Class 12 Political Science Chapter – 5 সমসাময়িক দক্ষিণ এছিয়া Question Answers

In this post, we have provided Class 12 Political Science Chapter 5 – “সমসাময়িক দক্ষিণ এছিয়া” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.

Here we have provided HS /AHSEC Class 12 Chapter – 5 সমসাময়িক দক্ষিণ এছিয়া Question Answer very Important for the Upcoming ASSEB/AHSEC Class 12 final Examination for Assamese Medium so read this post very carefully and be prepared for your exam.

দ্বাদশ শ্ৰেণী

প্ৰথম খণ্ড পাঠ: ৫

সমসাময়িক দক্ষিণ এছিয়া

Very Short Question Answer

1. দক্ষিণ এছিয়াই কি সূচায় ? 

উত্তৰঃ দক্ষিণ এছিয়া বুলি কলে ভাৰত, বাংলা দেশ ভূটান, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰলংকা ধৰি সাতখন দেশকে  সামৰি লোৱা হয়। 

2. SAARC ৰ সম্পূৰ্ণ ৰূপটি লিখা ? 

উত্তৰঃ Sauth Asian Association for Regional  Co – operation. 

3. ভাৰতে শ্ৰীলংকালৈ কিয় IPKF (ভাৰতীয় শান্তি ৰখা বিহীন) প্ৰেৰণ কৰিছিল। 

উত্তৰঃ ভাৰত শ্ৰীলংকাৰ মাজত সংগঠিত হোৱা এক চুক্তিৰ ফলতে শ্ৰীলংকা চৰকাৰ আৰু তামিলৰ মাজত সম্পৰ্কক স্থায়ীত্ব তথা সুস্থিৰ কৰিবৰ বাবে ভাৰতে শান্তি ৰক্ষা বিহীন প্ৰেৰণ কৰিছিল। 

4. Look east policy বা পূৰ্বলৈ চোৱা নীতি বুলিলে কি বুজা ? 

উত্তৰঃ ভাৰতবৰ্ষই দক্ষিণ পূৰ্ব এছিয়া ৰাষ্ট্ৰ সমূহৰ লগত অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ বাবে যি নীতি গ্ৰহন কৰিছিল তাক look east policy বা পূৰ্বলৈ চোৱা নীতি বোলা হয়। 

 দক্ষিণ পূৰ্ব এছিয়াৰ পাঁচটা ৰাষ্ট্ৰ আছে এই সমূহ হল – ইন্দোনেছিয়া , মালেছিয়া ,ছিংগাপুৰ, থাইল্যান্ত। 

5. ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাটৰ দুটা দিশ উল্লেখ কৰা। (HS 2013, 2018)

উত্তৰঃ (i) জম্মু আৰু কাশ্মীৰক লৈ সৃষ্টি হোৱা সংঘাট।

(ii) সন্ত্রাসবাদী সমস্যাক লৈ হোৱা সংঘাট।

6. ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযোগিতাৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। (HS 2016)

উত্তৰ: (i) ব্যৱসায়-বাণিজ্য।

(ii) প্রাকৃতিক দুর্যোগ আৰু জলবিতৰণ।

7.. বাংলাদেশ ………… ৰ পৰা ………….. লৈ পাকিস্তানৰ অংগ আছিল। (HS 2012)

 উত্তৰঃ 1947 ৰ পৰা 1971. চনলৈ।

8. ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাটৰ দুটা দিশ উল্লেখ কৰা। (HS 2014)

উত্তৰ: (i) সীমা বিবাদ

(ii) অবৈধ উপায়েৰে বাংলাদেশৰ পৰা ভাৰতলৈ অহা লোকসকল।

9. শ্রীলংকাত সংঘাটত লিপ্ত হোৱা সম্প্রদায় দুটাৰ নাম লিখা। (HS 2015)

উত্তৰঃ সিংহলী আৰু তামিল সম্প্রদায়।

10. SAFTAৰ সম্পূৰ্ণ ৰূপটো কি? (HS 2018)

 উত্তৰ: South Asian Free Trade Area.

11. WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। (HS 2018)

উত্তৰ: World Trade Organisation.

12. ছাৰ্কৰ প্ৰথমখন সম্মিলন ক’ত অনুষ্ঠিত হৈছিল?  (HS 2018)

উত্তৰ: ঢাকাত, 1985 চনত

Short Question Answer

1.  SAFTA কেতিয়া স্বাক্ষৰিত হৈছিল ? SAFTA মূল উদ্দেশ্য কি ? 

উত্তৰঃ SAFTA – ৰ পূৰ্ব ৰূপ হৈছে South Asian Free Trade Agreement. ২০০৪ চনত SAFTA স্বাক্ষৰিত হৈছিল। 

এই চুক্তিৰ মূল উদ্দেশ্য আছিল – সমগ্ৰ এছিয়াত মুক্ত বাণিজ্য নীতি স্থাপন কৰি পাৰস্পৰিক অৰ্থনৈতিক সহযোগিতাৰ নীতি গ্ৰহন কৰা। এই  মুক্ত বাণিজ্য নীতি আবলম্বনে দেশ সমূহৰ মাজত শান্তি আৰু সহযোগিতাৰ সু সমন্বয় গঢ়ি তুলিবলৈ সক্ষম হব। 

2. অখেণ্ড চুক্তি তাৎপৰ্য লিখা। 

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৬৬ চনৰ ১০ জানুৱাৰীত অখেন্ত চুক্তি স্বাক্ষৰ হৈছিল। ভাৰত মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত ১৯৬৫  চনৰ ১৯ দিনীয়া যুদ্ধৰ পৰিসমাপ্তি ঘটাই এই চুক্তিমতে দুয়োপক্ষই সেনাবাহিনী আঁতৰাই নি কূটনৈতিক সম্পৰ্ক বজাই ৰাখি অৰ্থনৈতিক আৰু শৰনাৰ্থিব সম্পৰ্কে কিছুমান সিদ্ধান্তত উপনীত হৈছিল। 

3. SAARC – ত ভাৰতৰ ভূমিকা ব্যাখ্যা কৰা। 

উত্তৰঃ SAARC- ৰ সদস্য ৰাষ্ট্ৰ হিচাপে ভাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বন্ধুত্ব সুলাভ আৰু সহযোগিতা পূৰ্ণ সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত ভাৰতে বজাই ৰাখিবলৈ ৰাষ্ট্ৰসমূহৰ লগত দীৰ্ঘদিনীয়া  সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হৈছে। মুক্ত বাণিজ্য প্ৰতিষ্ঠা কৰা, চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে স্থাপন কৰা , অৰ্থনৈতিক তথা ৰাজনৈতিক নীতিসমূহ গ্ৰহন কৰাৰ ক্ষেত্ৰত ন:স্বাৰ্থ নীতি গ্ৰহন কৰি আহিছে। তদুপৰি চুবুৰীয়া সৰু ৰাষ্ট্ৰ হিচাপে নেপাল , ভূটানক , বিভিন্ন সময়ত বিভিন্ন উন্নয়নমূলক কামত আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। 

4. শ্ৰীলংকাৰ গোষ্ঠীগত সংঘৰ্ষৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ শ্ৰীলংকাত বহুদিন ধৰি গোষ্ঠীগত সংঘৰ্ষ চলি থকা দেখা গৈছে। এই চনত সংঘৰ্ষত লিপ্ত হোৱা গোষ্ঠী দুটা হ’ল – সংখ্যালঘু আছিল সম্প্ৰদায়ৰ লোক সকল আৰু সংখ্যাগৰিষ্ঠ সিংহলী সম্প্ৰদায়ৰলোক সকল। সিংহলী জতিয়তাবাদী লোকসকলে বিশ্বাস কৰে যে শ্ৰীলংকা কেৱল সিংহলী লোক সকলৰ বাবেহে। সেয়েহে তেওঁলোকে শ্ৰীলংকাৰ চৰকাৰে প্ৰব্ৰজনকাৰীত (তামিল সকলোক)  প্ৰতি বিশেষ সুবিধা আগবঢ়ায় নালাগে বুলি দাবী জনাই আহিছে। ফলত সংখ্যালঘু তামিল সকলৰ মাজত উগ্ৰ জাতীয় চেতনা গঢ়ি উঠে। ১৯৮৩ চনৰ পৰা তামিল সকলৰ সশস্ত্ৰ সংগ্ৰাম চলায়। তাৰোপৰি তামিলকসকলে নিজকে চৰকাৰৰ দ্বাৰা অবহেলিত বুলি গন্য কৰি LTTE উদ্যোগত পৃথক তামিল ৰাষ্ট্ৰৰ দাবী জনাই আহিছে। 

এইদৰে গোষ্ঠীগত সংঘৰ্ষই শ্ৰীলংকাত ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিভিন্ন সময়ত আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদিও LTTE ৰ মুৰব্বী পেল্লু ভিল্লই প্ৰভাকৰনৰ সংঘৰ্ষত মৃত্যু হোৱা বাবে সামূহিক ভাবে সমস্যাটোক লৈ নীৰৱতা পৰিলক্ষিত হৈছে। 

5. ৰাজতন্ত্ৰৰ পিছত নেপালত গণতন্ত্ৰ কিদৰে প্ৰবৰ্তন কৰা হৈছে? 

উত্তৰঃ ২০০ চনৰ আগলৈকে নেপালত সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন আছিল। এই ৰাজতন্ত্ৰৰ শাসন ব্যৱস্থা ৰজাৰ হাতত অসীম শাসনৰ ক্ষমতা হৈছিল। কিন্তু ২০০৬ চনত এই ৰাজতন্ত্ৰ শাসনৰ অন্ত পেলাই ৰজাক নাম মাত্ৰ ক্ষমতাৰ অধিকাৰী কৰি গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন কৰা হয়। 

6. ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু বিবাদৰ দুটাকৈ ক্ষেত্ৰ উল্লেখ কৰা ?

উত্তৰঃ ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতাৰ দুটা ক্ষেত্ৰ – 

(ক) দুয়োখন দেশে উগ্ৰ পন্থি আৰু আবঞ্চনীয় কাৰ্যকলাপ উত্থাটন কৰাত একমত। 

(খ) শান্তি আৰু সমন্বয়ন জৰিয়তে দুয়োখন দেশে অৰ্থনৈতিক বৃত্তিয় , বেহাব্যপাৰ, পৰিবহণ , যোগাযোগ , আদিৰ উন্নতিৰ যৌথভাবে প্ৰচেষ্টা চলাব বুলি মত প্রশাক কৰিছে। 

ভাৰত আৰু বাংলাদেশৰ মাজত বিবাদৰ দুটা ক্ষেত্ৰ: 

(ক) গঙ্গা নদীৰ পানী ভাগ বিতৰণক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত বিবাদৰ সূত্ৰপাত ঘটে।

(খ) বাংলা দেশৰ পৰা অবৈধ প্ৰব্ৰজনৰ হাৰ প্ৰমাদ বৃদ্ধি পোৱা ঘটনাই ভাৰত চৰকাৰক অসন্তুষ্ট কৰিছে।

7. দক্ষিণ এছিয়াৰ বিভিন্ন দেশে একেধৰণৰ ৰাজনৈতিক ব্যৱস্থাকে অনুসৰণ কৰে বুলি তুমি ভাবানে ? তোমাৰ উত্তৰৰ যুক্তি যুক্ততাৰ প্ৰতি প্ৰতিপন্ন কৰা। 

উত্তৰঃ দক্ষিণ এছিয়াৰ সকলোবোৰ ৰাষ্ট্ৰই একেধৰণৰ ৰাজনৈতিক ব্যৱস্থা অনুসৰণ কৰে বুলি মই নাভাবো। ভাৰত আৰু শ্ৰীলংকাত গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা চলি আহিছে। ইফালে পাকিস্তান আৰু বাংলাদেশত কোনো সময়ত সামৰিক আৰু অসামৰীক দুয়ো ধৰণৰ শাসন ব্যৱস্থা দেখিবলৈ পোৱা যায়। কিন্তু বৰ্তমান বাংলা দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলিত হৈছে। আনহাতে নেপালত ২০০৬ চনৰ আগলৈকে ৰাজতন্ত্ৰ শাসন ব্যৱস্থা প্ৰচলন আছিল। কিন্তু সাম্প্ৰতিক সময়ত নেপালত গণতন্ত্ৰ সূচনা হৈছিল। ভূটানত এছিয়াত ৰাজতন্ত্ৰৰ প্ৰচলন হৈ আছে কিন্তু ৰজাই এই গণতন্তলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা চলাইছে। ইফালে মালদ্বীপত ৰাষ্ট্ৰপতি প্ৰধান শাসনৰ অধীনত বহু দলীয় গণতন্ত্ৰ প্ৰতিষ্টা কৰিছে।

8. SAFTA ওপৰত এটা টোকা লিখা।

উত্তৰ:  SAFTA অর্থাৎ South Asian Free Trade Agreement’ৰ প্রধান উদ্দেশ্য হল দক্ষিণ এছিয়াত এটা নতুন শান্তি আৰু সহযোগিতাৰ মুক্ত বাণিজ্য নীতি সম্প্রসাৰণ কৰা। 2004 চনত স্বাক্ষৰিত এই চুক্তিখন 2006 চনৰ জানুৱাৰীৰ পৰা কার্যকৰী হয়। ইয়াৰ লক্ষ্য হল 2007 চনত 20% কৰ নিম্নগামী কৰা। এই চুক্তিৰে 2015 চনৰ ভিতৰত সকলো বাধা আঁতৰাই দক্ষিণ এছিয়াত মুক্ত বানিজ্য ক্ষেত্র সৃষ্টিৰ সংকল্প লৈছে।

9. ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয় সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। (HS 2017, 2022)

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

 (i) স্বাধীনতাৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক আছিল সংঘাটমূলক। কিয়নো, সন্ত্রাসবাদ, জম্মু কাশ্মীৰ আদি লৈ বৰ্তমান পর্যন্ত উভয়ৰে মাজত এক তিক্ত সম্পর্ক চলি আহিছে।

(ii) পাকিস্তান আৰু ভাৰত উভয় দেশৰ প্ৰতিনিধি মিলিতহৈ উভয়ৰে মাজত সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিছিল যদিও 1999 চনত পুনৰ দুয়ো দেশ যুদ্ধত লিপ্ত হ’ব লগা হয়।

(iii) অৱশ্যে, দুয়োখন দেশে উভয়ৰ মাজত ব্যৱসায় বাণিজ্যৰ মাধ্যমেৰে কিছুপৰিমাণে সম্পৰ্ক উন্নত কৰিবলৈ সক্ষম হৈছিল।

iv) কিন্তু 2016 চনৰ 18 ছেপ্টেম্বৰত পাকিস্তান সমৰ্থিত উগ্রপন্থীয়ে ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলোৱাৰ ফলস্বৰূপে উভয় দেশৰ সম্পর্ক পুনৰ বিঘ্নিত হয়।

10. পূব-পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্রহণ কৰিব লগা হোৱাৰ কাৰণসমূহ আলোচনা কৰা। (HS 2015)

উত্তৰঃ পূব-পাকিস্তানৰ জনসাধাৰণে বিভিন্ন কাৰণত এক মুক্তি আন্দোলনৰ পথ গ্রহণ কৰিবলগা হৈছিল। ইয়াৰ কাৰণ সমূহ হ’ল-

(i) পশ্চিম পাকিস্তানে পূব-পাকিস্তানৰ ওপৰত চলোৱা অত্যাচাৰ, দমন আদি।

(ii) পূব-পাকিস্তানৰ জনসাধাৰণক পশ্চিম পাকিস্তানে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বিবেচনা কৰাৰ ফলস্বৰূপে।

(iii) বঙালী সংস্কৃতিৰ ওপৰত কৰা আঘাত।

(iv) বলপূর্বক ভাবে বঙালী ভাষাৰ পৰিবৰ্তে উর্দু ভাষা জাপি দিবলৈ চেষ্টা কৰাৰ ফলত।

Long Question Answer

1. দক্ষিণ এছিয়া  বুলিলে কি বুজা? দক্ষিণ এছিয়াৰ শাসন ব্যৱস্থা আলোচনা কৰা।

Or

দক্ষিণ এছিয়াৰ ৰাষ্ট্রসমূহে একে ৰাজনৈতিক ব্যৱস্থা মানি চলেনে? যুক্তি দিয়া।

উত্তৰ- দক্ষিণ এছিয়া বৰ্তমান সময়ৰ এক অতি গুৰুত্বপূর্ণ অধ্যয়নৰ বিষয়। দক্ষিণ এছিয়া বুলি কলে এছিয়া মহাদেশৰ দক্ষিণ দিশত অৱস্থিত সাতখন ৰাষ্ট্ৰ ক্ৰমে বাংলাদেশ, ভূটান, ভাৰতবর্ষ, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্রী লংকাক বুজায়। বৈচিত্র্যৰে ভৰপুৰ এই অঞ্চলটোৰ উত্তৰত আছে  হিমালয়, দক্ষিণত আছে ভাৰত মহাসাগৰ, পশ্চিমত আৰৱ সাগৰ আৰু পূৱত বংগোপসাগৰ। দক্ষিণ এছিয়াৰ ৰাষ্ট্রসমূহৰ মাজত যদিও প্ৰায়বোৰ ক্ষেত্ৰতে ভিন্নতা পৰিলক্ষিত হয়। তথাপি ভৌগোলিক পৰিৱেশে এই ৰাষ্ট্রসমূহক একত্রিত কৰি ৰাখিছে।

দক্ষিণ এছিয়াৰ আটাইবোৰ ৰাষ্ট্রৰ ৰাজনৈতিক ব্যৱস্থা একেধৰণৰ নহয়। ভাৰত আৰু শ্রী লংকাই স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা গণতান্ত্রিক ব্যৱস্থা প্রচলিত হৈ আছে।

পাকিস্তান আক বাংলাদেশ এই ৰাষ্ট্ৰ দুখনৰ জনসাধাৰণে সামৰিক আৰু অসামৰিক দুয়োধৰনৰ শাসন অভিজ্ঞতা লাভ কৰিছিল। অৱশ্যে শীতল যুদ্ধৰ অন্ত পৰাৰ পিছৰ পৰা বাংলাদেশত গনতান্ত্রিক ব্যবস্থা প্রচলন হৈ আছে।

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্র নেপালত 1990 চনলৈকে চৰম ৰাজতন্ত্রৰ প্রচলন আছিল। কিন্তু 1990 চনত ইয়াত ৰাজনৈতিক সংস্কাৰ ঘটায় সংসদীয় ৰাজতন্ত্ৰৰ প্রচলন কৰিছে । 2006 চনত হোৱা গণবিদ্রোহৰ ফলস্বৰূপে ৰজাৰ ক্ষমতা সীমিত কৰি গণতন্ত্র প্রতিষ্ঠা হৈছিল আৰু সংসদত অসীম ক্ষমতা  দি ৰজাক নামমাত্র ক্ষমতা প্রদান কৰিছিল। 2008 চনৰ এপ্রিল মাহত হোৱা নির্বাচনত নেপালৰ মাওবাদী দলে বিপুল ভোটত জয়লাভ কৰি 240 বছৰীয়া পুৰণি ৰাজতন্ত্রৰ অৱসান ঘটায় যুক্তৰাষ্ট্রীয় প্রজাতন্ত্র প্রতিষ্ঠা কৰে।

দক্ষিণ এছিয়াৰ অতি সৰু ৰাষ্ট্র ভূটান আৰু মালদ্বীপতো ৰাজতন্ত্ৰৰ পৰিবর্তন সংঘটিত হৈছিল। ভূটানত ৰাজতন্ত্রৰ লগতে বহুদলীয় গণতান্ত্রিক ব্যৱস্থা প্রচলিত হৈ আছে। আনহাতে, মালদ্বীপত 1968 চন পর্যন্ত চুলতানৰ শাসন ব্যৱস্থা আছিল। 1968 চনত ৰাষ্ট্রপতি শাসনৰ সূচনা কৰি মালদ্বীপক গণৰাজ্য ঘোষনা কৰা হয়। 2005 চনত দেশৰ সংসদে বহুদলীয় গণতান্ত্রিক ব্যৱস্থা প্রর্বতন কৰে। 2012 চনৰ আৰম্ভণিতে দেশখনৰ সামৰিক অভ্যুত্থানৰ জৰিয়তে অসামৰিক চৰকাৰক ক্ষমতাচুত্য কৰা হয়।

দক্ষিন এছিয়াৰ ৰাষ্ট্রসমূহৰ ৰাজনৈতিক ব্যৱস্থাক পর্যালোচনা কৰিলে দেখিবলৈ পোৱা যায় যে, এই অঞ্চলৰ জনগনৰ গণতন্ত্ৰৰ প্রতি যি অভিলাষ আছে, সি কার্যক্ষেত্রত পার্যমানে প্রতিষ্ঠিত হৈছে। ভিন্নতাৰ মাজতো প্রতিজন লোকে প্রতিনিধিত্বমূলক গণতন্ত্রক সমর্থন কৰে। এনেদৰেই দক্ষিণ এছিয়াত গণতন্ত্র বাস্তবায়িত হোৱা পৰিলক্ষিত হয়।

2. পাকিস্তানৰ ৰাজনীতিত সামৰিক শাসন আৰু গণতান্ত্রিক ব্যৱস্থা সম্পর্কে চমুকৈ লিখা।

উত্তৰ – 1947 চনৰ 14 আগষ্টত পাকিস্তানে ব্রিটিছ ঔপনিবেশিক শাসনৰ পৰা মুক্তি লাভ কৰি স্বাধীনতা লাভ কৰে। মহম্মদ আলি জিন্নাই পাকিস্তানৰ প্রথম গর্বণৰ জেনেৰেন হিচাপে কার্যভাৰ গ্ৰহণ কৰিছিল। যদিও পাকিস্তানে 1947 চনত স্বাধীনতা লাভ কৰিছিল কিন্তু 1956 চনতহে প্রথম সংবিধান গ্রহণ আৰু বলবৎ কৰিবলৈ সক্ষম হয়। নতুন সংবিধান গ্ৰহণৰ ২ বছৰৰ পিছত অর্থাৎ 1958 ত সামৰিক অভ্যুত্থান হৈছিল আৰু জেনেৰেল আয়ুৱ খানে শাসনভাৰ গ্রহণ কৰিছিল৷ অৱশ্যে 1960 চনত পাকিস্তানত হোৱা সাধাৰণ নির্বাচনত তেওঁ জয়লাভ কৰে আৰু পাকিস্তানৰ ৰাষ্ট্রপতি হিচাপে শাসনভাৰ গ্রহণ কৰে। তেওঁৱে আছিল পাকিস্তানৰ প্ৰথম ৰাষ্ট্ৰপতি।

         1964 চনত আয়ুৱখান পুনৰ নির্বাচিত হৈছিল। কিন্তু 1969 চনত গণ ভিক্ষোৱৰ ফলস্বৰূপে তেওঁ পদত্যাগ কৰে আৰু জেনেৰেল আহিফ খানে ৰাষ্ট্রপতি হিচাপে কার্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছত জুলফিকৰ আলি ভুটুৰ নেতৃত্বত 1971 চনৰ পৰা 1977 চনলৈকে গণতান্ত্রিক শাসন ব্যৱস্থা বর্তি থাকে। কিন্তু 1977 চনত জেনেৰল জিয়াউল হকে পুনৰ পাকিস্তানত সামৰিক শাসন প্রৱর্তন কৰে। ইয়াৰ পিছত বেনজিৰ ভুট্টোৰ নেতৃত্বত পাকিস্তান পিপলচ পার্টী আৰু নৱাজ স্বৰিফৰ নেতৃত্বত মুছলীম লীগে গণতান্ত্রিক শাসন প্রৱর্তন কৰিছিল। কিন্তু 1977 চনত জেনেৰেল পাৰভেজ মুশ্বাৰফে পুনৰ সামৰিক শাসন প্রর্বতন কৰে। 2001 চনত পাৰভেজ মুশ্বাৰফে ৰাষ্ট্রপতি  পদত অধিস্থিত হয় আৰু 2002 চনৰ অক্টোবৰ মাহত গণভোট অনুষ্ঠিত কৰি তেওঁ দুবছৰৰ  বাবে নিজকে ৰাষ্ট্রপতি পদত অধিস্থিত কৰে। 2013 চনত নৱাজ শ্বৰিফৰ নেতৃত্বত পাকিস্তানত গণতান্ত্রিক চৰকাৰ গঠন কৰে।এইদৰে পাকিস্তানত সামৰিক আৰু অসামৰিক দুই ধৰণৰ শাসন ব্যৱস্থা পৰিলক্ষিত হয়। পৰৱৰ্তী সময়তো পাকিস্তানৰ সাংবিধানিক আৰু ৰাজনৈতিক পৰিস্থিতি উত্তেজনা আৰু অস্থিৰতাৰ মাজেৰে পাৰ হয়।

গতিকে পাকিস্তানৰ সৈতে তুলনা কৰিলে ভাৰতীয় সংবিধানত স্থিৰতা আৰু গতিশীলতাৰ এক  সন্তুলিত সংমিশ্রন বুলিব পাৰি।

3. পাকিস্তানত গণতান্ত্রিক ব্যবস্থা বিফল হোৱাৰ মূল কাৰণসমূহ উল্লেখ কৰা।

উত্তৰ: পাকিস্তানত গণতান্ত্রিক ব্যৱস্থা বিফল হোৱাৰ মূল কাৰণসমূণ তলত উল্লেখ কৰা হ’ল –

i) সামাজিক আধিপত্যঃ সামৰিক বাহিনী, ভূ-স্বামী, পুৰোহিত শ্রেণী আৰু অনান্য অভিজাত শ্রেণীৰ আধিপত্যই সঘনাই নির্বাচিত চৰকাৰ পতন ঘটাই সামৰিক শাসনৰ পথ সুগম কৰে।

 ii) ভাৰত পাকিস্তানৰ বিবাদ:- ভাৰতৰ সৈতে প্ৰায়ে সীমা বিবাদ চলি থকাৰ বাবে পাকিস্তানৰ সামৰিক বাহিনী শক্তিশালী কৰি ৰখাৰ ফলস্বৰূপে সামৰিক বাহিনীয়ে চৰকাৰৰ নীতি- নিয়ম অমান্য কৰি আধিপত্য বিস্তাৰৰ সুবিধা পায়।

iii) শক্তিশালী আন্তঃৰাষ্ট্ৰীয়  সমর্থনৰ অভাৱ – গণতন্ত্ৰৰ প্রতি শক্তিশালী আন্তঃ ৰাষ্ট্রীয় সমর্থনৰ অভাৱৰ বাবেই পাকিস্তানত সামৰিক বাহিনীয়ে আধিপত্য বিস্তাৰৰ সুযোগ পাইছিল। আমেৰিকা আৰু আন কিছুমান দেশে নিজৰ স্বাৰ্থৰ বাবে সেনাৰ শাসনত উৎসাহিত কৰে।

iv) আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদঃ- বিশ্বজনীন ইছলামী সন্ত্রাসৰ ভয় আৰু পাকিস্তানৰ আণৱিক অস্ত্ৰ ভাণ্ডাৰ সন্ত্রাসবাদী হাতলৈ যোৱাৰ আশংকাই সামৰিক শাসনত অৰিহণা যোগাইছে।

4. বাংলাদেশৰ গণতন্ত্র সম্পর্কে চমুকৈ লিখা।

উত্তৰ: 1947 চনৰ পৰা 1971 চনলৈ বাংলাদেশ পাকিস্তানৰ এটা অংশ আছিল। বৰ্তমানৰ বাংলাদেশ ব্রিটিছ ভাৰতৰ অসম বংগৰ কিছু অংশক লৈ গঠিত। এই অঞ্চলৰ জনসাধাৰণে পশ্চিম পাকিস্তানৰ আধিপত্য আৰু তেওঁলোকৰ ওপৰত জাপি দিয়া উর্দু ভাষা আৰু বঙালী ভাষা- সংস্কৃতিৰ প্রতি কৰা বেয়া ব্যৱহাৰৰ প্রতিবাদ কৰিছিল। তেওঁলোকৰ প্রশাসনত উপযুক্ত প্রতিনিধিত্ব আৰু ৰাজনৈতিক সমতাত অংশ গ্রহণৰ দাবী তুলিছিল। পূৱ-পাকিস্তানৰ আধিপত্যৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলি পূৱ-পাকিস্তানৰ বাবে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰিছিল। 1970 চনত পাকিস্তানৰ সাধাৰণ নির্বাচনত আবামী লীগে শেখ মজিবুৰ ৰহমানৰ নেতৃত্বত পূৱ পাকিস্তানত আটাইকেইখন আসনত জয়লাভ কৰি ‘সমগ্র পাকিস্তানৰ বাবে প্রস্তাৱিত সংবিধান সভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে। কিন্তু পশ্চিম পাকিস্তানৰ  আধিপত্যত থকা চৰকাৰে কোনো সভা আহবান কৰিবলৈ মান্তি নহল। বৰঞ্চ শেখ মজিবুৰ ৰহমানক গ্রেপ্তাৰ কৰি বঙালী জনগনৰ ওপৰত নানা অত্যাচাৰ চলাইছিল। বহু জনতা সেনাক হত্যা কৰিছিল। ফলত বহুলোক ভাৰতলৈ গুচি আহিছিল। যিয়ে শৰণাৰ্থী সমস্যা সৃষ্টি কৰিছিল। ভাৰতে পূৱ-পাকিস্তানৰ দাবীক সমর্থন কৰি ধন আৰু সামৰিক শক্তিৰে তেওঁলোকক সহায় কৰাৰ ফলত 1971 চনত ভাৰত-পাকিস্তানৰ যুদ্ধ সংঘটিত হয়। পাকিস্তানী সেনাই যুদ্ধত পূৱ- পাকিস্তানৰ ওচৰত আত্মসর্মপন কৰাৰ লগে লগে এই যুদ্ধ শেষ হয় আৰু 1971 চনত স্বাধীন বাংলাদেশৰ সৃষ্টি হয়।

বাংলাদেশে ধর্মনিৰপেক্ষতা, গণতন্ত্র সমাজবাদৰ আৰ্হিত এখন সংবিধান ৰচনা কৰে। 1975 চনত মুজিবৰ ৰহমানে সংবিধান সংশোধন কৰি সংসদীয় চৰকাৰৰ ঠাইত ৰাষ্ট্রপতীয় চৰকাৰ প্রবর্তন কৰে। তেওঁ নিজৰ দল আবামী লীগৰ বাহিৰে বাকী দলবোৰক নিষেধ কৰি দিয়ে। 1975 চনত সামৰিক বিদ্ৰোহ হৈ মুজিবুৰক হত্যা কৰা হয় আৰু নতুন সামৰিক শাসক জিয়াউৰ ৰহমানে বাংলাদেশ নেচনেল পার্টী গঠন কৰি 1989 চনত নির্বাচনত জয়যুক্ত হয়। পিছত তেওঁকো হত্যা কৰি সামৰিক শাসক ইৰশ্বাদে শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনে। সময়ৰ লগে লগে বাংলাদেশৰ জনগণ গণতন্ত্রৰ প্রতি সজাগ হয় আৰু এই ক্ষেত্রত ছাত্র-ছাত্রীসকলে আগভাগ লৈছিল। ইৰশ্বাদে জনতাৰ দাবী কিছু পৰিমানে মানি লৈ পিছৰ 5 বছৰৰ কাৰণে আকৌ ৰাষ্ট্রপতি নির্বাচিত হৈছিল যদিও 1990 চনত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়। 1991 চনত বাংলাদেশত নতুন নির্বাচন অনুষ্ঠিত হয় আৰু তেতিয়াৰ পৰা প্রতিনিধিত্বমূলক গণতান্ত্রিক চৰকাৰে দেশৰ শাসন পৰিচালনা কৰি আছে।

5. নেপালত গণতন্ত্র প্রতিষ্ঠা সম্পর্কে চমুকৈ লিখা।

উত্তৰ:  নেপাল এখন  হিন্দু ৰাষ্ট্ৰ ।আধুনিক কালতো বহু বছৰৰ পৰা নেপালত সাংবিধানিক ৰাজতন্ত্ৰৰ ব্যৱস্থা আছে ।কিন্তু নেপালৰ সাধাৰণ জনগণ আৰু ৰাজনৈতিক দল বিলাকে এখন দায়িত্বশীল চৰকাৰৰ পৃষ্ঠপোষকতা কৰি আহিছে যদিও এই ক্ষেত্রত বাধা প্রদান কৰিছে।

         1990 চনত ৰজাই গণতন্ত্রৰ সমর্থকসকলৰ দাবী মানি লৈছিল। কিন্তু গণতান্ত্রিক সংবিধানৰ এই দাবী মানি লোৱাৰ পিছতে 90 দশকত মাওবাদীসকলে নেপালত প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে সশস্ত্র বিপ্লৱ চলোৱাৰ পৰিকল্পনা কৰিছিল। ফলত ৰাজকীয় সেনা, গনতন্ত্রবাদী আৰু মাওবাদী সকলৰ মাজত তিনিকোণীয়া যুদ্ধ হয়। 2002 চনত ৰজাই সংসদ উঠাই দি চৰকাৰ ভংগ কৰি নেপালত প্রচলিত সীমিত গণতন্ত্রৰো অন্ত পেলায়।

         2006 চনৰ এপ্রিল মাহত গণতন্ত্র প্রেমীসকলে দেশজুৰি প্রতিবাদ দিৱস পালন কৰে। শেষত গণতন্ত্র প্রেমীসকলৰ জয় হয় আৰু ৰজাই ভংগ কৰি দিয়া সংসদ পুনৰ জীৱিত কৰিবলৈ বাধ্য হয়। গণতন্ত্রপ্রেমী সকলে নেপালৰ কাৰণে এখন সংবিধান ৰচনাৰ পোষকতা কৰে। নেপালৰ বহু মানুহে অতীতৰ লগত সম্পৰ্ক ৰক্ষাৰ কাৰণে নামমাত্র শাসন কৰ্তাৰ পদ এটা থকাটো উচিত বুলি ভাবে। মাওবাদী সকলেও সংবিধান সংশোধনৰ জৰিয়তে সামাজিক আৰু অর্থনৈতিক আঁচনি গ্রহণৰ দাবী জনাই বিদ্রোহ বন্ধ ৰখাৰ কাৰণে সন্মত হল। 32 বছৰৰ পাছত 1991 চনত নেপালত প্রথম নির্বাচিত চৰকাৰে শাসনভাৰ গ্ৰহণ কৰে আৰু গিৰিজা প্রসাদ কৈৰালা প্রধানমন্ত্রী হিচাপে নির্বাচিত হয়। তেওঁ ভাৰতৰ লগত সু-সম্পর্ক গঢ়াৰ ওপৰত গুৰুত্ব দিছিল আৰু 2010 চনৰ 16 ফ্রেব্রুৱাৰীত নেপালৰ ৰাষ্ট্রপতি ৰামবৰণ যাদৱে -ভাৰত ভ্রমণ কৰি ভাৰত নেপালৰ সম্পর্ক আৰু অধিক দৃঢ় কৰে।

6. শ্রীলংকাত নৃ-জাতীয় বিবাদ আৰু গণতন্ত্র সম্পর্কে চমুকৈ লিখা।

উত্তৰ: 1948 চনত শ্রীলংকা স্বাধীন হোৱাৰ পৰা দেশখনত গণতন্ত্র প্রবর্তন হৈ আছে। কিন্তু দেশ খন ভাবুকিৰ সম্মুখীন হৈ আছে। অৱশ্যে এই ভাবুকি সেনা বাহিনী বা ৰাজতন্ত্ৰৰ পৰা নহয়। বৰঞ্চ দেখনৰ দেশখনৰ ভিতৰৰ পৰা অহা নৃ-জাতীয়সকলৰ ভাবুকী।

         স্বাধীনতাৰ পিছৰ পৰাই শ্রী লংকাৰ ৰাজনীতি সংখ্যা গৰিষ্ঠ সিংহলী – সম্প্রদায়ৰ দ্বাৰা পৰিচালিত হৈছিল। কিন্তু তেওঁলোকে ভাৰতৰ পৰা প্ৰব্ৰজন কৰি শ্রীলংকাত বাস কৰা তামিলসকলৰ লগত শত্রুত কৰিছিল আৰু তেওঁলোকক ৰাষ্ট্ৰই সা-সুবিধা দিয়াটো অনুচিত বুলি ভাবিছিল। এনে ঘৃণা বা শত্রুতাৰ ফলত তামিল সকলে 1983 চনত সামৰিক সংগঠন লিবাৰেচন টাইগাৰচ অফ্ তামিল ইলাম (LTTE) গঠন কৰি তামিলসকলৰ বাবে দেশতে সুকীয়া ঠাই দাবী কৰি শ্রীলংকাৰ সেনাবাহিনীৰ লগত যুদ্ধত অবতীর্ণ হয়।

         শ্রী লংকাৰ এই সমস্যাত ভাৰতীয়সকলো জড়িত হৈ পৰে। ভাৰতীয় তামিলসকলে ভাৰত চৰকাৰক শ্রীলংকাৰ তামিলসকলৰ স্বার্থ ৰক্ষাৰ কাৰণে হেঁচা প্রয়োগ কৰে। এই ক্ষেত্ৰত ভাৰত চৰকাৰে শ্ৰী লংকা চৰকাৰৰ লগত যোগাযোগ কৰে আৰু 1987 চনত এটা চুক্তি স্বাক্ষৰ কৰি ভাৰতৰ সেনা শ্রী লংকালৈ পঠিয়াই। ভাৰতীয়  সেনাৰ এই উপস্থিতি শ্রী লংকা বাসীয়ে তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি অভিহিত কৰি সহজভাবে লব পৰা নাছিল। তাৰ ফলস্বৰূপে 1989 চনত উদ্দেশ্য সফল নোহোৱাকৈয়ে ভাৰতে শান্তি ৰক্ষা বাহিনী ওভতাই আনে। শ্রীলংকাৰ এই সংকট ক্রমে ভয়াবহ হৈ পৰিছিল  নৰৱে আৰু আইচলেণ্ডৰ দুয়ো যুদ্ধমুখী গোটক মিলা- মিচা কৰিবলৈ যত্ন কৰিছিল।

         এনে ভয়াবহ ভাবুকি থকা স্বত্ত্বেও শ্রীলংকাই যথোচিত পৰিমাণৰ অর্থনৈতিক উন্নয়ন আৰু মানৱ বিকাশ সাধন কৰিব পাৰিছিল। ই এনে এখন প্রথম শ্রেণীৰ উন্নয়নশীল ৰাষ্ট্র যিয়ে জনসংখ্যা নিয়ন্ত্রণত সফল হৈছিল আৰু মুক্ত বানিজ্য নীতি গ্রহণ  কৰি আভ্যন্তৰীণ কন্দল স্বত্ত্বেও গণতান্ত্রিক পৰম্পৰা বৰ্তাই ৰাখিছে।

7. SAARC কি? দক্ষিণ এছিয়াত শান্তি আৰু সহযোগিতা ৰক্ষাত SAARC ৰ ভূমিকা  উল্লেখ কৰা। (HS 2012,2017)

উত্তৰ: দক্ষিণ এছিয়াত আঞ্চলিক সহযোগিতা সন্থা  (South Asian Association for Regional Cooperation) দক্ষিণ এছিয়াৰ দেশসমূহৰ সহযোগিতাৰ মহান প্রচেষ্টা। 1985 চনত বাংলাদেশৰ ঢাকাত দক্ষিণ এছিয়াৰ 7 খন ৰাষ্ট্র ক্রমে বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্রীলংকা ই SAARC গঠন কৰে। পৃথিৱীৰ মুঠ ভূ-খণ্ডৰ 35% আৰু মুঠ জনসংখ্যা 21% এই সন্থাৰ অর্ন্তগত।

         দক্ষিণ এছিয়াত ৰাষ্ট্রসমূহৰ মাজত যদিও বিভিন্ন ধৰণৰ সংঘাট আছে তথাপি ৰাষ্ট্ৰসমূহৰ মাজত গঢ়ি উঠিছে সহযোগিতা আৰু বন্ধুত্বপূর্ণ সম্পর্ক। এই সহযোগিতা বৃদ্ধিত তথা শান্তি ৰক্ষাত আৰু অধিক অৰিহণা যোগাইছে দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সন্থাই। SAARC য়ে দক্ষিণ এছিয়াৰ ৰাষ্ট্রসমূহৰ অর্থনৈতিক প্রগতি, আন্তর্জাতিক সু- সম্পর্ক ৰক্ষা আৰু সুস্থ ৰাজনৈতিক বাতাবৰণ গঢ়ি তুলিবৰ বাবে প্রচেষ্টা হাতত লয়। SAARC ৰ জৰিয়তে দক্ষিণ এছিয়াৰ ৰাষ্ট্রসমূহে একত্রিতভাবে বিভিন্ন সমস্যা সমাধান কৰিবলৈ পদক্ষেপ গ্রহণ কৰে। ইয়াৰ সদস্য ৰাষ্ট্রবিলাকে দক্ষিণ এছিয়াত মুক্ত বাণিজ্য মণ্ডল গঠন কৰাত প্রতিজ্ঞাবদ্ধ হৈছিল। তাৰোপৰি ভাৰত পাকিস্তানৰ মাজত চলি থকা সংঘাট দূৰ কৰিবৰ কাৰণেও SAARC এ বিভিন্ন ব্যৱস্থা হাতত লয়। ইয়াৰ উপৰিও দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ ক্ষেত্রত হস্তক্ষেপ কৰি SAARC য়ে বিভিন্ন ক্ষেত্ৰত অগ্রণী পদক্ষেপ গ্রহণ কৰিছে।

এইদৰেই দক্ষিণ এছিয়াত শান্তি আৰু সহযোগিতা ৰক্ষাৰ ক্ষেত্রত SAARC য়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে।

8. এখন সুস্থিৰ গণতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ কাৰণ সমূহ উল্লেখ কৰা। 

উত্তৰঃ পাকিস্তানত স্থয়ী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত কিছুমান কাৰকে বাধৰ সৃষ্টি কৰা দেখা যায়। 

এই সম্বন্ধে কিছুমান দায়ী কাৰক সমূহৰ বিষয়ে তলত উল্লেখ কৰা হয় –

(ক) বিভিন্ন সময়ত সামৰীক পুৰণি পুৰোহিত শ্ৰেণী মাটিৰ গৰাকী অভিজাত শ্ৰেণী সকলৰ আধিপত্যই কোনো কোনো সময়ত নিৰ্বাচিত চৰকাৰ খনৰ আকস্মিক পতন ঘটাই সামৰিক শাসন ব্যৱস্থা প্ৰবৰ্তন কৰাত বাধ্য কৰায়। 

(খ) ভাৰত – পাকিস্তানৰ সংঘাতৰ ফলস্বৰূপে নিৰ্বাচিত শাসন ব্যৱস্থাতকৈ সামৰীক বাহিনীক অধিক অধিক শক্তিশালী কৰি তুলিবলৈ বাধ্য কৰোৱা হয়। যাৰ ফলত নিৰ্বাচিত চৰকাৰৰ বিপৰীতে সামৰিক বাহিনীৰ লোক সকোলোহে অধিক আধিপত্য বিস্তাৰ কৰে।

(গ) পাকিস্তানৰ ৰাজনৈতিক দল আৰু গণতন্ত্ৰ শাসন ব্যৱস্থা একেবাৰে দুৰ্বল। যাৰ ফলত এখন সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ পাকিস্তান ব্যাৰ্থ হৈছে। 

(ঘ) গণতান্ত্ৰিক শাসন ব্যৱস্থাৰে পৰিচালিত ৰাষ্ট্ৰ সমূহৰ দৰে পাকিস্তানত গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ আস্তা খুবেই কম। 

9. সমৰীক শাসন ব্যৱস্থা আৰু গণতন্ত্ৰ পাকিস্তানত একেটা মুদ্ৰাৰে ই পিঠি – সিপিঠি – ব্যাখ্যা কৰা। 

উত্তৰঃ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ শাসনৰ যন্ত্ৰটোত সামৰিক আৰু অসামৰিক এই দুই ধৰণৰ শাসনৰ মিশ্ৰণ ঘটিছে। সাংবিধানিক নীতি অনুসৰি গণতন্ত্ৰ শাসন ব্যৱস্থাৰ অন্তত জেনাৰেল আয়োগ খনে দেশ শাসন ক্ষমতা নিজৰ হাতলৈ আনি সামৰীক শাসন প্ৰৱৰ্তন কৰে। ১৯৭১ চনৰ পৰা ১৯৭৭ চনলৈ গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰ খনৰ শাসন চলিছিল যদিও ১৯৭৭ চনত পুনৰ জেনাৰেল  জীয়া উলহকে ক্ষমতা হস্তগত কৰে। ১৯৯৯ চনত জেনাৰেল পাৰভেজ  মুশ্বাৰেফে নিৰ্বাচিত প্ৰধান মন্ত্ৰী নৱাজশ্বৰীফক আঁতৰাই নিজে ক্ষমতা দখল কৰে। 

10. SAARC – ৰ উদ্দেশ্য সমূহ উল্লেখ কৰা।

উত্তৰঃ ১৯৮৫ চনত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ সমূহৰ মাজত বিভিন্ন দিশত সহযোগীতা বজায় ৰখাৰ বাবে দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগীতা চমুকৈ SAARC গঠন কৰা হয়। 

ইয়াৰ মূল উদ্দেশ্য সমূহ আছিল এনে ধৰণৰ – 

(ক) সমগ্ৰ দক্ষিণ এছিয়াৰ অঞ্চলৰ লোকসকলৰ কল্যাণ সাধন কৰা। 

(খ) দক্ষিণ এছিয়া অঞ্চলৰ জনসাধাৰণৰ জীৱনৰ সানদন্ত উন্নত কৰা।

(গ) দক্ষিণ এছিয়াত অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা।

(ঘ) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সামূহিক নিৰ্ভৰশীলতাৰ সৃষ্টি কৰা। 

(ঙ) পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ সৃষ্টি কৰা। 

(চ) অৰ্থনৈতিক সামৰিক সংস্কৃতিক আৰু বিজ্ঞানৰ বিষয়ত সহযোগিতাৰ সৃষ্টি কৰা। 

(ছ) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহে আন আন উন্নয়নশীল দেশৰ লগত সহযোগিতাৰ সৃষ্টি কৰা।

(জ) বিভিন্ন আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় সংগঠনৰ লগত সহযোগিতাৰ সৃষ্টি কৰা।  

11. পূব পাকস্তানৰ লোকসকলে মুক্তি আন্দোলনৰ প্ৰতি ঢাল খোৱাৰ মূল কাৰণবোৰ আঙুলিয়াই দিয়া। 

উত্তৰঃ পূৰ্ব পাকিস্তান তথা বাংলাদেশ এটা সময়ত পাকিস্তানৰ লগত সংযুক্ত হৈ আছিল। ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ বাংলাদেশ পাকিস্তানৰ অংগ আছিল। সেই সময়ত পাকিস্তানে বাংলাদেশৰ জনসাধাৰণৰ ভাষা সংস্কৃতিকৰ প্ৰতি ভাল চকুৰে ছোৱা নাছিল। তেওঁলোকক পাকিস্তানে দমন আৰু শোষন নীতিৰে শাসন কৰিবলৈ লৈছিল। বিশেষকৈ পূৰ্ব পাকিস্তানৰ বাংলা ভাষাৰ বিপৰীতে পশ্চিম পাকিস্তানে ঊদ্দু ভাষাৰ প্ৰচাৰ কৰিবলৈ জোৰ দিছিল। এনে সময়তে তেওঁলোকৰ  শাসন ব্যৱস্থত বৈষম্য মূলক আচৰণ আৰু প্ৰতিনিধিত্ব মূলক আচৰনে সাধাৰণ জনসাধাৰণক সন্তুষ্ট কৰিবৰ পৰা নাছিল। ১৯৭০ চনত পূৰ্ব পাকিস্তানত শাসন উচিৎ প্ৰতিনিধিত্বৰ দাবীৰে নিৰ্বাচিত শ্বেখ মুজিবৰ ৰহমানৰ নেতৃত্বত আৱল লীগ দলে সকলো আসন দখল কৰি প্ৰস্তবিত পাকিস্তানৰ সংবিধান সভাত সংখ্যা গৰিষ্ঠতা নিশ্চিত কৰে। এই ক্ষেত্ৰত পশ্চিম পাকিস্তানে পূৰ্ব পাকিস্তানৰ কাৰ্যত বাধা আৰোপ কৰিছিল ফলত শ্বেখ মুজিবোৰক গ্ৰেপ্তাৰ কৰা হৈছিল। লগে লগে পূৰ্ব পাকিস্তানে পাকিস্তানৰ বিৰুদ্ধে স্বাধীনতাৰ হকে আন্দোলন গৰি তুলিছিল। 

12.  পাকিস্তানত সুস্থিৰ গণতন্ত্ৰৰ বিপৰ্যয়ৰ কাৰণ কি আলোচনা কৰা।

উত্তৰঃ পাকিস্তানত বর্তমানলৈকে সুস্থিৰ গণতান্ত্রিক চৰকাৰ প্রতিষ্ঠিত কৰিব পৰা হোৱা নাই। ইয়াৰ বহুত কাৰণ আছে-

সেইবোৰ তলত আলোচনা কৰা হ’ল:

(ক) পাকিস্তানত সামৰিক বাহিনী, ধর্মগুৰু, ভূমিপতি, অভিজাত শ্রেণীৰ, পাকিস্তান সমাজৰ ওপৰত থকা প্রতিপত্তিয়ে ঘনে পতি পাকিস্তানত সামৰিক অভ্যুত্থান ঘটাই গণতান্ত্রিক চৰকাৰক ওফৰাই সামৰিক শাসন প্রবর্তন কৰাৰ মূল কাৰণ।

(খ) পাকিস্তানৰ ভাৰতৰ সৈতে চলি থকা সংঘৰ্ষই ইয়াৰ সামৰিক বাহিনীক যথেষ্ট শক্তিশালী কবি তুলিছে। পাকিস্তানত সামৰিক অভ্যুত্থান ঘটোৱা নেতৃবৃন্দৰ মতে পাকিস্তানৰ ৰাজনৈতিক দল আৰু গণতন্ত্রত যথেষ্ট ত্রুটি আছে আৰু ইয়ে পাকিস্তানৰ নিৰাপত্তা বিঘ্নিত কৰিব পাৰে।

(গ) পাকিস্তানত প্রকৃত গণতন্ত্রৰ বিপর্যয়ৰ আন এটা কাৰণ হ’ল পাকিস্তানৰ গণতন্ত্রৰ প্রতি প্রকৃততে আন্তর্জাতিক সমর্থন নাই, তাৰ ফলশ্রুতিত ইয়াৰ শাসন ব্যৱস্থাক সামৰিক বাহিনীয়ে দমন- কৰি ৰাখিবলৈ সুবিধা পাইছে। আমেৰিকা যুক্তৰাষ্ট্রকে আদি কৰি পশ্চিমীয়া ৰাষ্ট্রসমূহে পাকিস্তানত সামৰিক শাসকসকলক উৎসাহিত কৰে। 

13. ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ বাংলাদেশে স্বাধীনতা লাভ কৰা দিনৰ পৰাই ভাৰতৰ সৈতে সু-সম্পর্ক ৰক্ষা কৰি চলি আহিছে। বিগত ১৫ বছৰৰ পৰা ভাৰত আৰু বাংলাদেশৰ অর্থনৈতিক সম্পৰ্কৰ যথেষ্ট উন্নতি হৈছে। এই দুয়োখন বাস্তুই প্রাকৃতিক দুর্যোগ নিয়ন্ত্রণ আক পাৰিপার্শ্বিকতাৰ বিষয়ত নিয়মিতভাবে সহযোগিতা আগবঢ়াই আহিছে। ভাৰত আৰু বাংলাদেশে ইয়াৰ সম্পর্ক অধিক উন্নতি কৰাৰ বাবে, উভয় ৰাষ্ট্রই উভয় ৰাষ্ট্রৰ প্রতি অহা ভাবুকি প্রতিহত কৰাৰ বাবে আৰু প্রয়োজনীয়তাৰ ক্ষেত্ৰত সহযোগ আগবঢ়োৱাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে।

ভাৰত আৰু বাংলাদেশে যদিও বিভিন্ন ক্ষেত্রত সহযোগিতা আৰু সু-সম্পর্ক ৰক্ষা কৰি চলি আছে তাৰ মাজতো এই ৰাষ্ট্র দুখনৰ মাজত কেতবোৰ বিষয়ত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। যেনে:

(ক) গংগা আৰু ব্রহ্মপুত্র জলাবাশিৰ ভাগ-বাটোৱাবাৰ ক্ষেত্ৰত।

(খ) ভাৰতত থকা বাংলাদেশী অবৈধ অনুপ্রবেশকাৰী সকলক বাংলাদেশ চৰকাৰে ওভতাই লোৱাৰ ক্ষেত্ৰত কৰা অস্বীকাৰ।

(গ) বাংলাদেশে ভাৰত-বিৰোধী ইছলামীক মৌলবাদীসকলক দিয়া উচটনি।

(ঘ) ভাৰতীয় সৈন্যবাহিনীক বাংলাদেশৰ মাজেৰে ভাৰতৰ উত্তৰ-পূব অঞ্চললৈ প্ৰৱেশ কৰাত বাধা প্রদান।

(ঙ) বাংলাদেশে প্রাকৃতিক গেছ ভাৰতলৈ ৰপ্তানি নকৰাৰ বাবে লোৱা সিদ্ধান্ত।

(চ) ম্যানমাৰৰ পৰা বাংলাদেশৰ মাজেৰে প্রাকৃতিক গেছ ভাৰতলৈ সৰবৰাহ কৰাৰ ক্ষেত্ৰত বাংলাদেশ চৰকাৰে কৰা বাধা প্রদান।

বাংলাদেশ চৰকাৰৰ মতে ভাৰতে নদীৰ জলৰাশিৰ ভাগ-বাটোৱাৰা, চিট্টংগঞ্জ পাহাৰীয়া অঞ্চলৰ বিদ্ৰোহীসকলক উচটনি দিয়া, প্রাকৃতিক গেছ বাহিৰ কৰা; অবৈধ ব্যৱসায় আদিৰ কার্যৰ জৰিয়তে বাংলাদেশক ভীতিগ্রস্ত কৰিব বিচাৰে। তদুপৰি, বৰ্তমানলৈকে বাংলাদেশ অৰুি ভাৰতৰ সীমা বিবাদ অমীমাংসীতভাবে ৰৈ আছে।

-0000-

Table of Contents

Last Word

We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 5 – “সমসাময়িক দক্ষিণ এছিয়া” Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
Share via
Copy link