Here We have provided, you ASSEB/AHSEC Class 12 Political Science Chapter – 8 নতুন সামাজিক আন্দোলনৰ উত্থান PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 8 নতুন সামাজিক আন্দোলনৰ উত্থান (Rise Of New Social Movements) PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি Solutions for All Subject, You can practice these here.
In this post, we have provided Class 12 Political Science Chapter 8 – “নতুন সামাজিক আন্দোলনৰ উত্থান” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.
দ্বাদশ শ্ৰেণী
দ্বিতীয় খণ্ড
নতুন সামাজিক আন্দোলনৰ উত্থান
(Rise Of New Social Movements))
Very Short Question Answer
1. কোনখন ৰাজ্যত মাদক দ্রব্য বিৰোধী আন্দোলন আৰম্ভ হৈছিল? (HS 2018)
উত্তৰ: অন্ধ্রপ্রদেশৰ নেল্লোৰ জিলাত।
2. কোনখন ৰাজ্যত নৱ নিৰ্মাণ আন্দোলন আৰম্ভ হৈছিল? (HS 2017)
উত্তৰঃ গুজৰাট ৰাজ্যত।
3. নৰ্মাদা বাচাও আন্দোলনৰ কোনে নেতৃত্ব দিছিল?
উত্তৰঃ নৰ্মাদা বাচাও আন্দোলনৰ নৃতৃত্ব দিছিল মেধা পাটেকাৰে।
4. ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা কোন আছিল?
উত্তৰঃ ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা আছিল মহেন্দ্ৰ সিং টিকায়েট।
5. সৰ্বভাৰতীয় কিষাণ সভা কেতিয়া গঠন হৈছিল?
উত্তৰঃ সৰ্বভাৰতীয় কিষাণ সভা 1936 চনত গঠন হৈছিল।
6. ভাৰতত কৃষক আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ভাৰতত কৃষক আন্দোলন আৰম্ভ হৈছিল 1973 চনত।
7. নৰ্মদা বাচাও আন্দোলন কি?
উত্তৰঃ মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকাত ক্ষতিকাৰক বান্ধ নিৰ্মাণৰ কাৰ্যত বাধা প্ৰদান কৰিবলৈ 1988-89 চনৰ ভিতৰত মেধা পাটেকাৰৰ নেতৃত্বত যি আন্দোলন সূচনা হয় তাকে নৰ্মদা বাচাও আনোলন বুলি কোৱা হয়।
8. ক’ত আৰু কেতিয়া দলিত পেন্থাৰ গঠন হৈছিল?
উত্তৰঃ 1972 চনৰ 29 মে’ত মহাৰাষ্ট্ৰত দলিত পেন্থাৰ গঠন হৈছিল।
9. নর্মদা বচাও আন্দোলনৰ নেতাজনৰ নাম কি? (HS 2012)
উত্তৰ : মেধা পাটেকাৰ।
10. কৃষকৰ দুটা সংগঠনৰ নাম লিখা।
উত্তৰঃ কৃষকৰ দুটা সংগঠনৰ নাম হ’লঃ
(a) সৰ্বভাৰতীয় কৃষক সভা আৰু
(b) ভাৰতীয় কিষাণ ইউনিয়ন।
11. আৰাক বিৰোধী আন্দোলন কোন জিলাত আৰম্ভ হৈছিল?
উত্তৰঃ আৰাক বিৰোধী আন্দোলন অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰম্ভ হৈছিল।
12. ভাৰতৰ দুগৰাকী শক্তিশালী মহিলা নেত্ৰীৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ দুগৰাকী শক্তিশালী মহিলা নেত্ৰীৰ নাম হ’ল মেধা পাটেকাৰ আৰু ইলা ভাট।
13. ৰাষ্ট্ৰীয় মহিলা আয়োগ কোন চনত স্থাপিত হৈছিল?
উত্তৰঃ ৰাষ্ট্ৰীয় মহিলা আয়োগ 1992 চনৰ 31 জানুৱাৰীত স্থাপিত হৈছিল।
14. চিপ্কো আন্দোলনক নাৰীবাদী আন্দোলন আখ্যা দিব পাৰিনে?
উত্তৰঃ চিপ্কো আন্দোলনক নাৰীবাদী আন্দোলন আখ্যা দিব পাৰি কাৰণ এই আন্দোলনত নাৰী সকলে সক্ৰিয়া অংশগ্ৰহণ কৰিছিল।
15. সুন্দৰ লাল বহুগুণা কি আন্দোলনৰ সৈতে জড়িত আছিল?
উত্তৰঃ সুন্দৰ লাল বহুগুণা চিপ্কো আন্দোলনৰ সৈতে জড়িত আছিল।
16. ইলা ভাটে গঠন কৰা সংগঠনটোৰ নাম কি?
উত্তৰঃ ইলা ভাটে গঠন কৰা সংগঠনটোৰ নাম হ’ল স্বনিয়োজিত মহিলা সংগঠন (SEWA)।
17. খালী ঠাই পূৰ কৰাঃ
(ক) চিপ্কো আন্দোলন আৰম্ভ হৈছিল _________ চনত।
(খ) সুন্দৰলাল বহুগুণা জড়িত আছিল ___________ আন্দোলনৰ লগত।
(গ) নৰ্মদা বাচাও আন্দোলন আছিল _____________ নদী উপত্যকা ৰক্ষাৰ আন্দোলন।
(ঘ) মহাৰাষ্ট্ৰত __________ চনত দলিত পেন্থাৰ নামৰ দলিত যুৱকৰ সশস্ত্ৰ সংগঠন এটা গঠন কৰা হৈছিল।
উত্তৰঃ (ক) চিপ্কো আন্দোলন আৰম্ভ হৈছিল 1972 চনত।
(খ) সুন্দৰলাল বহুগুণা জড়িত আছিল চিপ্কো আন্দোলনৰ লগত।
(গ) নৰ্মদা বাচাও আন্দোলন আছিল নৰ্মদা নদী উপত্যকা ৰক্ষাৰ আন্দোলন।
(ঘ) মহাৰাষ্ট্ৰত 1972 চনত দলিত পেন্থাৰ নামৰ দলিত যুৱকৰ সশস্ত্ৰ সংগঠন এটা গঠন কৰা হৈছিল।
18. শুদ্ধ নে অশুদ্ধ লিখাঃ
(ক) ভাৰতৰ চিপ্কো আন্দোলন ৰাজনৈতিক দলবোৰে আৰম্ভ কৰিছিল।
উত্তৰঃ অশুদ্ধ।
(খ) চিপ্কো আন্দোলন হ’ল গছ কটা বন্ধ কৰা পাৰিপাৰ্শ্বিকতাৰ আন্দোলন।
উত্তৰঃ শুদ্ধ।
(গ) নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটেকাৰে।
উত্তৰঃ শুদ্ধ।
ঘ) চিপ্কো আন্দোলনৰ এটা অভিনৱ দিশ হৈছে মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ।
উত্তৰঃ শুদ্ধ।
(ঙ) আৰাক বিৰোধী আন্দোলনক নাৰী আন্দোলন হিচাপে গণ্য কৰিব পাৰি।
উত্তৰঃ শুদ্ধ।
Short Question Answer
1. নাম দেও ধাছাল কোন আছিল? শ্ৰেনী সংগ্রামৰ বিষয়ে লিখা।
উত্তৰঃ নাম দেও ধাছাল ভাৰতৰ দলীত সম্প্ৰদায়ৰ সপক্ষে মাতা এগৰাকী মাৰাঠী বিপ্লৱী কবি আছিল। হিন্দু ব্যৱস্থাৰে উচ্চ জাতিৰ প্ৰধান্যতা আৰু উৎপিৰণৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ ধাছাল-এ উৎসাহ যোগাইছিল।
শ্ৰেণী সংগ্ৰাম হ’ল ধনী আৰু দুখীয়া তথা মালিক আৰু শ্ৰমিকৰ মাজত দেখা দিয়া দুই পক্ষীয় সংগ্ৰাম। মালিকসকলে শ্ৰমিকসকলক শোষণ কৰা আৰু এই শোষণৰ পৰা মুক্তি পাবলৈ শ্ৰমিক সকলে এক গোট হৈ ইয়াৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তোলাই এই আন্দোলনৰ মূল উদ্দেশ্য আছিল। হিন্দু ধৰ্মৰ উচ্চ জাতি আৰু নিম্নজাতিৰ মাজত হোৱা সংঘাই আছিল শ্ৰেণী সংগ্ৰামৰ অন্যতম কাৰন।
2. জনপ্ৰিয় আন্দোলন বুলিলে কি বুজা?
উত্তৰঃ সামাজিক সমস্যা তথা সমাজৰ বৃহত্তৰ স্বাৰ্থপূৰণৰ বাবে সমাজৰ অধিকাংশ লোক একত্ৰিকত হৈ গঢ়ি তোলা আন্দোলনকেই জনপ্ৰিয় আন্দোলন বুলি অভিহিত কৰা হয়।
3. চৰ্দাৰ সৰোবৰ প্ৰকল্প কি?
উত্তৰঃ নৰ্মদা আৰু ইয়াৰ উপনদী সমূহত নিৰ্মান কৰিবলৈ লোৱা বিহু মুখি বান্ধ প্ৰকল্পকেই চৰ্দাৰ সৰোবৰ প্ৰকল্প বুলি জনা যায়।
এই প্ৰকল্পৰ জৰিয়তে বৃহৎ জলবিদ্যুৎ উৎপাদনৰ আঁচনি হাতত লোৱা হৈছিল আৰু ইয়াৰ দ্বাৰা ভবিষ্যৎ-এ সম্ভৱনাময় ক্ষতি হোৱাৰ আশংকা আছিল যাৰ বাবে প্ৰতিবাদী সকলে আন্দোলন গঢ়ি তুলিছিল।
4. দলিত পেন্থাৰচ ( dalit panthers) কোনবোৰ বিষয় উত্থাপন কৰিছিল?
উত্তৰঃ দলিত পেন্থাৰচ হ’ল 1972 চনত মহাৰাষ্ট্ৰত দলিত যুৱক সকলৰ দ্বাৰা গঠিত এটা সশস্ত্ৰ সংগঠন। ভাৰতীয় সংবিধানে সকলকে সমতা আৰু স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা সত্বেও দলিত সকলে সদায় অন্যায় আৰু অসমতাৰ বলী হ’ব লগীয়া বিষয়টো দলিত পেন্থাৰচয়ে উত্থাপন কৰিছিল। তদুপৰি ভাৰত চৰকাৰে সূচনা কৰা সংৰক্ষা আৰু সামাজিক সেৱাৰ আঁচনি ৰূপায়ণৰ দাবীও দলিত পেন্থাৰচে উত্থাপন কৰিছিল।
5. নৰ্মদা বচাঁও আন্দোলনে কিয় নৰ্মদা উপত্যকাত বান্ধ প্ৰকল্পৰ বিৰোধিতা কৰিছিল?
উত্তৰঃ মেধা পতেকাৰৰ নেতৃত্বত 1988-1989 চনত নৰ্মদা বচাঁও আন্দোলনে গা কৰি উঠিছিল। বিশেষকৈ এই আন্দোলনে চৰকাৰে হাতত লোৱা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গ্ৰহণ কৰা সামূহিক প্ৰতিবাদৰ কাৰ্যসূচী তথা আন্দোলন আছিল। মধ্যপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ লোকসকল এই বৃহৎ নদী বান্ধৰ সফল প্ৰায় 245 খন গাওঁ জলময় হোৱাৰ উপৰি হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ শংকা হৈছিল। মেধা পাটেকাৰে নৰ্মদাৰ আন্দোলনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে এই নদিবান্ধৰ বিৰুদ্ধে সজাগ হৈ পৰিছে।
6. নৰ্মদা বচাঁও আন্দোলন কি?
উত্তৰঃ দক্ষিণ ভাৰতৰ নৰ্মদা নদীত নিৰ্মান কৰিবলৈ লোৱা বহুমুখী বান্ধৰ বিৰুদ্ধে গঢ়ি তোলা এক আন্দোলনেই হৈছে নৰ্মদা বঁচাও আন্দোলন। এই বান্ধৰ দ্বাৰা বৃহৎ জলবিদ্যুৎ উৎপাদন আঁচনিৰ দ্বাৰা হ’ব পৰা ক্ষতিক বাধা প্ৰদান কৰিব গঢ়ি তোলা আন্দোলনেই হ’ল এই আন্দোলনআন্দোলনৰ মূল উদ্দেশ্য।
7. চিপকো আন্দোলনৰ তিনিটা বৈশিষ্ট লিখা।
উত্তৰঃ (১) বনাঞ্চল ধ্বংস ৰোধ কৰিবৰ বাবে গঢ়ি উঠা ই এটা পৰিবেশ আন্দোলন আছিল।
(২) পাৰিপাৰ্শ্বিক আৰু অৰ্থনৈতিক শোষণৰ বিষয়বোৰ এই আন্দোলনৰ যোগেদি উত্থাপিত হৈছিল।
(৩) প্ৰাকৃতিক সম্পদৰ ওপৰত স্থানীয় লোকৰ নিয়ন্ত্ৰণ থকা উচিত বুলি আন্দোলন কৰি সকলে সজোৰে দাবী উত্থাপন কৰিছিল।
8. চিপকো আন্দোলন কিয় আৰম্ভ হৈছিল? (HS 2013)
উত্তৰঃ বনাঞ্চলক ঠিকাদাৰ আৰু বন বিভাগৰ লুণ্ঠনৰ পৰা ৰক্ষা কৰা আৰু বনাঞ্চলত স্থানীয় সম্প্রদায়ক প্রৱেশৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চিপকো আন্দোলন আৰম্ভ হৈছিল।
9. চিপকো আন্দোলন আৰম্ভ হোৱাৰ কাৰণবোৰ উল্লেখ কৰা।
উত্তৰঃ চিপকো আন্দোলন আৰম্ভ হোৱাৰ কাৰণবোৰ হ’লঃ
(ক) 1972 চনত উত্তৰাখণ্ডৰ এখন গাওঁত ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে এজন ব্যৱসায়ী ঠিকাদাৰে গাঁৱৰ সৈতে সংলগ্ন হৈ থকা বননিত গছ কাটিবলৈ পদক্ষেপ লোৱাৰ বাবে গাঁওবাসীৰ নেতৃত্বত এই কাৰ্যক বাধা দিবলৈ চিপকো আন্দোলনৰ আৰম্ভ হৈছিল।
(খ) স্থানীয় সম্প্ৰদায়ৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ অধিকাৰৰ দাবী জনাই চিপকো আন্দোলনৰ আৰম্ভ হৈছিল।
গ) গাঁৱৰ লোকসকল তেওঁলোকৰ দৈনন্দিন মৌলিক প্ৰয়োজনীয় আৰু জীৱন নিৰ্বাহৰ বাবে বননিৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল। গাওঁবাসীয়ে কৃষিকাৰ্যৰ বাবে প্ৰয়োজনীয় আহিলা তৈয়াৰ কৰিবলৈ বননিৰ গছ ব্যৱহাৰৰ বাবে বন বিভাগক আবেদন জনাইছিল । কিন্ত বন বিভাগে এই আবেদন স্বীকাৰ নকৰিলে। তাৰ বিপৰীতে বিভাগটোৱে এজন ঠিকাদাৰক ব্যৱসায়িক কামত বনাঞ্চল ব্যৱহাৰৰ বাবে অনুমতি দিয়ে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসন্তষ্ট হৈ অৱশেষত গাওঁবাসীয়ে চিপ্কো আন্দোলনৰ আৰম্ভ কৰে।
10. সামাজিক আন্দোলনসমূহে গণতন্ত্ৰক সবল কৰে বুলি ভাবানে? তোমাৰ সমৰ্থনত যুক্তি দিয়া।
উত্তৰঃ কিছুমানৰ মতে গণ আন্দোলনে আৰু প্ৰতিবাদৰ দৰে সামূহিক কাৰ্যই চৰকাৰৰ কাৰ্যক্ৰমনিকাক বাধা জন্মৱাৰ লগতে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াটোত অযথা পলম কৰায়। এনে কাৰ্য গণতন্ত্ৰৰ কাৰ্যকাৰিতাৰ বাবেও শুভ নহয় বুলি এইচামলোকে বিশ্বাস কৰে।
Long Question Answer
1. সামাজিক আন্দোলনৰ গুৰুত্ব সম্পৰ্কে লিখা।
উত্তৰ: সামাজিক আন্দোলনসমূহৰ যথেষ্ট গুৰুত্ব আছে। এই আন্দোলনসমূহৰ জৰিয়তে ভাৰতীয় জনসাধাৰণে প্রাপ্য অধিকাবৰ দাবীত সংঘবদ্ধ হোৱাৰ সুযোগ লাভ কৰিছে। সমাজৰ সকলো শ্রেণীৰ, বিশেষকৈ নিজৰ প্রাপ্যৰ পৰা বঞ্চিত লোকসকলে তেওঁলোকৰ দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ সামাজিক আন্দোলনৰ জৰিয়তে সাহস পাইছে। এই আন্দোলনসমূহে তিনিটা গুৰুত্বপূর্ণ কার্য সম্পাদন কৰি আছে। সেই কেইটা হ’ল
ক) সামাজিক আন্দোলনসমূহে সমাজ আৰু ব্যক্তিৰ মাজত সম্পর্ক স্থাপন কৰিছে। এই আন্দোলনসমূহৰ জৰিয়তে জনসাধাৰণ বিভিন্ন ধৰণৰ সামাজিক সমস্যা সম্পর্কে সজাগ হৈছে। সামাজিক পৰিবর্তন প্রক্রিয়াত সমাজৰ লোকসকলৰ অংশগ্রহণ আৰু ভূমিকা পালনৰ সুযোগ প্রদান কৰিছে এই আন্দোলনসমূহে।
(খ) সামাজিক আন্দোলনসমূহে জনসাধাৰণক শিক্ষা প্রদান আৰু গতিশীল কৰাত যথেষ্ট গুৰুত্বপূর্ণ কার্য সম্পাদন কৰে। এই আন্দোলনসমূহে বিভিন্ন গুৰুত্বপূর্ণ সমস্যা, নীতি আৰু পৰিকল্পনাৰ অর্থ আৰু প্রভাৱৰ বিষয়ে জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰে। আন্দোলনসমূহে বিকাশৰ নতুন ধাৰণা আৰু বিকল্প আর্হিও উদ্ভাৱন কবে। ইয়াৰ ফলস্বৰূগে জনসাধাৰণ সচেতন হয় আৰু ৰাজনৈতিক দল আৰু চৰকাৰৰ কাম-কাজৰ মূল্যায়ন কৰিবলৈ সমর্থ হয়।
(গ) সামাজিক আন্দোলনসমূহে সাধাৰণ আৰু নির্দিষ্টভাবে জনসাধাৰণৰ চিন্তা, আশা আৰু প্রয়োজনীয়তাৰ সম্পৰ্কত চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰে।
2) অন্ধ্রপ্রদেশৰ আৰাক বিৰোধী আন্দোলনৰ বিষয়ে লিখা।
উত্তৰ: ১৯৯২ চনত অন্ধ্রপ্রদেশৰ নেল্লোৰ জিলাত আৰম্ভ হোৱা আৰাক বিৰোধী আন্দোলন এক শক্তিশালী মহিলা আন্দোলনৰূপে বিবেচিত হৈছে। এই আন্দোলনটোৱে গার্হস্থ্য হিংসা, যৌতুক প্রথা, কর্মস্থলী আৰু ৰাজহুৱা স্থানত যৌন নির্যাতনৰ বিৰুদ্ধে আন্দোলন হিচাপে সমগ্র ভাৰতৰ দৃষ্টি আকর্ষণ কৰিবলৈ সমর্থ হয়।
নেল্লোৰ জিলাৰ পুৰুষসকলৰ সুৰা সেৱনৰ অভ্যাসে জনসাধাৰণৰ স্বাস্থ্যত যথেষ্ট বিৰূপ প্রভাৱ পেলাইছিল। আৰাক নামৰ স্থানীয়ভাৱে তৈয়াৰ কৰা সুৰাৰ আসক্তিৰ ফলস্বৰূপে পুৰুষ সকলে মহিলাসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নির্যাতন চলাইছিল। এই সুৰা সেৱনৰ অভ্যাসৰ বাবে পৰিয়ালসমূহৰ অর্থনৈতিক অৱস্থাও শোচনীয় হৈ পৰিছিল। সুৰা সেৱনৰ প্রত্যক্ষভাবে আৰু সবাতোকৈ বেয়া প্রভাব পৰিছিল মহিলা আৰু শিশুসকলৰ ওপৰত। সেয়ে ইয়াৰ প্রতিবাদত মহিলাসকলে আৰাক বিৰোধী আন্দোলন আৰম্ভ কৰে। মহিলাসকলে স্বতঃস্ফূর্তভাৱে এই সুৰাৰ বিৰুদ্ধে সংগঠিত হৈ সুৰাৰ দোকানসমূহ বন্ধ কৰি দিয়ে। প্রায় 500 খন গাঁৱৰ মহিলাই এখন সভা অনুষ্ঠিত কৰি আৰাকৰ ওপৰত সম্পূর্ণ নিষেধাজ্ঞা জাৰি কৰাৰ প্রস্তাৱ এটা উপপতিসমাৰ্হতা আৰু উর্ধ্বতন কর্তৃপক্ষলৈ প্রেৰণ কৰে। মহিলাসকলৰ এই সবল প্রতিবাদৰ ফলস্বৰূপে নেল্লোৰ জিলাত সোতৰবাৰকৈ আৰাকৰ নিলাম পিছুৱাই দিবলগীয়া হয়। নেল্লোৰত আৰম্ভ হোৱা এই আন্দোলন অন্ধ্রপ্রদেশৰ সকলো অঞ্চলত বিয়পি পৰে। মহিলাসকলে অন্ধ্রপ্রদেশৰ ৰাজধানী হায়দবাবাদত আৰাকৰ বিক্ৰীৰ বিৰুদ্ধে বিশাল সমদল উলিয়ায়। যদিও এই আন্দোলন আৰাকৰ বিৰুদ্ধে সংগঠিত হৈছিল, তথাপি আন্দোলনটোৰ বাবে সমবেত হোৱা মহিলাসকলে তেওঁলোকে সম্মুখীন হৈ থকা অন্যান্য বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিছিল।
উল্লেখনীয়ভাৱে এই আন্দোলনটোৰ জৰিয়তে গাঁও অঞ্চলৰ মহিলাসকলে গার্হস্থ্য হিংসাৰ দৰে ব্যক্তিগত সমস্যা প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাবে আলোচনা কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ পূর্বে এইধৰণৰ আলোচনা চহৰ অঞ্চলৰ মধ্যবিত্ত শ্রেণীৰ মহিলাসকলৰ মাজতে আবদ্ধ হৈ আছিল।
3. সামাজিক আন্দোলন বুলিলে কি বুজা? সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলন মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃ যি আন্দোলন গণতান্ত্ৰিক ভাৱে দেশৰ সকলো জনসাধাৰণৰ অংশগ্ৰহণৰ লগতে সকলোৰে স্বাৰ্থ সুৰক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰে, তেনে আন্দোলনক সামাজিক আন্দোলন বোলা হয়। দেশৰ অৱহেলিত উপেক্ষিত তথা শোষিত লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে এনে আন্দোলন গঢ়ি উঠে।
সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হল—
(i) সামাজিক আন্দোলনৰ জৰিয়তে সামাজিক সমস্যা সমূহ সমাধান অথবা সমাজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰতিবাদী কাৰ্য সূচী গ্ৰহণ কৰা হয়। আনহাতে, ৰাজনৈতিক আন্দোলনৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰা হয়।
(ii) সামাজিক আন্দোলন নিৰ্বাচনক কেন্দ্ৰ কৰি গঢ়ি নুঠে। ই জনগণৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে গঢ়ি উঠে।
আনহাতে ৰাজনৈতিক আন্দোলন নিৰ্বাচনক কেন্দ্ৰ কৰি গঢ়ি উঠে আৰু চৰকাৰৰ দ্বাৰা জনগণৰ স্বাৰ্থৰ বাবে কাম কৰে।
(iii) সামাজিক আন্দোলনে ইয়াৰ দাবীসমূহ কোনো ৰাজনৈতিক দলৰ জৰিয়তে পূৰণ কৰাৰ পৰিবৰ্তে জনগণৰ দ্বাৰা সবল জনমত গঠন কৰি দাবীসমূহ পূৰণ কৰে। আনহাতে ৰাজনৈতিক দলৰ জৰিয়তে পূৰণ কৰাৰ চেষ্টা কৰে।
(iv) সামাজিক আন্দোলনে, সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক চৰিত্ৰৰ উপৰত গুৰুত্ব প্ৰদান কৰে। আনহাতে, ৰাজনৈতিক আন্দোলনে উল্লেখিত দিশসমূহ বাহিৰত দলীয় চৰিত্ৰৰ উপৰত গুৰুত্ব প্ৰদান কৰে।
4. ‘90 ৰ দশকত অন্ধ্ৰপ্ৰদেশত আৰম্ভ হোৱা সুৰা বিৰোধী আন্দোলনটোৰ (Anti- Arrack movement) বিষয়ে চমুকৈ লিখা।
উত্তৰঃ 1990 চনত প্ৰথম ভাগত অন্ধ্ৰপ্ৰদেশৰ নেলোৰ (Nellore) জিলাৰ এখন গাওঁত মহিলাসকলে এৰাক (Arrack) নামৰ সুৰাবিধৰ বিক্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে। মহিলাসকলে সংগঠিত হৈ তেওঁলোকৰ সেই সুৰাবিধৰ বিক্ৰী বন্ধ কৰিছিল। তেওঁলোকৰ মতে সেই সুৰা বিধৰ বিক্ৰীয়ে মহিলাসকলক বেছিকৈ ক্ষতি কৰিছিল। কাৰণ পৰিয়ালৰ পুৰুষজনে সেই সুৰ সেৱন কৰি মহিলাৰ ওপৰত অত্যাচাৰ কৰাৰ লগতে কাম- বন কৰাৰ পৰাও বিৰত আছিল। এনে অৱস্থাত মহিলাসকলৰ জীৱনলৈ বিপৰ্য্যয় নামি আহিছিল। গতিকে তেওঁলোকৰ অঞ্চলটোক সুৰাৰ আক্ৰান্তৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে সকলো সুৰাৰ দোকান বন্ধ কৰিবলৈ প্ৰবল আন্দোলন গঢ়ি তুলিছিল। ই মূলতঃ সুৰবিৰোধী আন্দোলন আছিল যদিও অন্য কিছমান বিষয়ো পোহৰলৈ আনিছিল। ঘৰুৱা পৰিৱেশত মহিলাৰ নিৰ্যাতন গ্ৰাম্য ঋনগ্ৰস্ততা আদি বিষয়বোৰ এই আন্দোলনৰ সময়তে আলোচিত হৈছিল। মুঠৰ উপৰত ই সুৰাবিৰোধী আন্দোলন হৈ নাথাকি বৃহত্তৰ নাৰী আন্দোলনৰ এক অংশ হৈ পৰিছিল।
5. BKU বুলিলে কি বুজা? তেওঁলোকৰ মূল দাবিবোৰ কি কি আছিল? সাফল্যৰ বাবে তেওঁলোকে কেনেকুৱা কাম- কাজ আৰম্ভ কৰিছিল?
উত্তৰঃ ভাৰতত সাধাৰণ জনগণৰ মাজত বিভিন্ন সময়ত বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি বহুতো আন্দোলন মূৰ দাঙি উঠিছিল। তাৰে ভিতৰত ভাৰতীয় কিসান ইউনিয়ন গঢ়ি তোলা আন্দোলন আছিল অন্যতম। এই আন্দোলন কৃষি- ভিত্তিক সমস্যা সমাধানৰ বাবে ভাৰতীয় কৃষক ইউনিয়ন সংঘ চমুকৈ BKU গঠন কৰা হয়। এই আন্দোলনৰ ভোটতে বিভিন্ন সমাবেশ,ৰ্ধনা, কাৰাগাৰবৰন আদিৰ দৰে প্ৰতিবাদী কাৰ্য সূচী হাতত লোৱা হৈছিল। এটি আনুষ্ঠানিক অনুষ্ঠান হিচাপে ই কৃষিভিত্তিক সমস্যাবলীৰ সমাধানৰ বাবে একত্ৰিত হৈ ওলাই আহিছিল। এক প্ৰভাৱশালী গোষ্ঠীৰ দৰে ই ৰাজনীতিতো নামি পৰিছিল। ভাৰতীয় কিসান ইউনিয়নে চৰকাৰক বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছিল।
সেই সমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি—
(১) কৃষিভিত্তিক বিভিন্ন সমস্যা বলীৰ সমাধানৰ বাবে জনপ্ৰিয় আন্দোলন গঢ়ি তোলা।
(২) বিদ্যুৎ-ৰ নিৰিখ অথবা মূল্য হ্ৰাস কৰা।
(৩) কুঁহিয়াৰ আৰু গাখীৰৰ মূল্য বৃদ্ধি কৰা।
(৪) নলা- নৰ্দমাৰ বাবে পঞ্চাবৰ কৃষক সকলে চৰকাৰক দিবলগীয়া কৰৰ বাতিলকৰণৰ ব্যৱস্থা হাতত লোৱা।
(৫) প্ৰকৃতিক দুৰ্যোগৰ সময়ত পৰ্যাপ্ত চৰকাৰী সাহায্য প্ৰদান কৰা।
(৬) উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে খেতিত চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব লাগিব বুলি দাবী জনোৱা হৈছিল।
ইয়াৰ উপৰি জাতিভিত্তিক আন্দোলন গঢ়ি তুলি কৃষকসকলৰ সমস্যা সমূহ দূৰ কৰিবলৈ বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল এই আন্দোলনত শোভাযাত্ৰা, জনসমাবেশ, ৰ্ধনা,কাৰাগাৰবৰন প্ৰতিবাদী কাৰ্য্যসূচী হাতত লৈ চৰকাৰক দাবী জনাইছিল। বিভিন্ন আৰ্থিক সমস্যৰ ক্ষেত্ৰত এই আন্দোলনে সক্ৰিয় অংশ গ্ৰহণ কৰিছিল। ফলত প্ৰভাৱশালী গোষ্ঠীৰ দৰে ৰাজনীতিৰ লগত জড়িত হৈ গুৰুতত্বপূৰ্ন ভূমিকা গ্ৰহণ কৰিছিল।
6. দলভিত্তিক আৰু দলভিত্তিক নোহোৱা আন্দোলনৰ বিষয়ে লিখা।
উত্তৰঃ (১) দলীয় আন্দোলনে নিৰ্বাচনত যোগদান কৰিব নোৱাৰে কিন্ত ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক থাকে। আনহাতে দলবিহীন আন্দোলনকাৰী ৰাজনীতিৰ বাহিৰত থাকে।
(২) দলীয় আন্দোলনে বিভিন্ন দাবীসমূহ ৰাজনৈতিক দলৰ দ্বাৰা পূৰণ কৰিব বিচাৰে। আনহাতে, দলবিহীন আন্দোলনে জনসাধাৰণৰ ভূমিকাৰ দ্বাৰা দাবীসমূহ পূৰণ কৰিব বিচাৰে।
(৩) দলীয় আন্দোলন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলন হিছাপে গঢ়ি উঠে। আনহাতে, দলবিহীন আন্দোলনে আন্তৰাষ্টৰীয় সাহায্য আৰু সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়।
7. চিপকো আন্দোলনৰ দাবী সমূহ কি আছিল?
উত্তৰঃ 1970 ৰ দশকৰ আৰম্ভ হোৱা চিপকো আন্দোলনৰ প্ৰধান দাবী সমূহ তলত উল্লেখ কৰা হ’ল—
(১) বনাঞ্চল ধ্বংস আৰু কোনো ঠিকা বা কাম বহিৰাগত ঠিকাদাৰক দিয়া বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰিছিল।
(২) ভূমি, পানী, বনাঞ্চল আদি প্ৰাকৃতিক সম্পদৰ ওপৰত থলুৱালোকৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে দাবী ওলোৱা হৈছিল।
(৩) জীৱিকাৰ উৎস হিচাপে বনাঞ্চলৰ ওপৰত স্থানীয় জনসাধাৰণৰ অধিকাৰ প্ৰদান কৰা।
(৪) বনাঞ্চলৰ ওপৰত ভিত্তি কৰি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে স্থানীয় লোকৰ অনুমতি প্ৰদানৰ দ্বাৰা স্থানীয় লোকৰ পৰিবেশ বিনষ্ট নকৰাকৈ জনগণৰ তথা অঞ্চলটোৰ বিকাশ সাধন কৰা আদিয়ে মূল দাবী আছিল।
8. নৰ্মদা বচাও আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা। (HS 2016, 2013)
উত্তৰ : নমৰ্দা বচাও আন্দোলন এটা সামাজিক আন্দোলন, যিয়ে মধ্য ভাৰতৰ নর্মদা নদী উপত্যকা ৰক্ষা কৰাৰ উদ্দেশ্যে নর্মদা বাচাও আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনৰ নেতৃত্ব প্রদান কৰিছিল মেধা পাটেকাৰে। 1980 ৰ দশকৰ আৰম্ভণি নৰ্মদা উপত্যকাত এটা বৃহৎ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হয়। চৰকাৰে আশ্বাস দিছিল যে এই নদীবান্ধৰ জৰিয়তে জনসাধাৰণে খোৱা পানী, জলসিঞ্চনৰ বাবে পানী, বিদ্যু উৎপাদন আৰু কৃষি উৎপাদন বৃদ্ধি আদি সুবিধাসমূহ লাভ কৰিব। কিন্তু চৰকাৰৰ এই আশ্বাসৰ বিপৰীতে নদীবান্ধটোৱে অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰহে সৃষ্টি কৰাৰ আশংকা হয়। আন্দোলনকাৰী সকলৰ মতে নদীবান্ধ নিৰ্মাণৰ ফলস্বৰূপে 245 খন গাওঁ জলমগ্ন হোৱাৰ লগতে এই গাঁওসমূহৰ প্ৰায় দুই লাখ পঞ্চাছ হাজাৰ লোক ক্ষতিগ্ৰস্ত হ’ব। নৰ্মদাত নদীবান্ধ নিৰ্মাণৰ প্ৰতিবাদস্বৰূপে সেয়ে 1988-89 চনত নৰ্মদা বাচাও আন্দোলন আৰম্ভ হয়।
-0000-
Last Word
We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 8 – “নতুন সামাজিক আন্দোলনৰ উত্থান” Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.