Here We have provided, you ASSEB/AHSEC Class 12 Political Science Chapter – 2 জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান (Challenges of Nation Building) PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 2 জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান (Challenges of Nation Building) PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি Solutions for All Subject, You can practice these here.
In this post, we have provided Class 12 Political Science Chapter 2 – “জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান (Challenges of Nation Building)” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.
জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান (Challenges of Nation Building)
পাঠ: ২
দ্বিতীয় খণ্ড
Very Short Question Answer
1.কোন জন প্ৰখ্যাত ৰাজনীতিবিদ এ কংগ্ৰেছ দলক কংগ্ৰেছ ব্যবস্থা বুলি আখ্যা দিছিল?
উত্তৰঃ প্ৰখ্যাত ৰাজনীতিবিদ ৰজনী কুথাৰীয়ে।
2. কোন জন মহান ৰাজনীতিবিদ এ – ‘ কংগ্ৰেছে ই হৈছে দেশ আৰু দেশেই হৈছে কংগ্ৰেছ ‘ বুলি মন্তব্য কৰিছিল ?
উত্তৰঃ জৱাহৰলাল নেহৰু।
3. কোন জন ৰাজনীতিবিদ এ কংগ্ৰেছক ‘ সমন্বয় সংগঠন’ বুলি কৈছিল?
উত্তৰঃ বি . আৰ. আম্বেদকাৰ।
Long Question Answer
1. ভাৰতৰ প্ৰথম তিনিটা নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য বা একদলীয় আধিপত্য ৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছ দলে প্ৰথম তিনিটা নিৰ্বাচনত আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচনত অনুষ্ঠিত হৈছিল 1952 চনত এই নিৰ্বাচন আছিল লোক সভাৰ নিৰ্বাচন। এই নিৰ্বাচনত কগ্ৰেছ এ 489 খন আসনৰ ভিতৰত 364 খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচপে প্ৰাধান্যতা দেখুওৱাইছিল। কংগ্ৰেছ দল এ এই নিৰ্বাচনত 45% ভোট লাভ কৰি অতুলনীয় ভাবে ভাৰতীয় কমিউনিষ্ট পাৰ্টিক চেৰ কৰি পেলাইছিল।
ঠিক একে দৰে 1957 চনৰ দ্বিতীয় লোকসভা নিৰ্বাচনত কগ্ৰেছ দলে পূৰ্বৰ দৰেই নিজৰ স্থিতি বাহাল ৰাখিবলৈ সক্ষম হৈছিল। এই নিৰ্বাচনত কগ্ৰেছ এ সৰ্বমুঠ 494 খন আসনৰ ভিতৰত 371 খন আসন লাভ কৰিছিল আৰু মুঠভোটৰ 47.8% লাভ কৰি আধিপত্য বিস্তাৰ কৰিছিল।
তাৰোপৰি 1962 চনৰ সাধাৰণ নিৰ্বাচনতো সৰ্বমুঠ 494 খন আসনৰ ভিতৰত 361 খন আসন লাভ কৰিছিল আৰু মুঠ ভোটৰ 44.7% লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।
2. ভাৰতৰ ৰাজনৈতিক মঞ্চত কংগ্ৰেছে তিনিটা দশক জুৰি আধিপত্য বিস্তাৰ কৰাৰ মূল কৰণ কি কি আছিল?
উত্তৰঃ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰছ এ তিনিটা দশক জুৰি আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ মূল কাৰণ আছিল তিনিটা যেনে –
(i) প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ ৰ লগতে আন কিছুমান ৰাজনৈতিক দল যেনে সাম্যবাদী দল, সমাজবাদী দল, প্ৰজা সমাজবাদী দল , কিষান মজদুৰ দল , প্ৰজা দল , সতন্ত্ৰ দল , ভাৰতীয় জন সংঘ দল আদি অংশ গ্ৰহণ কৰিছিল। যদিও এই দলবোৰে অভাবনীয় ভাবে পৰাস্ত বৰণ কৰিছিল কাৰণ এই দলবৰৰ মাজত আভ্যন্তৰীন কোনো মিল নাছিল। যাৰ ফলত কংগ্ৰেছ দল এ ইয়াৰ সুযোগ লৈ নিৰ্বাচন ত সংখ্যা গৰিষ্ঠতা লাভ কৰি আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।
(ii) 1952 চনৰ পৰা 1962 চন লৈকে ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ এ আধিপত্য বিস্তাৰ কৰাৰ অন্যতম কাৰণ আছিল স্বাধীনতা আন্দোলনত কংগ্ৰেছ দল এ পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা। অৰ্থাৎ জাতি আন্দোলন ৰ মূল নেতৃত্ব বহন কৰিছিল কংগ্ৰেছ দটোৱে।
(iii) জৱাহৰলাল নেহেৰুৰ শাসন কালত, গণতন্ত্ৰ, আইনৰ শাসন, ব্যক্তি স্বাধীতা আৰু মৰ্যাদা ৰ প্ৰতি সন্মান,সামাজিক সমতা, অহিংসা আদি নীতি প্ৰয়োগ কৰা হৈছিল। তাৰোপৰি সমাজৰ পিছপৰা শ্ৰেণীৰ উন্নয়ন ৰ বাবে উন্নয়ন মূলক আচঁনি গ্ৰহণ কৰাৰ বাবে কংগ্ৰেছৰ আধিপত্য বৃদ্ধি পাইছিল।
3. ’বিৰোধী পক্ষ হল ভাৰতৰ বিভাজিত সদন ‘- ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতীয় দলীয় ব্যবস্থা ৰ এটা অন্যতম প্ৰকৃতি হল শক্তিশাী বিৰোধী দলৰ অভাৱ আৰু অসংগঠিত তথা বিভিন্ন বিভাজনৰ সম্মুখীন হোৱা বিৰোধী দল। এই দলবোৰৰ মাজত কোনো ধৰণৰ ঐক্য বা সংহতি নথকাৰ বাবে এখন ঐক্যবদ্ধ মঞ্চ তৈয়াৰ কৰিবলৈ সম্পূৰ্ণ বিফল হোৱা দেখা যায়। এই দলবোৰৰ মাজত মাজে সময়ে মতানৈক্য সৃষ্টি হয় কিয়নো তেওঁলোকৰ খুদ্ৰ স্বাৰ্থ তথা লক্ষ আৰু উদ্দেশ্য থাকে ভিন্ন ভিন্ন। কোনো কোনো সময়ত কেন্দ্ৰীয় সংসদ তথা ৰাজ্যিক বিধান সভাত বিৰোধী দল সমূহে একত্ৰিত হৈ চৰকাৰী দলৰ বিৰোধিতা কৰিবলৈ এই দল সমূহে বিফল হোৱা পৰিলক্ষিত হয়। সেই বাবে বিৰোধী দলক ভাৰতবৰ্ষৰ বিভাজিত সদন বুলিও কোৱা হয়।
4. একদলীয় আধিপত্যই ভাৰতীয় ৰাজনীতিত গণতন্ত্ৰ প্ৰকৃতি ত আঘাত হানিছে নেকী? যুক্তি দৰ্শোৱা।
উত্তৰঃ ভাৰতীয় ৰাজনীতিত 1967 চন লৈকে বৰ্তি থকা এক দলীয় আধিপত্ত্যই নিশ্চয়কৈ ভাৰতীয় গণতন্ত্ৰ ত আঘাত হানিছে। প্ৰথম সাধাৰণ নিৰ্বাচন ৰ পৰা 1967 চন লৈকে কংগ্ৰেছৰ বাহিৰে বাকী দল সমূহে সামান্য প্ৰতিনিধিত্বৰহে সুবিধা পাইছিল। কিন্তু এইটো ঠিক যে CPI, BJS, PSP,SP আদি দল সমূহে কংগ্ৰেছৰ নীতি আৰু আচঁনিৰ যদিও যথা সময়ত সমালোচনা কৰিছিল তথাপিও সকলোকে কংগ্ৰেছৰ বৃহৎ সংখ্যা গৰিষ্ঠতা থকা বাবে এনে সমালোচনা ৰ বিশেষ কোনো প্ৰভাৱ পৰা নাছিল। তাৰোপৰি জৱাহৰলাল নেহেৰুৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে কংগ্ৰেছ দলৰ বিৰুদ্ধে উত্থাপিত সমালোচনাক ঢাকি ৰাখিছিল। গতিকে এনে পৰিস্থিতিত ভাৰতীয় ৰাজনীতিৰ গণতান্ত্ৰিক প্ৰকৃতিত নেতিবাচক প্ৰভাৱ পৰিছিল বুলি কব পাৰি।
5. ‘দ্বি জাতি তত্ত্ব’ – সূত্ৰটো ব্যাখ্যা কৰা।
উত্তৰঃ দ্বি জাতি তত্ত্ব সূত্ৰ মতে ভাৰতবৰ্ষত পূৰ্বৰ পৰাই দুটা জাতি বৃহৎ আকাৰে বসবাস কৰে আহিছে। সেইবাবে এই দুটা জাতিৰ বাবে পৃথক ৰাষ্ট্ৰ গঠন হব লাগে। মুছলিম লীগৰ উত্থপিত দাবী মতে ভাৰতবৰ্ষত বৃহৎ ভাবে বসবাস কৰা দুটা জাতিৰ আধাৰ হল ধৰ্ম আৰু জাতি আৰু এই জাতি দুটা হল ক্ৰমে হিন্দু আৰু মুছলমান। এই পৃথক জাতি দুটা এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজত অৰ্থাৎ এখন জাতি ৰাষ্ট্ৰৰ মাজত থাকিব নোৱাৰে। গতিকে এই পৃথক দুই জাতিৰ বাবে দুখন পৃথক ৰাষ্ট্ৰ গঠন হব লাগে বুলি মুছলিম লীগে দাবী উত্থাপন কৰিছিল। তাৰোপৰি এই তত্বৰ আধাৰতে মুছলিম লীগে মুচলমান সকলৰ বাবে পৃথক পাকিস্তানৰ দাবী উত্থাপন কৰিছিল। কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছে মুছলিম লীগৰ উত্থাপিত দাবীৰ তীব্ৰ আন্দোলনত বৃটিছ উপনিবেশিক শাসক সকলে 1947 চনৰ 14 আগষ্ট তাৰখে ভাৰতবৰ্ষ নামৰ স্বাধীন ৰাষ্ট্ৰৰ জন্ম হয়।
6. ভাৰতীয় দলীয় ব্যবস্থাৰ বৈশিষ্ট উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় দলীয় ব্যবস্থাৰ বৈশিষ্ট তলত উল্লেখ কৰা হল –
(i) স্বাধনোত্তৰ কালৰ পৰাই ভাৰতত বহুদলীয় ব্যবস্থা বিৰাজমান।
(ii) ভাৰতবৰ্ষত আঞ্চলিক ভিত্তিত সময়ে সময়ে আঞ্চলিক ৰাজনৈতিক দলৰ উপস্থিতি দেখিবলৈ পোৱা যায়।
(iii) স্বাধীনোত্তৰ কালৰ পৰাই ভাৰতত একদলীয় আধিপত্যৰ সূচনা হোৱা পৰিলক্ষিত হয়।
(iv) ভাৰতবৰ্ষত সম্প্ৰদায় ভিত্তিত কোনো কোনো সময়ত সাম্প্ৰদায়িক দলৰ উপস্থিতি দেখিবলৈ পোৱা যায়।
7. কি পৰিস্থিত দলীয় ব্যৱস্থাৰ সৃষ্টি হৈছিল?
উত্তৰঃ স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত আৰু দলীয় মতানৈক্য তথা আঞ্চলিক আৰু সাম্প্ৰদায়িক স্বাৰ্থ সুৰক্ষাৰ বাবে ভাৰতৰ দলীয় ব্যবস্থাৰ উৎপত্তি হৈছিল।
8. ভাৰতীয় জন সংঘ দলৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ 1951 চনত শ্যমপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত ভাৰতীয় জন সংঘ দলৰ জন্ম হয়। স্বাধীনতাৰ পূৰ্বৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু হিন্দু মহাসভাৰ পৰা ভাৰতীয় সংঘ দলৰ জন্ম হৈছিল। এই দলৰ মূল তিনিজন নেতা আছিল যেনে স্যমপ্ৰসাদ মুখাৰ্জী, দিন্দয়াল উপাধ্যায়, আৰু বলৰাজ মাধ্ক।
এই দলে এক জাতি এক ৰাষ্ট্ৰ আৰু এক সংস্কৃতিৰ আধাৰত ভাৰতবৰ্ষ গঠন হোৱা কামনা কৰিছিল। ভাৰতীয় জন সংঘ দলে ইংৰাজী ভাষাৰ পৰিবৰ্তে হিন্দী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ পোষকতা কৰিছিল। তাৰোপৰি এই দলে ভাৰতবৰ্ষ আৰু পাকিস্তান এক হোৱাটো কামনা কৰিছিল। ভাৰতীয় জন সংঘ দলে ধৰ্মীয় আৰু ভাষিক সংখ্যা লঘূ সকলৰ বাবে বিশেষ সুবিধা দিয়াৰ ঘোৰ বিৰোধীতা কৰিছিল।
পৰবৰ্তী সময়ত স্বাধনোত্তৰ কালত প্ৰথম তিনিটা নিৰ্বচনত ভাৰতীয় জন সংঘ দলে অংগ্ৰহণ কৰে আৰু ক্ৰমে তিনি, চাৰি আৰু চৈধখন আসন লাভ কৰিছিল।
9. স্বতন্ত্ৰ দলৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজাগোপাল চাৰীয়াৰ তত্বাৱধনত 1959 চনত স্বতন্ত্ৰ দল গঠন হয়। স্বতন্ত্ৰ দলৰ মূল তিনিজন নেতা আছিল ক্ৰমে কে. এম . মুন্সী, এন. জি. ৰঙ্গা আৰু মিনু মাছানি।
স্বতন্ত্ৰ দলে ইয়াৰ নীতি আৰু আদৰ্শ অন্য দলতকৈ বেতিক্ৰম ৰূপত প্ৰতিষ্ঠা কৰিছে। এই দলে বিশেষকৈ ব্যক্তি স্বাধীনতাৰ দ্বাৰা দেশৰ সৰ্বাঙ্গীন উন্নতিৰ কথা ব্যক্ত কৰিছে। স্বতন্ত্ৰ দলৰ মতে অৰ্থনৈতিক ক্ষেত্ৰখনত চৰকাৰে অতি কমকৈ হস্তক্ষেপ আৰু নিয়ন্ত্ৰন কৰিব লাগে। এই দলে বিশ্বাস কৰে যে অত্যধিক চৰকাৰৰ হস্তক্ষেপ ৰাষ্ট্ৰৰ বিকাশৰ গতি মন্থৰ কৰে। তাৰোপৰি এই দলে কেন্দ্ৰীয় পৰিকল্পনা, ৰাষ্ট্ৰীয়কৰণ আৰু চৰকাৰী খণ্ডৰ ও বিৰোধিতা কৰে। স্বতন্ত্ৰ দলে ব্যক্তি স্বাধীনতাৰ দ্বাৰা কৃষি ক্ষেত্ৰত থকা মাটিৰ চিলঙ ৰ বিৰোধিতা কৰে। তাৰোপৰি দেশৰ উন্নয়নৰ বাবে সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়াৰ পৰিবৰ্তে পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকাৰ লগত সম্পৰ্ক স্থাপনৰ পোষকতা কৰে। স্বতন্ত্ৰ দলে উন্নত কৰ ব্যবস্থা আৰু লাইচেন্স প্ৰথাৰ ও বিৰোধিতা কৰি ব্যক্তি স্বাৰ্থৰ হকে মতামত পোষণ কৰে।
10. প্ৰথম লোকসভা নিৰ্বাচনত কোনটো দল দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল?
উত্তৰঃ ভাৰতীয় সাম্যবাদী দল, কেৰেলা ৰাজ্যত।
11. কেৰেলাত কিমান কিমান চনত পোনপ্ৰথমে সাম্যবাদী দলৰ নেতৃত্বত এক সংযুক্ত চৰকাৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ 1957 চনত কংগ্ৰেছ দলৰ আধিপত্যক পৰাভূত কৰি কেৰেলা ৰাজ্যত সাম্যবাদী দলৰ নেতৃত্বত এখন সংযুক্ত চৰকাৰ গঠন হয়। 1957 চনৰ নিৰ্বচনত কেৰেলা ৰাজ্যৰ ৰাজ্যিক বিধান সভাৰ মুঠ 126 খন আসনৰ ভিতৰত 60 খন আসন সাম্যবাদী দলে লাভ কৰে। কিন্তু চৰকাৰ গঠন কৰিবলৈ প্ৰাপ্ত আসন নোপোৱাত পাঁচ জন নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এখন সংযুক্ত চৰকাৰ গঠন হয়। কেৰেলা ৰাজ্যত সাম্যবাদী চৰকাৰ ৰ মুৰব্বী হিচাপে E.M.S নাম্বু দৃপদ এ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰে 1959 চনত কেৰেলাৰ সাম্যবাদী চৰকাৰখনক সংবিধানৰ 356 নং অনুচ্ছেদ বলবত কৰি বৰ্খাস্ত কৰে।
12. কংগ্ৰেছ দলৰ ওপৰত চমুকৈ টোকা লিখা।
উত্তৰঃ কংগ্ৰেছ দলৰ ভিতৰৰে কিছুমান যুব নেতাই 1934 চনত কংগ্ৰেছ সমাজবাদী দল গঠন কৰে। কিন্তু পৰবৰ্তী সময়ত কংগ্ৰেছে এই বিভাজনমুখি দলৰ পূৰ্ণ বিৰোধিতা কৰি সেই যুবনেতা সকলক 1948 চনত পৃথক সমাজবাদী দল গঠন কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। ফলত সমাজবাদী দলৰ 1948 চনত জন্ম হোৱা বুলি কোৱা হয়। এই দলৰ প্ৰখ্যাত নেতা সকল আছিল জয় প্ৰকাশ নাৰায়ণ, অশোক মেহতা, আচাৰ্য নৰেন্দ্ৰ দেৱ, ৰাম মনোহৰ লোহিয়া , এছ. এম্. যোশী, অচ্যুৎ পটবৰ্ধন আদি।
এই দলে নিৰ্বাচনী কাৰ্যকলাপৰ দ্বাৰা জনগণৰ কল্যাণৰ বাবে কংগ্ৰেছ বিৰোধী প্ৰচাৰ চলাইছিল। সমাজবাদী দলে কংগ্ৰেছক সমালোচনা কৰি কৈছিল যে কংগ্ৰেছ শ্ৰমিক আৰু দুখীয়া শ্ৰেণীক অবহেলা কৰে আৰু কেৱল পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক সমৰ্থন কৰে। এনে পৰিস্থিতিত কংগ্ৰেছে সমালোচনাৰ সম্মুখীন হৈ দলীয় আদৰ্শ সমাজবাদী আৰ্হিৰে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। যাৰ ফলত ক্ৰমান্বয়ে কংগ্ৰেছৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছিল।
1. ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাত কংগ্রেছ দলৰ আধিপত্যৰ মূল কাৰণসমূহ আলোচনা কৰা।
উঃ- ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবর্ষত বহুদলীয় ব্যৱস্থাৰ প্রচলন কৰিছে। কিন্তু স্বাধীনতাৰ পৰবর্তী সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূল কাৰণসমূহ তলত উল্লেখ কৰা হ’ল –
- জাতীয় সংগ্ৰামৰ উত্তৰাধীকাৰী: কংগ্ৰেছ দলে ভাৰতৰ স্বাধীনতা আন্দোলনত নেতৃত্ব বহন কৰি দেশে স্বাধীনতা লাভ কৰাত বৰঙনি আগবঢ়াইছে। সেই সময়ৰ বৰেণ্য ব্যক্তিসকলৰ দ্বাৰা নিয়ন্ত্রিত জাতীয় আন্দোলনৰ পৰা উত্তৰাধীকাৰী সূত্রে ভাৰতীয়ক নেতৃত্ব প্রদান কৰাৰ সুবিধা লাভ কৰিছিল।
- তৃণমূল পর্যায়ৰ সংগঠনঃ- কংগ্ৰেছেই আছিল সেইসময়ৰ একমাত্র সংগঠন যাৰ তৃণমূল পর্যায়ৰ সংগঠন অতি দৃঢ় আছিল। দলৰ ভিতৰৰ নির্বাচনত তৃণমূল সংগঠনে শক্তিশালী ভূমিকা লৈছিল।
- স্থানীয় পৰিস্থিতিৰ লগত খাপ- খোৱা – কংগ্রেছৰ প্রাধান্যৰ আন এটা কাৰণ আছিল সেই সময়ৰ স্থানীয় পৰিস্থিতিৰ লগত মোকাবিলা কৰি সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিছিল। আৰু জনসাধাৰণক দলৰ প্রতি আর্কষিত কৰিছিল।
- একমাত্র শক্তিশালী দলঃ- স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত কংগ্ৰেছ দলেই একমাত্র শক্তিশালী ৰাজনৈতিক দল আছিল। যাৰ শাখা- প্রশাখা সমগ্ৰ দেশজুৰি বিয়পি আছিল। এনে পৰিস্থিতিত জনসাধাৰণে এই দলটোৰ প্রতি সমর্থন আগবঢ়াইছিল।
উপৰোক্ত কাৰণসমূহৰ বাবেই ভাৰতৰ দলীয় ব্যৱস্থাত কংগ্রেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।
2. ভাৰতৰ প্রথম তিনিটা নির্বাচনত কংগ্রেছ দলৰ আধিপত্য আলোচনা কৰা।
উঃ- ভাৰতবর্ষই স্বাধীনতা অর্জন কৰাৰ পিছত 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধান বলবৎ হয়। আৰু দেশত গণতান্ত্রিক ব্যৱস্থাৰ প্ৰর্বতন হয়। সেই অনুসৰি ভাৰতৰ নির্বাচন আয়োগে 1951-52 চনত সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত কৰে। এই সাধাৰণ নির্বাচনত কংগ্রেছ দলে প্রতিষ্ঠা কৰা আধিপত্যৰ বিষয়ে তলত আলোচনা কৰা হল-
- প্রথম সাধাৰণ নির্বাচন:- স্বাধীনতাৰ পৰবর্তীসময়ত ভাৰতবৰ্ষত 1951 চনৰ নৱেম্বৰ মাহৰ পৰা 1952 চনৰ ফেব্রুৱাৰী মাহলৈকে প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। এই নির্বাচনত লোকসভাৰ মুঠ 489 খন আসনৰ ভিতৰত 364 খন আসন কংগ্ৰেছে লাভ কৰি একক সংখ্যা গৰিষ্ঠতা প্রতিষ্ঠা কৰিছিল। ভাৰতীয় সাম্যবাদী দলে 16 খন আসন লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। এই নির্বাচনত কংগ্ৰেছে প্রতি 4 খন আসনৰ ভিতৰত তিনিখন আসন দখল কৰিছিল। কংগ্রেছে মুঠ আসনৰ 74%. আৰু মুঠ ভোটৰ 45% ভোট লাভ কৰিছিল।
- দ্বিতীয় সাধাৰণ নির্বাচনঃ- দ্বিতীয় সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল 1957 চনত এই নির্বাচনটো কংগ্রেছ দলে প্রথম নির্বাচনতকৈও অধিক ভোট তথা আসন লাভ কৰি ভাৰতৰ শাসন ব্যৱস্থাতা পুনৰ একক সংখ্যা গৰিষ্ঠতা লাভ কৰে। এই নির্বাচনত মুঠ 494 খন আসনৰ ভিতৰত কংগ্ৰেছে 371 খন আসন লাভ কৰিছিল। শতকৰা হিচাপত দ্বিতীয় নির্বাচনত কংগ্রেছে মুঠ আসনৰ 75% আৰু মুঠ ভোটৰ 47.8% ভোট লাভ কৰে।
- তৃতীয় সাধাৰণ নির্বাচনঃ- 1962 চনত তৃতীয় সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। এই নির্বাচনটো কংগ্রেছ দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰে যদিও প্রথম দুটা নির্বাচনতকৈ তুলনামূলকভাৱে কম আসন আৰু ভোট লাভ কৰে। এই নির্বাচনত মুঠ 494 খন আসনৰ ভিতৰত কংগ্ৰেছে 361 খন আসন লাভ কৰে। শতকৰা হিচাপত আসনৰ শতাংশ 73% আৰু ভোটৰ 44.7% শতাংশ লাভ কৰে।
ওপৰৰ আলোচনাৰ পৰা আমি মন্তব্য কৰিব পাৰো যে, প্রথম তিনিটা সাধাৰণ নির্বাচনত কংগ্রেছ দলে অভূতপূৰ্ব সফলতা লাভ কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে প্রতিষ্ঠিত হয়।
3. কেৰেলাত সাম্ৰজ্যবাদৰ জয় সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ: 1957 চনত কংগ্ৰেছ দলে কেৰেলাত পৰাজয়ৰ তিক্ততা লাভ কৰিছিল। 1957 চনত অনুষ্ঠিতি কেৰেলাৰ বিধানসভা নির্বাচনত সাম্যবাদী দলে অধিক সংখ্যক আসন লাভ কৰে। এই দলে 126 খন আসনৰ বিপৰীতে 60 খন আসন লাভ কৰে আৰু 5 জন নির্দলীয় সদস্য সমর্থন লাভ কৰে। ৰাজ্যপালে সাম্যবাদী দলৰ নেতা E.M.S. নামুদ্রিপদক চৰকাৰ গঠন কৰিবলৈ আমন্ত্রন জনায়। বিশ্বত পোনপ্ৰথমবাৰৰ বাবে এখন গণতান্ত্রিক ভাৱে নির্বাচিত এখন সাম্যবাদী চৰকাৰ গঠন হয়। ৰাজ্যখনত ক্ষমতা লাভ কৰিব নোৱাৰি কংগ্রেছে নির্বাচিত চৰকাৰৰ বিৰুদ্ধে ‘মুক্তি সংগ্রাম’ আৰম্ভ কৰে। সাম্যবাদী দলে গুৰুত্বপূর্ণ আৰু উন্নয়নমূলক আচনিৰ প্রতিশ্রুতিৰে ক্ষমতা দখল কৰে। সাম্যবাদে বিশ্বাস কৰে যে, এই সংগ্রাম নিজৰ স্বার্থ আৰু ধর্মীয় অনুষ্ঠানৰ দ্বাৰা পৰিচালিত হয়। কেন্দ্রত থকা কংগ্রেছ চৰকাৰে 1959 চনত সংবিধানৰ 356 নং অনুচ্ছেদ অনুসৰি কেৰেলাৰ সাম্যবাদী চৰকাৰ ভংগ কৰি দিলে। এই সিদ্ধান্ত বির্তক মূলক আছিল আৰু সংবিধানক জৰুৰীকালীন ক্ষমতাৰ অপব্যৱহাৰ বুলি কৈছিল।
4. ভাৰতৰ জনসংঘৰ ওপৰত চমু টোকা লিখা।
উঃ- 1951 চনত প্রতিষ্ঠাপক সভাপতি শ্যামা প্রসাদ মুখার্জীৰ নেতৃত্বত ভাৰতীয় জনসংঘ প্রতিষ্ঠা হয়। এই দলৰ মূল আছিল স্বাধীনতাৰ আগৰ ৰাষ্ট্ৰীয় স্বয়ং-সেৱক সংঘ আৰু হিন্দু মহাসভা। ইয়াৰ মূল আদর্শ আছিল এক দেশ, এক সংস্কৃতি আৰু জাতি। ভাৰতীয় জনসংঘই অখণ্ড ভাৰত গঢ়িবলৈ চেষ্টা কৰাৰ লগতে ভাৰতৰ চৰকাৰী ভাষা ইংৰাজীৰ পৰিবর্তে হিন্দী কৰিবলৈ যথেষ্ট প্রচেষ্টা চলাইছিল। এই দলটোৱে আনৱিক অস্ত্ৰ উৎপাদনৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল। প্রথম অৱস্থাত এই দলৰ সমর্থক আছিল নগৰ অঞ্চলৰ হিন্দীভাষী লোকসকল প্রধানকৈ মধ্যপ্রদেশ, ৰাজস্থান, দিল্লী ইত্যাদি। 1952 চনৰ সাধাৰণ নির্বাচনত এই দলে 3 খন আৰু 1957 চনৰ নিৰ্বাচনত 4 খন আসন লাভ কৰে। ভাৰতীয় জনসংঘৰ নেতাসকলৰ ভিতৰত অন্যতম নেতা আছিল শ্যামা প্রসাদ মুখার্জী, দীন দয়াল উপাধ্যায়, বলৰাজ মাধব ইত্যাদি। আদর্শ আৰু কাৰ্যসূচীৰ ফালৰ পৰা ভাৰতীয় জনসংঘ অন্য দলসমূহতকৈ পৃথক আছিল। এতিয়াৰ “ভাৰতীয় জনতা দলৰ” মূল আছিল ভাৰতৰ জনসংঘ।
5. ভাৰতৰ সাম্যবাদী দলৰ ওপৰত চমু টোকা লিখা।
উত্তৰ- 1924 চনত ভাৰতত দুটা সাম্যবাদী দল গঠন হৈছিল। তাৰে এটা হ’ল ভাৰতীয় সাম্যবাদী দল। এই দলটো ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী নীতিত বিশ্বাসী আছিল। সাম্যবাদী র্নীতিত বিশ্বাসী আৰু দলৰ সক্রিয় কর্মী হিচাপে কাম কৰিবলৈ ইচ্ছুক 18 বছৰ বয়সপ্রাপ্ত ব্যক্তি কেইজনমান সদস্যক লৈ দলৰ প্রাথমিক সংগঠন গঠিত হৈছিল। ইয়াৰ জৰিয়তে জনসাধাৰণৰ মাজত সাম্যবাদী নীতি প্রচাৰ কৰা হয়। ভাৰতৰ সাম্যবাদী দলৰ প্রধান কর্মসূচী হ’ল জনসাধাৰণৰ ওপৰত কৰ হ্ৰাস, কৃষক আৰু শ্রমিকসকলৰ উন্নতি সাধন, একচেতীয়া ব্যৱসায় নিয়ন্ত্ৰণ দেশৰ সকলো উদ্যোগ প্রতিষ্ঠান জাতীয়কৰণ, ভূমিসংস্কৰণ ইত্যাদি। মার্ক্সবাদী সাম্যবাদী দলৰ নিচিনাকে ভাৰতৰ সাম্যবাদী দলৰো জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হয়। 1980 চনৰ আৰু ইয়াৰ পিছৰ মধ্যবর্তী নির্বাচনত এই দলে বিশেষ সুবিধা লাভ কৰিব পৰা নাছিল। দেৱে গৌড়া আৰু গুজৰালৰ নেতৃত্বত গঠিত হোৱা মর্চা চৰকাৰত এই দলে অংশ গ্রহণ কৰিছিল আৰু দ্বাদশ ত্ৰয়োদশ আৰু পঞ্চদশ নির্বাচনত বিশেষ সুবিধা লাভ কৰিব পৰা নাছিল কিন্তু চর্তুদশ নির্বাচনত এই দলে ভাল ফল লাভ কৰিছিল।
6. ভাৰতৰ ৰাজনৈতিক দলৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা
উঃ- i) ব হুদলীয় ব্যারস্থা
ii) সু-সংঠনৰ অভাৱ
iii) শক্তিশালী বিৰোধীদলৰ অভাৱ।
iv) স্থায়ী নীতি আৰু কার্যসূচীৰ অভাৱ।
v) সাম্প্রদায়িক ভিত্তিত দল গঠন
vi) ঐক্য আৰু আনুগত্যৰ অভাৱ
vii) এক দলীয় আধিপত্য
viii) আঞ্চলিক দলৰ উৎপত্তি
7. ভাৰতীয় গণতন্ত্রত বিৰোধী দলৰ ভূমিকা আলোচনা কৰা।
উত্তৰ: প্রতিনিধিত্বমূলক গণতান্ত্রিক শাসন ব্যবস্থাত বিৰোধীদলৰ সক্রিয় ভূমিকা অতি গুৰুত্বপূর্ণ। ইয়াৰ বাবে বিৰোধী দলসমূহ গুণগত আৰু সংখ্যাগত দুয়োফালৰ পৰাই শক্তিশালী আৰু দায়িত্বশীল হব লাগিব। ভাৰতবর্ষৰ ৰাজনৈতিক ব্যৱস্থাত বহুদলীয় ব্যবস্থাৰ প্রচলন আছে যদিও প্রথম তিনিটা সাধাৰণ নির্বাচনত কংগ্রেছ দলেই আধিপত্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। পৰবর্তী সময়ত কেইবাটাও দলে বিৰোধীৰ স্থিতি লবলৈ সক্ষম হয় যদিও প্রকৃততে 1977 চনৰ পিছৰ পৰাহে আমাৰ দেশত বিৰোধীৰ স্পষ্ট ভূমিকা পৰিলক্ষিত হয়। পৃথিৱীৰ প্রত্যেকখন দেশতে বিৰোধী দলে লোৱা বলিষ্ঠ ভূমিকাই গণতন্ত্রক আৰু অধিক জনপ্ৰিয় কৰি তুলিছে। ভাৰতবৰ্ষত প্রকৃত বিৰোধীৰ উদ্ভৱ হোৱা নাই যদিও এই দলসমূহে মিত্রজোটৰ জৰিয়তে ইয়াৰ স্থিতি প্রতিষ্ঠা কৰা পৰিলক্ষিত হয়।
ভাৰতবর্ষত স্বাধীনতাৰ প্রথম ভাগত বিৰোধীয়ে অধিক আসন লাভ কৰিব নোৱাৰিলেও চৰকাৰৰ কার্যাৱলীক গঠনমূলকভাৱে সমালোচনা কৰি পৰামৰ্শ আগবঢ়াইছিল। এখন গণতান্ত্রিক দেশত বিৰোধী দলৰ শক্তিশালী ভূমিকা অবিহনে ৰাষ্টই প্রকৃত সফলতা লাভ কৰিব নোৱাৰে এখন গণতান্ত্রিক দেশত বিৰোধীৰ ভূমিকা কেনে হোৱা উচিত সেই সর্ম্পকে ৰাজনৈতিক পণ্ডিতসকলে বহু পৰামৰ্শ আগবঢ়াইছে। তাৰে ভিতৰত কিছু উল্লেখযোগ্য হল জনতা আৰু দেশৰ স্বার্থ সুৰক্ষা আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰা, চৰকাৰৰ কাম-কাজৰ ওপৰত চকু ৰখা আৰু প্ৰয়োজন অনুসৰি সমালোচনা কৰা, জনগনৰ অভাৱ – অভিযোগ, আশা আকাংক্ষা সংসদৰ মজিয়াত দাঙি ধৰা আৰু প্ৰয়োজন অনুসৰি বিকল্প চৰকাৰ গঠন কৰা, জনমত গঠন কৰা আৰু চৰকাৰ জনগনৰ মাজৰ পাৰ্থক্য দূৰ কৰা। জনতাক ৰাজনৈতিক শিক্ষা প্রদানেৰে সজাগতা বৃদ্ধি কৰা আৰু চৰকাৰক জনগনৰ প্রতি দায়বদ্ধ কৰা।
ওপৰত উল্লেখ কৰাবোৰ বিৰোধীৰ প্রধান কৰণীয় ইয়াৰ যদিও ভাৰতবর্ষৰ ক্ষেত্রত যিকোনো কাৰণ বশতঃ পূর্ণাংগ বিকাশ দেখা পোৱা নাযায়। কোনো দলেই শৃংখলাবদ্ধ আৰু গঠনমূলক পদ্ধতিৰে বিৰোধীৰ ভূমিকাত অবতীর্ণ হব পৰা নাই তাৰোপৰি চৰকাৰক সমলোচনা কৰাৰ বাহিৰে জনমত গঠনৰ যি অন্যতম দায়িত্ব সেয়াও পালন কৰা দেখা নাযায়। কেৱল মন্ত্রীসভা গঠনৰ বাবেহে দলসমূহ আগ্রহী হোৱা পৰিলক্ষিত হয়।
8. চমুটোকা লিখা।
ক) Communist Party of India( C.P.I): ভাৰতৰ সাম্যবাদী দল ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ আদর্শত 1924 চনত গঠিত হৈছিল। এই দলৰ কেইজনমান প্ৰধান নেতা হল এ.কে. গোপালন, এছ-এ. দাংগে ,ই.এম.এছ নামুদ্রিপদ, অজয় ঘোষ, পি. চি. যোশী। 1964 চনত ভাৰতত দুটা সাম্যবাদী দলৰ সৃষ্টি হৈছিল মাক্সবাদী সাম্যবাদী দল C.P.P (M) আৰু আনটো হৈছে ভাৰতীয় সাম্যবাদী দল C.P.I কিন্তু, এই দুটা ভাগতে ক্ষান্ত নাথাকি 1969 চনত আকৌ তৃতীয়টো সাম্যবাদী দলৰ সৃষ্টি হয় সেইটো হৈছে মার্ক্সবাদী, লেনিনবাদী সাম্যবাদী দল CPI (M.L) ভাৰতৰ প্রথম সাধাৰণ নির্বাচনত ভাৰতৰ সাম্যবাদী দল CPT যে 16 খন আসন লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।
খ) ভাৰতীয় জনসংঘ: ভাৰতীয় জনসংঘ গঠিত হৈছিল 1951 চনত। ইয়াৰ মূল হ’ল ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা। ভাৰতীয় জনসং ঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্রসাদ মুখার্জী। এই দলৰ আদর্শ হ ল এক দেশ, এক সংস্কৃতি আৰু এক জাতি। ভাৰতৰ প্ৰথম সাধাৰণ নির্বাচনত এইদলে 3খন আৰু দ্বিতীয় নির্বাচনত 4খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতীয় জনসং ঘৰ প্রধান নেতাসমূহ হল- শ্যামা প্রসাদ মুখার্জী, দীন দয়াল উপাধ্যায়, বলৰাজ মাধক ইত্যাদি। বৰ্তমানৰ ভাৰতীয় জনতা দলৰ মূল হল ভাৰতীয় জনসংঘ।
-0000-
Last Word
We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 2 – “জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান (Challenges of Nation Building)” Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.