক আৰু সাংস্কৃতিক উন্নতি সাধন কৰা, আইনৰ শাসন আৰু ৰাষ্ট্রসংঘত চনদৰ নীতিৰ ওপৰত ভিত্তি কৰি আঞ্চলিক শান্তি আৰু সুস্থিৰতা বজাই ৰখাত ভাৰতে সম্পূর্ণ কার্য্যকৰী ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হৈছিল।

5. ক্ষমতাৰ বিকল্প কেন্দ্রস্থল সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ ছোভিয়েট ৰাছিয়া বিভাজনৰ পিছত আমেৰিকাই এক বৃহৎ শক্তি-গোষ্ঠী হিচাপে পৰিগণিত হয়। বর্তমানে এই শক্তিগোষ্ঠীৰ বিপক্ষে (আন কিছুমান ) ইউৰোপীয়ান ইউনিয়ন, এছিয়ান ৰাষ্ট্ৰ আৰু চীন, আমেৰিকাৰ আধিপত্যত নিয়ন্ত্রণ আৰোপ কৰা পৰিলক্ষিত হৈছে। এই সম্বন্ধে তলত আলোচনা কৰা হ’ল-

ইউৰোপীয় সংঘ: ইউৰোপীয় সংঘ বিশ্বৰ ভিতৰত আটাইতকৈ ধনী অর্থব্যৱস্থাৰ অধিকাৰী। সময়ে সময়ে এই সংসৰ আয়ৰ হাৰ আমেৰিকাত ডলাৰৰ তুলনাত বহু উচ্চ দেখা গৈছে। ইফালে ইউৰোপীয় সংঘৰ সম্মিলিত সামৰিক শক্তি বিশ্বৰ ভিতৰত দ্বিতীয় বৃহত্তম শক্তি হিচাপে চিনাক্ত হৈছে। ইউৰোপীয় সংঘত অর্থব্যবস্থা আন লগৰীয়া দেশৰ ওপৰতো প্রভাব পেলাইছে।

এচিয়ান ৰাষ্ট্রসমূহ: দক্ষিণ পূব এছিয়াৰ পাঁচখন ৰাষ্ট্ৰ যেনে ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, চিংগাপুৰ আৰু থাইলেণ্ড, বেংকক ঘোষণা পত্রত সাক্ষৰ কৰি ১৯৮৭ চনত এছিয়ান গঠন কৰে। এই এছিয়ান দেশ দেশ সমূহে পাৰষ্পৰিক সম্পর্ক ৰক্ষাত বাবে অনানুষ্ঠানিক, সংঘাতবিহীন আৰু সহযোগীতাৰ সম্পর্ক অবলম্বন কৰি আহিছে। এই ক্ষেত্রত ২০০৩ চনত এছিয়ান নিৰাপত্তা গোষ্ঠী, এছিয়ান অর্থনৈতিক গোষ্ঠী আৰু এছিয়ান সামাজিক সাংস্কৃতিক গোষ্ঠীকলৈ তিনিটা গোষ্ঠীতে অঞ্চলিক অঞ্চল- সমূহৰ দ্রুত উন্নতিৰ অৰিহনা যোগাইছে। ই এনেদৰে বিভিন্ন দিশসমূহৰ উন্নতিও মুক্ত বাণিজ্যৰ চুক্তি সম্পাদনেৰে ভাৰত আৰু চীনৰ অর্থনীতিত আমেৰিকাই ব্যবসায়িক আৰু বিনিয়োগৰ ক্ষেত্ৰত সহযোগীতা আগবঢ়াবলৈ চেষ্টা কৰিছে।

চীন: বর্তমানে চীন দেশে সকলো দিশতে শক্তিশালী দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে। এই ক্ষেত্রত চীনে বিভিন্ন অর্থনৈতিক ব্যৱস্থাৰ মাজত সমন্বয় ৰক্ষাত জৰিয়তে এছিয়াত অর্থনৈতিক প্রগতিৰ মূল চালিকাশক্তি হিচাপে পৰিগণিত হৈছে। জলসম্পদ, ভৌগলিক পৰিসৰ, সম্পদৰাজি, ৰাজনৈতিক প্ৰভাৱৰ দৰে দিশসমূহত চীনত প্রভাব ক্রমান্বয়ে বৃদ্ধি পাইছে। ফলত চীন দেশক বিশ্বত তৃতীয় বৈপ্লবিক শক্তিশালী ক্ষমতাৰ অধিকাৰী ৰাষ্ট্ৰ হিচাপে গঢ়ি উঠিছে।

6 . তুমি ভাবানে যে অর্থনৈতিক সংস্কৰে চীনৰ প্রতিজনকে স্পর্শ কৰিছে? কাৰণ দৰ্শোৱা।

উত্তৰঃ চীনৰ নতুন অর্থনৈতিক সংস্কাৰ নীতিৰ প্রয়োগে দেশৰ অর্থনৈতিক অৱস্থাত যথেষ্ট উন্নয়ন হৈছিল যদিও দেশৰ সকলো নাগৰিক ইয়াক সমানে ভোগ কৰিবলৈ সক্ষম হোৱা নাছিল। 

তেওঁলোকৰ মাজত দেখা দিয়া ধৰনে উল্লেখ কৰিব পাৰি —

(i) চীন দেশত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল।

(ii) ১৮ আৰু ১৯ শতিকাত ইউৰোপৰ পৰিবেশৰ দৰে চীনতো মহিলা  কর্মচাৰিসকলৰ পৰিবেশ আছিল যথেষ্ট দুর্বল।

(ⅲ) চীনৰ অর্থনৈতিক আৰু সামাজিক পৰিবেশক পৰিবেশৰ ক্ষতিগ্রস্ততা আৰু ভ্ৰষ্টাচাৰে যথেষ্ট ক্ষতি কৰিছিল।

(iv) চীনত দেখা দিয়া অর্থনৈতিক অসমতাই বিশেষকৈ গাঁও আৰু চহৰৰ মানুহৰ মাজত অসমতাৰ সৃষ্টি কৰিছিল।

(ⅴ) সেইসময়ত বিভিন্ন ক্ষেত্রসমূহত মানব অধিকাৰ উলংঘন হোৱা পৰিলক্ষিত হৈছিল। 

7. চীনৰ দ্রুত অৰ্থনৈতিক বিকাশ হোৱা স্বত্তেও তাত এতিয়াও কিছুমান অর্থনৈতিক প্রত্যাহ্বান বর্তি আছে। এই প্রত্যাহ্বানসমূহ উল্লেখ কৰা।

উত্তৰঃ দ্রুত অর্থনৈতিক বিকাশৰ পিছতো চীনে কিছুমান প্রত্যাহ্বানও সম্মুখীন হ’ব লগা হৈছে। ইয়াৰ ফলস্বৰূপে চীনত অর্থনৈতিক আঁচনিয়ে প্রতিজন নাগৰিকক সূক্ষ্ম দৃষ্টি কোনেৰে স্পর্শ কৰিবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্রত লক্ষ্য কৰিলে দেখা যায় জনসংখ্যাৰ দ্রুতগতিত বৃদ্ধিৰ হাৰ, পাৰিপার্শিক অবক্ষয় আৰু দুৰ্নীতিৰ দৰে উপাদানবোৰ প্রত্যাহ্বান হিচাপে থিয় দিছে।

8. বৈদেশিক নীতি বুলিলে কি বুজা? বৈদেশিক নীতিৰ নির্ধাৰকবোৰ আলোচনা কৰা।

উত্তৰ:  অতি সাধাৰণ ভাষাত বৈদেশিক নীতি হৈছে কিছুমান নীতিৰ সমষ্টি। যিয়ে ৰাষ্ট্রীয় স্বার্থ সুৰক্ষিত কৰি অন্য ৰাষ্ট্ৰৰ লগত ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক সম্পর্ক প্ৰতিষ্ঠা কৰি আন্তঃ ৰাষ্ট্রীয় ক্ষেত্ৰত নিজৰ স্থিতি শক্তিশালী কৰে। এখন ৰাষ্ট্ৰৰ বৈদেশিক নীতি প্রণয়নত কিছুমান আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সাধৰণতে এই কাৰকসমূহকে বৈদেশিক নীতিৰ নির্ধাৰক বুলি কোৱা হয়। তলত এই কাৰক/নিধাৰকসমূহৰ বিষয়ে তলত চমুকৈ আলোকপাত কৰা হল –

             i) ৰাষ্ট্ৰৰ আকাৰঃ- ৰাষ্ট্ৰৰ আকাৰৰ ওপৰতো বৈদেশিক নীতিৰ গুৰুত্ব বহু পৰিমাণে নির্ভৰশীল। এখন বিশাল ৰাষ্ট্রৰ বৈদেশিক নীতি এখন সৰু ৰাষ্ট্ৰতকৈ পৃথক হয়। কিয়নো বিশাল ৰাষ্ট্ৰই ইয়াৰ বিশাল ক্ষমতা আন্তঃ ৰাষ্ট্রীয় ক্ষেত্রত প্রতিষ্ঠা কৰে।

         ii)অর্থনৈতিক উন্নয়ন:- বৈদেশিক নীতি প্রণয়নত গুৰুত্ব লাভ কৰা আন এন অন্যতম নির্ধাৰক হৈছে অর্থনীতি। এখন উন্নত ৰাষ্ট্ৰৰ বৈদেশিক নীতি এখন অনুন্নত ৰাষ্ট্রতকৈ সাধাৰণতে পৃথক হয়। অর্থনৈতিক উন্নয়ন সাধনৰ বাবে বিভিন্ন বিকাশমূলক অর্থনীতিয়ে বৈদেশিক নীতিত স্থান লাভ কৰে। বর্তমান ভাৰতৰ বৈদেশিক নীতিৰ প্রকৃতি হৈছে উন্নয়নমূলক।

         iii) ইতিহাস আৰু সংস্কৃতিঃ- ভাৰতৰ বৈদেশিক নীতি প্রণয়নত দেশখনৰ ইতিহাস আৰু সংস্কৃতিয়ে গুৰুত্বপূর্ণ প্ৰভাৱ বিস্তাৰ কৰে। অহিংসা, বর্ণ-বৈষম্য বিৰোধী নীতি, উপনিৱেশবাদ বিৰোধী নীতি, সাম্রাজ্যবাদ বিৰোধী নীতি ইত্যাদি হৈছে ভাৰতৰ ঐতিহাসিক সম্বল।

         iv) আদর্শ বা ধাৰণা:- এখন দেশৰ আদর্শইও সেই দেশৰ বৈদেশিক নীতি প্রণয়ণত প্রভাৱ বিস্তাৰ কৰে। ভাৰতে সদায় বিশ্ব শান্তি শান্তিপূর্ণ সহৱস্থান বা গোষ্ঠীনিৰপেক্ষতাৰ আদর্শত বিশ্বাস কৰি আহিছে। সেয়ে এই আদর্শই ভাৰতৰ বৈদেশিক নীতি নির্ধাৰণত প্রভাৱ বিস্তাৰ কৰি আহিছে।

v) বিশ্বশান্তি: ভাৰতৰ বৈদেশিক নীতিৰ অন্য এটা প্রধান নির্ধাৰক হৈছে বিশ্বশান্তি প্রতিষ্ঠা কৰা। ভাৰতবর্ষই বৈদেশিক নীতি প্রণয়নৰ ক্ষেত্রত সদায় বিশ্ব শান্তিক প্রাধান্য দি আহিছে।

ওপৰত উল্লেখ কৰাবোৰেই হৈছে ভাৰতৰ বৈদেশিক নীতি নির্ধাৰনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা কিছুমান প্রধান কাৰক।

9. ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেটি কি? চমুকৈ আলোচনা কৰা।

উত্তৰ:  ভাৰতৰ বৈদেশিক নীতিক আদর্শ আৰু বাস্তৱৰ এক সুন্দৰ সংমিশ্রন বুলিব পাৰি। স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰুক ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য পৃষ্ঠপোষক বা স্থপতি আখ্যা দিয়া হয়। তলত উল্লেখ কৰা বিষয় দুটাকেই ভাৰতৰ বৈদেশিক নীতিৰ ভেটি হিচাপে বিবেচনা কৰা হয় –

ক) পঞ্চশীল নীতিঃ- তিব্বত সম্পর্কত ভাৰত আৰু চীন দেশৰ মাজত 1954 চনত স্বাক্ষৰিত হোৱা চুক্তিৰ সময়ত ৰচনা কৰা 5টা নীতি তথা পঞ্চশীল নীতিক ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেটি হিচাপে গণ্য কৰা হয়। এই নীতি কেইটা হল –

  1. প্রত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্রদ্ধা প্রদর্শন কৰা।
  2. আনদেশক আক্রমণৰ পৰা বিৰত থকা।
  3. আন ৰাষ্ট্রৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা।
  4. সকলো দেশকে সমভাবে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহার্য্য দিয়া।
  5. সহৱস্থানৰ প্রতি সমর্থন জনোৱা।

খ) গোষ্ঠী নিৰপেক্ষতাবাদ নীতিঃ- ভাৰতৰ বৈদেশিক নীতিৰ আন এটা অন্যতম প্রধান ভেটি হৈছে গোষ্ঠী নিৰপেক্ষতাবাদ। ভাৰতবর্ষই কোনো শক্তি গোষ্ঠীত যোগদান নকৰাকৈ দুয়োটা শক্তি গোষ্ঠীৰ মাজত সু-সম্পর্ক ৰাখি দেশীয় স্বার্থ পূৰণ কৰাৰ উদ্দেশ্যে গ্রহণ কৰা বৈদেশিক নীতিয়ে হৈছে গোষ্ঠী  নিৰপেক্ষতাবাদ নীতি। গোষ্ঠী নিৰপেক্ষতাবাদে নিৰপেক্ষতাক বা নিষ্ক্রিয়তাক নুবুজায়। বৰঞ্চ ই এটা সক্রিয় বা গঠনমূলক নীতি যিয়ে এই নীতি গ্ৰহণ কৰে  তেনে দেশে কোনো শক্তি গোষ্ঠীয়ে সৃষ্টি কৰা সামৰিক দলত যোগদান নকৰে।

10. ভাৰত-চীনৰ মাজত বিবাদ সৃষ্টি হোৱাৰ মূল কাৰণসমূহ উল্লেখ কৰা।

উত্তৰ- ভাৰত আৰু চীনৰ মাজত সময়ে সময়ে বিবাদ সৃষ্টি হোৱাৰ মূল কাৰণসমূহ হ’ল

  1. তিব্বতৰ আধ্যাত্মিক তথা ৰাজনৈতিক নেতা দালাই লামাক ভাৰতে প্রদান কৰা ৰাজনৈতিক আশ্রয়।
  2. ভাৰত আৰু চীনৰ মাজত থকা মেগমোহন লাইনক লৈ হোৱা বিতর্ক।
  3. 1965 চনত আৰু 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধত পাকিস্তানক চীনৰ পৰা সামগ্রী প্রদান।
  4. 1998 চনত পাকিস্তানে সম্পন কৰা পাৰমাণৱিক চীনা কাৰিকৰীয়ে সহায় আগবঢ়োৱা কার্যইয়ো ভাৰত আৰু চীনৰ মাজত বিবাদ সৃষ্টি হৈছে।

ওপৰত উল্লেখ কৰাসমূহেই হৈছে ভাৰত-চীনৰ মাজত সৃষ্টি হোৱা বিবাদৰ মূল কাৰণ।

11. ভাৰত আৰু পাকিস্তান মাজত সংঘাতৰ কাৰণ সমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ:  ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষৰ দীর্ঘদিনীয়া ইতিহাস আছে যাৰ বিশেষত্ব হৈছে যুদ্ধ, সন্ত্রাসবাদ, সীমান্তৰ সংঘাত বা উত্তেজনা ইত্যাদি। এই সংঘর্ষৰ ঘাই শিপা 1947 চনত ব্রিটিছ উপনিৱেশিক শাসনৰ পৰা ভাৰতে মুক্তি লাভ কৰাৰ সময়ৰে পৰা আৰম্ভ হোৱা দেখা যায়। কাৰণ ব্রিটিছে ধৰ্মৰ ভিত্তিত হিন্দুস্তান আৰু পাকিস্তান নামেৰে দুভাগত দেশখন বিভক্ত কৰি থৈ গৈছে। জন্ম লগ্নৰে পৰা এই দুয়োখন চুবুৰীয়া ৰাষ্ট্রৰ মাজত সংঘাত সৃষ্টি হোৱা মূল বিষয়সমূহ তলত উল্লেখ কৰা হল

i) ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত সৃষ্টি হোৱাৰ প্রধান কাৰণটো হৈছে কাশ্মীৰ বিবাদ। দুয়োখন দেশে স্বাধীনতাৰ সময়ৰে পৰা কাশ্মীৰক কেন্দ্র কৰি সংঘাতত লিপ্ত হৈছে আৰু দুয়ো দেশে কাশ্মীৰক নিজৰ ভূ-খণ্ড বুলি দাবী কৰি অহাৰ ফলশ্রুতিত 1947-48, 1965 চনত দুখনকে যুদ্ধৰ মুখামুখি হৈছে।

ii) ভাৰত পাকিস্তানৰ মাজত সংঘাতৰ সূত্রপাত হোৱা আন এটা প্রধান কাৰণ হৈছে সন্ত্রাসবাদ। পাকিস্তানে সন্ত্রাসবাদীক আশ্রয় প্রদান কৰি ভাৰতৰ বিভিন্ন প্রান্তত সুযোগ বুজি কুটাঘাটমূলক কার্যত লিপ্ত হৈ আহিছে। ইয়াৰ ভিতৰত 2001 চনত ভাৰতৰ সংসদ ভবন আক্রমণ, 2008 চনত মোম্বাই আক্রমন আদি প্রধান। যাৰ ফলত দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটিছে।

iii) ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ আন এটা কাৰণ হৈছে সিন্ধু নদীৰ পানীভাগ- বতৰা। 1960 চনলৈকে সিন্দু নদীৰ জলধাৰাক লৈ দুয়ো দেশৰ মাজত বিতর্কৰ উদ্ভৱ হৈছিল। পিছত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত-পাকিস্তানৰ মাজত হোৱা সিন্ধু জল চুক্তিৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল।

iv) ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত সৃষ্টি হোৱাৰ আন এটা কাৰণ হ’ল বাংলাদেশৰ গৃহযুদ্ধৰ সময়ত ভাৰতে ধন-জন-সেনা সকলো প্রকাৰে বাংলাদেশক সাহার্য্য প্রদান কৰাৰ পৰি প্রেক্ষিতত 1971 চনত ভাৰত-পাকিস্তানৰ মাজত ভয়াবহ যুদ্ধৰ সূচনা হৈছিল।

v) ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সূত্ৰপাত হোৱাৰ আন এটি কাৰণ হৈছে ঐতিহাসিক আৰু সাংস্কৃতিক পার্থক্য ভাৰত এখন হিন্দু প্রধান দেশ । এই পার্থক্যও তেওঁলোকৰ মাজত বিদ্বেষ আনিছে। তাৰোপৰি দুয়ো দেশৰ মাজত ঐতিহসিক  অভিযোগ, নিজকে প্রভাৱশালী প্রতিষ্ঠা কৰাৰ প্রতিযোগিতা, পাৰমাণৱিক অস্ত্রৰ দৌৰ ইত্যাদিয়েও তেওঁলোকৰ মাজত  বিদ্বেষৰ সৃষ্টি কৰিছে।

ওপৰত উল্লেখ কৰা বোৰেই ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদৰ অন্যতম কাৰণ।

12. চমুটোকা লিখা

কাৰগিল যুদ্ধঃ- 1999 চনৰ প্রথমভাগত পাকিস্তানৰ মোজাহিদিল নামৰ এটা উগ্রপন্থী সংগঠনে সীমাৰেখা বা (L.O. C) Line of Control সীমাৰেখাৰ কাষৰ ভাৰতীয় সেনাৰ কিছুমান চকী পাকিস্তানী অস্ত্রধাৰীয়ে দখল কৰিছিল। পাকিস্তানৰ সেনা এই কার্যত জড়িত থকাৰ সন্দেহ কৰি জাতীয় সেনা বাহিনীয়ে এই দখলৰ বিপৰীতে ব্যৱস্থা লবলৈ সেই অঞ্চল সমূহলৈ আগবাঢ়ে। এই কার্যৰ ফলত দুয়োখন দেশেৰ মাজত সংঘর্ষৰ সূত্রপাত হয়। ইয়াকে কাৰগিল যুদ্ধ বুলি জনা যায়। এই যুদ্ধ 1999 চনৰ মে, জুন মাহ লৈকে চলিছিল। 1999 চনৰ 26 জুলাই তাৰিখে ভাৰতে বহু কেইটা হেৰুৱা চকী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কাৰগিল যুদ্ধই সমগ্ৰ বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছিল। কাৰণ এই যুদ্ধৰ মাত্র এবছৰৰ আগতে দুয়োখন দেশে আণৱিক শক্তিৰ অধিকাৰী হৈছিল। যি কি নহওক এই যুদ্ধ কাৰগিল অঞ্চলতে সীমাবদ্ধ আছিল। এই যুদ্ধই পাকিস্তানৰ ভিতৰ ভাগত মত বিবোধৰ সৃষ্টি কৰিছিল। কিয়নো এই যুদ্ধৰ বিষয়ে পাকিস্তানৰ প্রধানমন্ত্রীক সেনা প্রধানে কোনো কথা জনোৱা নাছিল। কাৰগিল যুদ্ধ শেষ হোৱাৰ পাছতে পাকিস্তানৰ সেনা প্রধান জেনেৰেল পাৰভেজ মুচাৰফে পাকিস্তানৰ শাসনভাৰ নিজৰ হাতলৈ নিছিল অর্থাৎ পাকিস্তানত সামৰিক শাসন আৰম্ভ হৈছিল।

13. ভাৰতৰ পাৰমাণৱিক চুক্তি বা নীতি ব্যাখ্যা কৰা। (HS 2014, 2018)

উত্তৰ: ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম বৈশিষ্ট্য হল ৰাষ্ট্রখনৰ শক্তি শালী পাৰমাণৱিক নীতি। স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰু আধুনিক ভাৰতবৰ্ষৰ দ্রুত বিকাশৰ বাবে বিজ্ঞান প্রযুক্তিৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছিল। নেহেৰুৰ সৌভাগ্য যে, ভাৰতত হোমী জাহাঙ্গীৰ ভবাৰ দৰে বিখ্যাত বিজ্ঞানী আছিল। যাৰ নেতৃত্বত ভাৰতবৰ্ষত পাৰমাণৱিক আঁচনি আৰম্ভ কৰা হৈছিল। 1940 চনত ভাবাৰ নেতৃত্বত ভাৰতে শান্তিৰ কাৰণে পাৰমাণবিক শক্তি উৎপাদন কৰিছিল। কিন্তু নেহেৰু পাৰমাণবিক অস্ত্রৰ বিৰোধী আছিল। সেয়ে তেওঁ পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। 1964 চনৰ অক্টোবৰ মাহত সাম্যবাদী চীনে পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছিল আৰু বিশ্বৰ অনান্য ৰাষ্ট্ৰটো পাৰমাণৱিক অস্ত্ৰ নির্মাণৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছিল। বিশ্বৰ 5 খন আণৱিক শক্তিৰ দেশ আমেৰিকা, ৰাছিয়া, ব্রিটেইন, ফ্রান্স আৰু চীন ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল আৰু তেওঁলোকে 1968 চনত বিশ্বৰ আন ৰাষ্ট্রৰ লগত পাৰমাণৱিক অসম্পসাৰণ চুক্তি সম্পাদন যত্ন কৰিছিল কিন্তু ভাৰতে ইয়াক বৈষ্যম মূলক আখ্যা দি  স্বাক্ষৰ পৰা বিৰত আছিল।

         1974 চনৰ মে মাহত ভাৰতে প্রথম পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছিল আৰু 1998 চনত দ্বিতীয়টো গুৰুত্বপূর্ণ । পৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছিল। দ্বিতীয়টো পৰীক্ষাৰ বাবে ভাৰত যথেষ্ট সমালোচিত হৈছিল। আনকি আমেৰিকা আৰু জাপানে ভাৰতৰ ওপৰত সাময়িকভাবে নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু 1999 চনত ভাৰতে বিশ্বাসযোগ্য নূন্যতম প্রতিৰোধৰ ওপৰত এটা পাৰমানৱিক মতবাদ আৰম্ভ কৰে । এই মতবাদ অনুসৰি যুদ্ধ ক্ষেত্রত ভাৰতে কেতিয়াও প্রথমে পাৰমাণৱিক অস্ত্র ব্যৱহাৰ নকৰে। 2003 চনৰ এক নীতি মতে, ভাৰতে সামৰিক শক্তিৰ এক কৌশল হিচাপেহে এনে অস্ত্ৰ মজুত ৰাখিছে বুলি ঘোষণা কৰে।

         বর্তমান ভাৰতবৰ্ষ আন্তঃ ৰাষ্ট্রীয় আণৱিক ইন্ধন এজেঞ্জী (IAEA-International Atomic Energy Agency) সদস্য আৰু বর্তমান আন্তঃ ৰাষ্ট্ৰীয় ক্ষেত্রত ভাৰতবর্ষ এখন সামৰিকভাৱে শক্তিশালী ৰাষ্ট্র।

14. পঞ্চশীলৰ ওপৰত চমু টোকা লিখা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ এক অন্যতম বৈশিষ্ট্য হৈছে পঞ্চশীল নীতি। পঞ্চশীল শান্তিপূর্ণ সহ অবস্থানৰ পাঁচটা নীতিক বুজায়। ১৯৬৪ চনত ভাৰতৰ প্রধানমন্ত্রী জৱাহৰলাল নেহেৰু আৰু চীনৰ প্রধান চৌ-এন-লাই-ৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল আৰু দুয়োখন দেশে পাৰমাণৱিক সম্পৰ্ক ৰক্ষাৰ ক্ষেত্রত মানি চলিব লগিয়া পাঁচটা নীতি আছিল ক্ৰমনয় —

(ⅰ) প্রত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্ৰদ্ধা প্রদর্শন কৰা। 

(ⅱ) আন দেশক আক্রমণৰ পৰা বিৰত থকা।

(ii) আন দেশক আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।

(iv) সকলো দেশকে সমভাবে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য প্রদান কৰা।

(ⅴ) শান্তি পূর্ণ সহ অবস্থানৰ প্রতি সম্মান প্রদর্শন কৰা।

15. ইউৰোপীয় সংঘই প্রভাব বিস্তাৰ কৰা প্রধান ক্ষেত্ৰবোৰ কি কি? বিশদভাবে আলোচনা কৰা।

উত্তৰঃ ১৯৯১ চনত ছোভিয়েট ৰাছিয়াত পতনৰ সিদ্ধৃত ১৯৯২ চনত স্থাপন হোৱা ইউৰোপীয়ান সংঘই উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে স্বীকৃতি লাভ কৰে। এই সংঘই আন্তাৰাষ্ট্রীয় ক্ষেত্রখনত বিশেষকৈ অর্থনৈতিক, ৰাজনৈতিক আৰু সামৰিক দিশত এক বিৰল ভূমিকা গ্রহণ কৰে। 

এই সম্পর্কে তলত আলোচনা কৰা হ’ল—

(i) অর্থনৈতিক দিশত প্ৰভাৱ বিস্তাৰ: ইউৰোপীয় সংঘই ২০০৬ চনত বাৰ বিলিয়ন ৬ লাখতকৈ অধিক মুঠ ঘৰুৱা উৎপাদনৰ দ্বাৰা  ইউৰোপীয় সংঘই বিশ্বৰ ভিতৰত এক বৃহত্তম অর্থনীতি হিচাপে স্বীকৃতি লাভ কৰে। আমেৰিকাতকৈ বিশ্ব বাণিজ্যৰ ক্ষেত্রত তিনিগুন বেছি আছিল।

(ii) ৰাজনৈতিক ক্ষেত্রত প্রভাৱ বিস্তাৰ: ইউৰোপীয় সংঘই ১৯৯১ চনত ছোভিয়েট বাছিয়াত পতনত সিদ্ধৃত ১৯৯২ চনত স্থাপন হোৱা ইউৰোপীয়ান সংঘই উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে স্বীকৃতি লাভ কৰে।

-0000-

Last Word

We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 4 – “ভাৰতৰ বৈদেশিক সম্বন্ধ” (India’s External Relations)Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
Share via
Copy link