Here We have provided, you ASSEB/AHSEC Class 12 Political Science Chapter – 3 পৰিকল্পিত বিকাশৰ ৰাজনীতি PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 3 পৰিকল্পিত বিকাশৰ ৰাজনীতি (Politics of Planned Development) PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি Solutions for All Subject, You can practice these here.
In this post, we have provided Class 12 Political Science Chapter 3 – “পৰিকল্পিত বিকাশৰ ৰাজনীতি” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.
পৰিকল্পিত বিকাশৰ ৰাজনীতি
পাঠ: ৩
দ্বিতীয় খণ্ড
Very Short Question Answer
1. কোন চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? (HS 2018)
উত্তৰ: 1950 চনৰ 15 মাৰ্চত।
2. বর্তমান ভাৰতত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্রতিষ্ঠান গঢ়ি তোলা হৈছে। (HS 2017)
উত্তৰঃ নীতি আয়োগ।
3. ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কাক আখ্যা দিয়া হয়। (HS 2016)
উত্তৰঃ ড° নৰ্মান বৰলাউগ।
4. ভাৰতৰ দুগ্ধ মানৱ কাক আখ্যা দিয়া হয়। (HS 2013)
উত্তৰঃ ভার্গিজ কুৰেইন।
5. বোম্বাই পৰিকল্পনা কি আছিল। (HS 2012)
উত্তৰ: 1944 চনত কিছুসংখ্যক উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অর্থনীতি প্রতিষ্ঠা কৰিবৰ বাবে এটা যৌথ প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰে, যাক বোম্বাই পৰিকল্পনা বুলি জনা যায়।।
6. পঞ্চবার্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল? (HS 2012)
উত্তৰ: 1951 চনত।
7. পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা। (HS 2013, 2015)
উত্তৰ: (i) জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা।
(ii) সম্পদ আৰু সময়ৰ সদ ব্যৱহাৰ।
8. মিশ্র অর্থনীতি কি?
উত্তৰঃ মিশ্র অর্থনীতি হ’ল এনে এক অর্থনৈতিক বিকাশৰ আৰ্হি য’ত চৰকাৰী খণ্ড আৰু বেচৰকাৰী খণ্ড উভয়ৰে ওপৰত গুৰুত্ব প্রদান কৰা হয়।
9. শ্বেত বিপ্লৱ বুলিলে কি বুজা?
উত্তৰঃ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্রব্যক কেন্দ্ৰ কৰি সংঘটিত হোৱা পৰিৱৰ্তন বা বিপ্লৱক শ্বেত বা দুগ্ধ বিপ্লৱ বুলি কোৱা হয়।
10. সেউজ বিপ্লৱৰ দ্বাৰা লাভান্বিত হোৱা দুখন ৰাজ্যৰ নাম লিখা।
উত্তৰ: পঞ্জাৱ আৰু হাৰিয়ানা।
11. শ্বেত বিপ্লৱ কোনখন ৰাজ্যত আৰু কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ শ্বেত বিপ্লৱ গুজৰাট ৰাজ্যত 1970 দশকত সংঘটিত হৈছিল।
Short Question Answer
1. পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা?
উত্তৰঃ পৰিকল্পিত বিকাশ বা উন্নয়ন হল বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ জৰিয়তে সাধন কৰা বিকাশ বা উন্নয়ন সাধন কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাক পৰিকল্পিত বিকাশ বোলে।
2. পৰিকল্পনাৰ অৱকাশ বুলিলে কি বুজা?
উত্তৰঃ ভাৰতবৰ্ষৰ 1951 চনৰ পৰা প্ৰতি পাঁচ বছৰ মূৰে মূৰে একোটা পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰাৰ ব্যবস্থা আৰম্ভ হৈছিল যদিও তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তত পঞ্চবাৰ্ষিক পৰিকল্পনা সাময়িক ভাৱে স্থগিত ৰখা হৈছিল। ইয়াকে পৰিকল্পনা বিশ্ৰাম বা অৱকাশ বুলি কোৱা হয়।
ভাৰতৰ তীব্ৰ সংকটৰ বাবে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তত তিনিটা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰিবৰ্তে বাৰ্ষিক পৰিকল্পনাৰ গ্ৰহণ কৰা হৈছিল।
3. Plan holding কি ?
উত্তৰঃ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 চনত আৰম্ভ হৈছিল। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাক কেন্দ্ৰ কৰি দ্বিতীয় পঞ্চ বাৰ্ষিক পৰিকল্পনা (1956) আৰু তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা (1961) আৰম্ভ হোৱা লৈকে জনগণৰ মাজত যথেষ্ঠ উৎসা হ উদ্দীপনা বৰ্তি থাকিছিল। কিন্তু লাহে লাহে জনগণৰ মাজত পূৰ্বৰ উৎসাহ উদ্দপনা স্থমিত হব ধৰে । কিয়নো 1962 চনত ভাৰত আৰু চীনৰ সীমা বিবাদ সংগঠিত হৈছিল। 1964 চনত জৱাহলাল নেহেৰুৰ মৃত্যু হৈছিল আৰু দেশখনৰ অৰ্থনীতিও গভীৰ সংকটত পৰিছিল। সেয়ে লাহে লাহে জনগণৰ মাজত পৰিকল্পনা ব্যবস্থা আৰু অগ্ৰগতি লৈ দেশখনত সমালোচনা আৰম্ভ হৈছিল। কিন্তু 1966 চনত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হব লাগিছিল যদিও উল্লেখিত বিভিন্ন সমস্যা তথা সংকটৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পাঁচ বছৰৰ পৰিকল্পনা তিনি বছৰৰ বাবে স্থগিত ৰাখিছিল। এই স্থগিত ৰখা সময়ছোৱাক পৰিকল্পনাৰ বিশ্ৰাম তথা অৱকাশ নাইবা প্লান হল্ডিং বা প্লাণ হলিডে বুলি কোৱা হয়।
4. বোম্বে প্লেন কি ?
উত্তৰঃ 1944 চনত ভাৰতবৰ্ষৰ একাংশ উদ্যোগপতিয় – এ বোম্বে নগৰত মিলিত হৈ দেশখনৰ উদ্যোগ তথা অন্যান্য ক্ষেত্ৰ বোৰৰ বিকাশ সাধনৰ বাবে এখন আঁচনি বোম্বে প্লেন বা বোম্বে পৰিকল্পনা বুলি কোৱা হয়। এই আচঁনিৰ জৰিয়তে দেশৰ উদ্যোগিক খণ্ড বিকাশৰ বাবে চৰকাৰক সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছিল।
5. উৰিষ্যাৰ গাঁওবাসীয়ে কিয় posco প্ৰকল্পৰ বিৰোধিতা কৰিছিল?
উত্তৰঃ উৰিষ্যাৰ গাঁওবাসীয়ে posco প্ৰকল্প কৰাৰ বিৰোধিতা কৰাৰ কাৰণ আছিল – এই প্ৰকল্প স্থাপনৰ ফলত গাঁওবাসীয়ে নিজৰ বাসগৃহ আৰু খেতিপথাৰৰ পৰা বঞ্চিত তথা উচ্ছেদিত হোৱাৰ সম্ভাৱনা আছিল।
6. বাওঁপন্থী আৰু সোঁপন্থী বুলিলে কি বুজা?
উত্তৰঃ ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ ক্ষেত্ৰত সাম্যবাদী আৰ্হি তথা ৰক্ষণশীল আৰু দুখীয়া নিপীৰিত জনসাধাণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাক বাওঁপন্থী বুলি কোৱা হয়।
আনহাতে ধনিক শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত তথা উদাৰ পুঁজিবাদী আৰ্হিক সমৰ্থন কৰা সকলক সোঁপন্থী বুলি কোৱা হয়।
7. কেৰেলা আৰ্হি কি ? এই আৰ্হিত জৰিয়তে কি বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছিল?
উত্তৰঃ কেৰেলা আৰ্হি বা মডেল বুলি কলে কেৰেলা ৰাজ্যৰ বছৰেকীয়া পৰিকল্পনাক বুজায়। ভাৰতবৰ্ষৰ কেৰেলা চৰকাৰে বিকাশৰ বাবে গ্ৰহণ কৰা এটা আৰ্হি বা মডেল ই হৈছে কেৰেলা আৰ্হি।
এই আৰ্হিৰ জৰিয়তে কেৰেলা চৰকাৰে শিক্ষা, স্বাস্থ্য, ভূমি সংস্কাৰ, ফলপ্ৰসূ খাদ্য বিতৰণ আৰু দৰিদ্ৰতা নিবাৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।
8. পৰিকল্পনা বাজেট কি ?
উত্তৰঃ ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বাজেটক পৰিকল্পনা বাজেট বুলি কোৱা হয়, কিয়নো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উমৈহতীয়াকৈ পৰিকল্পনাৰ মাজেৰে প্ৰস্তুত কৰা বাজেটক পৰিকল্পনা বাজেট বুলি কোৱা হয়।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বাজেট প্ৰধানকৈ দুই ধৰণৰ যেনে পৰিকল্পনা বহিৰ্ভূত বাজেট আৰু পৰিকল্পনা অন্তৰ্ভূক্ত বাজেট।
যি বাজেট পৰিকল্পনা আৰু নিৰ্দিষ্ট আঁচনি অনুযায়ী প্ৰস্তুত কৰা হয় তাক পৰিকল্পনা বাজেট বুলি কোৱা হয়। আনহাতে যি বাজেট পৰিকল্পনা তথা নিৰ্দিষ্ট আঁচনিৰ মাজেৰে প্ৰস্তুত কৰা নহয় তাক পৰিকল্পনা বহিৰ্ভুত বাজেট বোলে।
9. পৰিকল্পনা আয়োগক কিয় সংবিধান বহীৰ্ভূত বিষয় বা নিকায় বুলি কোৱা হয়?
উত্তৰঃ 1950 চনত গঠিত পৰিকল্পনা আয়োগ সম্পৰ্ক এ ভাৰতীয় সংবিানৰ কোনো অংশত কোনো কথা উল্লেখ নাই। সেইবাবে পৰিকল্পনা আয়োগক সংবিধান বহীৰ্ভূত বা নিকায় বুলি কোৱা হয়।
10. দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষণিকৰ বা প্ৰস্তুত কাৰক কোন আছিল? এই পৰিকল্পনাৰ লক্ষ্য কি আছিল?
উত্তৰঃ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰিছিল এজন বিশিষ্ট পৰিসংখ্যা বিধ P.C Mahalanobis। তেওঁক ভাৰতীয় পৰিকল্পনা ব্যবস্থাৰ মূল ক্ষণীকৰ বুলিও কোৱা হয়।
দ্বিতীয় আৰু তৃতীয় পঞ্চবাৰ্শিক পৰিকল্পনাৰ মূল লক্ষ্য আছিল দ্ৰুত উদ্দোগিকৰণ।
11.খাদ্যৰ পর্যাপ্ততা নিশ্চিত কৰিববলৈ ভাৰতে কি ধৰণৰ নীতি গ্রহণ কৰিছিল ?
উত্তৰঃ খাদ্যৰ পর্যাপ্ততা নিশ্চিত কৰিবলৈ ভাৰতবৰ্ষই প্রধানত সেউজ বিপ্লবৰ নীতি গ্রহণ কৰিছিল। তাৰোপতি ভাৰতবর্ষই খাদ্য সংকট দূৰ কৰিবলৈ আমেৰিকাৰ পৰা আমদানিকৃত খাদ্য সামগ্ৰীৰ ভৰাল চহকী কৰিছিল।
Long Question Answer
1. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কোনে যুগুত কৰিছিল ?
উত্তৰঃ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰিছিল – K.N.Raj – নামৰ এজন যুৱ অৰ্থনীতি বিদ।
প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য আছিল দেশৰ কৃষিখণ্ডক শক্তিশালি কৰি তোলা। এই খণ্ডৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত সৰ্বাধিক ধনৰ আবণ্টন দিয়া হৈছিল।
প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষিৰ উন্নতিৰ বাবে আন কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰিছিল-
১। কৃশিষণ্ডৰ উন্নতিৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত জলসিঞ্চন ব্যবস্থাৰ প্ৰসাৰ ঘটোৱা ৰ বাবে বহুমুখী নদিবন্ধৰ স্থাপন ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
২। কৃশিষণ্ডত ক্ষেতিয়কেৰ মাজত কৃষিভূমি বিতৰণ সঠিকভাৱে হোৱাৰ ওপৰত প্ৰথম পঞ্চবাৰ্শিক পৰিকল্পনাই লক্ষ্য নিৰ্ধাৰণ কৰিছিল।
৩। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই জাতীয় আয় বৃদ্ধিৰ ওপৰত দি জনসাধাণৰ সঞ্চযৰ ওপৰত প্ৰাধান্যতা প্ৰদান কৰিছিল।
2. সেউজ বিপ্লৱ কি ই কেনেদৰে আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৬০ দশকৰ মাজ ভাগত ভাৰতবর্ষৰ কৃষিজাত সামগ্রীৰ উৎপাদন বৃদ্ধিৰ বাবে যি প্রচেষ্টা হাতত লোৱা হৈছিল তাকেই সেউজ বিপ্লৱ বুলি কোৱা হয়। সেই সময়ত ভাৰতে খাদ্য সকটৰ সন্মূখীন হব লগা হৈছিল আৰু সেয়ে আমেৰিকাৰ লগত খাদ্য সামগ্রিক আমদানি কৰ লৈ হৈছিল। এনে সময়ত আমেৰিকাই ভাৰতত বিভিন্ন নীতিত হস্তক্ষেপ কবিবলৈ আৰম্ভ কৰিছিল। তাৰোপৰিও ভাৰতবর্ষত বিভিন্ন প্ৰান্তত খৰাং বতৰে মাটিৰ উর্বৰতা হ্ৰাস কৰিছিল। এনে পৰিস্থিতিত ভাৰতে খাদ্য উৎপাদনৰ দ্বাৰা আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাৰে কৃষিখণ্ডত বৈজ্ঞোনিক কৗশল প্ৰবৰ্তনৰ বাবে অগ্ৰসৰ হ’বলৈ লয়। ভাৰতৰ খাদ্য সংকট দুৰ কৰিবলৈ খেতি পথাৰত উন্নত মানৰ বীজ ৰাসায়নিক সাৰৰ ব্যৱহাৰ জলসিঞ্চন ব্যৱস্থা তথা নতুন তথ্য প্ৰযুক্তিৰ প্ৰয়োগ কৰা হৈছিল। এনেদৰে কৃষিখণ্ডৰ আমূল পৰিবর্তন আনিবলৈ যিবিলাক নীতি হাতত লোৱা সেই নীতিবোৰক সেউজ বিপ্লৱ বুলি জনা যায়।
3. ভূমি সংস্কাৰ কি ? ভূমি সংস্কাৰৰ বিধান সমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত ব্ৰিটিছৰ পৰা যেতিয়া দেশৰ শাসন ভাৰ গ্ৰহণ কৰে তেতিয়া ভাৰত চৰকাৰে কৃষিভূমিৰ ক্ষেত্ৰত জমিদাৰী প্ৰথাৰ বিলোপ সাধন কৰি মাটিৰ উৰ্ধতম সীমা নিৰ্ধাৰণৰ জৰিয়তে কৃষক, শ্রমিক আৰু দৰিদ্র জনসাধাৰণক প্রয়োজনীয় ভূমি প্ৰদান কৰিবলৈ যি বৱস্থা গ্ৰহণ কৰিছিল সি আছিল ভূমি সংস্কাৰ ব্যবস্থা। ঔপনিৱেশিক ব্যৱস্থাত দ্বাৰা জমিদাৰি ব্যবস্থা বিলোপ সধন কৰাই কৃষিভূমিক নিয়ন্ত্ৰণ কৰিবলৈ ব্যবস্থা লোৱা হৈছিল।
ভূমি সংকাৰৰ বিধান সমূহঃ
(i) যতে ততে সিঁচৰিত ইৈ থকা ভূমিক একত্ৰিত কৰি তোলাৰ বাবে চেষ্টা চলোৱা হৈছিল।
(ii) চিলিং ব্যাৱস্থা প্ৰবৰ্তন কৰি এজন ব্যক্তিৰ হাতত সৰ্বাধিক কিমান ভূমি থাকিব পাৰিব তাৰ এটা সীমা নিৰ্ধাৰণ কৰি তাৰ জড়িয়তে অধিগ্ৰহণ কৰা ভূমি খিনি ভূমিহিন লোকক বিতৰণ কৰা হৈছিল।
(iii) আনৰ ভূমিত ক্ষেতিকৰা কৃষকক বিধিগতভাবে নিভাপত্তা প্ৰদানত জোড় দিয়া হৈছিল।
এনেদৰে ভূমি সংস্কাৰ নীতিষ জৰিয়তে কৃষিষণ্ডত উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চেষ্টা চলোৱা হৈছিল।
4.. বক্তিগত খণ্ড কি ? ৰাজহুৱা খণ্ডৰ পৰা ই কেনেদৰে পৃথক?
উত্তৰঃ যিবোৰ খণ্ডত চৰকাৰী নিয়ন্ত্ৰণ নাথাকে কেৱল ব্যক্তিগত ভাৱে পুঁজি বিনিয়গ কৰিব পাৰে তাকেই সাধাৰণ অর্থত ব্যক্তিগত খণ্ড বোলে।
(i) ব্যক্তিগত খণ্ডই পুঁজিবাদী আৰ্হি সমৰ্থন তথা অনুসৰণ কৰে আনহাতে ৰাজহুৱা খণ্ডই সমাজবাদী আৰ্হি সমৰ্থন কৰে।
(ii) বক্তিগত খণ্ডই ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ কাম কৰিব পাৰে। আনহাতে, ৰাজহুৱা খণ্ডই ৰাষ্ট্ৰীয় নিয়ন্তৰণাধীন আৰু চৰকাৰী নীতি নিয়মৰ দ্বাৰা পৰিচালিত হয়।
5.. 1965 আৰু 1967 সময়ৰ চোৱাত বিহাৰৰ খাদ্য সংকটৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় ৰাজনীতি আৰু অর্থনীতিৰ বাবে 1960 ৰ দশকটো আছিল এক মহা দুৰ্যোগৰ সময়। চীনৰ সৈতে ১৯৬২ চনত হোৱা যুদ্ধ আৰু ১৯৫৫-৬৭ ৰ সময় চোৱাত খৰাং বতৰে ভাৰতীয় অৰ্থনীতিক জুৰুলা কৰি পেলাইছিল। এনে সংকটৰ সময়ত দেশৰ চুকে–কূনে এক দুর্ভিক্ষ সম পৰিস্থিতিহে দেখা দিছিল। ১৯৫৫-৬৬ চনত প্ৰচুৰ পৰিমাণে হ্রাস পোৱা বৰষুণৰ ফলত ভাততবর্ষৰ বিভিন্ন প্ৰান্তত কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ কমি আহিছিল ফলত ভাৰতবৰ্ষত বিহাৰ ৰাজ্যত বিশেষভাবে খাদ্য শস্যৰ নাটনী হৈছিল। লগতে আন আন অঞ্চলত ইয়াৰ বাপক প্ৰভাৱ পৰিছিল। ফলত ভাৰতবৰ্ষৰ বিহাৰৰ লগতে আন কিছুমান অঞ্চলত ব্যাপক মূল্য বৃদ্ধিয়ে জনগণৰ জীৱন যাপনতে ব্যাঘাত জন্মাইছিল। এনে পৰিস্থিতিত ভাৰত চৰকাৰে পঞ্চবাৰ্ষিক পৰিকল্পনা বন্ধ ৰাখিছিল। খাদ্য সংকটৰ ফলত সৃষ্টি হোৱা বিপদক ৰক্ষা কৰিবলৈ আমেৰিকাই আগবঢ়োৱা অৰ্থ সাহায্য ও পাক ভাৰত যুদ্ধৰ বাবে বাতিল কৰা হৈছিল।
এনেদৰে ভাৰত চৰকাৰে সময়ে সময়ে বিভিন্ন সমস্যাৰ সম্মুখীন হৈছিল। সেয়ে ভাৰতবৰ্ষই সম্মুখীন হোৱা এই আটাইবোৰ সমস্যা সমাধান কৰিবলৈ আত্ম নিৰ্ভৰ শিল নীতি প্ৰবৰ্তনৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি উলয়াইছিল।
6. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল বিষয়বস্তু সমূহ কি কি ? ই দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা কিদৰে পৃথক ?
উত্তৰঃ ১৯৫১ চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভ হৈছিল। এই পৰিকল্পনাৰ জৰিয়তে দেশৰ অৰ্থনৈতিক টনকিয়াল কৰিব বিচৰা হৈছিল। এই পৰিকল্পনাত মূলত কৃশিখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। কৃষিৰ উন্নতিৰ বাবে বান্ধ নিৰ্মাণ আৰু জলসিঞ্চনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত “ ভাক্ৰা নাঙল” বান্ধ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। তাৰোপৰি কৃষি খণ্ডৰ বিকাশৰ বাবে ভূমি বিভাজন নীতি টোক অন্যতম বাধা হিচাপে এই পৰিকল্পনাই চিনাক্ত কৰিছিল। সেইবাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত ভূমি সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
পাৰ্থক্য:
১। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই মূলতঃ কৃশিষণ্ডৰ ওপৰত গুৰুত্ব দিছিল। আনহাতে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত গধূৰ তথা দ্ৰুত উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব দিছিল।
২। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ স্থপতি হিচাপে K.N Raj নামৰ যুব অৰ্থনীতিবিদ এ পৰিকল্পনাৰ খচৰা যুগুত কৰিছিল। আনহাতে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জনক হিচাপে P.C Mohalanbis এ পৰিকল্পনা আৰ্হি যুগুত বা প্ৰস্তুত কৰিছিল।
7. পৰিকল্পনা আয়োগৰ কাৰ্যাৱলী উল্লেখ কৰা।
উত্তৰঃ ১৯৫০ চনৰ মাৰ্চ মাহত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আৰু কাৰ্যাৱলী তলত দিয়া ধৰণে বাখ্যা কৰা হয় –
১। সকলো নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত গুৰুত্ব আৰোপ কৰা।
২। পৰিকল্পনাৰ জৰিয়তে জাতীয় আয় বৃদ্ধিৰ বাবে অৰ্থনৈতিক বিকাশৰ ওপৰত জোৰ দিয়া।
৩। সম্প্ৰদায় সমূহৰ উৎপাদিত সম্পদৰ অধিকাৰ আৰু নিয়ন্ত্ৰণ জনসাধাৰণৰ হিতৰ হকে সুৰক্ষিত কৰি ৰখা।
৪। সম্পদৰ সদ ব্যবহাৰৰ ওপৰত পৰিকল্পনা আয়োগে গুৰুত্ব প্ৰদান কৰি দেশৰ স্বাৰ্থ সুৰক্ষিত কৰা।
৫। অৰ্থনৈতিক অসমতা হ্ৰাস কৰিবলৈ গুৰুত্ব প্ৰদান কৰা।
৬। বিভিন্ন জনকল্যান মূলক আচনিৰ জৰিয়তে দৰিদ্ৰ দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান আদি কাৰ্য পন্থা গ্ৰহন কৰা।
৭। সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে নূন্যতম প্ৰয়োজনখিনি যাতে দেশৰ সকলো জনসাধাৰণে লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।
৮। পঞ্চবাৰ্ষিক পৰিকল্পনাই আঞ্চলিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ পিছপৰা অঞ্চলৰ বিকাশ সাধন কৰা।
৯। ৰাজ্য সমূহৰ দ্ৰুত গতিত বিকাশৰ জৰিয়তে সমতা স্থাপন কৰিবলৈ গুৰুত্ব প্ৰদান কৰা।
8. শ্বেত বিপ্লৱৰ বিষয়ে টোকা লিখা।
নাইবা
গুজৰাটৰ দুগ্ধ বিপ্লৱৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতত বিশেষকৈ গুজৰাটত আৰম্ভ হোৱা বিপ্লৱক শ্বেত বিপ্লৱ বুলি জনা যায়। এই বিপ্লৱৰ অন্যতম নেতা হল ভাৰ্গিজ কুৰেইন আৰু তেওঁক ভাৰতবৰ্ষৰ দুগ্ধ মানৱ বুলি জনা যায়। এই বিপ্লৱত আটাইতকৈ গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰা কোম্পানী টো হল ‘Amul’ । ‘Amul’ – ৰ সম্পূৰ্ণ ৰূপ হৈছে – ‘ Anand Milk Union Limited’ । ১৯৭০ দশকত ভাৰত চৰকাৰে গ্ৰাম্য অঞ্চলৰ বিকাশৰ বাবে ‘Operation Flood’ নামেৰে এখন আঁচনি আৰম্ভ কৰিছিল। এই আচঁনিৰ জৰিয়তে অধিক দুগ্ধ উৎপাদনৰ লক্ষ্য আগত ৰাখি দেশ জুৰি দুগ্ধ উৎপানকাৰী সকলক সংগঠিত কৰা হৈছিল। ‘Operation Flood’ নামৰ এই আচঁনিৰ মূল উদ্দেশ্য আছিল দুগ্ধ উৎপাদন বৃদ্ধি কৰা। মধ্যভাগী আঁতৰাই উৎপাদক আৰু গ্ৰাহকৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰা আৰু গোটেই বছৰ ধৰি উৎপাদকৰ উপাৰ্জন নিশ্চিত কৰা। ‘Operation Flood’ আঁচনি এ দুগ্ধ উৎপাদনৰ এটা পথ হিচাপে গাঁওৰ পৰিয়াল বোৰৰ নিয়োগ আৰু উপাৰ্জন বৃদ্ধিৰ লগতে দৰিদ্ৰতা নিবাৰণৰ উপায় হিচাপে গ্ৰহণ কৰা হৈছিল।
9. বিকাশৰ ধাৰণাসমূহ চমুকৈ বর্ণনা কৰা।
উঃ বিকাশ হ’ল এক প্রকাৰৰ উন্নয়ন। যি জনমূৰি আয়ৰ বৃদ্ধিৰ লগতে উদ্যোগীকৰণ, নগৰীকৰণ, শ্রম বিভাজন আৰু বিনিয়োগ বৃদ্ধিক বুজায়। বিকাশৰ অন্যতম লক্ষ্য হল জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰা। বিকাশৰ কোনো এটা সার্বজনীন ধাৰণা বা সূত্ৰ নাই। তাৰ পৰিবর্তে বিভিন্ন জনৰ বাবে ভিন্ন পৰিস্থিতিত বিকাশে ভিন্ন অর্থ প্রকাশ কৰে। উদাহৰণ স্বৰূপে উত্তৰ-পূব ভাৰতত নির্মাণ কৰিব লগীয়া নদীবান্ধ ভাৰত চৰকাৰ আৰু উদ্যোগপতি সকলৰ বাবে বিকাশৰ প্রতীক। কিন্তু এই বান্ধৰ দ্বাৰা ক্ষতিগ্রস্ত লোকসকলৰ বাবে ই ধ্বংসৰহে প্রতীক। গতিকে ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছৰ পৰাই বিকাশৰ ধাৰণাটোক লৈ বির্তক হৈ আহিছে। সাধাৰণতে বিকাশ বুলি কলে আমাৰ মনলৈ তলত দিয়া ধাৰণাবোৰ আহে।
- আধুনীকিকৰণ
- উৎপাদন বৃদ্ধি
- উদ্যোগীকৰণ
- উচ্চ প্রযুক্তিৰ ব্যৱহাৰ
- প্রতিযোগিতামূলক অর্থনীতি
বিকাশৰ এই ধাৰণাটো আহিছে পশ্চিমীয়া দেশসমূহৰ পৰা। কাৰণ বিকাশ বুলি কলেই আমি সেই দেশসমূহৰ ফালে চাও আৰু তাক মাপকাঠি হিচাপে লৈ পৃথিবীৰ দেশসমূহক, উন্নত, উন্নয়নশীল আৰু অনুন্নত এই তিনিটা স্তৰত ভাগ কৰা হৈছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত পৃথিবীত প্রধানঃ দুই ধৰণৰ বিকাশ আর্হি প্রচলিত আছিল – পুজীবাদী আৰু সমাজবাদী আর্হি। ভাৰতবর্ষৰ ক্ষেত্রত যদিওবা সমাজবাদী আদর্শ গ্রহণ কৰা হৈছিল তথাপি ব্যক্তিগত উদ্যোগী বা পুজীৰ অংশগ্রহণ সম্পূৰ্ণ ৰূপে নাকচ কৰা নাছিল। স্বাধীনতাৰ পাছত ভাৰতবর্ষই গ্রহণ কৰা বিকাশৰ আৰ্হি মূল বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি –
- মিশ্ৰ অর্থনীতি
- উৎপাদন আৰু বিতৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰা
- উদ্যোগীকৰণ আৰু কৃষিখণ্ডৰ বিকাশৰ ওপৰত সম গুৰুত্ব
- পৰিকল্পিত বিকাশ
ভাৰতবৰ্ষই গ্রহণ কৰা এই বিকাশৰ আর্হিত বর্তমান নানা প্রত্যাহ্বানৰ সম্মুখীন হৈছে। ইতিমধ্যে 1991 চনত সূচনা কৰা অর্থনৈতিক সংস্কাৰ নীতিয়ে উৎপাদন আৰু বিতৰণৰ মাজত সৃষ্টি কৰিব খোজা ভাৰসাম্যৰ লক্ষ্য পৰিহাৰ কৰিছে। অন্যহাতে কেন্দ্রীয়ভাৱে নিয়ন্ত্রিত পৰিকল্পিত বিকাশৰ আর্হিকো সমাজৰ বিভিন্ন স্তৰৰ পৰা প্রত্যাহ্বান জনোৱা হৈছে।
10. পৰিকল্পনা বুলিলে কি বুজা? ইয়াৰ গুৰুত্ব আলোচনা কৰা।
উঃ- অতি সাধাৰণ অর্থত পৰিকল্পনা বুলি কলে কোনো এটা কাম সুচাৰুৰূপে সম্পাদন কৰিবলৈ বা কৰিবৰ বাবে নির্দিষ্ট কর্তৃপক্ষই আগতীয়াকৈ সু- সংগঠিত আঁচনি বা কার্য ব্যৱস্থা গ্রহণ কৰা। এনে কার্য ব্যৱস্থাসমূহকে পৰিকল্পনা বুলি কোৱা হয়। পৰিকল্পিত বিকাশ হ’ল-বিকাশৰ এটা আৰ্হি বা পৰিকল্পনাৰ জৰিয়তে সাধন কৰা বিকাশ। অর্থাৎ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ’ব ইয়াৰ এক পৰিকল্পনা অথবা আৰ্হি প্রস্তুত কৰাকে পৰিকল্পিত বিকাশ আখ্যা দিয়া হয়।
এখন ৰাষ্ট্রৰ অর্থনৈতিক বিকাশত পৰিকল্পনাৰ যথেষ্ট গুৰুত্ব আছে। শক্তিশালী আৰু সু-সংহত পৰিকল্পনাৰ জৰিয়তেহে এখন ৰাষ্ট্রৰ সামগ্রীক দিশত সর্বাধিক বিকাশ সম্ভৱ হয়। তলত পৰিকল্পনাৰ গুৰুত্ব আলোচনা কৰা হ’ল-
(ক) অর্থনৈতিক সম্পদৰ সু–ব্যৱহাৰঃ– অর্থনৈতিক সম্পদৰ সু-ব্যৱহাৰৰ ক্ষেত্রত পৰিকল্পনাই যথেষ্ট সহায় কৰে। ই সীমিত উৎসৰ জৰিয়তে নূন্যতম প্রয়োজনীয়তাসমূহ পূৰণ কৰাত গুৰুত্ব আৰোপ কৰে।
(খ) মৌলিক প্রয়োজনীয়তা পূৰণঃ– পৰিকল্পনাৰ উৎপাদন আৰু বিতৰণ ব্যৱস্থাটো এনেধৰণে সজোৱা হয় যাতে সমাজৰ সকলো শ্ৰেণীৰ জনগণত মৌলিক প্রয়োজনীয়তাসমূহ পূৰণ হয়।
(গ) নির্দিষ্ট সময়ৰ ভিতৰত নির্ধাৰিত কার্য সম্পাদনঃ– পৰিকল্পনাই নির্দিষ্ট সময়ৰ ভিতৰত নির্ধাৰিত কার্যসমূহ সম্পাদন কৰিবলৈ আমাক সহায় কৰে।
(ঘ) সামাজিক বিকাশৰ সহায়কঃ– পৰিকল্পনাই নিৰক্ষৰতা, দৰিদ্রতা, ইত্যাদি বিভিন্ন সামাজিক সমস্যা সমাধান কৰি পৰিপূর্ণ বিকাশত যথেষ্ট সহায় কৰে।
(ঙ) সন্তুলিত অর্থনৈতিক বিকাশঃ– পৰিকল্পনাৰ জৰিয়তে উৎপাদন ব্যৱস্থাৰ সম বিতৰণৰ জৰিয়তে সকলো শ্রেণীৰ লোক সমানে উপকৃত হোৱাৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়। ই জনগণক অর্থনৈতিক সমতা আৰু স্বাধীনতা প্রদানেৰে সকলো শ্রেণীৰ সন্তুলিত অর্থনৈতিক বিকাশ সাধনৰ চেষ্টা কৰা হয়।
ওপৰত উল্লেখ কৰা সমূহেই হৈছে পৰিকল্পনাৰ গুৰুত্ব।
11. পৰিকল্পনা আয়োগৰ গঠন ব্যাখ্যা কৰা। পৰিকল্পনা আয়োগৰ মূল কার্যসমূহ উল্লেখ কৰা।
উত্তৰ 1950 চনৰ 25 জানুৱাৰীত কংগ্ৰেছ কার্যকৰী সমিতিৰ এক অধিবেশনত পৰিকল্পনা আয়োগ গঠনৰ প্রস্তাৱ গ্রহণ কৰা হয়। এই প্রস্তাৱ মর্মে 1950 চনৰ 15 মার্চত পৰিকল্পনা আয়োগ গঠন কৰা হয়। ভাৰতবর্ষৰ প্রধানমন্ত্রীক সভাপতি হিচাপে লৈ এই আয়োগ গঠন কৰা হয়। ই এক স্বতন্ত্র সমিতি। যত 4 ৰ পৰা 10 জন সদস্য থাকে। এই সদস্যসকলৰ নেতৃত্বত ভাৰতৰ সামগ্রীক উন্নয়নৰ বাবে 5 বছৰীয়া পৰিকল্পনা গ্রহণ কৰা হৈছিল।
পৰিকল্পনা আয়োগৰ মূল কার্যসমূহ তলত উল্লেখ কৰা হ‘ল–
(i) সম্পদৰ সু–সমীক্ষাঃ– পৰিকল্পনা আয়োগৰ এটা প্রধান কার্য হৈছে দেশৰ সম্পদ (প্রাকৃতিক, মানৱ সম্পদ), মূলধন ইত্যাদিৰ সমীক্ষা সংগ্রহ কৰি এখন সমৃদ্ধিশালী তথা অর্থনৈতিকভাবে প্রগতিশীল ৰাষ্ট্র গঠনৰ বাবে ইয়াৰ সু ব্যৱহাৰ বাস্তৱত কার্যকৰী কৰা।
(ii)পৰিকল্পনা প্রস্তুত কৰণ – ভাৰতৰ পৰিকল্পনা আয়োগৰ অন্য এটি প্রধান কাম হৈছে 5 বছৰীয়া পৰিকল্পনাৰ জৰিয়তে ৰাষ্ট্ৰৰ সামগ্রীক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা।
(iii) পৰিকল্পনা বাস্তৱত কার্যকৰীকৰণ:- কেৱল পৰিকল্পনা প্ৰস্তত কৰণতেই আয়োগৰ কার্য সীমাবদ্ধ নহয়। ইয়াক বাস্তৱত কার্যকৰী কৰাৰ জৰিয়তে সাধাৰণ জনগণক উপকৃত কৰাতো পৰিকল্পনা আয়োগৰ এটা প্রধান কাম।
(iv) আঞ্চলিক বিকাশঃ– স্বাধীনতাৰ সময়ত ভাৰতত বিকাশৰ ভাৰসাম্য নাছিল। সেয়ে পৰিকল্পনা আয়োগে পৰিকল্পনা কার্যকৰী কৰণৰ জৰিয়তে তুলনামূলক ভাৱে পিছ পৰি থকা অঞ্চলসমূহৰ দ্রুত বিকাশ সাধন কৰি আঞ্চলিক ভাৰসাম্য ৰক্ষা কৰে।
(v) সামাজিক ন্যায় প্রতিষ্ঠাঃ– পৰিকল্পনা আয়োগে পৰিকল্পনাৰ বাস্তবায়িত কৰণৰ জৰিয়তে সামগ্রীক জনগণৰ নূন্যতম প্রয়োজনীয়তাসমূহ পূৰণৰ জৰিয়তে সামাজিক সমতা আৰু ন্যায় প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰে।
12. পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। বৰ্তমান পৰিকল্পনা আয়োগ পৰিবৰ্তে গঠন কৰা সংগঠনটোৰ নাম কি? (HS 2019)
উত্তৰ- ভাৰতৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। এই বিষয়ে তলত উল্লেখ কৰা হ’ল
(ক) পৰিকল্পনা আয়োগে দেশৰ বিকাশৰ ক্ষেত্ৰত প্রয়োজনীয় সকলো পৰিকল্পনা প্রস্তুত কৰে।
(খ) পৰিকল্পনা আয়োগে দেশৰ সামগ্রী, পুঁজি, মানৱ সম্পদৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
(গ) ভাৰতৰ দৰে এখন তৃতীয় বিশ্বৰ দেশৰ সকলো স্তৰৰ জনসাধাৰণৰ মৌলিক প্রয়োজনসমূহ পূৰণৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগৰ ভূমিকা উল্লেযোগ্য।
(ঘ) পৰিকল্পনা আয়োগে ভাৰতৰ পৰা নিৰক্ষৰতা, দৰিদ্ৰতা আদিৰ লগতে বিভিন্ন সামাজিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিছিল।
পৰিকল্পনা আয়োগৰ সলনি গঠন কৰা সংগঠনটোৰ নাম হ’ল- নীতি আয়োগ।
13. দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত উদ্ভৱ হোৱা বিতর্ক বর্ণনা কৰা। (HS 2018, 2020)
উত্তৰঃ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশক কেন্দ্ৰ কৰি পৰিকল্পনাকাৰীসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল। কিয়নো পৰিকল্পনাকাৰীসকলে উদ্যোগীক খণ্ডৰ নে কৃষিখণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব দিব সেই বিষয় লৈ বিশৃংখলতাৰ সৃষ্টি হৈছিল। কিছুসংখ্যকে পৰিকল্পনাকাৰীয়ে উদ্যোগীকৰণৰ সপক্ষে যুক্তি দি কৈছিল প্রাকৃতিক আৰু মানৱ সম্পদত চহকী ভাৰত উদ্যোগীকৰণৰ বাবে উপযুক্ত।আনহাতে, আন কিছুসংখ্যকে যুক্তি দিছিল যে কৃষিজীৱি ভাৰতত কৃষিখণ্ডক অৱহেলা কৰিব নোৱাৰি অথচ কৃষিখণ্ডত অধিক গুৰুত্বহে প্রদান কৰিব লাগে। এনেদৰে কৃষিখণ্ড আৰু উদ্যোগীক খণ্ডৰ বিকাশক লৈ বিতর্ক সৃষ্টি হৈছিল।
14. ভাৰতত পৰিকল্পনাৰ উদ্দেশ্যসমূহ আলোচনা কৰা। (HS 2016)
উত্তৰঃ ভাৰতত পৰিকল্পনাৰ উদ্দেশ্যসমূহ তলত আলোচনা কৰা হ’ল-
(i) জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা।
(ii) দেশৰ সকলো সম্পদৰ উপযুক্ত আৰু সদ ব্যৱহাৰ কৰা।
(iii) ভাৰতৰ সকলো ৰাজ্য বা সকলো অঞ্চলৰ সমানে বিকাশ সাধন কৰা।
(iv) অর্থনৈতিক বিকাশত সহায়ক হোৱাকৈ দেশৰ জাতীয় আয় বৃদ্ধি কৰা।
(v) অর্থনৈতিক অসমতা দুৰ কৰা আৰু সামাজিক ন্যায় প্রতিষ্ঠা কৰাটোও পৰিকল্পনাৰ এটা উদ্দেশ্য।
15. সেউজ বিপ্লৱৰ দুটা যোগাত্মক আৰু দুটা ঋণাত্মক ফলাফল লিখা। (HS 2023)
উত্তৰ: সেউজ বিপ্লৱৰ দুটা যোগাত্মক ফলাফল হল –
ক) উৎপাদনৰ বৃদ্ধি।
খ) ৰপ্তানি বৃদ্ধি।
সেউজ বিপ্লৱৰ দুটা ঋণাত্মক ফলাফল-
ক) সেউজ বিপ্লৱৰ ফলস্বৰূপে গ্ৰাম্যাঞ্চলৰ ধনী শ্ৰেণীৰ লোকৰ হাতত দহ শতাংশ সম্পত্তি কেন্দ্রীভূত হৈ পৰে।
খ)সেউজ বিপ্লৱৰ ফলস্বৰূপে মাটিৰ গুণাগুণ হ্রাস পালে।
16. পৰিকল্পিত বিকাশ মানে কি? ভাৰতৰ বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। (HS 2022, 2018, 2016, 2012)
উত্তৰঃ পৰিকল্পিত বিকাশ মানে হল বিকাশৰ সেইটো আৰ্হি য’ত কি ধৰণে কেনেদৰে বিকাশ সাধন হ’ব তাৰ ওপৰত কৰা এক পৰিকল্পনা প্ৰস্তুত কৰা।
ভাৰতৰ বিকাশত পৰিকল্পনা আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে। তলত পৰিকল্পনা আয়োগে গ্রহণ কৰা ভূমিকা আলোচনা কৰা হ’ল-
(i) পৰিকল্পনা আয়োগে ভাৰতৰ বিকাশৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা কৌশল সমূহ গ্ৰহণ কৰি বিকাশিত ভাৰতবৰ্ষ গঢ়াৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছে।
(ii) পৰিকল্পনা আয়োগে ভাৰতে সন্মুখীন হোৱা সমস্যাসমূহ যেনে নিবনুৱা সমস্যা, দৰিদ্ৰতা, দুর্ভিক্ষ আদি নির্মূল কৰাৰ উপযুক্ত উপায় উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে।
(iii) পৰিকল্পনা আয়োগে ভাৰতৰ আধুনীকিকৰণৰ বাবে কৃষি, আৰু উদ্যোগীক খণ্ডৰ বিকাশৰ বাবে পাঁচ বছৰীয়া আৰু এবছৰীয়া পৰিকল্পনা গ্রহণ কৰিছে।
(iv) পৰিকল্পনা আয়োগে ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে জাতীয় বৃদ্ধি, জীৱন ধাৰণৰ মানদণ্ড উন্নীতকৰণ আদিৰ ওপৰত গুৰুত্ব দি আহিছে।
গতিকে, দেখা যায় যে পৰিকল্পনা আয়োগে ভাৰতৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে।
17. স্বাধীনতাৰ পিছত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতর্ক সমূহ আলোচনা কৰা। (HS 2013, 2015, 2017)
উত্তৰঃ স্বাধীনতাৰ পিছৰ সময়ছোৱাত পৰিকল্পিত বিকাশক লৈ পৰিকল্পনাকাৰী সকলৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল। তলত এই বিতৰ্কসমূহ আলোচনা কৰা হ’ল-
(i) কৃষি বনাম উদ্যোগ: দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনাকাৰীসকলে ভাৰতে কৃষিৰ ওপৰত অধিক গুৰুত্ব দিবনে উদ্যোগীক খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিব তাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল অর্থাৎ উদ্যোগীক খণ্ডৰ ওপৰত গুৰুত্ব দিলেও কৃষি খণ্ডক যাতে অবজ্ঞা কৰা নহয় তাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।
(ii) ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ড: মিশ্র অর্থনীতিৰ ফলস্বৰূপে ভাৰতে ব্যক্তিগত আৰু চৰকাৰী খণ্ড উভয়ৰে ওপৰত গুৰুত্ব দিছিল যদিও পৰিকল্পনাকাৰীসকলে ব্যক্তিগত খণ্ডক প্রয়োজনীয় সুযোগ সুবিধা আগবঢ়োৱা নাই বুলি সমালোচনা কৰে।কিন্তু ইয়াৰ পৰিৱৰ্তে চৰকাৰী খণ্ডৰ ওপৰত প্রয়োজনতকৈ অধিক গুৰুত্ব দি আহিছে। ফলত ইয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।
(iii) কেন্দ্রীভূত পৰিকল্পনা বনাম গণবিতুষ্টি: ভাৰতৰ পৰিকল্পনা আয়োগত ভাৰতৰ সকলো অঞ্চলৰ লোক অন্তর্ভুক্ত হোৱা নাছিল। যাক লৈ জনগণৰ মাজত অসন্তুষ্টি আৰু বিতৰ্কৰ সৃষ্টি হৈছিল।
18.. সেউজ বিপ্লৱ বুলিলে কি বুজা? ইয়ান ফলাফলবোৰ লিখা। (HS 2014, 2016, 2017, 2018, 2020)
উত্তৰ: 1960 দশকত ভাৰতত হোৱা খাদ্য সংকটৰ ফলস্বৰূপে ভাৰতবর্ষ আমেৰিকাৰ ওপৰত নির্ভৰ কৰিব লগা হৈছিল। আমেৰিকা ইয়াৰ সুবিধা গ্ৰহণ কৰি ভাৰতৰ বিভিন্ন নীতিত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত ভাৰতে খাদ্যৰ ক্ষেত্রত আত্ম নির্ভৰশীল হবলৈ সিদ্ধান্ত লৈ কৃষি খণ্ডত নতুন কৌশল প্ৰবৰ্তন কৰে। 1960 দশকৰ মাজভাগৰ পৰা ভাৰতত পৰম্পৰাগত পুৰণি কৃষি-কৌশলৰ সলনি আধুনিক প্রযুক্তিবিদ্যা, উন্নত বীজ, সাৰ আৰু জলসিঞ্চনৰ ব্যৱহাৰৰ দ্বাৰা কৃষি খণ্ডৰ আমোল পৰিবর্তন সাধন হয়। যাক সেউজ বিপ্লৱ আখ্যা দিয়া হয়। সেউজ বিপ্লৱৰ পিতৃ হৈছে নর্মান বৰলাউগ। 2006 চনত ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষন সমানেকে বিভূষিত কৰে।
সেউজ বিপ্লৱৰ ফলাফলসমূহ তলত দিয়া ধৰণৰ-
(i) ভাৰতৰ বহু ঠাইত ভূ-স্বামীসকলে কৃষকসকলক শোষণ কৰাৰ ফলত কৃষিৰ উৎপাদন ব্যাপকভাৱে নিম্নগামী হৈছিল। কিন্তু ভূ-সংস্কাৰ আৰু কৃষিখণ্ডৰ আধুনিকীকৰণে ভাৰতবৰ্ষৰ মধ্যমীয়া কৃষকসকলক ব্যাপকভাবে উপকৃত কৰে।
(ii) ভাৰতীয় সমাজ ব্যৱস্থাত প্ৰচলিত ধনী আক দুখীয়া কৃষকৰ মাজত থকা বৈষম্য সেউজ বিপ্লৱৰ জৰিয়তে নির্মূল কৰিবলৈ ভাৰত চৰকাৰ সক্ষম হয়।
(iii) জাতীয় কংগ্রেছ দলক সেউজ বিপ্লৱে পুনৰ এক জনপ্রিয় ৰাজনৈতিক দল হিচাপে প্রতিষ্ঠিত কৰায়।
(iv) কৃষিজাত দ্রব্যৰ উৎপাদনত ভাৰতবর্ষ স্বাৱলম্বী হয়। বিশেষকৈ ধান আৰু ঘেঁহু উৎপাদনত সেউজ বিপ্লৱৰ জৰিয়তে ভাৰতবৰ্ষ ব্যাপকভাবে সফল হয়।
এইবোৰেই হৈছে সেউজ বিপ্লৱৰ মূল ফলাফল।
19. পঞ্চবার্ষিক পৰিকল্পনা বুলিলে কি বুজা? প্রথম পঞ্চমবার্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যেসমূহ আলোচনা কৰা।
উত্তৰ: পৰিকল্পনা এক ব্যৱস্থা বা কৌশল। যাৰ সহায়ত চৰকাৰে ৰাষ্ট্ৰৰ সামগ্রীক জনগণৰ সর্বাধিক উন্নয়ন সাধন কৰিবলৈ কার্যসূচী গ্রহণ কৰে। স্বাধীন ভাৰত চৰকাৰে এই পৰিকল্পনাসমুহৰ বাস্তৱ ৰূপ দিয়াৰ বাবে পৰিকল্পনা আয়োগ গঠন কৰে।এই আয়োগে ভাৰতবর্ষৰ সবাঙ্গীন উন্নয়নৰ বাবে ৫ বছৰীয়া পৰিকল্পনা প্রস্তুত কৰে। ইয়াকে পঞ্চবার্ষিক পৰিকল্পনা বোলে। ৫ বছৰীয়া এই পৰিকল্পনাত চৰকাৰৰ সকলো ধৰকাৰ আয়, ব্যয় তথা উন্নয়নৰ সকলো আঁচনি বাজেটত অন্তভুক্ত কৰা হয়। ছোভিয়েট সংঘৰ ৰাজ্যৰ আর্হিত গঠিত ভাৰতৰ এই পঞ্চবার্ষিক পৰিকল্পনাৰ মুখ্য পথ প্রদর্শক হৈছে ‘ ৰাষ্ট্রীয় উন্নয়ন পৰিষদ’। পঞ্চবার্ষিক পৰিকল্পনাৰ মুখ্য ব্যবস্থাপক হৈছে ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰু।
প্রথম পঞ্চবার্ষিক পৰিকল্পনা 1951-56 চনলৈ কার্যকৰী হোৱাকৈ ভাৰতৰ যুৱ অর্থনীতিবিদ K. N. Raj য়ে প্রস্তুত কৰিছিল। এই পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত বিভাজনৰ ফলস্বৰূপে অৱনতি ঘটা ভাৰতীয় অর্থনীতিৰ পুনৰ উদ্ধাৰ আৰু সামগ্রীক জনগনৰ উন্নয়নৰ জৰিয়তে গণতান্ত্রিক ব্যৱস্থা সফলভাৱে কার্যকৰী কৰা। ইয়াৰ মুখ্য উদ্দেশ্যসমৃদ্ধ তলত আলোচনা কৰা হল –
(i) কৃষিখণ্ডৰ উন্নয়ন সাধন:- প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ এটা প্রধান উদ্দেশ্য আছিল কৃষিখণ্ডৰ উন্নয়ন সাধন। সেয়েহে এই পৰিকল্পনাত নদী বান্ধ প্রস্তুতকৰণ আৰু জলসিঞ্চনৰ বাবে অধিক ধন ব্যয় কৰা হৈছিল। এই পৰিকল্পনাতে বৃহৎ নন্দীবান্ধ ভাক্ৰা- নাংগল প্রস্তুত আৰু ভূমি সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।ইয়াৰ জৰিয়তে খাদ্য-শস্য আৰু অনান্য কৃষিজাত দ্ৰব্যৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছিল।
(ii) ৰাষ্ট্রীয় আয় উন্নতকৰণৰ প্ৰয়াস:- প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ আন এটা প্রধান উদ্দেশ্য হল ৰাষ্ট্রীয় আয় বৃদ্ধি কৰা। বিখ্যাত অর্থনীতিবিদ শংকৰ ঘোষে তেওঁৰ গ্ৰন্থ ‘Changing India’ প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ বিষয়ে বহুলভাৱে উল্লেখ কৰি কৃষিখণ্ডৰ উন্নয়নৰ জৰিয়তে ৰাষ্ট্রীয় আয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই উদ্দেশ্যত পৰিকল্পনা প্রনেতাসকল কিছু পৰিমানে হলেও সফল হৈছিল আৰু সেইসময়ত ৰাষ্ট্রীয় আয় 6% বৃদ্ধি হৈছিল।
ওপৰত উল্লেখ কৰা দুটাই হৈছে প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ মূখ্য উদ্দেশ্য। বাস্তৱ ক্ষেত্ৰত এই পৰিকল্পনা সফলভাৱে ৰূপায়িত হৈছিল আৰু সাধাৰণ জনগণ ইয়াৰ জৰিয়তে বহু উপকৃত হৈছিল।
-0000-
Last Word
We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 3 – “পৰিকল্পিত বিকাশৰ ৰাজনীতি” Politics of Planned Development Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.