Class 12 Political Science Chapter – 1 এটা দলৰ আধিপত্যৰ যুগ Question Answers

Here We have provided, you ASSEB/AHSEC Class 12 Political Science Chapter – 1 এটা দলৰ আধিপত্যৰ যুগ PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 1 এটা দলৰ আধিপত্যৰ যুগ (ERA OF ONE-PARTY DOMINANCE) PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি Solutions for All Subject, You can practice these here.

In this post, we have provided Class 12 Political Science Chapter 1 – “এটা দলৰ আধিপত্যৰ যুগ” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.

PART (B): স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতি

এটা দলৰ আধিপত্যৰ যুগ

পাঠ: ১

দ্বিতীয় খণ্ড

Very Short Question Answer

1. বৃটিছ মহা সাম্ৰাজ্য বুলি কাক কোৱা হয়? 

উত্তৰঃ গ্ৰেট ব্ৰিটেইনৰ ৰানিকেই ব্ৰিটিছ মহা সাম্ৰাজ্য বোলা হয়।

2. দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভাজিত হৈ পৰা দুখন মহা নগৰৰ নাম লিখা।

উত্তৰঃ কলিকতা আৰু লাহোৰ।

3. দেশ বিভাজনৰ দ্বাৰা ক্ষতিগ্ৰস্থ হোৱা ৰাজ্য দুখনৰ নাম লিখা।

উত্তৰঃ পাঞ্জাব আৰু কাশ্মীৰ।

4. ’স্ত্ৰাগল ফৰ চাৰ্ভাইবাল’ অৰ্থাৎ ‘ জীয়াই থকাৰ সংগ্ৰাম’ কেতিয়া প্ৰকাশিত হৈছিল?

উত্তৰঃ 1952 

5. ভাৰতৰ অংগ ৰাজ্য হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰা ৰাজ্যসমূহৰ নাম লিখা।

উত্তৰঃ যুনাগৰ, হায়দৰাবাদ, মণিপুৰ আৰু কাশ্মীৰ।

6. এ সময়ত কেন্দ্ৰীয় শাসিত হৈ থকা বৰ্তমানৰ দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ গোৱা আৰু চিকিম।

7. ‘ আমাৰ মুছলমান সংখ্যা লঘূ ইমান আছে যিসকল সংখ্যাত ইমান বেছি যে ইচ্ছা কৰিলেও তেওঁলোকে যাও বুলিলেও অন্যঠাইলৈ যাব নোৱাৰে।’- এই কথাষাৰ কোনে কেতিয়া কৈছিল?

উত্তৰঃ এই কথাষাৰ জৱাহৰলাল নেহেৰুৱে 1949 চনৰ 15 অক্টোবৰ তাৰিখে কৈছিল।

8. ৰাজ্য পুনৰ্গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল? এই আয়োগৰ গুৰুত্বপূৰ্ণ পৰামৰ্শটো কি আছিল? 

উত্তৰঃ ৰাজ্য পুনৰ্গঠন আয়োগ 1953 গঠন কৰা হৈছিল। এই আয়োগৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আছিল- ভাষাৰ ভিত্তিত ভাৰতীয় ৰাজ্যসমূহ পুনৰগঠন কৰা।

9. ৰাজ্য পুনৰ গঠন আইন কেতিয়া গৃহীত হৈছিল? এই আইৰ অধীনত কিমানখিনি কেন্দ্ৰীয় শাসিত অঞ্চল সৃষ্টি হৈছিল? 

উত্তৰঃ ৰাজ্য পুনৰ্গঠন আইন 1956 চনত গৃহীত হৈছিল।

এই আইনৰ অধীনত 14 খন ৰাজ্য আৰু 6 খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৃষ্টি হৈছিল।

10. ভাৰত বিভানৰ সময়ত ভাৰতৰ গভৰ্নৰ জেনেৰেল কোন আছিল ?

উত্তৰঃ লৰ্ড মাউণ্ট বেটেন। 

11. কেতিয়া আৰু কোনে মহাত্মা গান্ধীৰ হত্যা কৰিছিল?

উত্তৰঃ 1948 চনৰ 30 জানুৱাৰী তাৰিখে নাথুৰাম গডছে।

12. সীমান্ত গান্ধী বুলি কাক কোৱা হয় ?

উত্তৰঃ খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী বুলি কোৱা হয়।

14. কেবিনেট মিছনৰ আঁচনি অনুসৰি গঠন কৰা অন্তবৰ্তিকলিন চৰকাৰৰ মুৰব্বী কোন আছিল ?

উত্তৰঃ জৱাহৰলাল নেহৰু।

19. ভাষাৰ ভিত্তিত সৃষ্টি কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কি আছিল? 

উত্তৰঃ অন্ধ্ৰপ্ৰদশ।

20. ‘মোৰ শব দেহৰ উপৰত পাকিস্তানৰ সৃষ্টি হব’ – কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ মহাত্মা গান্ধী।

21. 1956 চনৰ ৰাজ্য পুনৰ গঠন আইনৰ ভিত্তিত গঠন হোৱা এখন ৰাজ্যৰ নাম লিখা। (HS 2018)

উত্তৰঃ বিহাৰ।

22. ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্রহণ কৰা হৈছিল ? (HS 2016)

উত্তৰ: 1956 চনত।

23. তেলেংগনা ৰাজ্য ভাৰতৰ  ….. তম ৰাজ্য। (HS 2015)

উত্তৰ: 29 তম ৰাজ্য।

24. দেশ বিভাজনৰ সময়ত সাম্প্রদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম লিখা। (H.S. 2012)

উত্তৰ  লাহোৰ, কলিকতা  আদি।

25. কোন চনত ৰাজ্য পুনৰ আয়োগ গঠন কৰা হৈছিল?

উত্তৰ: 1953 চনত।

26. কোন চনত ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰ: 1950 চনৰ 26 জানুৱাৰীত।

27. সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ মর্যদা প্রদান কৰা হৈছে? (H.S. 2016)

উত্তৰ: 370 নং অনুচ্ছেদত।

28. জম্মু-কাশ্মীৰৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ হৰি সিং।

29. কোনখন দেশীয় ৰাজ্যই পোন প্ৰথমবাৰৰ বাবে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নির্বাচন অনুষ্ঠিত কৰিছিল?

উত্তৰ: মণিপুৰ।

30. 1947 চনৰ ভাৰত বিভাজনৰ আঁৰত থকা তত্ত্বটো কি আছিল?

উত্তৰঃ দ্বি-জাতি তত্ত্ব।

31. সীমান্ত গান্ধী (Frontier Gandhi) কোন?

উত্তৰঃ খান আব্দুল গফৰ খানক সীমান্ত গান্ধী হিচাপে জনা যায়।

32. দেশীয় ৰাজ্য মানে কি?

উত্তৰঃ দেশীয় ৰাজ্য হ’ল ব্রিটিছ শাসনৰ সময়ছোৱাত ৰজাৰ দ্বাৰা শাসিত ৰাজ্যসমূহ।

33. কেবিনেট মিছন, কেতিয়া ভাৰতলৈ আহিছিল?

উত্তৰ: 1946 চনৰ 19 মাৰ্চত।

34. সংবিধান সভাৰ সভাপতি কোন আছিল?

উত্তৰঃ ড° ৰাজেন্দ্র প্রসাদ।

35. ৰাজ্য পুনৰ গঠন আইনৰ ভিত্তিত কিমানখন ৰাজ্যৰ সৃষ্টি হৈছিল?

উত্তৰ: 14 খন ৰাজ্য আৰু 6 টা কেন্দ্রীয় শাসিত অঞ্চল।

36. হাইদৰাবাদৰ ৰজাজনৰ নাম কি?

উত্তৰঃ নিজাম।

37. পণ্ডিত নেহৰুৰ লক্ষ্য কি আছিল?

উত্তৰ: শক্তিশালী ভাৰতবৰ্ষ গঠন কৰা।

38 .স্বাধীনতাৰ পূৰ্বে আগবঢ়োৱা দ্বি-জাতি তত্ত্বৰ অন্তৰ্ভূক্ত কৰা ৰাষ্ট্ৰ দুখনৰ নাম কি আছিল? (H.S. 2018)

উত্তৰঃ ভাৰত আৰু পাকিস্তান।

39. দেশ বিভাজনৰ সময়ত বিভিন্ন সাম্প্রদায়িক মণ্ডলত বিভাজিত হৈ পৰা দুখন মহানগৰৰ নাম লিখা।

উঃ- পঞ্জাৱ আৰু বংগদেশ।

40. ৰাজকীয় ৰাষ্ট্র কি?

উঃ- ৰজাৰ শাসনাধীন ৰাষ্ট্রই হল ৰাজকীয় ৰাষ্ট্র।

41. চৰ্দাৰ বল্লভ ভাই পেটেল কোন আছিল?

উঃ- স্বাধীন ভাৰতৰ প্রথম গৃহমন্ত্রী

42. স্বাধীনতাৰ সময়ত মণিপুৰৰ মহাৰজা কোন আছিল?

উঃ- মহাৰজা বোধচন্দ্র।

42.. কোন চনত নাগপুৰ অধিবেশন বহিছিল?

উ:- 1920 চনত।

43. ব্রিটিছ মহাসাম্রাজ্য বুলিলে কি বুজা?

উঃ- যেতিয়া ভাৰতবর্ষখন সম্পূর্ণ ব্রিটিছৰ নিয়ন্ত্রণত আছিল আৰু দেশখন শাসন কৰিছিল, তাকে ব্রিটিছ মহাসাম্রাজ্য বোলে।

45.. জৱাহৰলাল  নেহেৰুৰ লক্ষ্য কি আছিল?

উঃ- সমাজবাদী, ধর্মনিৰপেক্ষ গণতন্ত্র প্রতিষ্ঠা কৰা।

46.. হায়দৰাবাদৰ জনসাধাৰণে নিজামৰ শাসনৰ কিয় বিৰোঁধিতা কৰিছিল?

উঃ- হায়দৰাবাদৰ শাসকৰ  গোড়ামী স্বেচ্ছাচাৰিতাৰ বাবে।

47. নিজামৰ অত্যাচাৰী শাসনৰ বলি কোন হৈছিল?

উঃ- মুছলিম ব্রাডাছ।

48. সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত কোনখন ৰাজকীয় ৰাজ্যই প্রথমতে নির্বাচন অনুষ্ঠিত কৰিছিল ?

উঃ- মণিপুৰ।

Short Question Answer

1.স্বাধীনতা লাভৰ ঠিক পিছতেই ভাৰতবৰ্ষই সম্মুখীন হোৱা দুটা প্রত্যাহ্বান উল্লেখ কৰা।

উত্তৰ: ক) গণতন্ত্র প্রতিষ্ঠাৰ প্ৰত্যাহ্বান।

খ) বিকাশৰ প্ৰত্যাহ্বান।

2. ভাৰত বিভাজনৰ দুটা পৰিণাম উল্লেখ কৰা।

উত্তৰ: ক) দুখন দেশৰ সৃষ্টি।

খ) সাম্প্রদায়িক উত্তেজনা।

3.. MNF বুলিলে কি বুজা ? 

উত্তৰঃ MNF – ৰ সম্পূৰ্ণ নাম হল ‘ Mizo National Front’ , ই মিজোৰামৰ স্বাধীনতাৰ বাবে সশস্ত্ৰ সংগ্ৰাম চলোৱা এটা বিদ্ৰোহী সংগঠন। 1960 চনত অসম চৰকাৰে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে বলবৎ কৰাৰ হকে গ্ৰহণ কৰা আইনৰ বিৰোধিতা কৰি MNF গঠিত হৈছিল। 

4. NEFA কি ? 

উত্তৰঃ NEFA মানে হৈছে ‘North- East frontier Agency’ ইয়াক অসমীয়াত উত্তৰ পূব এজেঞ্চী বুলি কোৱা হয়। 1948 চনত NEFA গঠন হয়।

5. ব্ৰিটিছ গভৰ্নৰ জেনেৰেল লৰ্ড মাউণ্ট বেটেনে 1947 চনৰ 3 জুন তাৰিখে কি ঘোষণা কৰিছিল?

উত্তৰঃ 1947 চনৰ 3 জুন তাৰিখে এখন আঁচনি বা পৰিকল্পনা ঘোষণা কৰিছিল। 

ইয়াৰ মূল বিষয়বস্তু আছিল এনে ধৰণৰ-

১। ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক ৰাষ্ট্ৰ গঠন কৰা।

২। বঙ্গ আৰু পাঞ্জাৱৰ কোনটো অংশ পাকিস্তানৰ হৈয়ে চামিল কৰা হব সেইটো নিৰ্দ্ধাৰণ আয়োগ গঠন কৰা হব।

৩। এই সিদ্ধান্ত অসমৰ চিলেট আৰু উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত কাৰ্যকৰী কৰিবলৈ গণভোটৰ ব্যৱস্থা কৰিব লাগিব।

৪। সিন্ধু প্ৰদেশত বিধান সভাৰ দ্বাৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হব।

৫। দেশীয় ৰজ্যবোৰে ভাৰত বা পাকিস্তানত যোগদান অথবা স্বাধীন ভাবে থাকিব পাৰে।

6. নিজাম্ মানে কি ? 

উত্তৰঃ ভাৰতৰ আটাতকৈ ডাঙৰ ৰাজ্য আছিল হায়দ্রাবাদ। পুৰণি হায়দ্রাবাদ ৰাজ্যখন বৰ্তমান মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধৰপ্ৰদেশৰ মাজত বিভক্ত হৈ আছিল। এই বৃহৎ ভূ- খণ্ড হায়দ্রাবাদৰ শাসক আছিল নিজাম্।

7. স্বাধীন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত হৈছিল ?

উত্তৰঃ মণিপুৰৰ মহাৰাজ বোধ চন্দ্ৰই 1948 চনৰ জুন মাহত ৰাজ্যখনত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত হৈছিল।

8. দ্বি-জাতি তত্ত্ব সম্পর্কে চমুকৈ আলোচনা কৰা। [H.S. 2016, 2022]

উত্তৰ: মুছলমান সকলৰ সুৰক্ষাৰ বাবে মুছলিম লীগে মাউন্টবেটেন আঁচনিৰ জৰিয়তে দ্বি-জাতি তত্ত্বৰ সৃষ্টি কৰিছিল। ইয়াৰ জৰিয়তে মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ পাকিস্তানৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্ভূক্ত কৰা হয়।

মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহক লৈ এখন ৰাষ্ট্ৰ গঠনৰ স্বাৰ্থত আৰু মুছলমান সকলৰ সুৰক্ষাৰ বাবে মহম্মদ আলি জিন্নাহৰ নেতৃত্বত মুছলিম লীগে দ্বি-জাতি তত্ত্বৰ পৰামৰ্শ আগবঢ়াইছিল। গতিকে, এই দ্বি-জাতি তত্ত্বত দ্বি-জাতি মানে হিন্দু  আৰু মুছলমান, যাৰ ভিত্তিত দুখন ৰাষ্ট্ৰ সৃষ্টিৰ কথা কোৱা হৈছিল। এই দ্বি-জাতি তত্ত্বই ভাৰতবৰ্ষৰ বিভাজনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল।

9. ৰাজ্য পুনৰ গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল? এই আইনৰ অধীনত সৃষ্টি হোৱা এখন ৰাজ্যৰ নাম লিখা। (HS 2013, 2017)

উত্তৰঃ ৰাজ্য পুনৰ গঠন আয়োগ 1953 চনত গঠন কৰা হৈছিল। এই আইনৰ অধীনত সৃষ্টি হোৱা ৰাজ্য হ’ল- অসম, বিহাৰ আদি।

10. ভাৰতীয় সংবিধানৰ খচৰা কেতিয়া স্বাক্ষৰ কৰা হৈছিল? ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? (HS 2012)

উত্তৰঃ 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানৰ খচৰা স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল।

Long Question Answer

1. বৃটিছ ঔপনিবেশিক শাসন ব্যৱস্থাত কেইপ্রকাৰৰ প্ৰদেশ আছিল? এই প্ৰদেশৰ মাজত পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ বৃটিছ শাসনাধীন ভাৰতবৰ্ষত দুই ধৰণৰ প্ৰদেশ বা অঞ্চল আছিল যেনে বৃটিছ শাসনাধীন ভাৰতীয় প্ৰদেশ আৰু দেশীয় ৰাজ্য।

বৃটিছ শাসনাধীন ভাৰতীয় প্ৰদেশ সমূহত ব্ৰিটিছে সম্পূৰ্ণ শাসন তথা নিয়ন্ত্ৰন কৰিছিল, লগতে বৃটিছ শাসক সকলে এই প্ৰদেশ সমূহত ব্ৰিটিছ শাসন কৰ্তা সকলে ইচ্ছা অনুসৰি কৰ কটল আদায় কৰিছিল। আনহাতে, দেশীয় ৰাজ্য সমূহত এজনকৈ ৰজা আছিল সেই ৰজা সকলে বৃটিছ সকলৰ সৰ্বোচ্চ কর্তৃত্ত মানি লৈছিল। যাৰ ফলত ব্ৰিটিছে তেনে ৰাজ্য সমূহত আভন্তৰিন শাসন পৰিচালনাৰ বেলিকা কিছু স্বায়ত্বতা প্ৰদান কৰিছিল। 

2. এক জাতি গঠনৰ ক্ষেত্ৰত সদ্যোজাত ভাৰতবৰ্ষ এ সম্মুখীন হোৱা তিনিটা প্ৰত্যাহ্বানৰ বিষয়ে লিখা। 

উত্তৰঃ স্বাধীন ভাৰতবৰ্ষ ই মূলত জাতি গঠনক কেন্দ্ৰ কৰি তিনি প্ৰকাৰ প্ৰত্যাহ্বান ৰ সম্মুখীন হৈছিল। 

এই প্ৰত্যাহ্বান সমূহৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা হল-

(i) বৈচিত্ৰৰ বুকুত ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰা: সদ্যোজাত ভাৰতবৰ্ষ এ বিশেষকৈ জাতি গঠনক কেন্দ্ৰ কৰি ভাৰতীয় জনগণৰ মাজত ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰা যাব নে নাই তাক লৈ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল। কিয়নো পূৰ্বৰ পৰাই ভাৰতবৰ্ষত বিভিন্ন অঞ্চলত বিভিন্ন সংস্কৃতিৰ, জাতি- উপজাতিৰ , ধৰ্মাৱলম্বী লোক তথা ভাষাভাষীৰ লোক বসবাস কৰিছে। তাৰোপৰি স্বাধীনতাৰ সময়ত জনগণৰ মাজত যি এক বিভেদকামি পৰিবেশৰ সৃষ্টি হৈছে তাক কেন্দ্ৰ কৰি এই জনগণৰ মাজত পুনৰ সংহতি আৰু একতা স্থাপন কৰা যাব নে নাই তাক লৈ সন্দেহ সৃষ্টি হৈছিল।

(ii) গণতন্ত্ৰৰ বহল অৰ্থক বাস্তবায়িত কৰা: স্বাধীন ভাৰতবৰ্ষ অন্য এক প্ৰত্যাহবানৰ সম্মুখীন হৈছিল। কিয়নো সংবিধানে প্ৰদান কৰা নীতি অনুসৰি সকলো জাতি জনগোষ্ঠী তথা সম্প্ৰদায়ৰ মাজত গণতন্ত্ৰক বহল অৰ্থত বাস্তবায়িত কৰা যাব নে নাই তাক লৈ বিশেষ সমস্যাৰ সৃষ্টি হৈছিল। অৰ্থাত নাগৰিকৰ অধিকাৰ, সামাজিক ন্যায় তথা সমতা আৰু প্ৰতিনিধি মূলক ব্যবস্থা সঠিক ভাবে প্ৰয়োগ তথা মূল্যায়ন যাব নে নাই তাক কেন্দ্ৰ কৰি স্বাধীন ভাৰতবৰ্ষ ই প্ৰত্যাহ্বান ৰ সম্মুখীন হৈছিল।

(iii) সামাজিক কল্যাণ সাধন: স্বাধীন ভাৰতবৰ্ষ ই সমাজৰ সৰ্ব স্তৰৰ জনগণক সমানে বিকাশ কৰি তুলিব পাৰিব নে নাই আৰু সৰ্ব স্তৰৰ জনগণৰ কল্যাণ বা মঙ্গল সাধন হব নে নাই তাক কেন্দ্ৰ কৰি ভাৰতবৰ্ষই প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল। এনে আশা আকাংক্ষাৰ বাস্তায়িত ৰূপ দিব পৰা বিকাশৰ নীতি বা আৰ্হি গ্ৰহণ কৰাটোয়েও ভাৰতীয় জাতী নিৰ্মাণ প্ৰক্ৰিয়াটোৰ বাবে এক প্ৰতযাহ্বান হিচাপে গা কৰি উঠিছিল।

3. দেশ বিভাজনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাৰ বিষয়ে লিখা।

উত্তৰঃ দেশ বিভাজন আছিল অত্যন্ত বেদনাদায়ক সাম্প্ৰদায়িক সংঘৰ্ষ আৰু উত্তেজনাৰ মাজেৰে সংগঠিত হোৱা। দেশ বিভাজন প্ৰক্ৰিয়াটোত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল। দেখাত সহজ যেন লাগিলেও দেশ বিভাজনৰ গোটেই প্ৰক্ৰিয়াটো আছিল অত্যন্ত জটিল। 

বিশেষকৈ দেশ বিভাজনৰ প্ৰক্ৰিয়াত চাৰিটা সমস্যাই দেখা দিছিল যেনে – 

(i) বৃটিছ সকলে শাসন কৰা ভাৰতবৰ্ষৰ কোনো এটা বিশেষ অঞ্চল মুচলমান সংখ্যাগৰিষ্ঠ নাছিল, কিন্তু মুচলমান বসতিৰ ঘনত্ব বেছি থকা অঞ্চল দুটা ভাৰতবৰ্ষত পূব আৰু পশ্চিম সীমান্তত অৱস্থিত আছিল। সেয়ে এই দুয়োটা অঞ্চলক সহজভাৱে একত্ৰিত কৰাৰ ব্যবস্থা আছিল জটিল। সেয়ে নতুনকৈ পাকিস্তানৰ দুটা পৃথক অঞ্চল পশ্চিম পাকিস্তানৰ আৰু পূব পাকিস্তানৰ জন্ম হৈছিল আৰু মুচলমান বসতি প্ৰধান অঞ্চল দুটা কৰ লগত চামিল হব তাক লৈ সমস্যাৰ সৃষ্টি হৈছিল।

(ii) মুচলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চল সমূহ পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱা নাছিল। ইয়াৰ ভিতৰত অন্যতম আছিল উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ। এই প্ৰদেশৰ অন্যতম নেতা খান আব্দুল গফুৰ খানে দেশ বিভাজন আৰু পাকিস্তান গঠনৰ পূৰ্ণ বিৰোধিতা কৰিছিল। কিন্তু গফুৰ খানৰ এনে বিৰোধিতাৰ প্ৰতি গুৰুত্ব নিদি উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ খনক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰা হৈছিল।

(iii) দেশ বিভাজন প্ৰক্ৰিয়াটোত বিশেষকৈ দুখন প্ৰদেশক কেন্দ্ৰ কৰি সমস্যাৰ সৃষ্টি হৈছিল। সেই প্ৰদেশ দুখন আছিল বেংগল আৰু পাঞ্জাব। এই প্ৰদেশ দুখনত মুচলমানৰ সংখ্যা বেছি আছিল যদিও এই প্ৰদেশ দুখনত বহুবোৰ অঞ্চলত অমুছলমান লোকৰ সংখ্যা বেছি আছিল। সেয়ে এই দুখন প্ৰদেশ বিভাজন বেলীকা নতুন পন্থা গ্ৰহন কৰিব লগীয়া হৈছিল।

(iv) ধৰ্মৰ ভিত্তিত বিভক্ত হোৱা দেশ দুখনত বহুতো লোক সংখ্যালঘু হৈ পৰিছিল ঠিক একেদৰে ভাৰতবৰ্ষতো বহুসংখ্যক মুচলমান লোক নিজ মাতৃভূমিত সংখ্যালঘু তথা বিদেশী হৈ পৰিছিল। আনকি দুয়োখন দেশতে ই সংখ্যালঘু সকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল যাৰ ফলত এই লোকসকল নিজ গৃহ ভূমি ত্যাগ কৰিবলৈ বাধ্য হৈছিল।

4. ভাৰত বিভজনৰ ফলাফল ব্যাখ্যা কৰা। 

উত্তৰঃ দেশ বিভাজনৰ পৰিণতি বা ফলাফল অত্যন্ত দুখজনক আৰু ভয়াবহ আছিল। সাম্প্ৰদায়িক উত্তেজনা আৰু সংঘৰ্ষত দুয়োখন দেশতে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। 

সেই বিষয়ে তলত আলোচনা কৰা হল- 

(i) দেশ বিভাজনৰ ফলত ভাৰত আৰু পাকিস্তান উভয় দেশতেই সংখ্যালঘুৰ ওপৰত যথেষ্ট অত্যাচাৰ কৰা হৈছিল। স্বাধীনতাৰ কেইমাহমানৰ ভিতৰত প্ৰায় পাঁচ লাখ লোকক হত্যা কৰা হৈছিল। আৰু হাজাৰ হাজাৰ নিযুত টকাৰ সা সম্পত্তি লুণ্ঠন তথা ধ্বংস হৈছিল। বিশেষকৈ এনে সংঘৰ্ষই সমাজৰ গাঁথনিটো ধ্বংস প্ৰাপ্ত হৈছিল।

(ii) ভাৰতবৰ্ষ বিভাজনৰ ফলত বহুত লোক গৃহহিন হৈ পৰিছিল লগতে লক্ষ্য লক্ষ্য লোক অন্য দেশত গৈ শৰণাৰ্থীৰ দৰে জীৱন কটাব লগীয়া হৈছিল। এই লোক সকলে জীৱন তথা জীবিকাৰ নিৰাপত্তা নোহোৱাৰ লগতে আৰ্থিক দৈন্নতাই দেখা দিছিল।

(iii) দেশ বিভাজনৰ ফলত হঠাৎ বিদেশী হৈ পৰা সংখ্যালঘু লোকসকলে বিভিন্ন উপায়েৰে আনকি খোজকাঢ়ি ও দেশৰ সীমা পাৰ হবলৈ বাধ্য হৈ পৰিছিল। এই লোকসকল যাত্ৰা পথত আক্ৰমণৰ সম্মুখীন হৈছিল লগতে হাজাৰ হাজাৰ মহিলাক অপহৰণ তথা ধৰ্ষণ কৰা হৈছিল তাৰোপৰি জুৰ জুলুমকৈ বহুতো মহিলাক ধৰ্মান্তৰিত কৰি বিবাহ কৰা হৈছিল।

(iv) দেশ বিভাজনৰ ফলত হাজাৰ হাজাৰ শিশু নিজৰ পিতৃ- মাতৃ পৰা পৃথক হৈ পৰিছিল। দেশ বিভাজন এ প্ৰায় আশি লাখ লোকক নিজ গৃহ এৰি আৰু দেশৰ সীমা পাৰ হৈ ভাৰত তথা পাকিস্তানলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰিছিল।

(v) দেশ বিভাজনৰ ফলত দ্বি- জাতি তত্বৰ আধাৰতে গঠিত পাকিস্তানৰ হাজাৰ হাজাৰ লোকৰ বাবে স্বাধীনতাৰ অৰ্থ হৈ পৰিছিল সীমাহীন যন্ত্ৰণা তথা এই লোকসকলৰ আশ্ৰয় স্থল হৈ পৰিছিল শৰণাৰ্থী শিবিৰ সমূহ যেন স্বাধীনতাই এই সকল লোকৰ বাবে মুক্তিৰ পৰিবৰ্তে বন্দিত্বৰ জিবনহে কঢ়িয়াই আনিছিল।

5.. কিদৰে দেশীয় ৰাজ্য হায়দ্রাবাদ ভাৰতীয় সংঘত চামিল হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষৰ লগত চামিল কৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰা দেশীয় ৰাজ্য “ হায়দ্রাবাদ” আছিল অন্যতম। হায়দ্রাবাদ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাজ্য আছিল আৰু ৰাজ্য খনক চাৰিও ফালৰ পৰা ভাৰতীয় ভূ- খণ্ডই আগুৰি ৰাখিছিল। এই হায়দ্রাবাদৰ শাসক জনক নিজাম নামেৰে জনা গৈছিল। নিযাম হায়দ্রাবাদৰ বাবে স্বাধীনতাৰ দাবী উত্থাপন কৰিছিল। এই ক্ষেত্ৰত নিজামে নিজৰ স্থিতি বাহাল ৰাখিবলৈ পাকিস্তানৰ সহায় লৈছিল। কিন্তু নীজাম এ কোনো মতেই হায়দ্রাবাদক পাকিস্তানৰ লগত চামিল নকৰাৰ গোপন প্ৰতিশ্ৰুতি দিয়ে। গোটেই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি চৰ্দাৰ বল্লভভাই পেটেলে হায়দ্রাবাদৰ ওপৰত কোনো সিদ্ধান্ত ও জাপি দিব ক্ষুজা নাছিল। এনে সময় চোৱাৰ 1947 চনৰ নৱেম্বৰ মাহত ভাৰত চৰকাৰৰ লগত নিজামৰ এখন চুক্তি স্বাক্ষৰিত হয় যাক ‘ stand still agreement’ অৰ্থাৎ স্থিতি অৱস্থা বৰ্তাই ৰখা চুক্তি বুলি কোৱা হৈছিল। নিজমে আশা কৰিছিল যে ভাৰতবৰ্ষক হায়দ্রাবাদৰ স্বাধীনতাৰ দাবী মানি লবলৈ বাধ্য কৰিব। এনে এক পৰিস্থিতিত হায়দ্রাবাদৰ জনতাই নিজমৰ আভ্যন্তৰিন সিদ্ধান্তক বুজি পাই নিযামৰ বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি তোলে। নিযামে উপায়ন্তৰ হৈ আন্দোলনকাৰী সকলক দমন কৰিবৰ বাবে ৰজা কাৰচ নামৰ অৰ্ধসামৰিক বাহিনীক নিয়োগ কৰি জনতাৰ ওপৰত অত্যাচাৰ চলায়। এনে সময়তে হায়দ্রাবাদত শান্তি ঘূৰাই অনাৰ বাবে ভাৰতে সেনাবাহিনী মতায়ন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। শেষত নীজামে ভাৰতৰ ওচৰত আত্ম সমৰ্থন কৰিবলৈ বাধ্য হয় আৰু লগে লগে হায়দ্রাবাদ ভাৰতীয় সংঘত চামিল হয়।

6. দেশীয় ৰাজ্য মণিপুৰ কি পৰিস্থিতিত ভাৰতত অন্তৰ্ভুক্ত চমুকৈ আলোচনা কৰা।

উত্তৰঃ দেশীয় ৰাজ্য মণিপুৰৰ শাসন কৰ্তা “মহাৰাজ বোধ চন্দ্ৰই 1947 চনৰ 11 আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ লগত চামিল হোৱাৰ এখন আৰ্হি পত্ৰত চহী কৰে। ভাৰতবৰ্ষই এনে আৰ্হি পত্ৰত চহী কৰাৰ বিনিময়ত

মণিপুৰক আভ্যন্তৰিন স্বায়ত্বতা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু এই চামিলকৰণৰ চুক্তিত চহী কৰাৰ পূৰ্বে 1947 চনৰ জুন মাহত মণিপুৰ দৰবাৰৰ কেইগৰাকীমান জ্যেষ্ঠ সদস্যই অসমৰ ৰাজ্যপাল লৈ এখন পত্ৰ প্ৰেৰণ কৰে। লগতে মণিপুৰ এ যে সংবিধান সভাত অংশগ্ৰহণ কৰিব পাৰিব তাৰও সিদ্ধান্ত লোৱা হয়। কিন্তু মণিপুৰত সংবিধান সভাত অংশগ্ৰহণ কৰিবলৈ পৰ্যাপ্ত জনসংখ্যা নথকাত ত্ৰিপুৰা আৰু খাছি ৰাজ্যক প্ৰতিনিধি হিচাপে স্বীকৃতি দিয়া হয়। অৰ্থাৎ চামিলকৰনৰ চুক্তি স্বাক্ষৰ হোৱাৰ পূৰ্বেই মণিপুৰ ভাৰতবৰ্ষত চামিল হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এনে পৰিস্থিতিত জনসাধাৰণৰ হেচাত পৰি মহাৰাজ বোধ চন্দ্ৰই ৰাজ্য খনত 1948 চনত জুন মাহত সাৰ্বজনীন ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰে। ইতিমধ্যে বিধানসভা গঠনৰ পিছত মণিপুৰ ভাৰতবৰ্ষলৈ চামিল হব নে নাই তাক লৈ বাদানুবাদ আৰম্ভ হয়। ৰাজ্যৰ বিধাসভাত এনে বাদানুবাদৰ মাজতেই বিধানসভাৰ অনুমতি নোলোৱাকৈ মণিপুৰ মহাৰাজ কেন্দ্ৰীয় চৰকাৰৰ লগত এক আলোচনা মৰ্মে 1949 চনৰ 21 ছেপ্টেম্বৰ তাৰিখে মণিপুৰক ভাৰতীয় সংঘৰ লগত চামিল কৰা হয়। 

7. দেশীয় ৰাজ্য জুনাগৰ কিদৰে ভাৰতৰ অন্তৰ্ভূক্ত হৈছিল চমুকৈ আলোচনা কৰা।

উত্তৰঃ দেশীয় ৰাজ্য জুনাগৰ আছিল আটাইবিলাক ৰাজ্যতকৈ সৰু। এই ৰাজ্যখনক চাৰিওফালৰ পৰা ভাৰতৰ ভুখণ্ডই আগুৰি আছিল। যদিও ইয়াৰ শাসন কৰ্তা নবাবে পাকিস্তানৰ হৈয়ে চামিল হোৱাৰ সিদ্ধান্ত লয়। কিন্তু ইয়াৰ বেছি সংখ্যক জনতা হিন্দু সম্প্ৰায়ৰ হোৱাৰ বাবে নবাবৰ সিদ্ধান্তৰ বিপৰীতে ভাৰতৰ হৈয়ে চামিল হোৱাৰ কথা ব্যক্ত কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে ও জুনাগৰৰ জনতাৰ হৈতে সমৰ্থন আগবঢ়ায়। জুনাগৰ কাৰ লগত চামিল হব সেইটো সিদ্ধান্ত জনতাই লব বুলি পক্ষপাতিত্ব কৰিছিল। এনে এক পৰিস্থিতিত জুনাগৰৰ লগত কোনো মুক্ত আলোচনা নকৰাকৈ নবাৱে জুনাগৰক পাকিস্তানৰ হৈয়ে চামিল কৰে। এনে এক পৰিস্থিতিত জনগণে নবাবৰ বিৰুদ্ধে এক প্ৰবল আন্দোলন গঢ়ি তোলে। জনগণৰ এনে আন্দোলনত অতিষ্ঠ হৈ নৱাবে পলায়ন কৰে। জুনাগৰ দেৱানে এনে পৰিস্থিতিত মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰৰ হস্তক্ষেপ বিচাৰে ভাৰতীয় সৈন্য বাহিনী ৰাজ্য খনত প্ৰৱেশ কৰি 1948 চনৰ ফেব্ৰুৱাৰী মাহত সাৰ্বজনীন ভোট অনুষ্ঠিত কৰে। এই ভোটত জনগণে ভাৰতৰ লগত চামিল হোৱাৰ পক্ষত ভোট প্ৰদান কৰে আৰু ইয়াৰ লগে লগে জুনাগৰক ভাৰতৰ সৈতে চামিল কৰা হয়। 

8. দেশীয় ৰাজ্য কাশ্মীৰ কিদৰে ভাৰতৰ লগত চামিল হৈছিল চমুকৈ আলোচনা কৰা।

উত্তৰঃ স্বাধীন ভাৰতবৰ্ষৰ এক উল্লেখনীয় দেশীয় ৰাজ্য আছিল কাশ্মীৰ। স্বাধীনতাৰ সময়ত এই ৰাজ্যৰ ৰজা আছিল হৰি সিং , তেওঁ এজন হিন্দু ৰজা আছিল। আৰু ৰাজ্যখনৰ 75% লোক আছিল মুচলমান। তেওঁ ভাৰতবৰ্ষ বা পাকিস্তান কাৰো অন্তৰ্ভূক্ত হব বিচৰা নাছিল। হৰি সিং কাশ্মীৰক এক স্বাধীন ৰাজ্য হিচাপে ৰাখিব বিচাৰিছিল। সেই সময়ত কাশ্মীৰৰ জনপ্ৰিয় ৰাজনৈতিক দল ‘ national conference’ – এ কাশ্মীৰক ভাৰতৰ লগত চামিল হোৱাৰ পক্ষপাতিত্ব কৰিছিল। কিন্তু ভাৰতীয় চৰকাৰে কাশ্মীৰ কাৰ লগত যোগ হব সেইটো সিদ্ধান্ত অকলে লব খোজা নাছিল। এই ক্ষেত্ৰত জনগণৰ ওপৰত সকলো সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি ভাৰত চৰকাৰে ব্যক্ত কৰিছিল। এনে পৰিস্থিতিত 1947 চনৰ 22 অক্টোবৰ তাৰিখে পাকিস্তানী বাহিনীৰ সহযোগত পাঠান জনজাতীয় লোকে কাশ্মীৰ আক্ৰমণ কৰি শ্ৰীনগৰ লৈ আগবাঢ়ি আহে। মহাৰাজ হৰি সিংৰ সৈন্য এনে আক্ৰমণৰ সম্মুখীন হব নোৱাৰি ভাৰত চৰকাৰৰ ওচৰত সামৰিক সাহায্য বিচাৰে। সেই মৰ্মে 1947 চনৰ 27 অক্টোবৰ তাৰিখে ভাৰতীয় সৈন্য কাশ্মীৰলৈ ৰাওনা হয়। অৱশেষত পাকিস্তানৰ সৈন্য আৰু হৰি সিংৰ সৈন্যৰ মাজত যুদ্ধ হয়। সেই যুদ্ধত হৰি সিংৰ সৈন্য বেয়া ভাবে পৰাস্ত হয় আৰু কাশ্মীৰক ভাৰতৰ অন্য ৰাজ্য বুলি ঘোষণা কৰা হয় যদিও পৰৱৰ্তী সময়ত কাশ্মীৰ সমস্যা ৰূপেই থাকি যায়। 

9. স্বাধীন ভাৰত চৰকাৰে সম্মুখীন হোৱা মূল প্ৰত্যাহ্বানসমূহ আলোচনা কৰা। [H.S. 2012, 2013, 2015, 2019]

উঃ- স্বাধীন ভাৰত চৰকাৰে সম্মুখীন হোৱা মূল প্রত্যাহ্বানসমূহ তলত আলোচনা কৰা হ’ল –

(ক) ঐক্য – ভাৰতবর্ষ এখন আকাৰত তথা জনসাধাৰণৰ ক্ষেত্রত বিশাল দেশ। বিভিন্ন ভাষা-ধর্ম, সংস্কৃতিৰ লোকৰ বসতিৰ স্থল ভাৰতবৰ্ষত একতা স্থাপন কৰাটো ভাৰত চৰকাৰৰ সমুখত অতি কঠিন প্রত্যাহ্বান হিচাপে দেখা দিছিল। গতিকে ভিন্নতাৰ মাজত ঐক, স্থাপনক স্বাধীন ভাৰত চৰকাৰে সন্মুখীন হোৱা প্রথম আৰু প্রধান প্রত্যাহ্বান বুলি কব পাৰি।

(খ) গনতন্ত্র প্রতিষ্ঠাৰ প্ৰত্যাহ্বান – স্বাধীনতাৰ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে সম্মুখীন হোৱা দ্বিতীয় গুৰুত্বপূর্ণ প্রত্যাহ্বানটো আছিল গণতন্ত্ৰ প্রতিষ্ঠাৰ প্ৰত্যাহ্বান। ভাৰতবর্ষই সংসদীয় গণতন্ত্র নীতি গ্রহণ কৰিছিল আৰু জনসাধাৰণৰ ভোটাধিকাৰ প্রদানৰ জৰিয়তে প্রতিনিধি নির্বাচনৰ দ্বাৰা চৰকাৰ গঠনৰ প্ৰচেষ্টা হাতত লৈছিল। প্রতিনিধিত্বমূলক গণতন্ত্রৰ ভেটি হিচাপে কার্য সম্পাদন কৰিবলৈ বহু দলীয় ব্যৱস্থাৰ প্রচলন ঘটাইছিল যদিও বাস্তৱ ক্ষেত্রত ই প্রত্যাহ্বান হিচাপে দেখা দিছিল।

(গ) বিকাশ আৰু সমৃদ্ধিৰ প্রত্যাহ্বান –  তৃতীয় প্রধান প্রত্যাহ্বানটো আছিল ভাৰতবৰ্ষৰ সকলো শ্রেণীৰ জনসাধাৰণৰ বাবে সমানে বিকাশ আৰু সমৃদ্ধি গঢ়ি তোলা। এই ক্ষেত্রত চৰকাৰে সমতাৰ নীতি গ্ৰহণ কৰিছিল। তাৰোপৰি  সংবিধানত নির্দেশাত্মক নীতিৰ অর্ন্তভুক্ত কৰা হৈছিল যদিও সকলো শ্রেণীৰ সমবিকাশ সাধন কৰাটো চৰকাৰৰ বাবে গুৰুত্বৰ প্রত্যাহ্বান হিচাপে দেখা দিছিল।

(ঘ) দেশীয় ৰাজ্যৰ অন্তভুক্তিৰ সমস্যা- ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছত দেশৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত ৰৈ যোৱা দেশীয় ৰাজ্যসমূহক স্বাধীন দেশৰ ভিতৰত অর্ন্তভুক্তিৰ সমস্যাটোৱে এটা প্রত্যাহ্বান সৃষ্টি কৰিছিল। অৱশ্যে বিভিন্ন দেশীয় ৰাজ্য যেনে- কাশ্মীৰ, হায়দৰাবাদ, মণিপুৰ আদি ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ লগত চামিল হৈছিল।

(ঙ) আন্তঃ ৰাজ্যিক সীমা নির্ধাৰণ – দেশ স্বাধীন হোৱা পাছত ৰাজ্য  বিলাকৰ সীমা নির্ধাৰণ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছিল ভিন ভিন ৰাজ্যই ভিন ভিন ভাষা ব্যৱহাৰ কৰিছিল আৰু ভাষাৰ তাৰতম্যৰ ভিত্তিত ৰাজ্যৰ সীমা নির্ধাৰণ কৰিব লগা হৈছিল।

এইবোৰেই হৈছে স্বাধীনতাৰ পৰৱর্তী সময়ত ভাৰত চৰকাৰে সম্মুখীন হোৱা মূল প্রত্যাহ্বান।

10. বিভাজন প্রক্রিয়াটো ব্যাখ্যা কৰা। ভাৰত বিভাজনৰ মূল কাৰণ সমূহ কি কি?

উত্তৰ ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টতে স্বাধীনতা লাভ কৰে যদিও সম্পূর্ণ ভাৰত হিচাপে নহয় বৰঞ্চ দ্বি-খণ্ডিত ভাৰত হিচাপেহে। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রাম চলি থাকোতে মহম্মদ আলি জিন্নাৰ নেতৃত্বত কিছু মুছলমান নেতাই ঘোষণা কৰিলে যে, ভাৰত দুটা জাতিৰ ৰাষ্ট্র  হিন্দু আৰু মুছলমান। এই দ্বি জাতি তত্ত্বৰ ধাৰণাৰ ভিত্তিতেই প্রধানতঃ ভাৰতবৰ্ষ বিভাজিত হয় । যি বিলাক অঞ্চলত মুছলমান মানুহ অধিক আছিল তাক লৈ পাকিস্তান আৰু বাকী অঞ্চলক লৈ হিন্দুস্তান গঠিত হয়।

কিন্তু ভাৰতবৰ্ষত এনে কোনো অঞ্চল নাছিল যত কেৱল  হিন্দু অথবা মুছলমান মানুহৰ বসতিস্থল আছিল। গতিকে ধর্মৰ ভিত্তিত দেশ বিভাজন হওঁতে সাধাৰণ জনগন অতি দুখ লগাকৈ ক্ষতিগ্রস্ত হৈছিল। এইদৰেই ধর্মৰ ভিত্তিত ভাৰত দ্বিখণ্ডিত  হৈছিল।

ভাৰত বিভাজনৰ মূল কাৰণসমূহ তলত উল্লেখ হ’ল –

(ক) দ্বি জাতি তত্ত্বৰ ধাৰণা:- মুছলীম লীগৰ নেতা ম: আলি জিন্নাই দ্বি জাতি তত্ত্বৰ আধাৰত ভাৰত বিভাজনৰ দাবী উত্থাপন কৰিছিল। ইংৰাজ শাসনৰ মূল নীতি ‘বিভাজন আৰু শাসন’ নীতিৰ আধাৰতেই দ্বি জাতি তত্ত্বৰ উদ্ভৱ  হৈছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনক দুর্বল কৰিবৰ বাবে  ইংৰাজে এই ধাৰণাক সমর্থন জনাইছিল । ফলশ্রুতিত 1947 চনৰ 14 আগষ্টত নিশা ভাৰতবর্ষ বিভাজিত হৈছিল।

(খ) প্ৰত্যক্ষ কার্যকৰী আঁচনি:- প্রত্যক্ষ কার্যকৰী আচনি ভাৰত বিভাজনৰ দ্বিতীয় গুৰুত্বপূর্ণ কাৰণ। মুছলীম লীগৰ দ্বাৰা উত্থাপিত এই আচনিৰ ফলত ভাৰতৰ বহু অঞ্চলত সাম্প্রদায়িক সংঘৰ্ষ সংঘটিত হৈছিল। কিন্তু ইংৰাজে সেনা বাহিনীয়ে এনে সংঘর্ষ বা বিভেদ দেখিও মৌনতা অবলম্বন কৰিছিল। অৱশেষত এনে বিভেদৰ সুযোগ লৈয়ে ভাৰতবৰ্ষ বিভাজিত হৈছিল।

(3) দেশ বিভাজনৰ ফলাফল সমূহ আলোচনা কৰা। [H.S. 2020]

উত্তৰ: দেশ বিভাজন আছিল এক অত্যন্ত বেদনাদায়ক আৰু ভয়াবহ ইতিহাস। যাৰ ফলত দুই দেশৰ জনগন অতি দুখ লগাকৈ ক্ষতিগ্ৰস্ত হৈছিল। এই বিভাজনৰ মূল ফলাফলসমূহ তলত আলোচনা কৰা  হ’ল –

(ক) সাম্প্ৰদয়িক  সংঘর্ষঃ- বিভাজনৰ এটা গুৰুত্বপূর্ণ ফলাফল হ’ল জনগনৰ মাজত হঠাৎ সংঘটিত হোৱা সাম্প্রদায়িক সংঘর্ষ। এই সংঘর্ষৰ ফলত 5 লাখৰ পৰা 10 লাখ লোকে প্রাণ হেৰুৱা বুলি অনুমান কৰা হয়। কিছুলোকে জীৱন হাতত লৈ খোজ কাঢ়ি বা ৰেলত উঠি সিপাৰলৈ যোৱাৰ চেষ্টা কৰিছিল যদিও তেওঁলোকক বাটত হত্যা, ধর্ষণ, লুণ্ঠন কৰা হৈছিল। অর্থাৎ সাম্প্রদায়িক সংঘর্ষই এক ভয়াবহ ৰূপ লৈছিল।

(খ) শৰণাৰ্থীৰ সমস্যাঃ- বিভাজনৰ ভয়াবহতাই সৃষ্টি কৰা আন এক গুৰুত্বপূর্ণ সমস্যা হৈছে শৰণার্থীৰ সমস্যা। দুই দেশৰ জনগণৰ বাবে স্বাধীনতাৰ অর্থ হৈ পৰিছিল সীমাহীন যন্ত্রণা আৰু আশ্রয়স্থল হৈ পৰিছিল শৰণার্থী শিবিৰ। স্বাধীনতাই এই সকলো লোকৰ মুক্তিৰ পৰিৱর্তে বন্দীত্বৰ জীৱনহে দিছিল।

(গ) ৰাজহুৱা সম্পত্তিৰ পুনৰ সংস্থাপনঃ- দেশ বিভাজনৰ লগে লগে ইমান দিনে এটা প্রশাসন ব্যৱস্থাৰ অধীনস্থ হৈ থকা চৰকাৰী কৰ্মচাৰীৰ লগতে অনান্য সা -সম্পত্তিসমূহ ভাগ-বতৰা কৰিব লগা হৈছিল। প্রায় 80 লাখৰ অধিক চৰকাৰী চাকৰিয়ালৰ বিভাজন ঘটিছিল।

(ঘ) সংখাগৰিষ্ঠ আৰু সংখ্যালঘূৰ সমস্যা:- বিভাজনৰ পিছত পাকিস্তানলৈ ভাৰতৰ পৰা প্ৰৱজন হোৱাৰ পিছতো ভাৰতত 12% মুছলমান লোক ৰৈ গৈছিল। হিন্দু সংখ্যা গৰিষ্ঠ ভাৰতবৰ্ষই সংখ্যালঘু মুছলমানৰ লগত অনান্য ধর্ম যেনে- শিখ , খ্রীষ্ট্রান, জৈন ধৰ্মৰ লোকসকলক লৈ গুৰুতৰ সমস্যা হৈছিল কাৰণ দেশ বিভাজনে ইতিমধ্যে ধর্মৰ নামত প্ৰাচীৰ নির্মাণ কৰি গৈছে।

এইবোৰেই হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ বিভাজনৰ ফলাফল সমূহ।

11. ভাৰতবৰ্ষত সাম্প্রদায়িকতাবাদ ৰোধৰ বাবে পৰামৰ্শ দিয়া। [H.S. 2023]

উত্তৰঃ ক) প্ৰচাৰ মাধ্যমসমূহে সাম্প্রদায়িক ঘৃণা সৃষ্টি কৰাৰ আশংকা থকা বাতৰি আদি প্ৰচাৰ কৰাৰ পৰা আঁতৰত থাকিব লাগে।

খ) শিক্ষা ব্যৱস্থাটোক সাম্প্রদায়িকতাবাদী মনোভাৱ নির্মূল কৰাৰ উপযুক্ত মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগে।

গ) সংখ্যলঘুসকলৰ মনত বৈষম্যৰ মনোভাৱ সৃষ্টি নহবলৈ অর্থনৈতিক বৈষম্য আৰু অসমতা হ্রাস কৰাটো অত্যন্ত প্রয়োজন।

ঘ) সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘুসকলৰ মাজত সমন্বয় সৃষ্টিৰ জৰিয়তে।

12. ৰাজ্য শাসিত অঞ্চল বুলিলে কি বুজা? এই অঞ্চলসমূহ একত্রিকৰণৰ ক্ষেত্রত চর্দাৰ বল্লভ ভাই পেটেলৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰ: ব্রিটিছে ভাৰতত ভাৰতবর্ষৰ অঞ্চলসমূহ ‘বৃটিছ ভাৰতীয় প্রদেশ আৰু ‘দেশীয় ৰাজ্য এই দুটা ভাগত বিভক্ত কৰিছিল। বৃটিছ ভাৰতীয় প্ৰদেশসমূহ হৈছে- ইংৰাজ চৰকাৰৰ প্রত্যক্ষভাবে অধীনস্থ। আনহাতে, ৰাজ্য শাসিত অঞ্চলসমূহ হৈছে ৰজাৰ দ্বাৰা শাসিত সৰু বৰ দেশীয় ৰাজ্য। এই দেশীয় ৰাজ্যৰ ৰজাসমূহে ব্রিটিছৰ সর্বোচ্চতা স্বীকাৰ কৰাৰ বিনিময়ত ৰাজ্যৰ আভ্যন্তৰীণ কার্যকলাপত কিছু পৰিমাণে নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হৈছিল। এই অঞ্চলসমূহকেই ৰাজ শাসিত বা দেশীয় ৰাজ্য বোলে।

         চৰ্দাৰ বল্লভ ভাই পেটেল আছিল স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্রী আৰু উপপ্রধানমন্ত্রী। তেওঁক লৌহ মানৱ হিচাপেও জনা যায়। স্বাধীনতাৰ পিছত দেশীয় ৰাজ্যসমূহ ভাৰতৰ লগত একত্ৰিকৰণৰ ক্ষেত্রত পেটেলৰ ভূমিকা আছিল ঐতিহাসিক। বাস্তৱ ক্ষেত্রত এই অঞ্চলসমূহ ভাৰতৰ  লগত চামিল কৰাটো অতি কঠিন কাম আছিল। সেই সময়ত 25 খন সৰু সৰু ৰাজ্য আৰু 14 খন  ৰাজ শাসিত অঞ্চল ভাৰতৰ অন্তর্ভুক্ত হৈ আছিল। 1947 চনৰ 5 জুলাইত পেটেলে ‘দেশীয় ৰাজ্য বিভাগ নামেৰে এটা নতুন বিভাগ মুকলি কৰি নিজেই ইয়াৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে। তেওঁ দেশীয় ৰাজ্যৰ শাসকসকলৰ সৈতে আলোচনা কৰি তেওঁলোকৰ মাজত স্বদেশ প্রেম জগায় তুলি এখন শক্তিশালী ভাৰত নির্মাণৰ অংশীদাৰ হবলৈ আহ্বান জনাইছিল। এই ক্ষেত্রত পেটেলক সহায় কৰিছিল লর্ড মাউন্ট বেটেন আৰু ভি. পি. মেননে। ভাৰতৰ সৈতে দেশীয় ৰাজ্য অন্তভুক্তিৰ ক্ষেত্রত পেটেলে প্রধানতঃ দুটা নীতি মানি চলিছিল। সমীপবর্তী প্রদেশৰ সৈতে দেশীয় ৰাজ্যসমূহৰ সং-যুক্তকৰণ আৰু একাধিক দেশীয় ৰাজ্যক সংযোগ কৰি এখন বৃহৎ ৰাজ্য গঠন । এই দুই নীতিক অনুসৰণ কৰি প্ৰায়বোৰ দেশীয় ৰাজ্যই ভাৰতৰ লগত চামিল হৈছিল যদিও জোনাগড়, হায়দৰাবাদ কাশ্মীৰ আৰু মণিপুৰে ভাৰতৰ লগ নলৈ স্বাধীনভাৱে থকাৰ সিদ্ধান্ত লৈছিল। কিন্তু পেটেলে অতি দৃঢ়ভাৱে সামৰিক শক্তিৰ প্রয়োগৰে হায়দৰাবাদক ভাৰতত চামিল কৰিছিল আৰু পৰবৰ্তী সময়ত আন ৩খন দেশীয় ৰাজ্যও ভাৰতৰ অন্তর্ভুক্ত হয়।

এইদৰেই পেটেলে দেশীয় ৰাজ্য অর্ন্তভুক্তিৰ ক্ষেত্রত সফল আৰু শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল।

-0000-

Last Word

We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 1 – “এটা দলৰ আধিপত্যৰ যুগ” PART – (B) Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
Share via
Copy link