Class 12 Political Science Chapter – 3 বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য Question Answers

In this post, we have provided Class 12 Political Science Chapter 3 – “বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য” Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation.

Here we have provided HS Class 12 Chapter – 3 বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য Question Answer very Important for the Upcoming ASSEB/AHSEC Class 12 Political Science in Assamese Medium final Examination so read this post very carefully and be prepared for your exam.

দ্বাদশ শ্ৰেণী

প্ৰথম খণ্ড

বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য


Short Question Answer

১। এক মেৰু বিশ্ব বুলিলে কি বুজা ?

উত্তৰঃ বিশ্বৰ প্ৰায়বোৰ ক্ষমতা আৰু প্ৰতিপত্তি যেতিয়া এটা কেন্দ্ৰত  বা এখন দেশত কেন্দ্ৰীভূত হৈ থাকে তেতিয়া তাক এক কেন্দ্ৰীক পদ্ধতি বা এক মেৰু ব্যৱস্থা বুলি কোৱা হয়। 

২। অপাৰেশ্বন ডেজাৰ্ট ষ্ট্ৰাৰ্ম” বা মৰুভূমি ধুমুহা অভিযান মানে কি? 

উত্তৰঃ আমেৰিকায় নেতৃত্ব বহন কৰি ৩৪ খন ৰাষ্ট্ৰৰ সন্মিলিত গোট এটাই ইৰাকৰ বিৰুদ্ধে চলোৱা সন্মিলিত যুদ্ধ খনকে “অপাৰেশ্বন ডেজাৰ্ট ষ্ট্ৰাৰ্ম” বা মৰুভূমি ধুমুহা অভিযান বুলি ক’ব পাৰি। 

৩। সমসায়িক বিশ্ব ৰাজনীতি প্ৰসঙ্গগত ‘৯/১১” ঘটনা বুলিলে কি বুজা ? 

উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্তেম্বৰত আৰবৰ বিভিন্ন দেশৰ পৰা অহা ১৯ জন অপহৰণকাৰীয়ে চাৰিখন বিমান অপহৰণ কৰি আমেৰিকাৰ নিউয়র্ক চহৰৰ কেইটামান অতি গুৰুত্বপূৰ্ণ ব্যৱসায়িক কেন্দ্ৰত আত্মঘাতী আক্রমণ চলোৱা ঘটনাক ৯/১১ ঘটনা বুলি জনা যায়।

৪। গোলকীয় গাওঁ বুলিলে কি বুজা?

উত্তৰঃ গোলকীয় গাঁও হ’ল বৰ্তমান সমগ্র বিশ্বখন তথ্য-প্রযুক্তি আৰু সংযোগ ব্যৱস্থাৰ অভূত পূর্ব বিকাশৰ ফলত সংকুচিত হৈ পৰিছে যাৰ বাবে এনে অবস্থাটোক বিশ্ব গাঁও বা গোলকীয় গাওঁ বুলি কোৱা হয়।

৫। আধিপত্যই কি সূচায় বা বুজায় ?

উত্তৰঃ আধিপত্য বুলি ক’লে নেতৃত্ব বা প্রাধান্যতাক বুজায়। আধিপত্য মানে সাধাৰণতে আমি মানুহৰ সমষ্টিৰ ওপৰত এজন বা কেইবাটাও মানুহৰ সমষ্টিয়ে চলোৱা শাসনক বা মানুহৰ সমষ্টিটোৱে এজন মানুহ বা মানুহৰ সমষ্টিটোৰ নিৰ্দেশমতে কাৰ্য্য কৰাক জনা যায়।

৬। কোনে, কাৰ বিৰুদ্ধে দীর্ঘস্থায়ী স্বতন্ত্রতা অভিযান (Operation  Enduring Freedom) আৰম্ভ কৰিছিল ?

উত্তৰঃ ২০০১ চনৰ ৭ অক্টোবৰ তাৰিখে আমেৰিকাৰ সেনাবাহিনীয়ে বৃটিছ সেনা বাহিনী আৰু আফগান ইউনাইটেড ফ্রন্টৰ সহযোগত গোটেই বিশ্বত সন্ত্রাসবাদ নিৰ্মূল কৰাৰ উদ্দেশ্যে বিশেষকৈ অলকায়দা আৰু আফগানিস্তানৰ তালিবানসকলৰ বিৰুদ্ধে স্থায়ী স্বাধীনতা অভিযান আৰম্ভ কৰিছিল।

৭। তুমি ভাবানে যে ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্রস্থলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য সীমিত কৰিব পাৰে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দেখুওৱা।

উত্তৰঃ ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাবে শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ ওপৰত কোনো ৰাষ্ট্ৰই নিয়ন্ত্ৰন তথা আদিপত্য বিস্তাৰ কৰিব নোৱাৰে। তথাপিও ম‍ই ভাবো যে ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতাৰ এক বিকল্প কেন্দ্ৰই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য সীমিত কৰিব পাৰে। কাৰণ অৰ্থনৈতিক আৰু সামৰিকভাৱে শক্তিশালী ৰাষ্ট্ৰই আমেৰিকাৰ আধিপত্যক সহজে প্রত্যাহ্বান জনাবলৈ সক্ষম হ’ব পাৰে বুলি বহুতে মত প্ৰকাশ কৰিছে।

৮। মাৰ্কিন আধিপত্যৰ প্ৰতিবন্ধকতা উল্লেখ কৰা।

উত্তৰঃ আমেৰিকাই যুক্তৰাষ্ট্ৰই বিশ্ব যদি আধিপত্য বিস্তাৰ কৰিছে তথাপিও এই আধিপত্য বিস্তাৰৰ আঁৰত বাধা নকৰা নহয়। এই বাধা বা প্ৰতিবন্ধকতা সমূহে তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি – 

(ক) প্ৰথমতে , আমেৰিকা পৰিধনে কৰ্যপালিকা , আইন বিভাগ আৰু বিচাৰ বিভাগক স্বতন্ত্ৰ কৰি দিয়াৰ ফলত হৈছে এটা বিভাগে আন এটা বিভাগৰ আঁৰত ক্ষমতা আৰোপ কৰিব পাৰে। এই ক্ষেত্ৰত আইনৰ গাঁথনি আমেৰিকাৰ বাবে প্ৰতিবন্ধক হব পাৰে। 

(খ) দ্বিতীয়তে , আমেৰিকাৰ গণমাধ্যমে সময়ে সময়ে দেশৰ আভ্যন্তৰীণ নীতিৰ উপৰত জনমত গঠন কৰি চৰকাৰৰ কাৰ্যপ্ৰণলীত সহায় কৰে। এইখন যুক্ত সমাজ ব্যৱস্থাৰে আমেৰিকাৰ সমাজ ব্যৱস্থা গঠিত হোৱাৰ বাবে ই অন্যতম এক প্ৰতিবন্ধক হব পাৰে। 

(গ) তৃতীয়তে , আমেৰিকাৰ আধিপত্যক প্ৰতিহত কৰিব পৰা আন এক প্ৰতিবন্ধকতা হৈছে . NATO কিয়নো NATO সদস্য ৰাষ্ট্ৰ সমূহে প্ৰয়োজনতহে আমেৰিকাৰ হৈতে বন্ধুত্ব ৰখাৰ ভাবকী প্ৰদান কৰি আমেৰিকাক  নিয়ন্ত্ৰন কৰিব পাৰে। 

৯। গুৱানটানাম উপসাগৰ নৌঘাটি কি ? ইয়াৰ তাৎপৰ্য কি ? 

উত্তৰঃ গুৱানটানাম নৌঘটি কিউবাত অৱস্থিত। ” ৯/১১”- ৰ ঘটনাৰ লগত জড়িত সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিকে এই নৌঘাটিত বিভিন্ন দেশৰ মানুহক আটক আৰু দেশান্তৰিত কৰি জেলত আবদ্ধ কৰি ৰাখিছিল। 

এই বন্ধী সকলৰ জীৱন অতি দুদৰ্শগ্ৰস্থ আছিল ইয়াৰ তাৎপৰ্য হল: গুৱানটানামৰ নৌঘাটিৰ বন্দি সকলে আন্তৰ্জাতিক আইন আৰু আমেৰিকাৰ আইন ব্যৱস্থাৰ পৰাও কোনো ধৰণৰ ৰক্ষনা বেক্ষনা পোৱা নাছিল। তদুপৰি এই অঞ্চলৰ বন্দি সকলক সাক্ষাৎ কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি সকলোকেও অনুপতি প্ৰধান কৰা হোৱা নাছিল। 

১০। কি প্ৰক্ৰিয়াৰে মাৰ্কিন আধিপত্য প্ৰতিষ্ঠিত হৈছিল নিৰ্ণয় কৰা। 

উত্তৰঃ শীতল যুদ্ধৰ সময়চোয়াত আমেৰিকাই ছোভিয়েট ৰাছিয়াৰ নিচিনা সৰ্বশক্তিমান দেশ খনৰ বিৰুদ্ধে প্ৰতিদন্ধিতা কৰিব লগীয়া হৈছিল। কিন্তু শীতল যুদ্ধৰ পিছত আমেৰিকায় আন্তৰাষ্ট্ৰীয় ৰাজনীতিত এক সৰ্বশক্তিমান দেশ হিচাপে পৰিগণিত হৈছিল। সেই সময়ত আমেৰিকাৰ এনেকোৱা কোনো দেশ নাছিল। যি দেশে আমেৰিকাৰ চুৰান্ত  শক্তিৰ ওচৰত থিয় দিব পৰা আছিল। 

দ্বিতীয়তে , শীতল যুদ্ধৰ পৰিসমাপ্তিৰ পিছত বিশ্ব ব্যাংকৰ নিচিনা আন্তৰাষ্ট্ৰীয় সংগঠনৰ লগত আমেৰিকায় প্ৰভুত্ব বিস্তাৰ কৰিছিল। তাৰোপৰি ই বিশ্ব মুদ্ৰা নিধি আৰু বিশ্ব ৰাষ্ট্ৰসংঘৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল।  

তৃতীয়তে , শীতল যুদ্ধৰ পৰিসমাপ্তিৰ মাজত আমেৰিকায় সামৰিক শক্তি বৃদ্ধি মনোনিবেশ কৰিছিল। এই প্ৰক্ৰিয়াৰ মাজেৰে আমেৰিকায় ইৰাক, ইৰাণ আৰু আগানিস্থানৰ বিপক্ষে থিও দিব পৰা পৰিছিল। 

১১। বিশ্ব গাওঁত ৰাষ্ট্ৰৰ ভূমিকা কি লিখা।

উত্তৰঃ পৃথিৱীখন এতিয়া এখন বিশ্ব গাঁওত পৰিণতি হৈছে। সকলো বোৰ ৰাষ্ট্ৰই গাওঁবুঢ়াৰ প্ৰতিৱেশী যদি গাঁওবুঢ়াৰ ব্যৱহাৰ ৰাষ্ট্ৰ সমূহৰ বাবে অসহনীয় হয় তথাপিও ৰাষ্ট্ৰবোৰে বিশ্ব গাঁও এৰি যাব নোৱাৰে কাৰণ কোনো বিকল্প পৃথিৱী বা গাঁও নাই। এনে ক্ষেত্ৰত ৰাষ্ট্ৰ সমূহে একমাত্ৰ প্ৰতিবন্ধিকতাৰ মাজেৰে বিশ্ব গাঁওত শান্তি পূৰ্ণতাৰে সহ্বস্তান কৰিব পাৰে।

১২। প্ৰথম উপসাগৰীয় যুদ্ধৰ কাৰণবোৰ কি কি আছিল? 

উত্তৰঃ প্ৰথম উপসাগৰীয় যুদ্ধক পাৰস্য যুদ্ধ বুলিও কোৱা হয়। ৰাষ্ট্ৰ সংঘৰ অধীনত বিশ্বৰ ৩৪খন ৰাষ্ট্ৰৰ এটা সন্মিলিত গোটে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ইৰাকৰ বিৰুদ্ধে এই যুদ্ধত অৱতীৰ্ণ হৈছিল। এই আক্ৰমণক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৰিহণা দিয়া হয়। ১৯৯০ চনৰ ২৯ নবেম্বৰত ৰাষ্ট্ৰ সংঘ নিৰাপত্তা পৰিষদে ১৯৯১ চনৰ ১৫ জানুৱাৰীৰ আগতে ইৰাকী সৈন্য কুয়েইটৰ পৰা অৱতায় নিবলৈ নিৰ্দেশ দিয়ে। এই সময় সীমাৰ ভিতৰতে ইৰাকক সেনা বাহিনী উভতাই নিবলৈ বাধ্য কৰোৱাৰ উদ্দেশ্যে ইৰাকৰ বিৰূদ্ধে অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰা হব বুলি ঘোষণা কৰিছিল। অৱশেষত ২০০৩ চনৰ মাৰ্চ মাহত ইৰাকী যুক্তি সংগ্ৰাম নামেৰে সামৰিক অভিযান আৰম্ভ কৰা হৈছিল।

Long Question Answer

1/ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে লিখা। (HS 2016, 2018, 2020)

উত্তৰঃ  ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক  শীতল যুদ্ধৰ কালৰ লৈকে ভাল নাছিল। শীতল যুদ্ধৰ সময়ত  ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতৃত্ব দি দুই শক্তি মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰ পৰা দূৰত্ব বজাই ৰাখিছিল। ছোভিয়েট সংঘৰ পতনৰ পিছত ভাৰতে মুক্ত আৰু বিশ্ব অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিব খুজিছিল। ভাৰতৰ এই নীতি আৰু অৰ্থনৈতিক উন্নয়নত আমেৰিকাৰ লগতে বিশ্বৰ বহু দেশ অংশীদাৰ হ’বলৈ আগুৱাই আহিল আৰু এনেদৰে ভাৰত আৰু আমেৰিকাৰ মাজত এক সম্পৰ্কৰ সূত্ৰপাত হয়। বৰ্তমান কালত  দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক স্থাপনত কাৰিকৰী সেৱা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ সকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। তলত উভয়ৰে মাজৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ ল –

(i) ভাৰতৰ ব্যৱসায়িক খণ্ডত আমেৰিকাই সহযোগিতা আগবঢ়াই  Software খণ্ডত ৰপ্তানি কৰা শতকৰা 65 ভাগ আমেৰিকাই লয়।

(ii) আমেৰিকাৰ চিলিকন উপত্যকাত কাম কৰাত 3,00,000 ভাৰতীয়ক আমেৰিকাই সুবিধা প্রদান কৰিছে।

(iii) বর্তমান ভাৰত আৰু আমেৰিকাৰ মাজত প্রযুক্তিকৰণৰ ক্ষেত্ৰত আমেৰিকাই ভাৰতবৰ্ষক সহযোগিতা আগবঢ়াইছে।  শতকৰা 15 ভাগ উচ্চ প্রযুক্তি ভাৰত আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয়।

(iv) বর্তমান সময়ছোৱাত ভাৰত আৰু আমেৰিকাৰ মাজত সম্পর্ক ইমানেই ভাল যে আমেৰিকাই একমাত্ৰ ভাৰতক নতুন নতুন অস্ত্র, হেলিকপ্টাৰ, যুদ্ধ-বিমান আদি অর্পণ কৰি আহিছে।

(v) ব’য়িঙৰ কাম কৰা কাৰিকৰী কৰ্মচাৰীৰ শতকৰা 35 ভাগ ভাৰতৰ মূলৰ।

2. 9/11 বুলিলে কি বুজা? চমুকৈ লিখা। (HS 2012, 2019, 2020)

উত্তৰ: 2001 চনৰ 11 ছেপ্টেম্বৰত আমেৰিকাৰ চাৰিখন বিমান আৰৱ ৰাষ্ট্ৰৰ কেইজনমান বিমান অপহৰণকাৰীয়ে অপহৰণ কৰি আমেৰিকাৰ বিভিন্ন স্থানত আক্রমণ চলায়। ইয়াৰে দুখন বিমানে নিউয়র্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্রত, তৃতীয়খন বিমানে প্ৰতিৰক্ষা বিভাগৰ পেন্টাগন ভৱনত খুন্দা মাৰিছিল। আকৌ, চতুর্থখন বিমান সংসদ ভৱনত খুন্দা মাৰিবলৈ যোৱাৰ পথত ভূপতিত হয়। গতিকে, এই ঘটনাটো, 2001 চনৰ ছেপ্টেম্বৰ মাহৰ 11 তাৰিখে সংঘটিত হোৱা বাবে ইয়াক 9/11 বুলি জনা যায়।

3. কঠোৰ ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্যৰ বিষয়ে চমুকৈ লিখা। (HS 2017)

উত্তৰ:   কঠোৰ বা নির্মম ক্ষমতাৰ আধিপত্যই সামৰিক ক্ষমতাৰ প্ৰভুত্বক সূচায়।বৰ্তমান বিশ্ব ৰাজনীতিত আমেৰিকাৰ অদম্য সামৰিক শক্তি আৰু প্ৰতিপত্তিৰ জৰিয়তে বিশ্বত  এক ধৰণৰ আধিপত্য গঢ়ি তুলিছে। এনে সামৰিক আধিপত্যৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত নিজৰ সিদ্ধান্ত আৰু মতামত আনৰ ওপৰত জাপি দিবলৈ বিচাৰে।  বতৰ্মান আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ আধিপত্য চলাই নিবলৈ সক্ষম হৈছে তেঁও লোকৰ  অতি উচ্চমানৰ সামৰিক সামৰ্থ্য বাবে ।আমেৰিকাৰ  সামৰিক আধিপত্য দুই ধৰণৰ- চূড়ান্ত আৰু আপেক্ষিক। চূড়ান্ত আধিপত্য বুলিলে ইয়াকে বুজাই যে আমেৰিকা যুক্তৰাষ্ট্ৰ নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে যিকোনো সমাজতে আৰু প্ৰয়োজনসাপেক্ষে পৃথিৱীৰ যিকোনো কোণতে অতি পাৰদৰ্শিতাৰে অভিযান চলাব পাৰে, ধ্বংসলীলা চলাব পাৰে। তাৰোপৰি এনে এক ক্ষমতাৰ আধিপত্যৰ বলেৰে আমেৰিকা যুক্তৰাষ্ট্ৰই শত্ৰু শিবিৰক সন্ত্ৰস্ত কৰি ৰাখে আৰু নিজৰ সামৰিক বাহিনীক পৰ্যাপ্ত পৰিমাণে সুৰক্ষিত কৰি ৰাখে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক শক্তি ইমান ভয়াবহ আৰু সামৰ্থ্যবান যে বিশ্বৰ কোনো শক্তিয়ে কোনো ৰাষ্ট্ৰই ইয়াৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে আৰু ইয়াৰ আধিপত্যক প্ৰতিহত কৰিব নোৱাৰে।   আমেৰিকাই এক বৃহৎ পৰিমাণৰ ধন কেৱল সামৰিক ক্ষেত্ৰৰ উন্নয়ন, প্ৰতিৰক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰতে ব্যয় কৰে। এইদৰে নিজৰ অপৰিসীম সামৰিক শক্তিৰ জৰিয়তে আমেৰিকাই বিশ্বত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে আৰু শীতল যুদ্ধৰ অন্তৰ পিছৰ পৰা বিশ্বত একক শক্তিশালী ৰাষ্ট্ৰ হিচাপে বৰ্তি আছে। সেয়ে বিশ্বৰ অধিক সংখ্যক ৰাষ্ট্ৰই নিজৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ লগত দূৰত্ব আৰু শত্ৰুতা ৰখাতকৈ বন্ধুত্ব পূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে।

4. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রাধান্য বা আধিপত্যৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাসমূহৰ বিষয়ে আলোচনা কৰা। (HS 2016, 2020, 2022)

উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রাধান্য বা আধিপত্যৰ ক্ষেত্ৰত প্রতিবন্ধকতাসমূহ তলত আলোচনা কৰা হ’ল –

  1. সাংবিধানিক গাঁথনি: আমেৰিকা যুক্তৰাষ্ট্রব সংবিধানত চৰকাৰৰ তিনিটা অংগ যেনে-বিধানমণ্ডল, কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা স্পষ্টভাবে বিভাজন কৰি দিয়া আছে। সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰত কার্যপালিকাই আমেৰিকাৰ সামৰিক বাহিনীয়ে যি বাধাহীন আৰু মাত্রাধিক ক্ষমতা প্রয়োগ কৰি আছে তাক বাধা দিয়াৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে।
  2. জনমত তথা সংবাদ মাধ্যম: আমেৰিকা যুক্তৰাষ্ট্রৰ ক্ষমতাৰ ওপৰত হেঁচা প্রয়োগ হ’ব পাৰে দেশখনৰ ভিতৰচ ‘ ৰাৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্রৰ সংবাদ মাধামবোৰে সময়ে সময়ে চৰকাৰে যিবোৰ সন্দেহজনক ৰাজনৈতিক সিদ্ধান্ত গ্রহণ কৰে, সেই বাতৰিবোৰ প্রকাশ কৰি দেশৰ ভিতৰত জনমত গঠন কৰি চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰে আৰু সময়ত ইয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ অপ-শক্তি প্রয়োগ আৰু সামৰিক কার্যকলাপক নিয়ন্ত্রিত কৰিব।
  3. উত্তৰ আটলান্টিক চুক্তি সংগঠন (NATO): আমেৰিকা যুক্তৰাষ্ট্রৰ ক্ষমতাৰ ওপৰত প্রয়োগ কৰা তৃতীয়টো হেঁচা বা চাপ অতি গুৰুত্বপূর্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতা নিয়ন্ত্ৰন কৰিব পৰা এক মাত্ৰ আন্তঃজাৰ্তিক সংগঠন টো হল উত্তৰ আটলান্টিক চুক্তি সংগঠন’। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনৈতিক ব্যৱস্থাটোক সজীৱ কৰি ৰখাৰ বাবে ‘নাটো’ ৰ সদস্যভুক্ত ৰাষ্ট্রসমূহৰ সৈতে আমেৰিকাৰ জোঁট বান্ধি থকাটো নিতান্ত প্রয়োজন। সেয়েহে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাক নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰত নাটোৰ সদস্যভুক্ত ৰাষ্ট্রসমূহে বিশেষ ভূমিকা ল’ব পাৰে।

5. গঠনমূলক ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য আলোচনা কৰা।

উত্তৰ: গঠনমূলক আধিপত্যই অৰ্থনীতিৰ ওপৰত আৰু দৈনন্দিন ব্যৱহাৰ যোগ্য সামগ্ৰীৰ ওপৰত কৰা প্রভাৱ বিস্তাৰকে বুজায়। আমেৰিকা যুক্তৰাষ্ট্ৰ হ’ল বিশ্বৰ এক অন্যতম অর্থনৈতিক শক্তিশালীদেশ। বর্তমান বিশ্ব অর্থনীতিৰ প্ৰতিটো খণ্ড আৰু প্রযুক্তিবিদ্যাত আমেৰিকাৰ প্ৰভাৱ বিদ্যমান। এনেকুৱা এটা ব্যৱসায়িক প্রতিষ্ঠান নাই, য’ত আমেৰিকাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্থান প্রথম তিনিটাৰ ভিতৰত নাই। গতিকে, বৰ্তমানৰ বিশ্বত দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্রীকে আদি কৰি বিশ্ব অর্থনীতি সম্পূৰ্ণৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিয়ন্ত্রণাধীন।

6. আধিপত্য বুলিলে কি বুজা? আধিপত্যৰ প্ৰকৃতি বা স্বৰূপ কেইটা কি?

উত্তৰ: আধিপত্য হ’ল- এক বিশেষ প্রভাব, য’ত এখন দেশে সামৰিক, ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত প্রাধান্য বিস্তাৰ কৰে। অর্থাৎ আধিপত্যই বিশ্ব ৰাজনীতিত এখন দেশৰ প্ৰভাৱ বুজায়। যেনে- আমেৰিকা যুক্তৰাষ্ট্ৰ। আধিপত্যৰ প্ৰকৃতি বা স্বৰূপ তিনি ধৰণৰ। এই কেইটা হ’ল-

(i) কঠোৰ ক্ষমতা বা নিৰ্মম ক্ষমতাৰ দ্বাৰা আধিপত্য।

(ii) গঠনাত্মক বা গঠনমূলক ক্ষমতাৰ দ্বাৰা আধিপত্য।

(iii) নমনীয় বা মতাদর্শগত উপায়েৰে আধিপত্য বিস্তাৰ কৰা আদি।

7.  প্ৰথম উপসাগৰীয় যুদ্ধৰ কাৰণবোৰ কি কি আছিল?

Or

মৰুভূমি ধুমুহা অভিযান বুলিলে কি বুজা। (HS 2020)

উত্তৰ: 1990 চনৰ আগষ্টত ইৰাকে কুৱেইট আক্রমণ কৰি ইয়াৰ লগত চামিল কৰি লৈছিল। এই ক্ষেত্রত কেইবালানীও কূটনৈতিক আলোচনা হৈছিল, যাতে ইৰাকে কুবেইটক মুক্ত কৰি দিয়ে, কিন্তু সকলো চেষ্টা ব্যর্থ হৈছিল। সেয়েহে, ৰাষ্ট্রসংঘৰ ওচৰত এটা প্রত্যাহ্বান আহি পৰিছিল যে শক্তি প্রয়োগ কৰি হ’লেও কুৱেইটক মুক্ত কৰা।

কুৱেইটক ইৰাকৰ কবলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে 34 খন ৰাষ্ট্রৰ 6,60,000 জন সৈন্যৰে গঠিত মিত্র গোষ্ঠীৰ সেনাই ইৰাকৰ বিৰুদ্ধে যুদ্ধ কৰি ইৰাকক পৰাস্ত কৰিছিল। এই যুদ্ধখনক ‘প্রথম উপসাগৰীয় যুদ্ধ’ বুলি জনা যায় আৰু ৰাষ্ট্রসংঘৰ এই সামৰিক অভিযানক ‘মৰুভূমি ধুমুহা অভিযান’  বোলা হৈছিল।

8. আমেৰিকা যুক্তৰাষ্ট্ৰই কিয় ইৰাক আক্ৰমণ কৰিছিল?

উত্তৰ: 2003 চনৰ 19 মাৰ্চত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ‘ইৰাকী স্বাধীনতা অভিযান’ নামৰ এক অভিযানেৰে ইৰাক আক্রমণ আৰম্ভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইৰাক আক্রমণত যদিও ৰাষ্ট্ৰসংঘই অনুমোদন দিয়া নাছিল, তথাপি এই আক্রমণত আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে 40 খন ৰাষ্ট্ৰই স্ব-ইচ্ছাই সংযুক্ত হৈ সহযোগ কৰিছিল। এই আক্রমণৰ মূল লক্ষ্য আছিল ইৰাকক অধিক ধ্বংসাত্মক অস্ত্র বৃদ্ধি কৰাত বাধা আৰোপ কৰা। কিন্তু ইৰাকত অধিক ধ্বংসাত্মক অস্ত্র থকাৰ যদিও কোনোধৰণৰ প্রমাণ পোৱা নাছিল তথাপি কিন্তু ইৰাকৰ ওপৰত আক্রমণ অব্যাহত ৰাখিছিল , অর্থাৎ ইয়াৰ মাজত আন এক অভিসন্ধি লুকাই আছিল। এই আক্রমণৰ আন এটা কাৰণ হ’ল ইৰাকৰ তৈলক্ষেত্ৰবোৰত আধিপত্য বিস্তাৰ কৰা আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ বন্ধুভাৱাপন্ন শাসকক শাসনত অধিষ্ঠিত কৰা।

9. বিভিন্ন প্ৰকাৰৰ আদিপত্য কি কি ? প্ৰতকৰে উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ শীতল যুদ্ধৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকাই আছিল একমাত্ৰ অপ্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰ। ইয়াৰ কাৰণ হিচাপেই একক শক্তিগোষ্ঠি ৰাষ্ট্ৰ হিচাপে আমেৰিকাই সকলো দিশতে আদিপত্য বিস্তাৰ কৰিছিল।

উদাৰণৰ সৈতে আদিপত্যৰ প্ৰকাৰবোৰ তলত ব্যাখ্যা কৰা হল – 

(ক) কঠিন শক্তি হিচাপে আদিপত্য: বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক আদিপাত্যৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত সামৰিক আদিপত্যই পৃথিৱীৰ যিকোনো ঠাইত শত্ৰু পক্ষ্ক আঘাত কৰিব পৰা ক্ষমতা আমেৰিকাৰ হাতত আছিল। উদাৰণস্বৰূপে আমেৰিকাৰ দ্বাৰা ইৰাক আক্ৰমণে এই কথা প্ৰমাণ কৰিছিল যে বিশ্বৰ যিকোনো ৰাষ্ট্ৰক যিকোনো মূহুৰ্তত আমেৰিকাই যে সহজে পৰাস্ত কৰিব পাৰে সেই কথা বিশ্বৰ দৰবাৰত প্ৰমাণিত হৈছিল। 

(খ) নৰম শক্তি হিচাপে আদিপত্য: গোটেই বিশ্বত নৰম শক্তি হিচাপে আদিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা দেখা গৈছে। ইয়াৰ অৰ্থ এই যে আমেৰিকাৰ আদৰ্শ, সংস্কৃতিয়ে আইনৰ দেশত সমাদৰ লাভ কৰিছে এই কথাটো ইয়াকেই প্ৰমাণ কৰিছে। উদাৰণস্বৰূপে শীতল যুদ্ধৰ সময়চোৱাত আমেৰিকাৰ প্ৰতিদ্বন্দ্বী দেশ ছোভিয়েট ৰাছিয়াত এজৰ ক্ৰয় কৰিবলৈ ছোভিয়েট ৰাছিয়াৰ যুৱক যুৱতীয়ে নিজৰ গোটেই বছৰৰ দৰমহা খৰচ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। এই কথা ষাৰৰ পৰা এইটোৱেই প্ৰমাণিত হৈছে যে আমেৰিকা কেৱল সামৰিক ক্ষেত্ৰতেই আদিপত্য বিস্তাৰ কৰা নাছিল, সংস্কৃতি অথবা নৰম শক্তিৰ ক্ষেত্ৰতো বিশ্ব ব্যাপী আদিপত্য বিস্তাৰ কৰিছিল।

(গ) গাথনিগত শক্তি হিচাপে আদিপত্য: আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব ৰাজনীতিক জন্ম দিবলৈ আৰু বাহাল ৰাখিবলৈ আদিপত্য শক্তিৰ গুৰুত্বতাৰ কথা প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত আদিপত্য শক্তিটোৰ সামৰ্থ্য আৰু শৃংখল বদ্ধতাৰ বাবে বিধি তৈয়াৰ কৰাৰ ইচ্ছা থাকিব লাগিব আৰু সেইটো বিশ্ব গাঁথনিৰ গ্ৰহন যোগ্য হব লগিব। এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰয়ে মুক্ত অৰ্থনৈতিক পোষকতা কৰিছিল।

10. আদিপত্যক অতিক্ৰম কৰা কেইটামান উপায় উল্লেখ কৰা। 

উত্তৰঃ আদিপত্যক অতিক্ৰম কৰা কেইটামান উপায় তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি-

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক শক্তিৰ সৈতে অকলে মোকাবিলা কৰাৰ বাবে বিশ্বত কোনো এখন দেশে বর্তমানলৈকে ক্ষমতা অর্জন কৰা নাই। অৱশ্যে চীন, ভাৰত, ৰাছিয়া আদি ৰাষ্ট্ৰসমূহৰ সামৰিক শক্তিৰ জোঁট বন্ধনৰ দ্বাৰা আমেৰিকাৰ আধিপত্যসূচক প্রভাৱৰ পৰা মুক্ত পাব পাৰোঁ।

(খ) আধিপত্যসূচক প্রভাব বিস্তাৰ কৰাৰ সুযোগ গ্রহণ কৰিবলৈ হ’লে আন ৰাষ্ট্ৰৰ আধিপত্যসূচক প্রভাৱক বিৰোধ কৰাতকৈ নিজৰ দেশৰ উৎপাদন বৃদ্ধি কৰি বাণিজ্য সম্প্ৰসাৰণ, প্রযুক্তিবিদ্যাৰ উন্নতি আৰু আন ৰাষ্ট্ৰত অর্থ বিনিয়োগ কৰিব লাগে। ইয়াক ‘বেণ্ড বেগন’ কৌশল বোলা হয়।

(গ) আধিপত্যসূচক প্রভাব আহ্বান কৰাৰ আন এটা কৌশল হ’ল ‘আত্মগোপন’। ইয়াৰ অৰ্থ হ’ল যিমান দূৰ সম্ভব প্রভুত্বশীল শক্তিসমূহৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। চীন, ৰাছিয়া আৰু ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্রসমূহে বিভিন্ন কৌশল অবলম্বন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা নিজকে লুকুৱাই ৰাখিব লাগে।

(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যমূলক প্ৰভাৱৰ প্রতিহত কৰিবলৈ হ’লে অনা-চৰকাৰী অনুষ্ঠান, সামাজিক আন্দোলন আৰু জনমতৰ জৰিয়তে আমেৰিকাৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্রত প্রত্যাহ্বান জনাব লাগিব। তদুপৰি প্ৰচাৰ মাধ্যম তথা বুদ্ধিজীৱী, শিল্পী আৰু লিখকসকলেও ইয়াৰ বিৰুদ্ধে ধ্বনি দিব লাগিব।

11. “৯/১১” – ৰ ঘটনাৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ ২০০১ চনৰ ১১ চেপ্টেম্বৰ তাৰিখে আবৰ ৰাষ্ট্ৰসমূহৰ কেইজনমান বিমান অপহৰণকাৰীয়ে আমেৰিকাৰ বাণিজ্যিক বিমান চাৰিখন অপহৰণ কৰি আমেৰিকাৰ কেইটামান গুৰুত্বপূর্ণ অট্টালিকাৰ ফালে উৰাই লৈ গৈছিল। ইয়াৰে দুখন বিমানে নিউয়র্কত অবস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰৰ উত্তৰ আৰু দক্ষিণ স্তম্ভ দুটাত প্রচণ্ড জোৰেৰে খুন্দা মাৰিছিল। ইয়াৰ ফলশ্রুতিত বিশ্ব বাণিজ্য কেন্দ্রটো ভাঙি চূৰমাৰ হৈ গৈছিল। ইয়াৰে তৃতীয়খন বিমান আৰলিংটনত অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ সদৰ কার্যালয় পেন্টাগন ভৱনত খুন্দা মাৰিছিল। চতুৰ্থখন বিমান ধাৰণা কৰা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্রৰ কংগ্রেছ (সংসদ) ৰ কেপিটেল ভৱনৰ পিনে উৰাই লৈ গৈছিল, কিন্তু বিশেষ কিবা বিস্তৃতিব বাবে পেচিলভেনিয়া (Pennsylvania) ৰ এখন পথাৰত ভূপতিত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা এনেধৰণৰ ভয়াৱহ বিমান আক্রমণটোক “৯/১১” বুলি জনা যায়।

২০০১ চনৰ ১১ ছেপ্টেম্বৰত হোৱা বিমান আক্রমণে আমেৰিকা যুক্তৰাষ্ট্রক হিংস্র তথা নিষ্ঠুৰ কৰি তুলিছিল। ইতিমধ্যে ক্লিন্টনৰ সলনি পূর্বব এইচ ডব্লিউ বুশ্বৰ পুত্র বিপাব্লিকান দলৰ প্রার্থী জর্জ ডব্লিউ বুশ্ব আমেৰিকাৰ ৰাষ্ট্রপতি হৈছিল। জর্জ বুশ্ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রতি অধিক চিন্তান্বিত আছিল। তেওঁ বিশ্বব্যাপী সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ‘স্থায়ী স্বাধীনতা অভিযান’ (Operation Enduring Freedom) নামৰ এক অভিযান চলাইছিল। এই অভিযান ১১ চেপ্টেম্বৰত আক্ৰমণৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা লোকসকলৰ ওপৰত আৰম্ভ কৰিছিল। এই অভিযান বিশেষভাবে চলাইছিল অল-কাইডা আৰু আফগানিস্তানৰ তালিবানসকলৰ ওপৰত। 

12. ইৰাক আক্রমণৰ ওপৰত এটি টোকা লিখা। 

নাইবা 

ইৰাকৰ ওপৰত আক্রমণৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ২০০৩ চনৰ ১৯ মার্চত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ‘ইৰাকী স্বাধীনতা অভিযান’ (Operation Iraqi Freedom) নামৰ এক অভিযানেৰে ইৰাক আক্রমণ আৰম্ভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইৰাক আক্রমণত যদিও ৰাষ্ট্রসংঘই অনুমোদন দিয়া নাছিল, তথাপি এই আক্রমণত আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে ৪০ খন ৰাষ্ট্ৰই স্ব-ইচ্ছাই সংযুক্ত হৈ সহযোগ কৰিছিল। এই আক্ৰমণৰ মূল লক্ষ্য আছিল ইৰাকক অধিক ধ্বংসাত্মক অস্ত্র বৃদ্ধি কৰাত বাধা আৰোপ কৰা। কিন্তু ইৰাকত অধিক ধ্বংসাত্মক অস্ত্র থকাৰ যদিও কোনোধৰণৰ প্ৰমাণ পোৱা নাছিল তথাপি কিন্তু ইৰাকৰ ওপৰত আক্রমণ অব্যাহত ৰাখিছিল, অর্থাৎ ইয়াৰ মাজত আন এক অভিসন্ধি লুকাই আছিল। এই আক্ৰমণৰ আন এটা কাৰণ হ’ল ইৰাকৰ তৈলক্ষেত্ৰবোৰত আধিপত্য বিস্তাৰ কৰা আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ বন্ধুভাবাপন্ন শাসকক শাসনত অধিষ্ঠিত কৰা।

আমেৰিকা যুক্তৰাষ্ট্রৰ আক্ৰমণত যদিও বাষ্ট্রপতি ছাদ্দাম হুছেইনৰ বাজত্ব সোনকালে অন্ত পৰিছিল তথাপি, ইৰাকত শান্তি স্থাপন হোৱা নাছিল। ইয়াৰ পৰিবর্তে আমেৰিকা যুক্তৰাষ্ট্রৰ ইৰাক আক্রমণক লৈ ইৰাকত পূর্ণোদ্যমে বিদ্ৰোহৰ সূত্রপাত হৈছিল। এই যুদ্ধখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রায় ৩,০০০ সৈন্যৰ মৃত্যু হৈছিল আৰু ইৰাকৰ সৈন্যৰ মৃত্যুৰ সংখ্যা ইয়াতকৈ অধিক আছিল। আমেৰিকাৰ এই আক্রমণত প্রায় ৫০,০০০ ইৰাকৰ সাধাৰণ লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল।

13. শেহতীয়া বছৰবোৰত ভাৰত-মার্কিন সর্ম্পকক বিকশাই তোলা নতুন কাৰকসমূহ উল্লেল্লখ কৰা।

উত্তৰঃ বিশ্বত শীতল যুদ্ধ অব্যাহত থকা সময়ছোৱাত ভাৰতবৰ্ষই আমেৰিকা যুক্তৰাষ্ট্রৰ বিপৰীত মেৰু অর্থাৎ ছোভিয়েট ইউনিয়নৰ সৈতে বন্ধুত্বমূলক সম্পর্ক গঢ়ি তুলিছিল। কিন্তু ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত ভাবতবর্ষ আন্তর্জাতিক প্রেক্ষাপটত বন্ধুহীন হৈ পৰিছিল। এনে সময়তে গোলকীয় অর্থনীতিৰ সৈতে খাপ-খোৱাকৈ ভাৰতবৰ্ষই ইয়াৰ অর্থনীতিক উদাৰীকৰণ। (Liberalize) কৰিছিল। ভাবতবর্ষই এই নীতিৰ ফলত অর্থনীতিৰ ক্ষেত্ৰত যথেষ্ট প্রগতি লাভ কৰিবলৈ সক্ষম হয় আৰু আমেৰিকা যুক্তৰাষ্ট্রকে আদি কৰি বিশ্বৰ বহু বাষ্ট্রই ভাৰতবৰ্ষৰ লগত অর্থনৈতিক ক্ষেত্রত বন্ধুত্ব গঢ়াৰ পোষকতা কৰিছিল।

ভাৰত আৰু আমেৰিকাৰ সম্পর্কক বিকশাই তোলা নতুন কাৰকসমূহ হৈছে-

(ক) ভাৰতবর্ষই ছফট্‌ওৱেৰ (Software) খণ্ডত ৰপ্তানি কৰা শতকৰা ৬৫ ভাগ আমেৰিকা যুক্তবাষ্ট্রই লয়।

(খ) বোয়িং (Boeing) ৰ শতকৰা ৩৫ ভাগ কাৰিকৰী কর্মচাৰী হ’ল ভাৰতীয় মূলৰ।

(গ ) চিলিকন উপত্যকাত ৩০০,০০০ ভাৰতীয়ই কাম কৰে।

(ঘ) শতকৰা ১৫ ভাগ উচ্চ-প্রযুক্তি ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয়।

-0000-

Last Word

We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 3 – “বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য” Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
Share via
Copy link