In this post, we have provided Class 12 Political Science Chapter 9 – “গোলকীকৰণ বা বিশ্বায়ন” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.
Here we have provided HS Class 12 Chapter – 9 গোলকীকৰণ বা বিশ্বায়ন Question Answer very Important for the Upcoming ASSEB/AHSEC Class 12 final Examination for Assamese Medium so read this post very carefully and be prepared for your exam.
দ্বাদশ শ্ৰেণী
প্ৰথম খণ্ড
পাঠ: ৯
গোলকীকৰণ বা বিশ্বায়ন
Very Short Question Answer
1. ‘বিশ্বায়ণৰ এক গুৰুত্বপূর্ণ আহিলা হ’ল প্রযুক্তিবিদ্যা’ – হয় নে নহয়?
উত্তৰঃ হয়।
2. বিশ্বায়ণৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ মুক্ত বজাৰ ব্যৱস্থা।
3. সংস্কৃতিক একীভূতকৰণ ________ ৰ এটা ৰূপ (খালী ঠাই পূৰ কৰা।)
উত্তৰঃ বিশ্বায়ণ।
4. বিশ্বায়ণ প্রক্রিয়া কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ 1990 চনত।
5. ভাৰতে কেতিয়া নতুন অর্থনৈতিক নীতি গ্রহণ কৰিছিল?
উত্তৰঃ 1991 চনত।
6. অৰ্থনৈতিক বিশ্বায়ণৰ সৈতে জড়িত থকা দুটা সংস্থাৰ নাম লিখা।
উত্তৰঃ (i) বিশ্ব বেংক (W.B)
(ii) আন্তর্জাতিক মুদ্রা নিধি। (L.M.F)
6. MNC ৰ সম্পূর্ণ নাম কি?
উত্তৰঃ Multi National Company.
7. বিশ্বায়ণৰ বিভিন্ন মাত্রাবোৰ (দিশ) উল্লেখ কৰা।
উত্তৰঃ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক।
8. খালী ঠাই পুৰণ কৰা।
(i) বিশ্বায়ণ হ’ল এক_______ ধাৰণা।
উত্তৰঃ বহুমুখী।
(ii) অর্থনৈতিক________ সমগ্ৰ বিশ্বতে মতভেদৰ সৃষ্টি কৰিছে।
উত্তৰঃ উদাৰীকৰণে।
9. ৰাষ্ট্রৰ সমৰ্থনত গােলকীকৰণৰ ইতিবাচক পৰিণতি এটা উল্লেখ কৰা।
উত্তৰঃ প্রযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক প্রয়ােজনীয় তথ্য – পাতি প্ৰদান কৰিব পাৰে।
10. হয় নে নহয় লিখা।
(i) গােলকীকৰণৰ ক্ষেত্ৰত প্রযুক্তি হ’ল গুৰুত্বপূৰ্ণ কাৰকসমূহৰ ভিতৰত এটা।
উত্তৰঃ হয়।
12. অর্থনৈতিক গােলকীকৰণে কি বুজায় ?
উত্তৰঃ বিশ্বায়ন হৈছে এক বহুমুখী প্রক্রিয়া , এক অবিৰত প্রবাহক বুজায়। গতিকে ই পৃথিৱীৰ বিভিন্ন দেশসমূহৰ মাজত অর্থনৈতিক আদান – প্রদানৰ ক্ষেত্ৰত ওতঃপ্রােতভাৱে জড়িত।
13. সাংস্কৃতিক একীভূতকৰণ মানে কি ?
উত্তৰঃ বিশ্বায়নৰ ফলত সাংস্কৃতিক আদান – প্রদানৰ জৰিয়তে সাংস্কৃতিক সমৰূপতা সৃষ্টি হয়।
14. খালী ঠাই পূৰ কৰা:
(i) সাংস্কৃতিক একত্রীকৰণৰ …………… এটা ৰূপ।
উত্তৰঃ সাংস্কৃতিক একত্ৰীকৰণ বিশ্বায়নৰ এটা ৰূপ।
15. ভাৰতে ইয়াৰ অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল ?
উত্তৰঃ ১৯৯১ চনত।
16. বিশ্ব সামাজিক মঞ্চ কি ?
উত্তৰঃ উদাৰনৈতিক বিশ্বায়নৰ বিৰােধিতা কৰা এখন বিশ্ব মঞ্চ ।
17. বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠকৰ আয়ােজন কেতিয়া কৰা হৈছিল ?
উত্তৰঃ ২০০১ চনত ব্রাজিলৰ পাের্লো এলেগ্রেত।
18. বিশ্বায়নৰ প্ৰক্ৰিয়াৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা। (HS 2015)
উত্তৰঃ (ক) আন্তর্জাতিক মুদ্রা নিধি।
(খ) বিশ্ব বেংক।
19. অর্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা। (HS 2016)
উত্তৰ:(i) বিশ্ব বেংক।
(ii) বিশ্ব বাণিজ্য সংস্থা।
Short Question Answer
1. ৰাষ্ট্রৰ সার্বভৌমত্বক গােলকীকৰণে কিদৰে প্ৰভাৱিত – কৰে ?
উত্তৰঃ ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ তিনিটা দিশ আছে। ৰাষ্ট্ৰীয় সামর্থ্য কমি যায়। আগৰ জনকল্যাণৰ ঠাইত এতিয়া বজাৰসমূহে অর্থনৈতিক আৰু সামাজিক তাগ্রাধিকাৰসমূহ নির্ণয় কৰে। বহু জাতিক নিগমৰ বৰ্দ্ধিত ভূমিকাই চৰকাৰসমূহৰ সিদ্ধান্ত গ্রহণৰ সামর্থ্য কমাই পেলাইছে।
2. সাংস্কৃতিক একীভূতকৰণে কি সূচায় ?
উত্তৰঃ সাংস্কৃতিক একীভূতকৰণে মিশ্রিত সংস্কৃতিৰ সৃষ্টি কৰে। মুঠতে বিশ্বায়ণে একো একোটা সংমিশ্রিত সংস্কৃতি সৃষ্টি কৰা দেখা যায়।
3. গােলকীকৰণত প্রযুক্তিয়ে কিদৰে বৰঙণি যােগায় ?
উত্তৰঃ প্রযুক্তি বিদ্যা বিশ্বায়নৰ এটা গুৰুত্বপূর্ণ উপাদান তাত কোনাে সন্দেহ নাই। বিশেষকৈ যােগাযােগৰ বৰ্তমানৰ মাধ্যমবােৰে বিশ্বায়নৰ সকলাে কাম – কাজ , লেন – দেন , আদান – প্রদান ; দেশ – বিদেশৰ দূৰত্ব সংকোচন কৰি আনিছে।
4. গােলকীকৰণৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ প্রযুক্তি বিদ্যা গােলকীকৰণৰ এক গুৰুত্বপূর্ণ উপাদান। গােলকীকৰণে “ প্রযুক্তি বিদ্যা ” ৰ ওপৰত নিৰ্ভৰশীল হৈ গতি কৰে।
5. গােলকীকৰণৰ ফলত অনিষ্ট হােৱা দুটা ক্ষেত্র কি কি ?
উত্তৰঃ (ক) কৃষিকার্যত বিফলতাৰ বাবে কৃষকৰ আত্ম হত্যা।
(খ) বাণিজ্যৰ ক্ষেত্ৰত খুচৰা ব্যবসায়ীৰ আন্দোলনৰ পৰা হােৱা অনিষ্টকাৰী ফলাফল।
6. টিকি থকা অসম (অসমান) বিশ্ব দুখন কি কি ?
উত্তৰঃ উত্তৰ আৰু দক্ষিণ গােলার্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত দৃষ্টিভংগীৰ পার্থক্য আছে। বিশ্ব পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ৰ বাবে উত্তৰ গােলাৰ্দ্ধৰ উন্নত ৰাষ্ট্ৰবােৰ উদ্যোগীকৰণৰ অনিষ্টকাৰী ফলাফলৰ বাবে জগৰীয়া , কিন্তু দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰবােৰ অৱক্ষয়ৰ বাবে কোনাে প্রকাৰে জগৰীয়া নহয়। উত্তৰ গােলাৰ্ধৰ ৰাষ্ট্ৰবােৰ উন্নত ধনী আনহাতে দক্ষিণ গােলাৰ্দ্ধৰ ৰাষ্ট্ৰবােৰ উন্নয়নশীল দুখীয়া। এই দুখনকে অসমান বিশ্ব বুলি ক’ব পাৰি।
7. অর্থনীতি আৰু সামাজিক অগ্রাধিকাৰৰ মুখ্য নির্ণায়ক কি ?
উত্তৰঃ আধুনিক কল্যাণকামী ৰাষ্ট্ৰত বজাৰে ( Market ) ই হ’ল অর্থনীতি আৰু সামাজিক অগ্রাধিকাৰৰ মুখ্য নির্ণায়ক।
8. বাণিজ্যিক উদাৰীকৰণ কি কি ?
উত্তৰঃ উদাৰীকৰণ মানে উদ্যোগৰ বাবে উদাৰ নীতি গ্রহণ কৰা। এই ব্যৱস্থাই দূটা কথাক ” বুজায়।
প্রথমতে — যিবােৰ ঔদ্যোগিক কার্য আগেয়ে ৰাজহুৱা খণ্ডৰ দ্বাৰা কৰা হৈছিল সেইবােৰ বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ দ্বাৰা কৰা হয়।
দ্বিতীয়তে , উদ্যোগ নীতিৰ সকলাে নীতি নিয়ম শিথিল কৰি আগেয়ে আৰোপ কৰা বাধানিষেধ ব্যক্তিগত খণ্ডৰ প্রতি শিথিল কৰা হয়। বাণিজ্যিক কৰ আদিও হ্রাস কৰা হয় ।
9. ৰাষ্ট্ৰীয় পৰ্যায়ত গােলকীকৰণৰ এটা ইতিবাচক পৰিণাম উল্লেখ কৰা।
উত্তৰঃ এটা ইতিবাচক পৰিণাম হ’ল অসমতা, বিশেষকৈ আর্থিক অসমতাৰ ক্ষেত্ৰত দেখা যায় বিভিন্ন দেশৰ মাজত থকা অসমতা গােলকীকৰণৰ দ্বাৰা সমাধান কৰিব পৰা যায়।
10. বিশ্বায়ণৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বিশ্বায়ণৰ চাৰিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল:
(i) বিভিন্ন দেশৰ মাজত সামগ্ৰী আৰু সেৱাৰ আদান-প্রদানত থকা বাধা নিষেধ হ্রাস।
(ii) শিথিল আমদানি ৰপ্তানি নীতি।
(iii) বিভিন্ন দেশৰ মাজত উৎপাদন প্রযুক্তিৰ মুক্ত প্রবাহৰ বাবে অনুমিত প্রদান।
(iv) উদ্যোগ আৰু ব্যৱসায় বাণিজ্যত আধুনিক প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ।
10. ভাৰতবৰ্ষত বিশ্বায়ণৰ প্রভাৱ উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ বিশ্বায়ণৰ প্ৰভাৱ তলত উল্লেখ কৰা হ’ল-
উপনিৱেশবাদৰ সময়ছোৱাত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতি মন্থৰ আছিল। কিন্তু পিছলৈ ভাৰতত বিশ্বায়ণৰ ফলত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশত এক গভীৰ পৰিবৰ্তন হৈছে। 1991 চনত অৰ্থনৈতিক সংকটৰ সময়ত আৰু উচ্চ অর্থনৈতিক বিকাশৰ ইচ্ছাৰ বাবে ভাৰতবৰ্ষই অর্থনৈতিক সংশোধনৰ এক নতুন আঁচনি গ্রহণ কৰিলে, যিটোৱে ব্যৱসায় আৰু আন ৰাষ্ট্ৰত বিনিয়োগকে ধৰি বিষয়ত গুৰুত্ব প্রদান কৰিলে। বিশ্ব ব্যৱস্থাত মুক্ত বজাৰ ব্যৱস্থাৰ ফলত ভাৰতবৰ্ষই ৰাজহুৱা খণ্ডটো বহু ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি তুলিছে। ইয়াৰ উপৰিও ব্যক্তিগত খণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে। উন্নত প্রযুক্তিবিদ্যা তথা মহাকাশত প্রযুক্তিবিদ্যাৰ কৌশলে ভাৰতবৰ্ষক এখোজ আগুৱাই লৈ যোৱাত সহায় কৰিছে। ব্যবসায় বাণিজ্যৰ ক্ষেত্ৰতো ভাৰতৰ ভূমিকা গুৰুত্বপূর্ণ।
ভাৰতত বিশ্বায়ণলৈ বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰতিবন্ধকতা নথকা নহয়। ইয়াত বাঁওপন্থী সকলে অর্থনৈতিক উদাৰতাবাদৰ বিৰোধিতা কৰি আহিছে। ৰাজনৈতিক অধিকাৰৰ পৰাও বিশ্বায়ণলৈ প্রতিবাদ আছে।
11.. বিশ্বায়ণ কি? বিশ্বায়ণৰ দুটা কাৰক উল্লেখ কৰা।
উত্তৰঃ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা, তথা প্রযুক্তিৰ অগ্রগতি আৰু প্ৰসাৰৰ ফলস্বৰূপে পৃথিৱীৰ মানুহৰ মাজত আৰু বিভিন্ন অঞ্চলৰ মাজত পাৰস্পৰিক সম্পর্ক আৰু যোগাযোগ বৃদ্ধি পাইছে। ইয়াৰ ফলত সামগ্রীকভাবে বিশ্বৰ অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰসমূহৰ কাম কাজ, গতিবিধিৰ মাজত এক প্ৰকাৰ একমুখীতাৰ সৃষ্টি হৈছে। এই সমগ্র প্রক্রিয়াটোকে বিশ্বায়ণ বোলে।
বিশ্বায়ণৰ দুটা কাৰণ-
(i) তথ্য প্রযুক্তিৰ দ্রুত অগ্রগতি।
(ii) যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ অভূতপূর্ব উন্নয়ন।
12. বিশ্বব্যাপী হোৱা আন্তঃসংযোগ কি? ইয়াৰ উপাদানসমূহ কি?
উত্তৰঃ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্রন্তলৈ আদর্শ, অর্থনীতি, সম্পত্তি আৰু মানুহৰ মাজত হোৱা প্ৰবাহকে বিশ্বব্যাপী আন্তঃসংযোগ বুলি কোৱা হয়। বিশ্বায়ণৰ মূলতে হ’ল- আধুনিক প্রযুক্তি কৌশল। এই প্রযুক্তি কৌশলৰ উন্নয়নৰূপে সমগ্ৰ বিশ্বতে সংযোগ স্থাপন কৰিছে। বিভিন্ন দূৰবাৰ্তা প্ৰেৰণ যন্ত্র, দূৰবীক্ষণ যন্ত্র, দূৰভাষ, ফেক্স, ইন্টাৰনেট আদিৰ আৱিষ্কাৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লগত যোগাযোগ ব্যৱস্থাৰ এক বৈপ্লবিক পৰিবৰ্তন সাধন কৰিছে। এনেদৰে বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত ঘটনাই একে সময়তে আন এটা প্রান্তত প্ৰভাৱ বিস্তাৰ কৰে। ইয়ে ৰাজনৈতিক, অর্থনৈতিক তথ্য সাংস্কৃতিক ক্ষেত্ৰত আমূল পৰিবৰ্তন সাধন কৰে। একে সময়তে বিশ্বৰ সমগ্র জনসাধাৰণৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে।
13. গােলকীকৰণ বুলিলে কি বুজা ?
উত্তৰঃ গােলকীকৰণ সম্পূৰ্ণৰূপে এটা অর্থনৈতিক ধাৰণা বুলি গণ্য কৰা দেখা যায়। তৎসত্ত্বেও ইয়াৰ ৰাজনৈতিক , অর্থনৈতিক , সামাজিক , সাংস্কৃতিক পৃথিৱীৰ অন্যবােৰ দেশৰ সৈতে সংযুক্ত আৰু সেই দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে — এই গােটেই পৰিস্থিতি আৰু প্ৰক্ৰিয়াটো ‘ গােলকীকৰণ ’ বোলা হয়।
Long Question Answer
1. বিশ্বায়ন বুলিলে কি বুজা? ইয়াৰ গুৰুত্বপূর্ণ প্ৰত্যাহ্বানসমূহ আলোচনা কৰা।
উঃ- অতি সাধাৰণ ভাষাত বিশ্বায়ন হৈছে এখন দেশৰ অর্থনীতি বিশ্ব অর্থনীতিৰ লগত সংযোগকৰণ বা অর্থনৈতিক সংযোগীকৰনৰ জৰিয়তে শ্রম, মূলধন, ধাৰণা তথা মানৱ মস্তিষ্কৰ বিশ্বজনীন প্রবাহ। সাধাৰণতে বিশ্বায়নে দেশ বা অঞ্চলৰ সীমা অতিক্রম কৰি কোনো এখন দেশৰ ৰাজনীতি, অর্থনীতি বা সংস্কৃতি পৃথিৱীৰ অন্যবোৰ দেশৰ সৈতে সংযুক্ত আৰু নিৰ্ভৰশীল হোৱা গোটেই পৰিস্থিতি আৰু প্রক্রিয়াটোক বিশ্বায়ন নামেৰে অভিহিত কৰা হয়।
যদিও বিশ্বায়নে পৃথিৱীৰ ৰাষ্ট্ৰসমূহক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে, তথাপি ইয়াৰ প্রভাৱত সাধাৰণ জনগণৰ জীবন বহু ক্ষেত্রত প্রত্যাহ্বানৰ সম্মুখীন হৈছে। তলত সেই সম্পর্কে আলোচনা কৰা হল –
(i) নিৱনুৱা সমস্যা বৃদ্ধিঃ- বিশ্বায়ণৰ ফলত পুজিপতি শ্রেণীৰ পুঁজি অধিক বৃদ্ধি হৈছে যদিও এনে ব্যৱস্থাই কর্ম সংস্থাপন হীনতাৰ লগতে বহু ক্ষেত্ৰত নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে। যিয়ে দেশৰ অর্থনীতিৰ লগতে ৰাজনৈতিক ব্যৱস্থাটোত বিৰূপ প্রভাৱ পেলাইছে।
(ii) কৃষ্টি-সংস্কৃতি আৰু জাতীয় স্বকীয়তাৰ ধ্বংস:- বিশ্বায়নৰ আন এটা শুৰুত্বপূর্ণ প্রত্যাহ্বান হৈছে কৃষ্টি-সংস্কৃতি আৰু স্বকীয়তাৰ ধ্বংস। বিশেষকৈ তৃতীয় বিশ্বৰ উন্নয়ন আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহ এই ক্ষেত্রত বৰকৈ ক্ষতিগ্রস্ত হৈছে।
(iii) ধনী-দুখীয়াৰ মাজৰ পার্থক্য বৃদ্ধিঃ- বিশ্বায়ণৰ ফলত মুক্ত বজাৰ ব্যৱস্থাৰ সৃষ্টি হৈছে । এনে ব্যৱস্থাৰ মুক্ত প্রতিযোগিতাক প্রাধান্য দিয়া হয়। যাৰ ফলত ধনী সকল অধিক ধনী আৰু দুখীয়াসকল অধিক দুখীয়া হৈ গৈ থাকে।
(iv) ৰাষ্ট্ৰসংঘৰ নীতি নিয়মক প্ৰভাৱ – বৰ্তমান সময়ত ৰাষ্ট্রসংঘ এক অতি গুৰুত্বপূর্ণ আন্তঃ ৰাষ্ট্ৰীয় অনুষ্ঠান। এই সৰ্ব বৃহৎ আন্তঃ ৰাষ্ট্রীয় সন্থা টোৱে বিশ্ব শান্তি আৰু নিৰাপত্তাৰ কাৰণে কাম কৰি আহিছে। কিন্তু বিশ্বায়নৰ ফলত অধিক প্ৰভাৱশালী হৈ পৰা আমেৰিকাই ৰাষ্ট্ৰসংঘৰ নীতি-নিয়ম উলংঘা কৰিবলৈ কুণ্ঠাবোধ নকৰে।
(v) জাতীয় ৰাষ্ট্রৰ ধাৰণাক অস্বীকাৰঃ- বিশ্বায়ণে জাতীয় ৰাষ্ট্রৰ ধাৰণাক বাধাগ্রস্ত কৰিছে। কিয়নো ই সমগ্র বিশ্বকে এখনে গোলকীয় গাঁৱত পৰিণত কৰিছে।
ওপৰত উল্লেখ কৰা ধৰণে বিশ্বায়নে বিশ্বৰ ৰাষ্ট্ৰ সমূহৰ মাজত ব্যাপক প্রত্যাহ্বান সৃষ্টি কৰিছে। বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ওপৰত আন্তঃ ৰাষ্ট্রীয় বাণিজ্য আৰু বিনিয়োগ ব্যৱস্থা উন্নত হৈছে যদিও কিছু ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ নিজস্ব নীতি-নিয়মক বিসর্জন দিব লগা হৈছে।
2. বিশ্বায়ণৰ দুটা কাৰণ লিখা।
উত্তৰ i) প্রযুক্তিবিদ্যাষ প্রয়োগ আৰু প্রসাৰে (টেলিভিছন, ডাক-টাঁৰ, ইন্টাৰনেট, ছপাশাল) বিশ্বায়নৰ প্রবাহক খৰটকীয়া কৰিছে।
ii) পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ ধ্যান-ধাৰণাক, মূলধন, দ্রব্য সামগ্রী মানৱ মস্তিষ্ক তথা জন সমষ্টিত প্রবাহ বা গতি খৰটকীয়া হোৱাটো বিশ্বায়ণৰ আন এটা কাৰণ।
3. বিশ্বায়নৰ ফল শ্রুতিসমূহ আলোচনা কৰা।
উঃ- বিশ্বায়নৰ ধাৰণাই সাধাৰনতে পৃথিৱীৰ কোনো এক প্রান্তৰ ৰীতি-নীতি তথা ধ্যান ধাৰণা আন এক প্রান্তলৈ হোৱা গতি, দুখন বা তাতোধিক ঠাইৰ মাজৰ পুঁজিৰ বিনিয়োগ, এখন দেশৰ উৎপাদিত সামগ্রী আন এখন দেশৰ বজাৰত মুকলি, জীৱিকাৰ সন্ধানত এখন ঠাইৰ মানুহ আন এখন ঠাইলৈ চলাচল, কোনে এখন সমাজৰ কৃষ্টি-সংস্কৃতি আন কোনো সমাজৰ জনসাধাৰণৰ দ্বাৰা অনুকৰণ ইত্যাদিৰ এক অবিৰত প্ৰবাহক বুজায়। ই হৈছে এক বহুমুখী প্রক্রিয়া যাক কেৱল অর্থনৈতিক বা সাংস্কৃতিক ক্ষেত্রতেই সীমাবদ্ধ কৰিব নোৱাৰি। বিশ্বায়নৰ যেনেকৈ ভাল দিশ আছে, তেনেদৰে ইয়াৰ বেয়া প্রভাৱো পৰিলক্ষিত হয়।
বিশ্বায়নৰ ৰাজনৈতিক ফলশ্ৰুতিসমূহ হল- (HS 2016, 2022)
- বিশ্বায়নে ৰাষ্ট্ৰৰ সার্বভৌম ক্ষমতাৰ ক্ষেত্রত সীমাবদ্ধতা আনি দিছে।
- বিশ্বায়ণৰ মাজেৰে সোমাই অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্রক্রিয়াই ৰাষ্ট্ৰৰ কল্যানকামী কার্যক সংকুচিত কৰিছে।
- বিভিন্ন দেশৰ চৰকাৰ ব্যক্তিগত আৰু বহুজাতিক পুঁজিৰ সেৱাত অধিক ব্যস্ত হৈ পৰিছে।
- বিশ্বায়নে বিভিন্ন দেশৰ ৰাজনীতিত ব্যাপক দুর্নীতিৰো সূচনা কৰিছে। এই ক্ষেত্রত ভাৰতবর্ষও এক গুৰুত্বপূর্ণ উদাহৰণ।
বিশ্বয়নৰ অর্থনৈতিক ফল শ্রুতিসমূহ হ’ল- (HS 2018)
- পৃথিৱীৰ বিভিন্ন দেশৰ অর্থনীতি বজাৰৰ ওপৰত নির্ভৰশীল হৈ পৰিছে।
- আর্ন্তজাতিক মুদ্রানিধি তথা বিশ্ব বেংকৰ দৰে আন্তর্জাতিক প্রতিষ্ঠানে বিভিন্ন দেশৰ অর্থনীতিৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰিছে।
- বিশ্বায়ণৰ ফলত বিশ্ব বাণিজ্য ব্যৱস্থাত বিভিন্ন বৈষম্য গঢ়ি উঠিছে যিয়ে পুঁজিবাদী দেশসমূহক অধিক সহায় কৰিছে।
- বিশ্বয়নৰ ফলত হোৱা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণে সমাজত অসমতা সৃষ্টি কৰা অভিযোগ উত্থাপন হৈছে।
বিশ্বায়নৰ সাংস্কৃতিক ফল শ্রুতিবোৰ হ’ল- (HS 2014, 2019)
- বিশ্বায়ন এক সাংস্কৃতিৰ ক্ষেত্রত আক্রমণৰ লক্ষ্য হিচাপে লৈছে। যি সংস্কৃতিত ব্যাপক পৰিবর্তন আনি দিছে।
- বহুজাতিক কোম্পানীৰ বজাৰ প্রসাৰণত অৰিহণা যোগাব পৰাকৈ মানুহৰ চিন্তা-চর্চা সাজপাৰ, খাদ্যভাষ, সাংস্কৃতিক ৰুচিবোধ আদি নির্মাণ কৰা হৈছে।
- বিশ্বায়ণে অপসংস্কৃতিৰ বেহা পতা বুলিও অভিযোগ উত্থাপিত হৈছে। য’ত বৰ্হি সংস্কৃতি আদৰাৰ নামত নিজস্বতা পৰিহাৰ কৰি উপৰুৱা সংস্কৃতিৰ আগমন ঘটোৱা হৈছে।
- বিশ্বায়নৰ ফলত অবিৰতভাবে প্রচাৰিত আমোদ-প্রমোদৰ অনুষ্ঠানসমূহে মানুহক সমাজৰ পৰা বিচ্ছিন্ন কৰি ঘৰৰ চাৰি বেৰৰ মাজত বন্দী কৰিছে।
ওপৰত উল্লেখ কৰাবোৰেই হৈছে বিশ্বায়নৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক ফলাফল।
4. বিশ্বায়নে ভাৰতবৰ্ষত পেলোৱা প্রভাৱ আলোচনা কৰা।
উঃ ভাৰতবৰ্ষত বহু পুৰণিকালৰ পৰাই বাহিৰা দেশৰ লগত মূলধন, দ্রব্য সামগ্রী, ধ্যান ধাৰণা আৰু জনসমষ্টিৰ আদান প্রদান দেখা যায়। ইংৰাজসকলেও ভাৰতবৰ্ষক কেচাঁমাল ৰপ্তানীকাৰী দেশ হিচাপে ব্যৱহাৰ কৰিছিল। ভাৰতৰ পৰা কেচাঁমাল সংগ্রহ কৰি তাৰ সহায়ত ইংলেণ্ডত আধুনিক বস্তু নির্মাণ কৰি পুনৰ ভাৰতৰ বজাৰতেই বিক্রী কৰা হৈছিল। যাৰ লগত ভাৰতীয় কুঁটিৰ শিল্পই ফেৰ মাৰিব পৰা নাছিল।
বর্তমান সময়ৰ বিশ্বায়ন প্রক্রিয়াৰ লগত ভাৰতবর্ষ জড়িত হৈ পৰে 1991 চনৰ পৰা। P.V. নৰসিংহ ৰাও চৰকাৰৰ বিত্তমন্ত্রী ড. মনমোহন সিঙে ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ আৰম্ভ কৰি ব্যক্তিগতকৰণ প্রক্রিয়া আৰম্ভ কৰাৰ উপৰিও ভাৰতৰ বজাৰ, উৎপাদন আৰু সেৱাখণ্ডত বৈদেশিক পুঁজি বিনিয়োগৰ বাবে মুকলি কৰি দিয়ে। ইয়াৰ ফলত দেশৰ GDP যথেষ্ট বৃদ্ধি পায় কিন্তু এনে অর্থনৈতিক সমৃদ্ধিয়ে সমাজৰ সকলো শ্রেণীৰ লোকক সমানে উপকৃত কৰা নাই। অৱশ্যে তথ্য যোগাযোগ আৰু প্রযুক্তিৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট সফলতা লাভ কৰিছে। উত্তৰ পূব ভাৰত আৰু অসমতো পৃথিৱীৰ অন্য দেশ বা প্ৰান্তৰ দৰে বিশ্বায়নৰ প্ৰভাৱ স্পষ্ট। যিবোৰ তলত দিয়াধৰণে দাঙি ধৰিব পাৰি –
- বর্তমান অসমৰ গাঁৱে-ভূঞে মোবাইল সেৱাৰ দ্রুত প্রসাৰণ ঘটিছে। এই ক্ষেত্রত ব্যক্তিগত মোবাইল সেৱা যেনে- Jio, Airtel, Vodafone ইত্যাদিৰ প্ৰসাৰণ বেছি। আনকি গাঁৱৰ বহু মানুহৰ ঘৰৰ বাৰীত মোবাইল সেৱাৰ টাৱাৰ সমূহ সংস্থাপিত কৰা হৈছে।
- বিশ্বায়নৰ ফলত অসম তথা উত্তৰ পূব ভাৰতত ইলেকট্রনিক মাধ্যমৰো দ্রুত প্রসাৰণ ঘটিছে। যাৰ ফলত অসমত বহু ব্যক্তিগত খণ্ডৰ টেলিভিছন চেনেল আৰম্ভ হৈছে।
- বিশ্বায়নৰ ফলত শিক্ষা, স্বাস্থ্য, যাতায়ত ব্যৱস্থাৰো দ্রুত হাৰত ব্যক্তিগতকৰণ প্রক্রিয়া আৰম্ভ হৈছে। অসমৰ ৰাজধানীকে ধৰি বহু চহৰত দিল্লী পাব্লিক স্কুল, সৰলা-বিৰলাকে ধৰি বহুবোৰ নামী-দামী বিদ্যালয় প্রতিষ্ঠা হৈছে। ঠিক সেইদৰে স্বাস্থ্যৰ ক্ষেত্ৰতো বহু ব্যক্তিগত হস্পিতাল যেনে- ইন্টাৰনেচনেল হস্পিতাল, GNRC, Downtown ইত্যাদি। তাৰোপৰি অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসমূহৰ ঠাইতো বহু ব্যক্তিগত খণ্ডৰ পৰিবহণ ব্যৱস্থাই স্থান দখল কৰিছে।
- বিশ্বায়নৰ ফলত পৃথিৱীৰ উৎপাদিত প্ৰায়বোৰ সামগ্রীয়েই উত্তৰ পূব ভাৰতত উপলব্ধ হৈছে। বিশ্বায়নৰ অন্যতম উপহাৰ – Big Bazar, Vishal আদিত ঘৰুৱা ব্যৱহৃত সকলো সামগ্রী উপলব্ধ হৈছে।
- বিশ্বায়নে উপৰোক্ত সুবিধাসমূহ প্রদান কৰাৰ লগে লগে অসমত সমাজিক বৈষ্যমৰো সৃষ্টি কৰিছে। বর্তমান গাঁৱে- ভূঞে, চহৰে নগৰে বিশেষ এচাম লোকৰ মতত বিলাসী বহু সা-সুবিধা, পণ্য আহি পৰাৰ বিপৰীতে সংখ্যাগৰিষ্ঠ লোকে তেনে সুবিধা গ্ৰহণ কৰিব পৰা নাই।
5. বিশ্বায়নৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিৰোধ আৰু ভাৰতবৰ্ষত বিশ্বায়ন বিৰোধী প্রতিৰোধ সম্পর্কে আলোচনা কৰা।
উঃ- বিশ্বায়নৰ ইতিবাচক দিশসমূহৰ লগে লগে নেতিবাচক প্রভাৱো ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে বিৰাজমান। এই ঋনাত্মক প্রভাৱসমূহৰ ফলত ভাৰতৰ নিচিনা ৰাষ্ট্ৰসমূহৰ জনসাধাৰনে ক্রমে মূল্যবোধ আৰু ধ্যান- ধাৰণা হেৰুৱাই পেলাইছে। বিশ্বায়নৰ এনে নেতিবাচক প্রভাৱৰ বিৰুদ্ধে বহু প্রতিৰোধ গঢ়ি উঠিছে। এই প্রতিৰোধ বা আন্দোলনসমূহো কোনো নির্দিষ্ট অঞ্চলতে সীমাবদ্ধ হৈ থকা নাই। বৰঞ্চ বিশ্বায়নে ইয়াক ওচৰ চপায় আনিছে। অৱশ্যে বিশ্বায়ন বিৰোধী আন্দোলনসমূহে বিশ্বায়ন ব্যৱস্থাটোৰ বিৰোধিতা নকৰে। তাৰ পৰিবর্তে এই ব্যৱস্থাই সমাজত কৰা ক্ষতিৰহে বিৰোধিতা কৰে।
1999 চনত চিটলত অনুষ্ঠিত হোৱা বিশ্ব বাণিজ্য সন্থাৰ ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি উঠে। আন্দোলনকাৰী দেশৰ প্রতিনিধিসকলে যুক্তি দিয়ে যে, মুক্ত বিনিয়োগৰ ফলত অর্থনৈতিকভাৱে শক্তিশালী দেশসমূহে বাণিজ্যিক ক্ষেত্রত অর্থনৈতিক কাম কৰাৰ সুবিধা পায়। কিন্তু অনুন্নত আৰু উন্নয়নশীল দেশৰ স্বার্থক সম্পূর্ণ আওকাণ কৰা হৈছে। বিশ্বায়নৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিৰোধৰ আন এক নেতৃত্ব দিছে বিশ্ব সামাজিক সম্মিলনে। এই সম্মিলনে নব্য উদাৰনৈতিক বিশ্বায়নৰ বিৰুদ্ধে প্রতিবাদ গঢ়ি তুলিছে। ইয়াৰ উপৰিও বিভিন্ন দেশ যেনে- বলিভিয়া, ভেনেজুৱেলা, আর্জেন্টিনা আদি দেশেও ইয়াৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে।
ভাৰতবর্ষত বিশ্বায়নৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিৰোধসমূহ আমি 4 ধৰণে দেখিবলৈ পাওঁ। সেইবোৰ হ’ল –
- বিভিন্ন ট্রেড ইউনিয়নসমূহে বিশ্বায়নৰ বিৰুদ্ধে প্রবল প্রতিৰোধ গঢ়ি তুলিছে
- ভাৰতবর্ষৰ বিভিন্ন প্রান্তৰত গঢ়ি উঠা তৃণমূল আন্দোলন সমূহেও বিশ্বায়ন বা অৰ্থনৈতিক উদাৰীকৰণ বা ব্যক্তিগতিকৰণৰ বিৰুদ্ধে প্রতিবাদ আৰু প্রতিৰোধ সাব্যস্ত কৰি আহিছে।
- সোঁ-পন্থী ৰাজনৈতিক শক্তিসমূহে ভাৰতীয় সংস্কৃতিৰ ওপৰত বিদেশী পুঁজিৰ আগমনে পেলোৱা নেতিবাচক প্রভাৱৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি আহিছে।
- মাক্সবাদী আৰু বাওঁপন্থী ৰাজনৈতিক দলসমূহে সংসদ বা বিধানসভাৰ ভিতৰে- বাহিৰে চৰকাৰৰ নীতিক সমালোচনা কৰি আহিছে।
এনেদৰে বিভিন্ন দেশত বিশ্বায়নে পেলোৱা নেতিবাচক প্রভাৱৰ বিৰুদ্ধে পৃথিৱীৰ বিভিন্ন প্রান্তৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষতো বিভিন্ন প্রতিবাদ আৰু প্রতিৰোধ গঢ়ি উঠিছে। বৈষম্যৰে ভৰা এনে ব্যৱস্থাৰ দ্বাৰা পুঁজিবাদী দেশ তথা বহুজাতিক কোম্পানীসমূহ ব্যাপক হাৰত লাভাম্বিত হোৱাৰ বিপৰীতে তৃতীয় বিশ্বৰ বাবে ই বহু প্রত্যাহ্বান গঢ়ি তুলিছে।
6. বিশ্বায়নৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি দিয়া। (HS 2020, 2015)
উত্তৰ: সপক্ষে যুক্তি-
(i) বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ মানুহে যিকোনো দেশত ব্যৱসায় বাণিজ্য কৰিবলৈ সক্ষম হৈছে।
(ii) বিশ্বয়নৰ ফলত বিশ্বৰ উন্নত প্রযুক্তিবিদ্যাসমূহ সকলো দেশে গ্রহণ কৰিব পাৰিছে।
বিপক্ষে যুক্তি:
(i) বিশ্বায়নৰ দ্বাৰা বহুজাতিক কোম্পানী বা পুঁজিপতি সকলে ৰাষ্ট্ৰসমূহত হস্তক্ষেপ কৰাৰ সুবিধা লাভ কৰিছে। যিটোই ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত প্ৰশ্নবোধক চিহ্নৰ অবতাৰণ কৰিছে।
(ii) বিশ্বায়নৰ ফলত ক্ষুদ্ৰ আৰু থলুৱা ব্যৱসায়ীসকল ক্ষতিগ্রস্থ হৈ আহিছে।
7. বিশ্বায়ণৰ চাৰিটা অর্থনৈতিক ফলাফল উল্লেখ কৰা।
উত্তৰঃ বিশ্বায়ণৰ চাৰিটা অর্থনৈতিক ফলাফল তলত উল্লেখ কৰা হ’ল:
ইতিবাচক:
(১) বিশ্বাষণৰ ফলত থলুৱা কুটিৰ শিল্পই বিশ্বৰ বজাৰত উপযুক্ত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে।
(২) বিশ্বায়ণে উপযুক্ত লোকক কর্মসংস্থাপনৰ সুযোগ প্রদান কৰিছে।
নেতিবাচক:
(১) বিশ্বায়ণৰ ফলত সকলো দেশৰ সামগ্রী একেখন বজাৰত বিক্ৰী হোৱা বাবে নিম্ন প্রযুক্তিবিদ্যা সম্পন্ন দেশৰ লগত প্রতিযোগিতাত লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে। যাৰ ফলত উদ্যোগবোৰ বন্ধ হৈছে আৰু ই অনুন্নত দেশৰ অর্থনীতিত কু-প্ৰভাৱ পেলাইছে।
(২) ই নিৱনুৱা সমস্যাৰ সৃষ্টি কৰিছে, ধনী দুখীয়াৰ মাজত প্রভেদৰ সৃষ্টি কৰিছে।
(৩) জনস্বাস্থ্য, শিক্ষন আদিৰ দৰে গুৰুত্বপূর্ণ সেবাসমূহ ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতলৈ যোৱাত দুখীয়া লোকসকল সুবিধা গ্ৰহণৰ পৰা বঞ্চিত হৈছে।
8. বিশ্বায়ণৰ চাৰিটা ৰাজনৈতিক ফলাফল উল্লেখ কৰা।
উঃ বিশ্বায়ণৰ চাৰিটা ৰাজনৈতিক ফলাফল উল্লেখ কৰা হ’ল —
ইতিবাচক:
(১) বিশ্বায়ণে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধিৰ দ্বাৰা যুদ্ধৰ ভয়াবহ পৰিস্থিতিৰ কিছু উপশম ঘটাইছে।
(২) বিশ্বায়ণ প্রক্রিয়াই নতুন সুযোগ সুবিধা সৃষ্টিৰে ৰাষ্ট্রৰ কর্মদক্ষতা বৃদ্ধিত সহায় কৰিছে।
(৩) উন্নত প্রযুক্তিবিদ্যাৰ জৰিয়তে ৰাষ্ট্ৰই বর্তমান খুব সহজতে নাগৰিকৰ আশা-আকাংশাবোৰৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰাত সহায় কৰিছে।
নেতিবাচক:
(১) বিশ্বায়ণে সমর্থন কৰা মুক্ত বাণিজ্য ব্যৱস্থা বা বৈদেশিক প্রত্যক্ষ বিনিয়োগ ব্যৱস্থাই অনুন্নত তথা উন্নয়ণশীল ৰাষ্ট্ৰবোৰক এক নতুন প্রকৃতিৰ উপনিবেশবাদৰ মাজলৈ ঠেলি দিছে।
(২) বিশ্বায়ণৰ ফলত ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্য্যাৱলীৰ ওপৰত এক সীমাবদ্ধতা আহি পৰিছে। চৰকাৰৰ কার্যাবলী সংকুচিত হৈ পৰিছে। জাতিসমূহৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।
(৩) বিশ্বায়ণ ব্যৱস্থাই ব্যক্তিগতকৰণত উৎসাহ যোগোৱাৰ ফলত ৰাষ্ট্ৰৰ সামাজিক দায়বদ্ধতা হ্রাস পাইছে, যাৰ ফলত দুখীয়া শ্ৰেণীৰ জীৱন নিৰ্বাহ কঠিন হৈ পৰিছে।
9. বিশ্বায়ণৰ চাৰিটা সাংস্কৃতিক ফলাফল উল্লেখ কৰা।
উত্তৰঃ বিশ্বায়ণৰ চাৰিটা সাংস্কৃতিক ফলাফল তলত উল্লেখ কৰা হ’ল-
ইতিবাচক:
(১) বিশ্বায়ণে সকলোকে বিশ্ব দৰবাৰত নিজৰ নিজৰ স্বকীয় পৰিচয় বা অস্তিত্ব দাঙি ধৰাত সুযোগ প্রদান কৰিছে।
(২) সাংস্কৃতিক বিশ্বায়ণে সার্বজনীন বিশ্ব ভাতৃত্ববোধ সৃষ্টি কৰাত সহায় কৰিছে।
নেতিবাচক:
(১) বিশ্বায়ণৰ ফলত সমাজত বহুতো অপসংস্কৃতিৰে গা কৰি উঠিছে।
(২) বিশ্বায়ণ প্রক্রিয়াই পশ্চিমীয়া সংস্কৃতিক বিভিন্ন কৌশলেৰে জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টা চলাইছে। গণমাধ্যমসমূহৰ বিভিন্ন প্ৰকাৰৰ সংঘাতৰ লগতে কোনো এটা বিশেষ আদৰশক প্রতিষ্ঠা কৰাৰ চেষ্টা চলোৱাৰ ফলত বহুতো থলুৱা সংস্কৃতি লোপ পাবলৈ ধৰিছে।
10. বিশ্বায়ণৰ প্ৰতি ভাৰতত হোৱা বিৰোধিতা সম্পর্কে উল্লেখ কৰা।
উত্তৰঃ বিশ্বায়ণৰ প্ৰতি ভাৰতত বিৰোধিতাঃ
(i) মাক্সবাদী আৰু বামপন্থী ৰাজনৈতিক দল সমূহে সংসদ বা বিধানসভাৰ ভিতৰে বাহিৰে চৰকাৰৰ বিশ্বায়ণৰ নীতিক সমালোচনা কৰাৰ লগতে তাৰ বিৰুদ্ধে অৱদান গ্রহণ কৰি আহিছে।
(ii) সোঁপন্থী ৰাজনৈতিক শক্তিসমূহে ভাৰতীয় সংস্কৃতিৰ ওপৰত বিদেশী পূজিঁৰ প্রভাৱ পেলোৱা নেতিবাচক প্ৰভাৱৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি আহিছে।
(i) বিভিন্ন ট্রেউ ইউনিয়ণসমূহে বিশ্বায়নৰ নীতিৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছে।
ফলত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশত এক গভীৰ পৰিবৰ্তন হৈছে। 1991 চনত অর্থনৈতিক সংকটৰ (M) ভাৰতৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা তৃণমূল আন্দোলন সমূহে বিশ্বায়ণৰ বিৰুদ্ধে বা অর্থনৈতিক উদাৰীকৰণ আৰু ব্যক্তিগত খণ্ডৰ বিৰুদ্ধে প্রতিবাদ গঢ়ি তুলিছে। বহুতো বেচৰকাৰী সংস্থা (NGO) ইয়াৰ অংশীদাৰ হৈ পৰিছে।
-0000-
Last Word
We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 9 – “গোলকীকৰণ বা বিশ্বায়ন” Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.