Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ Question Answers

In this post, we have provided Class 12 Political Science Chapter 1 – “শীতল যুদ্ধৰ যুগ” (The Cold War Era) Question Answers. This content is very beneficial for your upcoming exams. For Assamese medium students, you can use the study material and question answers provided here as a valuable reference during your exam preparation. These answers will help you better understand the key concepts and events of the Cold War period, making your preparation more effective.

Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ Important Questions Answers

PART A: সমসাময়িক বিশ্ব ৰাজনীতি

শীতল যুদ্ধৰ যুগ

দ্বাদশ শ্ৰেণী

প্ৰথম খণ্ড

Very Short Question Answer 

১। শীতল যুদ্ধ মানে কি ? 

উত্তৰঃ আমেৰিকা আৰু ছোভিয়েট – ৰাছিয়াৰ মাজত আভ্যন্তৰীণ ভাৱে চলি থকা সংকা বা আতংক বা বিবাদক শীতল যুদ্ধ বোলে।  

২। শীতল যুদ্ধৰ মূল কাৰণ কি ? নাইবা শীতল যুদ্ধ কিয় গঢ়ি উঠিছিল ? 

উত্তৰঃ শীতল যুদ্ধ গঢ়ি উঠাৰ মূল কাৰণ আছিল আদৰ্শবাদ। অৰ্থাৎ আমেৰিকা পুঁজিবাদী আদৰ্শ গ্ৰহণ কৰাৰ বিপৰীতে ছোভিয়েট ৰাছিয়াই সমাজবাদী আদৰ্শ গ্ৰহণ কৰিছিল। এনে ভিন্নমুখী আদৰ্শৰ বাবেই দুয়ো পক্ষে উভয় পক্ষক  হিংসাৰ চকুৰে ছাইছিল। এনে পৰিণতিৰ বাবেই শীতল যুদ্ধ সংগঠিত হৈছিল। 

৩। দ্বিতীয় বিশ্বযুদ্ধ কাৰ কাৰ মাজত সংগঠিত হৈছিল ? এই যুদ্ধত কোনে  পৰাজয় হৈছিল ? 

উত্তৰঃ ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈ ১৯৪৫ চনত সমাপ্ত হৈছিল। এই যুদ্ধ চক্ৰ শক্তি আৰু মিত্ৰ শক্তিৰ মাজত সংগঠিত হৈছিল। 

চক্ৰ শক্তিয়ে এই যুদ্ধত মিত্ৰ শক্তিৰ হাতত পৰাস্ত হৈছিল। 

৪। চক্ৰ শক্তি আৰু মিত্ৰ শক্তিৰ অংশিদাৰিত্ব গ্ৰহন কৰা ৰাষ্ট্ৰ সমূহৰ নাম উল্লেখ কৰা। 

উত্তৰঃ চক্ৰ শক্তি অংশিদাৰিত্ব ৰাষ্ট্ৰ সমূহ আছিল – জাৰ্মানী , ছোভিয়েট – ৰাছিয়া , ইটালী। 

মিত্ৰ শক্তিৰ অংশিদাৰিত্ব ৰাষ্ট্ৰ সমূহ আছিল – আমেৰিকা , ফ্ৰান্স, বৃটেইন বা ইংলেণ্ড। 

৫। দ্বিতীয় বিশ্বযুদ্ধৰ কেতিয়া অন্ত পৰিছিল ?

উত্তৰঃ ১৯৪৫ চনৰ ৬ আগষ্ট তাৰিখে আমেৰিকাই জাপানৰ হিৰোসিমাত আৰু ৯ আগষ্ট তাৰিখে নাগাচাকিত আনবিক বোমা নিক্ষেপ কৰাৰ ফলস্বৰূপে দ্বিতীয় বিশ্ব যুদ্ধৰ অন্ত পৰে।

৬। কিউবাৰ মিছাইল (ক্ষেপনাস্ত্ৰ) সংকট (আতংক) বুলিলে কি বুজা ?

উত্তৰঃ 1961 চনৰ এপ্ৰিল মাহত সমাজবাদী ছোভিয়েট ৰাছিয়াই সন্দেহ প্ৰকাশ কৰিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই হয়তো যিকোনো মূহুৰ্ততে  সাম্যবাদী কিউবাক আক্ৰমণ কৰি ইয়াৰ ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰক উৎখাত কৰি নিজৰ দখল লৈ আনিব। সেয়ে কিউবাক আমেৰিকাৰ পৰা ৰক্ষা কৰিবৰ বাবে ছোভিয়েট ইউনিয়নৰ নেতা নিকিটা ক্ৰশ্চেভে ১৯৬২ চনত কিউবাত আনৱিক ক্ষেপনাস্ত্ৰ স্থাপন কৰিছিল বা ঘাটি পাতিছিল। কিন্তু ছোভিয়েট ৰাছিয়াৰ এনে কাৰ্যত আমেৰিকাই অসন্তুষ্টি প্ৰকাশ কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি জে. এফ. কেনেডী আৰু তেওঁৰ পৰামৰ্শ দাতা সকলে ছোভিয়েটৰ এনে কাৰ্যৰ প্ৰতি উদ্বিগ্ন হৈ পৰিছিল। আৰু কিউবাৰ পৰা ক্ষেপনাস্ত্ৰ আৰু অস্ত্ৰ ভাণ্ডাৰ আঁতৰাই নিবলৈ নিকিটা ক্ৰশ্চেভক নিৰ্দেশ দিছিল। কিন্তু নিকিটা ক্ৰশ্চেভে কিউবাৰ পৰা ক্ষেপনাস্ত্ৰ তথা অস্ত্ৰ ভাণ্ডাৰ আঁতৰাই নিবলৈ কোনো মতেই মানি লোৱা নাছিল। এনে পৰিস্থিতিত ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এক ভয়াবহ যুদ্ধৰ আবিৰ্ভাৱ হোৱাৰ পথ পক্ষস্ত হৈছিল। যাকলৈ দুয়োখন দেশৰ মাজত আতংক বা শংকা বিৰাজ কৰিছিল। ইয়াকেই কিউবাৰ মিছাইল (ক্ষেপনাস্ত্ৰ) সংকট বুলি কোৱা হয়।

৭। শীতল যুদ্ধ শীতল হৈয়ে থাকিল – ই কেতিয়াও উত্তপ্ত বা উষ্ম যুদ্ধলৈ ৰূপান্তৰ নহল – এই কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ শীতল যুদ্ধ শীতল হৈয়ে থাকিল – ই কেতিয়াও উত্তপ্ত বা গৰম যুদ্ধলৈ ৰূপান্তৰ নহল – এই কথাষাৰৰ যথেষ্ট তাৎপৰ্যতা আছে। শীতল যুদ্ধ বিশ্বৰ দুটা মহাশক্তিৰ মাজত সংঘটিত হোৱাৰ ধাৰণা প্ৰকোপ হৈ পৰিছিল যদিও দুয়ো পক্ষই মুখামুখি যুদ্ধৰ পৰা নিজকে দূৰত ৰাখিছিল। কিয়নো দুয়ো পক্ষৰ হাতত ইমানেই অস্ত্ৰ ভাণ্ডাৰ তথা সাামৰিক শক্তি মজুত আছিল যিটো দুয়ো পক্ষই উভয় পক্ষক ভয় কৰিছিল। দুয়ো পক্ষৰ  মজত যদি আনৱিক যুদ্ধ সংঘটিত হয় হয়তো কোনো পক্ষকে বিজেতা বুলি ঘোষণা কৰিব পৰা নাযাব। সেয়েহে উভয় পক্ষই মুখামুখি যুদ্ধ বা প্ৰত্যক্ষ যুদ্ধৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। এনে ধৰণৰ কাৰ্যকলাপ দুয়ো পক্ষই গ্ৰহণ কৰাৰ ফলত শীতল যুদ্ধ শীতল হৈয়ে থাকিল আৰু উষ্ম যুদ্ধলৈ পৰিণত নহল।

৮। সৰু সৰু ৰাষ্ট্ৰ সমূহে বৃহৎ শক্তি সমূহৰ কিয় প্ৰয়োজন হৈছিল? 

নাইবা

বৃহৎ শক্তি সমূহে কিয় সৰু সৰু ৰাষ্ট্ৰ বিলাকৰ সৈতে মিত্ৰজোঁট বন্ধন তৈয়াৰ কৰিছিল – তিনিটা কাৰণ দৰ্শোৱা।

উত্তৰঃ আমেৰিকা আৰু ছোভিয়েট সংঘই নিজৰ নিজৰ শক্তি বৃদ্ধি কৰাৰ অৰ্থে উভয় পক্ষই সৰু সৰু ৰাষ্ট্ৰ বিলাকৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। সৰু সৰু ৰাষ্ট্ৰ বিলাকে দুই মহা চক্তিধৰ ৰাষ্ট্ৰক সহায় কৰিবলৈ সন্মত হৈছিল কিয়নো সৰু সৰু ৰাষ্ট্ৰ বিলাকক মহা শক্তিধৰ ৰাষ্ট্ৰ সমূহে অৰ্থনৈতিক তথা আনুসংগিক আন আন দিশত সহায় আগবঢ়ায়। নিম্ন লিখিত কাৰণ সমূহৰ বাবেই সৰু দেশবোৰে বৃহৎ শক্তিৰ বাবে অতি উপযোগী আছিল।

(ক) বৃহৎ শক্তি সমূহে প্ৰমুখ বা মূল সম্পদ সমূহ যেনে তেল আৰু খনিজ সহজে আহৰণ কৰিব পাৰে।

(খ) বৃহৎ শক্তি সমূহে সৰু সৰু শক্তিৰ প্ৰয়োজন হৈছিল কিয়নো বৃহৎ ৰাষ্ট্ৰবোৰে নিজৰ নিজৰ সামৰিক ঘাটি স্থাপন কৰিবলৈ সৰু ৰাষ্ট্ৰবোৰৰ কিছুমান অঞ্চল ব্যৱহাৰ কৰিব পাৰে।

(গ) বৃহৎ শক্তি সমূহে সৰু সৰু ৰাষ্ট্ৰৰ লগত মিত্ৰতা স্থাপন কৰাৰ এটা অন্যতম কাৰণ আছিল – সৰু ৰাষ্ট্ৰবোৰক ভিত্তি কৰি পৰস্পৰৰ ওপৰত চোৰাং চোৱাগিৰি চলাব পাৰে।

(ঘ) বৃহৎ ৰাষ্ট্ৰ সমূহে সৰু সৰু বাষ্ট্ৰ সমূহৰ পৰা যাতে আৰ্থিক সাহায্য তথা সামৰিক ব্যয় বৃদ্ধি কৰিব পাৰে তাৰ বাবে বৃহৎ শক্তি সমূহে সৰু শক্তি সমূহক সহায় কৰিছিল।

৯। শীতল যুদ্ধৰ সময়ত ভাৰতৰ ভূমিকা নিৰ্ণয় কৰা।

নাইবা 

গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ সময়ত ভাৰতৰ ভূমিকা উল্লেখ কৰা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাবে শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতৰ ভূমিকা আছিল দূতৰপীয়া। এটা স্তৰত, দুয়োটা মিত্র শক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ই বিশেষ যত্ন কৰিছিল। দ্বিতীয় স্তৰত ই নতুনকৈ উপনিৱেশকতাবাদৰ পৰা মুক্তি পোৱা দেশবোৰে এই মিত্র শক্তিত যোগ দিয়াৰ বিৰোধিতা কৰিছিল।

ভাৰতৰ নীতি নকাৰাত্মক বা নিস্ক্রিয় কোনোটোৱেই নাছিল। জৱাহৰালাল নেহৰুৱে বিশ্ববাসীক কোৱাৰ দৰে, গোষ্ঠী নিৰপেক্ষতা ‘পলায়নবাদী’ নীতি নাছিল। তাৰ বিপৰীতে শীতল যুদ্ধৰ প্রতিদ্বন্দিতা নৰম কৰিবলৈ ভাৰতে বিশ্ব ঘটনাক্রমত সক্রিয় অংশ গ্রহণৰ পোষকতা কৰিছিল। ভাৰতে দুয়োটা মিত্ৰগোষ্ঠীৰ মাজৰ দূৰত্ব কমাবলৈ বিচাৰিছিল আৰু এইদৰে মতভেদে পূর্ণাঙ্গৰোপ লোৱাত বাধা দিছিল। ভাৰতৰৰ ৰাজনীতিক আৰু নেতাসকলক প্ৰায়ে শীতল যুদ্ধৰ প্ৰতিদণ্ডীসকলৰ মাজত সমন্বয় ৰক্ষাকাৰী আৰু মধ্যস্থতাকাৰী হিচাবে ব্যৱহাৰ কৰা হৈছিল। উদাহৰণস্বৰূপে ১৯৫০ ৰ দশকৰ প্ৰথম ভাগৰ কোৰিয়া যুদ্ধৰ কথা ক’ব পাৰি।

ভাৰতে গোষ্ঠী নিৰপেক্ষ গোটৰ আন সদস্য সমূহকো জড়িত কৰিব বিচাৰিছিল। শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতে আমেৰিকা আৰু ৰাচিয়াই নেতৃত্ব দিয়া মিত্ৰগোষ্ঠীৰ অংশ নোহোৱা আঞ্চলিক আৰু আন্তঃৰাষ্ট্রীয় সংগঠন সমূহক সক্রিয় কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছিল। কিছুমানে কোৱাৰ দৰে গোষ্ঠী নিৰপেক্ষতা এনে এটা মহৎ আন্তঃৰাষ্ট্ৰীয় বিষয় নাছিল যি ভাৰতৰ প্রকৃত স্বাৰ্থৰ লগত বিশেষ জড়িত নাছিল। গোষ্ঠী নিৰপেক্ষ নীতিয়ে অন্ততঃ দুই ধৰণে ভাৰতক প্রত্যক্ষভাবে সহায় কৰিছে।

প্রথম, গোষ্ঠী নিৰপেক্ষ ভাৰতে এনে আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত আৰু পক্ষ ল’ব লাগিছিল যাৰ দ্বাৰা বৃহৎ শক্তিসমূহ আৰু তাৰ মিত্রপক্ষৰ স্বাৰ্থ পূৰণ হোৱাতকৈ ইয়াৰ নিজৰ স্বাৰ্থ পূৰণ হৈছিল। দ্বিতীয়তে, ভাৰতে প্রায়ে এটা বিশ্ব শক্তিক আনটো বিশ্বশক্তিৰ বিপক্ষে ভাৰসাম্যতাত ৰাখিব পাৰিছিল।

১০। প্ৰাচ্য আৰু পাশ্চাত্য জোঁটবন্ধন বুলিলে কি বুজা ?

উত্তৰঃ ছোভিয়েট ৰাছিয়াই পূব ইউৰোপৰ ৰাষ্ট্ৰবিলাকৰ সৈতে সন্মিলিত হৈ ১৯৫৫ চনত ৱা্র্শ্ব চহৰত এখন চুক্তি স্বাক্ষৰ কৰে যাক ৱা্র্শ্ব চুক্তি বুলি কোৱা হয়। ৱা্র্শ্ব চুক্তিত ছোভিয়েট ৰাছিয়াই নেতৃত্ব প্ৰদান কৰিছিল। এই সন্মলিত ভাৱে দ্বিতীয় বিশ্বযুদ্ধ বুলিও কোৱা হয়। এই দ্বিতীয় বিশ্বৰ ৰাষ্ট্ৰ বিলাকৰ দ্বাৰা স্বাক্ষৰ কৰা চুক্তিকেই প্ৰাচ্য জোঁটবন্ধন বোলে।

পাশ্চাত্য জোঁটবন্ধন হৈছে আমেৰিকাৰ নেতৃত্বত পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰ বিলাকে সন্মিলত ভাৱে যি চুক্তিত স্বাক্ষৰ কৰিছিল তাকেই NATO চুক্তি বুলি কোৱা হয়। NATO ৰ সম্পূৰ্ণ ৰূপ হৈছে North Atlantic Treaty Organisation ইয়াক অসমীয়াত উত্তৰ আটলান্টিক চুক্তি সংগঠন বুলিও কোৱা হয়।

১২। NATO  ৰাষ্ট্ৰসমূহৰ ঘোষণাত কি আছিল।

উত্তৰঃ নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে এইদৰে অংগীকাৰবন্ধ হৈছিল যে তেঁওলোকৰ কোনো সদস্য ৰাষ্ট্ৰক আন ৰাষ্ট্র বা ৰাষ্ট্ৰগোষ্ঠীয়ে আক্রমন কৰিলে তেঁওলোকে সামুহিকভাৱে পাৰস্পৰিক প্ৰতিৰক্ষা আগবঢ়াব। 

১৩। পশ্চিমীয়া মিত্রগোষ্ঠী আৰু পূব মিত্রগোষ্ঠী মানে কি?

উত্তৰঃ পশ্চিম ইউৰোপৰ প্ৰায় সকলো ৰাষ্ট্রই আমেৰিকাৰ মিত্ৰগোষ্ঠীত যোগদান কৰাৰ বাবে এই ৰাষ্ট্ৰবোৰক পশ্চিমীয়া মিত্রগোষ্ঠী আৰু পূব ইউৰোপৰ ৰাষ্ট্ৰবোৰে ছোভিয়েট মিত্রগোষ্ঠীত যোগদান কৰা বাবে পূব ইউৰোপৰ ৰাষ্ট্ৰবোৰক পূব মিত্রগোষ্ঠী বোলে।

১৪। দুই বৃহৎ শক্তিগোষ্ঠীয়ে অস্ত্র নিয়ন্ত্ৰণৰ বাবে স্বাক্ষৰ কৰা দুখন চুক্তিৰ নাম লিখা।

উত্তৰঃ (ক) সীমিতভাবে আণবিক অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (Limited Test Ban Treaty)।

(খ) আণবিক অস্ত্ৰৰ সম্প্ৰসাৰণ বোধকাৰী চুক্তি (Nuclear Non Proliferation Treaty)।

১৫। শীতল যুদ্ধ ক্ষমতাৰ বাবে লগাই এক সংগ্ৰামৰ হে আছিল। ই কোনো আদৰ্শগত সংঘাত নাছিল। তুমি কথাষাৰ মানি লোৱানে?  উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ এই উক্তিৰ লগত আমি কোনো মতেই একমত হব নোৱাৰোঁ। কিয়নো শীতল যুদ্ধ কেৱল ক্ষমতাৰ বাবে লগা এক সংৰমহে নাছিল। ই বিপৰীত ধৰ্মী আদৰ্শৰ মাজত ৰাষ্ট্ৰ গোষ্ঠীয়ে পুঁজিবাদী আদৰ্শ গ্ৰহণ কৰাৰ বিপৰতে ছোভিয়েট নেতৃত্বাধীন ৰাষ্ট্ৰ গোষ্ঠীয়ে সাম্যবাদী আদৰ্শৰ প্ৰতি সমৰ্থন জনাইছিল।

১৬। দ্বিতীয় বিশ্বযুদ্ধ পৰিসমাপ্তিৰ পিছত উপনিবেশিকতাবাদৰ পৰা মুক্ত হোৱা যিকোনো চাৰিখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ভাৰত, ইন্দোনেছিয়া , ইজিপ্ত, শ্ৰীলংকা, আৰু পাকিস্তান।

১৭। তুমি ভাৱানে যে দুই বৃহৎ শক্তিগোষ্ঠীৰ নেতৃত্বত প্রতিষ্ঠিত মিত্ৰ ব্যৱস্থাই গোটেই বিশ্বখনক দুটা গোষ্ঠীত ভাগ কৰিছিল? তোমাৰ উত্তৰব যুক্তিযুক্ততা দেখুওৱা।

উত্তৰঃ দুই বৃহৎ শক্তিগোষ্ঠীৰ নেতৃত্বত প্রতিষ্ঠিত মিত্র ব্যৱস্থাই গোটেই বিশ্বখনক দুটা গোষ্ঠীত ভাগ কৰা বুলি ক’ব নোৱাৰি। কাৰণ তৃতীয় বিশ্বৰ দেশসমূহৰ প্রায় ভাগেই বৃহৎ শক্তিগোষ্ঠীত যোগদান কৰা নাছিল। তেওঁলোকে এক গোষ্ঠী নিৰপেক্ষ গোটত যোগদান কৰিছিল।

১৮। দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্ৰ নিয়ন্ত্ৰনৰ চুক্তি দুখনৰ নাম উল্লেখ কৰা।

উত্তৰঃ ক) নিয়ন্ত্রিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (Limited Test Ban Treaty)।

(খ) পাৰমাণবিক অস্ত্র সম্প্রসাৰণ বিবোধ চুক্তি (Nuclear Non-Proliferation Treaty)। আৰু

(গ) ক্ষেপজ বিজ্ঞান বিবোধ ক্ষেপণাস্ত্র চুক্তি (The Anti-Ballistic Missile Treaty)।

১৯। গোষ্ঠী নিৰপেক্ষতা একাকীত্ববাদ নে নির্লিপ্ততাবাদ ? তুমি কি ভাবা আৰু কিয়?

উত্তৰঃ গোষ্ঠী নিৰপেক্ষতা একাকীত্ববাদ বা নির্লিপ্ততা মতবাদ নহয়। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ অৰ্থ অৱশ্যে আন্তর্জাতিক ৰাজনীতিত এক সুবিধাজনক নিৰপেক্ষ গ্রহণ কৰা নহয়। অর্থাৎ আন্তর্জাতিক ৰাজনীতিত সংঘটিত কোনো ঘটনাৰ ক্ষেত্ৰত এই দেশসমূহে কোনো অৱস্থান গ্রহণ কৰিব বা কোনো ভূমিকা পালন নকৰিব। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ তেনে কোনো লক্ষ্য নাছিল। এই আন্দোলনৰ মূলকথা আছিল মহাশক্তিৰ কৱলৰ পৰা নিজকে মুক্ত ৰাখি স্বাধীনভাবে দেশীয় আৰু বৈদেশিক নীতি তথা স্বার্থ নিৰ্ণয় কৰা। গোষ্ঠী নিৰপেক্ষ আন্দোলনে যিকোনো বৈদেশিক ৰাষ্ট্রত সামৰিক ঘাটি নির্মাণ নীতিৰ বিৰোধিতা কৰাটো অন্যতম লক্ষ্য হিচাপে চিহ্নিত কৰিছিল।

গোষ্ঠীনিৰপেক্ষ আন্দোলনে কোনো এক নির্দিষ্ট মতাদর্শন প্রতিনিধিত্ব কৰা নাছিল। কাৰণ এই আন্দোলনৰ মাজত ভিন্ন মতাদর্শ পোষণ কৰা বহুবোৰ জাতি ৰাষ্ট্ৰৰ সমাবেশ ঘটিছিল। বিশ্বশান্তি আৰু নিৰাপত্তাক প্রাধান্য দিয়া এই আন্দোলনক পৃথিবীৰ সৰ্ববৃহৎ শান্তি আন্দোলন নামেৰেও জনা যায়। বহুতে যুক্তি দিব খোজে যে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰকৃত চৰিত্ৰ বুজিব পাৰি যে ই কি কৰিব বিচাৰিছিল কি কৰিব বিচৰা নাছিল বুলি সুধে। এই আন্দোলনে কোনো কাৰণতে কোনো সামৰিক মিত্ৰতাৰ অংশীদাৰ হ’ব বিচৰা নাছিল।

২০। শীতল যুদ্ধৰ সময় ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ শীতল যুদ্ধৰ সময় ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনে আন্তৰাষ্ট্ৰীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

এই বিষয়ে তলত উল্লেখ কৰা হল – 

(ক) উপনিবেশিকতা-বাদৰ পৰা মুক্তি আৰু বৰ্ণ বৈষম্যৰ ঘোৰ বিৰোধিতা কৰি NAM- এ দেশবোৰৰ স্বাধীনতাৰ পথ প্রশস্ত কৰি দিছিল।

(খ) দুটা মহাশক্তিৰ লগত যোগদান কৰিবলৈ নিবিচৰা দেশবোৰৰ বাবে NAM এ বিকল্প ব্যাৱস্থা আগবঢ়াই দিছিল।

(গ) গোষ্ঠী নিৰপেক্ষ আন্দোলনে শীতল যুদ্ধৰ দৰে ভয়াবহ সংঘৰ্ষকো অবসান ঘটোৱাত অৰিহনা যোগাইছিল।

(ঘ) আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষ আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

Short Question Answer

1. শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? (HS 2012)

উত্তৰঃ দ্বিতীয় মহাযুদ্ধ শেষ হোৱাৰ লগে লগে অর্থাৎ 1945 চনত আৰম্ভ হৈছিল।

2. NIEOৰ সম্পূৰ্ণ ৰূপটো কি? (HS 2017)

উত্তৰ: New International Economic Order.

3. গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সম্মিলন ক’ত অনুষ্ঠিত হৈছিল? (HS 2014)

উত্তৰ: বেলগ্রেডত।

4. কেতিয়া কিউবাত মিছাইল সংকটৰ সৃষ্টি হৈছিল? (HS 2016)

উত্তৰঃ 1962 চনত।

5. দ্বিতীয় মহাযুদ্ধৰ পিছত অবির্ভাব হোৱা বৃহৎ শক্তি দুটাৰ নাম লিখা। (HS 2018)

উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন।

6. শীতল যুদ্ধৰ সময়ত USA আৰু USSRয়ে তেওঁলোকৰ বন্ধু দেশসমূহৰ সৈতে আবদ্ধ হোৱা সামৰিক চুক্তি দুখনৰ নাম কি? (HS 2017)

উত্তৰ: নাটো (NATO) আৰু ৱাৰশ্ব চুক্তি (WARSAW Pact)।

7. কিউবাৰ মিচাইল সংকটৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: 1959 চনত ফিডেল কষ্ট্ৰোৰ নেতৃত্বত কিউবাত সাম্যবাদী আদৰ্শৰ চৰকাৰ প্রতিষ্ঠা হোৱাৰ পিছৰে পৰা দেশখনে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলৈ ধৰে। কিয়নো কিউবাৰ লগত ৰাছিয়াৰ সম্পৰ্ক মধুৰ হ’বলৈ ধৰে আৰু ৰাছিয়াই কিউবাক আর্থিক সাহায্যও আগবঢ়ায়। কিন্তু এই কার্যত আমেৰিকা অসন্তুষ্ট হৈছিল। ফলস্বৰূপে কিউবা, ৰাছিয়া আৰু আমেৰিকাৰ সংঘাট কেন্দ্ৰত পৰিণত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1961ৰ এপ্রিলত আমেৰিকাই কিউবা আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি ৰাছিয়াই সন্দেহ কৰে আৰু কিউবাত ৰাছিয়াই সামৰিক ঘাটি স্থাপন কৰে। ফলস্বৰূপে কিউবাক লৈ উভয় দেশৰ মাজত এক যুদ্ধৰ পৰিস্থিতি বিৰাজ কৰে আৰু আমেৰিকাই কিউবাৰ ওপৰত মিছাইল আক্রমণ চলাব বুলি কিউবা শংকিত হৈ পৰে। গতিকে, এই পৰিস্থিতিটোকে কিউবা সংকট বুলি কোৱা হয়।

8. NATO ৰ সম্পূর্ণ ৰূপটো লিখা।

উত্তৰঃ North Atlantic Treaty Organisation অর্থাৎ উত্তৰ আটলান্টিক চুক্তি সংগঠন।

9. NIEO সম্পূর্ণ অর্থ কি?

উত্তৰঃ New International Economic order.

10.CENTO মানে কি বুজা?

উত্তৰঃ Central Treaty Organization.

11. কিউবা সংকট কি?

উত্তৰঃ ১৯৬২ চনত সংঘটিত শীতল যুদ্ধৰ এক অতি উত্তেজনাপূর্ণ ঘটনা।

12. LOCs’ মানে কি?

উত্তৰঃ Line of Control অৰ্থাৎ নিয়ন্ত্ৰন ৰেখা। 

13. NAM ৰ সম্পূৰ্ণ অর্থ কি?

উত্তৰঃ Non Alignment Movement.

14. UNETAD ৰ  সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ United Nations Conference or Trade and Development.

15. নিবাৰক মানে কি বুজা?

উত্তৰঃ নিবাৰক মানে হল প্রতিহত কৰা বা নিৰুৎসাহিত কৰাক বুজায়।

Long Question Answers

(1) শীতল যুদ্ধৰ সংজ্ঞা লিখা।

উত্তৰ-দ্বিতীয় বিশ্বযুদ্ধ বিশ্ব ৰাজনীতিৰ এক উল্লেখযোগ্য পৰিবর্তনৰ সূচনা। 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল দুটা শিবিৰৰ “মাজত-মিত্র শক্তি আৰু চক্র শক্তি। মিত্র শক্তিত আছিল মার্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, বৃটেইন, ফ্রান্স ইত্যাদি। আনহাতে, চক্ৰশক্তিত আছিল জার্মানী, ইটালী আৰু জাপান। দ্বিতীয় বিশ্বযুদ্ধ গোটেই পৃথিবীতে বিয়পি পৰিছিল। ই মানৱ জীৱন আৰু সম্পদ তথা প্রকৃতিৰ বিস্তৰ ক্ষতি সাধন কৰিছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিয়ে হৈছে শীতল যুদ্ধৰ আৰম্ভনি। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আন্তর্জাতিক ক্ষেত্রত সমগ্র বিশ্ব দুটা ক্ষমতাশালী শিবিৰত বিভক্ত হয়। এটা হৈছে সমাজবাদী শিবিৰ। যাৰ নেতৃত্বত আছিল ছোভিয়েট সংঘৰাজ্য আৰু আনটো হ’ল পুঁজিবাদী শিবিৰ। যাৰ নেতৃত্বত আছিল আমেৰিকা যুক্তৰাষ্ট্র।

শীতল যুদ্ধ বুলিলে আমেৰিকা আৰু ইয়াৰ মিত্র গোষ্ঠীৰ লগত ছোভিয়েট সংঘৰাজ্যৰ মিত্র গোষ্ঠীৰ প্রতিযোগিতা বিবাদ, সম্পদ তথা প্রতিদ্বন্দিতাক বুজায়। অর্থাৎ এই দুয়োটা শক্তিশালী শিবিৰৰ মাজত সংঘটিত হোৱা আদর্শগত সংঘাটেই হৈছে সৰল অর্থত শীতল যুদ্ধ।

1948 চনৰ পৰা 1991 চনৰ 25 ডিচেম্বৰলৈকে শীতল যুদ্ধ সংঘটিত হৈছিল। 1991 চনৰ 26 ডিচেম্বৰত ছোভিয়েট সংঘ ৰাজ্য বিভাজনৰ লগে লগেই শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে। সেয়েহে 1945-1991 চনলৈকে এই সময়ছোৱাক শীতল যুদ্ধৰ যুগ বুলি কোৱা হয়।

(2) শীতল যুদ্ধৰ কাৰণসমূহ লিখা।

উত্তৰ   বিশ্বৰ ৰাজনৈতিক ব্যৱস্থাত শীতল যুদ্ধই এক বিশেষ ভূমিকা পালন কৰিছিল। শীতল যুদ্ধ শব্দটো পোনপ্রথমে Walter lipmant য়ে তেওঁৰ বিখ্যাত গ্রন্থ “The colled War” ত প্রথমে ব্যৱহাৰ কৰি জনপ্ৰিয় কৰি তোলে। তেওঁৰ এই গ্ৰন্থতে উল্লেখ কৰা শীতল যুদ্ধৰ মূল কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) আদর্শগত সংঘাত-   শীতল যুদ্ধৰ অন্যতম প্রধান কাৰণ হৈছে আদর্শগত সংঘাত। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত বিশ্বৰ ৰাষ্ট্ৰসমূহ পুজিবাদী আৰু সমাজবাদী আদর্শত বিভক্ত হৈ পৰিছিল। সমাজবাদী আদর্শত বিশ্বাবাসীসকলে উৎপাদন ব্যৱস্থা ৰাষ্ট্ৰীয়কৰণৰ ওপৰত গুৰুত্ব দিছিল। আনহাতে, পুজীবাদী আদর্শত বিশ্বাসী ৰাষ্ট্রসমূহে উৎপাদন ব্যৱস্থা ব্যক্তিগত কৰণৰ ওপৰত গুৰুত্ব দিছিল। যাৰ ফলশ্রুতিত বিশ্ব অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাত আদর্শগত সংঘাট তীব্রতৰ হৈ উঠিছিল

(খ) দ্বি-পক্ষীয় ৰাজনীতি –         দ্বিতীয় মহাযুদ্ধৰ পাছত বিশ্বত দ্বি-পক্ষীয় ৰাজনীতিৰ সৃষ্টি হৈছিল। শীতল যুদ্ধৰ সময়ত পৃথিৱীৰ দেশসমূহে দুটা ভিন্ন আদর্শত সমর্থন কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ লগে লগেই আমেৰিকা আৰু ছোভিয়েট সংঘ দুয়োখনেই শক্তিশালী স্থিতি লাভ কৰিবলৈ সক্ষম হয়। ফলত বিশ্বৰ ৰাজনৈতিক ব্যৱস্থাত দ্বি-পক্ষীয় ৰাজনীতিৰ সূত্রপাত ঘটে।

(গ) প্ৰাচ্য ৰাজনীতি – প্রাচ্য ৰাজনীতিয়েও আমেৰিকা আৰু ছেভিয়েট সংঘৰ মাজত শীতল যুদ্ধৰ সংঘটিত হোৱাত অৰিহণা যোগাইছিল। দ্বিতীয় বিশ্বযুদ্ধত জাপানক পৰাস্ত কৰাত আমেৰিকাই এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল। আনহাতে, ৰাছিয়াও জাপানৰ লগতে দক্ষিণ আৰু উত্তৰ কোৰিয়াটো নিজৰ প্রভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু দক্ষিণ কোৰিয়াৰ ওপৰত থকা আমেৰিকাৰ শক্তিশালী প্রভাৱ দুয়োখন ৰাষ্ট্রৰ মাজত বিভেদৰ সৃষ্টি কৰিছিল।

(ঘ) পাৰস্পৰিক অবিশ্বাস-                     আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ ৰাজ্যৰ মাজত এটম বমৰ গুপনীয়তা ৰক্ষাৰ বাবে পাৰস্পৰিক সহযোগিতা তথা বিশ্বাসৰ অভাৱ ঘটিছিল। আমেৰিকাৰ অনুগামী ৰাষ্ট্ৰ কানাডাত সমাজবাদী নীতি কাৰ্যকৰী হোৱাৰ বাবে আমেৰিকাই ৰাছিয়াক সমালোচনা কৰিছিল। এনে পৰিস্থিতিয়ে উভয় ৰাষ্ট্রৰ মাজত সন্দেহ তীব্র কৰি তুলিছিল। যাৰ ফলত শীতল যুদ্ধ অব্যাহত থাকিছিল।

(3) গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলিলে কি বুজা? এই আন্দোলনৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ-গোষ্ঠী নিৰপেক্ষ আন্দোলন দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সূত্রপাত ঘটা দুই মহাশক্তিৰ ক্ষমতা নিয়ন্ত্রণৰ বাবে গঠিত হোৱা তৃতীয় শক্তি। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এছিয়া আৰু আফ্রিকাৰ বহুবোৰ ৰাষ্ট্রই পশ্চিমীয়া ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰিছিল। এই সদ্য স্বাধীনতা প্রাপ্ত দেশসমূহে কোনো এটা শক্তি গোষ্ঠীৰ নিয়ন্ত্রণাধীন হ’বলৈ ইচ্ছুক নাছিল। বৰঞ্চ স্বাধীনভাৱে বৈদেশিক আৰু অর্থনৈতিক নীতি গ্ৰহণ কৰি উন্নয়নৰ আঁচনি প্রস্তুত কৰিছিল। এইদৰে দুই মহাশক্তিৰ পৰা দূৰত্ব অৱস্থান কৰি স্বাধীনভাৱে গ্রহণ কৰা নীতিয়ে হৈছে গোষ্ঠী নিৰপেক্ষ নীতি। এই নীতিৰ আধাৰত তৃতীয় বিশ্বৰ দেশসমূহে দুয়োটা শক্তি গোষ্ঠীৰ লগত ভাল সম্পর্ক বজাই ৰাখি স্বাধীনভাবে নিজৰ দেশৰ শাসনকার্য পৰিচলনা কৰিছিল। এই আন্দোলনৰ মুখ্য খনিকৰ আছিল ইণ্ডোনেছিয়াৰ প্রথম ৰাষ্ট্রপতি ছুকার্নো, ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰু, ইজিপ্তৰ দ্বিতীয় ৰাষ্ট্রপতি গামাল আবদেল নাছাৰ আৰু যোগোশ্লভিয়াৰ প্রথম ৰাষ্ট্ৰপতি যোচিপ ব্ৰ’জ টিটো।

গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৈশিষ্ট্যসমূহ হৈছে-

(ক) উপনিৱেশবাদৰ বিৰোধিতা-   গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ এটা প্রধান বৈশিষ্ট্য হৈছে উপনিৱেশবাদৰ বিৰোধিতা। তৃতীয় বিশ্বৰ সদ্য স্বাধীনতা প্ৰাপ্ত দেশসমূহ উপনিৱেশিক শাসনৰ দ্বাৰা শোষিত হৈ আছিল। সেয়েহে স্বাধীনতাৰ পিছত এই ৰাষ্ট্রসমূহে উপনিৱেশিক শাসনৰ বিৰোধিতা কৰে।

(খ) সমাজবাদত বিশ্বাস-    গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আন এটা প্রধান বৈশিষ্ট্য হৈছে সমাজবাদৰ ওপৰত বিশ্বাস। গোষ্ঠী নিৰপেক্ষ দেশসমূহ আর্থিক দিশত পিছপৰা আছিল আৰু সেয়ে সমাজবাদী নীতিৰ ওপৰত ভিত্তি কৰি নিজৰ অর্থনৈতিক আঁচনি প্রস্তুত কৰিছিল।

(গ) ৰাষ্ট্রসংঘৰ প্রতি সমর্থন-       ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য হৈছে বিশ্ব শান্তি আৰু নিৰাপত্তা বজাই ৰখা। এই লক্ষ্যত সফল হ’বৰ বাবে গোষ্ঠী নিৰপেক্ষ আন্দোলনে সহায় কৰিবলৈ মনোনিবেশ কৰে।

(ঘ) পঞ্চশীল নীতি বিশ্বাস-          গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আন এটা বৈশিষ্ট্য হৈছে পঞ্চশীল নীতিত বিশ্বাস। ৰাষ্ট্ৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক নীতি-নির্ধাৰণৰ ক্ষেত্ৰত এই পাঁচটা নীতিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

(ঙ) যুদ্ধ ত্যাগী নীতি-       দ্বিতীয় বিশ্বযুদ্ধৰ ফলত গোটেই পৃথিৱীত দেখা দিয়া ৰাজনৈতিক সমস্যা, অর্থনৈতিক সমস্যা আৰু সমাজিক খেলি- মেলিৰ প্রতি লক্ষ্য ৰাখি গোষ্ঠী নিৰপেক্ষ আন্দোলন যুদ্ধৰ পৰা আঁতৰত থাকি বন্ধুত্বমূলক সম্পর্ক গঢ়ি তোলাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিছিল।

ওপৰত উল্লেখ কৰাবোৰেই হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৈশিষ্ট্য।

(4) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল লক্ষ্য আৰু উদ্দেশ্যবোৰ লিখা।

উঃ-গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হল –

(ক) বিশ্বৰ দুই মহাশক্তিয়ে গঢ়ি তোলা সামৰিক মিত্র গোষ্ঠীৰ পৰা দূৰত্বত অৱস্থান কৰি ৰাষ্ট্ৰীয় তথা আন্তঃ ৰাষ্ট্ৰীয় দিশত স্বতন্ত্র নীতি অনুসৰণ কৰাই আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল লক্ষ্য আৰু উদ্দেশ্য।

(খ) বিশ্বৰ প্রতিখন ৰাষ্ট্ৰৰ সৈতে সমভাৱে সম্পর্ক স্থাপন কৰাই হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল উদ্দেশ্য।

(গ) তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ জাতীয়তাবাদ আৰু স্বাধীনতাক সুৰক্ষিত কৰাই আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল লক্ষ্য।

(ঘ) বিশ্বৰ যিকোনো বৈদেশিক ঠাইত সামৰিক ঘাটি নির্মাণ নীতিৰ বিৰোধিতা কৰাটো অন্যতম লক্ষ্য আছিল।

(5)গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গুৰুত্ব বা ভূমিকা বাখ্যা কৰা।

উঃ- গোষ্ঠী নিৰপেক্ষ আন্দোলনে আন্তঃ ৰাষ্ট্ৰীয় ৰাজনীতিত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। সেইবোৰ তলত উল্লেখ কৰা হল-

(ক) গোষ্ঠী নিৰপেক্ষ আন্দোলনে উপনিবেশীকতাবাদ, বর্ণ-বৈষম্য, সাম্রাজ্যবাদ আদিৰ ঘোৰ বিৰোধিতা কৰি বিভিন্ন ৰাষ্ট্ৰৰ মুক্তি পথৰ সন্ধান দিছে।

(খ) গোষ্ঠী নিৰপেক্ষ আন্দোলনে উন্নয়নশীল ৰাষ্ট্রসমূহৰ মাজত ঐক্যবোধ গঢ়ি তুলি জাতীয়তাবোধৰ সৃষ্টি কৰিছে।

(গ) আন্তঃ ৰাষ্ট্রীয় শান্তি প্রতিষ্ঠাৰ আৰু নিৰাপত্তাৰ ৰক্ষাৰ ক্ষেত্রত গোষ্ঠী নিৰপেক্ষ আন্দোলনে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে।

(ঘ) শীতল যুদ্ধৰ অৱসানত গোষ্ঠী নিৰপেক্ষ আন্দোলনে যথেষ্ট অৰিহণা যোগায়। এই আন্দোলনৰ এক মূখ্য উদ্দেশ্য হৈছে শান্তিপূর্ণ সহঃ অৱস্থান নীতি। এই নীতিৰ জৰিয়তে ৰাষ্ট্ৰসমূহৰ মাজত সু- সম্পর্ক প্রতিষ্ঠা কৰিব পাৰি।

(ঙ) গণতান্ত্রিক পদ্ধতি অবলম্বন কৰি ৰাষ্ট্রসংঘৰ জৰিয়তে আন্তঃ ৰাষ্ট্ৰীয় সমস্যা সমাধানত এই গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্রসমূহে সহযোগিতা কৰে। যাৰ ফলত বিশ্ব শান্তি সুৰক্ষিত হয়।

ওপৰৰ বাখ্যাৰ জৰিয়তে আমি মন্তব্য কৰিব পাৰো যে গোষ্ঠী নিৰপেক্ষ আন্দোলনে সু-সংগঠিত আৰু শক্তিশালী আন্দোলন। এই আন্দোলনৰ জৰিয়তে তৃতীয় বিশ্বৰ অনুন্নত ৰাষ্ট্রসমূহ উন্নয়নশীল ৰাষ্ট্ৰত উপনিত হোৱাৰ উপৰিও আন্ত:ৰাষ্ট্রীয় ৰাজনীতিত নিজৰ স্থিতি শক্তিশালী কৰিব পাৰিছে।

6/ কংগো সংকটৰ বিষয়ে এটি টোকা লিখা।

উত্তৰ- শীতল যুদ্ধৰ আন এক গুৰুত্বপূর্ণ ক্ষেত্র হৈছে কংগো সংকট। কংগো প্ৰায় 80 বছৰ বেলজিয়ামাৰ উপনিৱেশ আছিল। 1960 চনত কংগোৱে স্বাধীনতা লাভ কৰিছিল। কিন্তু স্বাধীন কংগোত সামাজিক আৰু অর্থনৈতিক সংঘাত বৃদ্ধি পোৱাৰ ফলত গৃহ যুদ্ধ সংঘটিত হৈছিল।

 স্বাধীন কংগোৰ ৰাষ্ট্রপতি আছিল কাঁছা ভুবু আৰু প্রধানমন্ত্রী আছিল লুমুম্বা কিন্তু এই দুই নেতৃত্বৰ মাজত সংঘাত হোৱাৰ ফলস্বৰূপে দুই মহা শক্তিয়ে খোপনি পুতিবলৈ আৰম্ভ কৰে। আমেৰিকা আৰু ইয়াৰ অনুগামী ৰাষ্ট্র সমূহে কাছা ভুবুক সমর্থন কৰে। ছোভিয়েট সংঘৰাজ্য আৰু ইয়াৰ ৰাষ্ট্ৰসমূহে লুমুম্বাক সমর্থন কৰে। ৰাষ্ট্র সংঘৰ সাধাৰণ সভাত দুয়ো পক্ষৰ মাজত বিতর্ক সংঘটিত হয়। ইয়াৰ কিছুদিন পাছত গৃহবন্দী অৱস্থাত  লুমুম্বাক হত্যা কৰা হয়। ইয়াৰ ফলস্বৰূপে কংগো অশান্ত জর্জৰিত অঞ্চল হিচাপে পৰিগণিত হয়। 1946 চনত মিত্ৰতা স্থাপনৰ চেষ্টা কৰা হৈছিল যদিও এই চেষ্টা ফলবর্তী নহল। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই কংগোৰ গৃহ যুদ্ধত ক্ষতিগ্ৰস্ত জনগণক সহায় কৰাৰ বাবে জনমত গঠন কৰে। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতৃবৃন্দ আৰু ৰাষ্ট্রসংঘই এই যুদ্ধ সমাপ্তৰ বাবে আঁচনি গ্রহণ কৰে। ইয়াৰ ফলত 1980 চনত এই যুদ্ধ সমসাময়িকভাৱে সমাপ্ত হয়। এইয়ে হৈছে কংগো সংকট।

7/ শীতল যুদ্ধৰ সময়ত ভাৰতৰ ভূমিকা উল্লেখ কৰা। (HS 2018, 2013)

উত্তৰ – শীতল যুদ্ধৰ পৰিপ্রেক্ষিতত সমগ্র বিশ্ব দুই মহাশক্তিৰ নেতৃত্বাধীন দুটা পৃথক শিবিৰত বিভক্ত হোৱাৰ বিপৰীতে তৃতীয় বিশ্বৰ সদ্য স্বাধীনতা প্রাপ্ত দেশসমূহে এক নতুন আন্দোলন গঢ়ি তোলে। এই আন্দোলনেই হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলন। আমাৰ দেশ ভাৰতবর্ষ এই আন্দোলনৰ অন্যতম নেতৃত্ববহনকাৰী ৰাষ্ট্ৰ। ভাৰতবর্ষৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রধান নেতা আছিল। এই আন্দোলনৰ গুৰি ধৰোতা হিচাপে ভাৰতবৰ্ষই শীতল যুদ্ধত দুই ধৰণৰ নীতি অৱলম্বন কৰিছিল।

ক) দুয়োটা শক্তি গোষ্ঠীৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান গ্রহণ।

(খ) সদ্য স্বাধীনতা প্ৰাপ্ত ৰাষ্ট্ৰসমূহৰ লগত মিত্রতা কৰাৰ লগতে নিজস্ব অর্থনৈতিক উন্নয়নত গুৰুত্ব প্রদান কৰা।

ভাৰতবৰ্ষই শীতল যুদ্ধৰ সময়ত মৌনতা অবলম্বন কৰাৰ বিপাৰীতে আন্তঃ ৰাষ্ট্ৰীয় সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব আৰোঁপ কৰিছিল। এই আন্দোলনৰ জৰিয়তে ভাৰতে আন্তঃ ৰাষ্ট্রীয় পর্যায়ত সিদ্ধান্ত গ্রহণ কৰিবলৈ নিজৰ স্থিতি শক্তিশালী কৰে আৰু দুই মহাশক্তিৰ মাজত সমতা স্থাপন কৰিবলৈ সক্ষম হয়। ভাৰতে দুই পক্ষৰ লগত সু-সম্পর্ক ৰাখিছিল যদিও চোভিয়েটৰ লগত এই সম্পর্ক অধিক শক্তিশালী আছিল আৰু সেই সূত্রে 1971 ত ভাৰতে ৰাছিয়াৰ সৈতে বন্ধুত্ব চুক্তিত স্বাক্ষৰ কৰিছিল।

1991 ত ছোভিয়েট সংঘৰ পতনৰ লগে লগে শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল যদিও ভাৰতে গ্রহণ গোষ্ঠী নিৰপেক্ষ নীতিৰ প্রাসঙ্গিকতা বর্তমানেও শক্তিশালী। সেয়েহে বিশ্ব ৰাজনীতিত গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰু ভাৰতবর্ষ এক শক্তিশালী প্রত্যাহ্বান।

৪/ অস্ত্রসম্বৰন নীতি বুলিলে কি বুজা? কেইটামান গুৰুত্বপূর্ণ অস্ত্র সম্বৰণ সন্মিলনৰ নাম লিখা।

উত্তৰ: শীতল যুদ্ধৰ সময়ত বিশ্ববাসী দুটা শিবিৰত বিভক্ত হয় আৰু দুয়ো শিবিৰতে যথেষ্ট পৰিমাণৰ পাৰমাণবিক শক্তি মজুত হৈছিল। এই পাৰমাণবিক শক্তিসমূহেই দুয়োটা শিবিৰৰ বাবে প্রতিযোগিতাৰ এটা প্রধান কাৰণ হৈছিল। কিন্তু পৃথিবীত এনে কিছুমান শক্তি আছে যিয়ে যুদ্ধতকে শান্তিৰ ওপৰত অধিক গুৰুত্ব আৰোঁপ কৰে। এই শক্তিৰ প্রভাৱতেই দুয়োটা শিবিৰে পাৰমানৱিকক শক্তি ব্যৱহাৰৰ ক্ষেত্রত যথেষ্ট সাৱধানতা অবলম্বন কৰিব লগা হৈছিল আৰু কোনো বিশেষ কাৰণত যুদ্ধ সংঘটিত হলেও পাৰমাণবিক অস্ত্র ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হবলৈ সাৱধানতা অবলম্বন কৰিছিল। পাৰমাণৱিক শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত দুই মহা শক্তিয়ে গ্ৰহণ কৰা এনে নিয়ন্ত্রণমূলক ব্যৱস্থাই হৈছে অস্ত্র সম্বৰণ নীতি। কেইটামান গুৰুত্বপূর্ণ অস্ত্র সম্বৰণ সম্মিলনৰ নাম হল –

  1. সীমিত পৰীক্ষণ নিষিদ্ধ চুক্তি  (Limited Test Bar Treaty 1963)
  2. পাৰমাণৱিক নিঃ-সম্প্রসাৰণ চুক্তি (Nuclear Non-proliferation Treaty – NPT 1968)
  3. কৌশলগত অস্ত্র সীমিতকৰণ-1   (Strategic Arms limitation (Treaty SALT 1(1972)
  4. কৌশলগত অস্ত্র সীমিতকৰণ-2 (1979)
  5. কৌশলগত অস্ত্র হ্ৰাসকৰণ চুক্তি- 1/2     1- (1991) 2-(1993)
  • Strategic Arams Reduction Treaty – 1 (START)

9/ NATO ৰ সম্পূর্ণ ৰূপটো লিখা। কোন চনত NATO গঠন হৈছিল?

উঃ- NATO ৰ সম্পূর্ণ ৰূপটো হ’ল North Atlantic Treaty Organization (উত্তৰ আটলান্তিক চুক্তি সংগঠন) 1947 চনৰ এপ্রিল মাহত NATO গঠন হৈছিল।

10.  কোন চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম শীর্ষ সন্মিলন আৰম্ভ হৈছিল?

উঃ- 1971 চনত। বেলগ্রেডত।

11. গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বর্তমান সদস্যৰ সংখ্যা কিমান?

উঃ- 11৪ জন।

12. কিমান চনত বার্লিন দেৱালখন ভাঙি পেলোৱা হৈছিল?

উত্তৰ: 1989 ত বার্লিন দেৱালখন ভাঙি পেলোৱা হৈছিল।

13. কেতিয়া পূৱ জার্মানী আৰু পশ্চিম জার্মানী একত্রিত হৈছিল?

উত্তৰ: 1990 চনত।

14. বার্লিন অৱৰোধ কি?

উঃ- 1948 চনৰা 23 জুন তাৰিখে একত্রিত হোৱা ফ্ৰান্স, ব্রিটেইন আৰু আমেৰিকাৰ নিয়ন্ত্ৰণত থকা অঞ্চলত নতুন মুদ্রাৰ প্রচলন কৰাৰ পিছদিনা ছোভিয়েট সংঘই বার্লিনত যোৱা সকলো পথ আৰু ৰেলসেৱা বন্ধ কৰি দিয়ে। ইয়াকে বার্লিন অৱৰোধ বোলে।

15. বার্লিন দেৱাল কি?

উত্তৰ: 1949 চনৰ মে’ মাহত ষ্টেলিনে বার্লিন অৱৰোধ উঠাই লোৱাৰ পিছতো বার্লিনত সংকট দূৰ কৰিব পৰা নাছিল। 1949 চনৰ পৰা 1961 চনলৈ প্রায় 30 লক্ষাধিক ছোভিয়েট সংঘৰ নেতৃত্বাধীন জাৰ্মান লোকে পশ্চিম জার্মানলৈ পলায় যায়। এই পৰিস্থিতিত ৰোধ কৰাৰ উদ্দ্যেশ্যে পূৱ জার্মানী কর্তৃপক্ষই ২৪ মাইল দীঘল এখন দেৱাল নির্মাণ কৰে। ইয়াকে বার্লিন দেৱাল বোলে।

16. SATO আৰু CENTO ৰ সম্পূর্ণ ৰূপটো লিখা।

উত্তৰ: SATO – South East Asian Treaty Organization

CENTO – Central Treaty Organization

17. দুই মহাশক্তিয়ে কিয় সৰু সৰু ৰাষ্ট্রসমূহক মিত্র শক্তি হিচাপে পছন্দ কৰিছিল? (H.S. 2018, 2013, 2022)

উঃ- দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত শীতল যুদ্ধ আৰম্ভ হৈছিল আৰু বিশ্বৰ ৰাষ্ট্রসমূহ দুটা শিবিৰত বিভক্ত হৈছিল। আমেৰিকাই নেতৃত্ব দিয়া শিবিৰক পাশ্চত্য বা পশ্চিমীয়া শিবিৰ আৰু ৰাছিয়াই নেতৃত্ব দিয়া শিবিৰক প্রাচ্য শিবিৰ বুলি কোৱা হৈছিল। এই দুই মহাশক্তিয়ে সৰু সৰু ৰাষ্ট্ৰসমূহক মিত্র শক্তি হিচাপে পছন্দ কৰিছিল। এনেদৰে সৰু ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্ব গঢ়িব বিচৰাৰ আঁৰত থকা কাৰণসমূহ হ’ল।

(i) সৰু দেশসমূহৰ পৰা দুই মহা শক্তিয়ে বিশেষ সুবিধা লাভ কৰিছিল।

(ii) সামৰিক অভিযানৰ চলাবৰ বাবে অহা সৰু ৰাষ্ট্ৰসমূহৰ ভূ- খণ্ড ব্যৱহাৰ কৰিছিল।

(iii) সৰু ৰাষ্ট্ৰসমূহ চোৰাং-চোৰাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা হৈছিল।

(iv) সৰু সৰু ৰাষ্ট্ৰসমূহৰ বিভিন্ন সম্পদ যেনে তেল, খনি ইত্যাদি বৃহৎ শক্তিৰ দেশসমূহে ব্যৱহাৰ কৰিছিল।

(v) আর্থিক সাহাৰ্য্যৰ বাবেও বৃহৎ শক্তিৰ দেশসমূহে সৰু সৰু দেশসমূহক ব্যৱহাৰ কৰিছিল।

ওপৰত উল্লেখিত কাৰণসমূহৰ বাবে সৰু সৰু দেশসমূহক বৃহৎ শক্তিৰ দেশসমূহে প্রয়োজনীয় বুলি ভাবিছিল বা মিত্র হিচাপে পছন্দ কৰিছিল।

18.  লুচুকা সন্মিলন কি? ইয়াৰ লক্ষ্য কি?

উত্তৰ: 1970 চনত অনুষ্ঠিত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সন্মিলন খনকে লুচুকা সন্মিলন বোলে।

ইয়াৰ লক্ষ্যসমূহ আছিল-

  1. সকলো দন্দৰ শান্তিপূর্ণ সমাধান আৰু সামৰিক মিত্ৰ জোট তথা চুক্তিৰ পৰা আঁতৰি থকা।
  2. বৈদেশিক ৰাষ্ট্রত সামৰিক ঘাটি নির্মাণৰ নীতিৰ বিৰোধিতা কৰা।

19. বাণ্ডুং সন্মিলন বা এফ্রো- এছিয়ান সন্মিলন কি? ইয়াৰ লক্ষ্য কি আছিল?

উত্তৰ: 1956 চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনে পূৰ্ণ ৰূপ লোৱাৰ পূর্বে ইণ্ডোনেছিয়াৰ বাণ্ডুং চহৰত যি গুৰুত্বপূর্ণ সন্মিলন অনুষ্ঠিত হৈছিল তাকে বাণ্ডুং সম্মিলন বোলে।

         ইয়াক এছিয়া আৰু আফ্রিকাৰ 29 খন দেশে অংশ গ্রহণ কৰিছিল। সেয়ে ইয়াক এফ্রো এছিয়ান বুলি কোৱা হয়।

ইয়াৰ লক্ষ্য আছিল শীতল যুদ্ধৰ জৰিয়তে যাতে ছোভিয়েট সংঘ আৰু মার্কিন যুক্তৰাষ্ট্ৰই উপনিবেশবাদ আৰু নব্য উপনিবেশবাদ চলাব নোৱাৰে তাৰ ওপৰত গুৰুত্ব প্রদান কৰা।

20. নতুন আন্তঃ ৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ ওপৰত প্ৰতিষ্ঠিত এটি টোকা লিখা। (HS 2019, 2018, 2014)

উঃ- গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে শীতল যুদ্ধৰ সময়ত দুই মহা শক্তিৰ মাজত মধ্যস্থতা অৱলম্বন কৰিছিল। অবশ্যে সৰহভাগ গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্রই ‘নূন্যতম উন্নয়নশীল দেশ’। সেয়েহে এই ৰাষ্ট্রসমূহক অর্থনৈতিক ভাৱে উন্নয়ন সাধন কৰা আৰু জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নতি ঘটোৱাটো এটা ডাঙৰ প্রত্যাহ্বান হিচাপে দেখা দিছিল।

সেয়েহে এই দেশ সমূহক প্ৰগতি পথত আগবঢ়াই নিবৰ বাবে 1972 চনত ৰাষ্ট্ৰ সংঘৰ বাণিজ্য আৰু বিকাশৰ সম্বন্ধীয় সন্মিলনত উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি গ্রহণ কৰিছিল। এই নীতিয়ে আর্ন্তজার্তিক বানিজ্য ক্ষেত্রত কেতবোৰ পৰিবর্তন সাধন কৰিছিল। সেইবোৰ হল-

(i) উন্নত পশ্চিমীয়া দেশসমূহে শোষণ কৰি থকা প্রাকৃতিক সম্পদৰ ওপৰত নূন্যতম উন্নয়নশীল দেশসমূহৰ নিজস্ব নিয়ন্ত্রণত থাকিব লাগে।

(ii) নূন্যতম উন্নয়নশীল ৰাষ্ট্রসমূহে যাতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পায় তাৰ বাবে পশ্চিমীয়া বজাৰত প্ৰৱেশৰ ক্ষমতা দিব লাগে।

(iii) পশ্চিমীয়া দেশসমূহে সৰবৰাহ কৰা কাৰিকৰী কৌশলৰ মূল্য হ্রাস কৰিব লাগে।

(iv) আর্ন্তজাতিক বৃত্তীয় অনুষ্ঠানবোৰত নূন্যতম উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিশেষ ভূমিকা লবলৈ দিব লাগে।

1961 চনত বেলগ্রেডত অনুষ্ঠিত হোৱা গোষ্ঠী নিৰপেক্ষ সন্মিলনত অর্থনৈতিক বিষয়টোৱে গুৰুত্ব লাভ কৰা নাছিল যদিও 1970 দশকৰ মাজভাগত অনুষ্ঠিত হোৱা সন্মিলন সমূহত অর্থনীতি সকলোতকৈ গুৰুত্ব বিষয় হৈ পৰে। যাৰ ফলশ্রুতিতে নতুন বা নব্য আন্তঃ ৰাষ্ট্ৰীয় বা আন্তজার্তিক অর্থনৈতিক শৃংখলা গঢ়ি তুলা হয় আৰু অধিক লাভ অর্জনৰ আঁচনি গ্ৰহণ কৰে।

২১। তুমি ভাৱানে যে আদর্শগত পাৰ্থক্যই শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগাইছিল ? 

উত্তৰঃ হয়, আদর্শগত প্রভেদে শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগোৱা বুলি ভাবো। কিয়নো আদর্শগত পার্থক্য হৈছে শীতল যুদ্ধ আৰম্ভ হোৱাৰ অন্যতম প্রধান কাৰণ। ছোভিয়েট ৰাছিয়া আৰু এই দেশৰ অনুগামী ৰাষ্ট্ৰসমূহে সাম্যবাদ নীতি অনুসৰণ কৰিছিল আৰু আমেৰিকা আৰু এই দেশৰ নেতৃত্বাধীন ৰাষ্ট্ৰসমূহ পুজিবাদী আদর্শত বিশ্বাসী আছিল। সাম্যবাদী আদর্শত বিশ্বাস ৰাখিয়েই ৰাছিয়াত উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতি অৱলম্বন কৰিছিল। আনহাতে পুঁজিবাদৰ ওপৰত বিশ্বাসী আমেৰিকাই এই নীতিৰ বিৰোধিতা কৰিছিল। সাম্যবাদী ৰাষ্ট্রসমূহে শ্রমিক শ্ৰেণীৰ হাতত ক্ষমতা প্রদান নীতিৰ পোষকতা কৰে আৰু ইয়াৰ বিপৰীতে পুঁজিবাদী গোটে এনে নীতিক গণতন্ত্র বিৰোধী আখ্যা দিয়া দেখা যায়। ওপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে আদর্শগত প্রভেদে শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগাইছে।

২২। কি ভিত্তিত ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰা হৈছিল ?

উত্তৰঃ ভাৰতবৰ্ষৰ গোষ্টী নিৰপেক্ষতাৰ নীতিক কঠোৰ সমালোচনা কৰা হৈছিল কিয়নো ভাৰতবৰ্ষৰ গোষ্ঠীনিৰপেক্ষতা হ’ল নৈতিকতাহীন ভাৰতবৰ্ষই কেতিয়াবা জাতীয় স্বার্থৰ বাবে গুৰুত্বপূর্ণ আন্তর্জাতিক বিষয়ৰ ক্ষেত্ৰত সথিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অমান্তি হয় বা প্রত্যাখ্যান কৰে।

আনহাতে, ভাৰতবৰ্ষই আন ৰাষ্ট্ৰক মিত্র গোষ্টীত যোগদান কৰাৰ ক্ষেত্ৰত সমালোচনা কৰে, কিন্তু ১৯৭১ চনত ভাৰতবৰ্ষইই নিজে ছোভিয়েট ৰাছিয়াৰ সৈতে বন্ধুত্বৰ চুক্তি স্বাক্ষৰ কৰিছিল।

২৩। তুমি ভাবানে শীতল যুদ্ধৰ পিছত গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM) – এ নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে ? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰঃ শীতল যুদ্ধৰ অৱসানৰ পিছত গোষ্ঠী নিৰপেক্ষ আন্দোলনে ইয়াৰ প্ৰাসংগিকতা হেৰাইছে বুলি মই নাভাবো। কিয়নো বর্তমানে ই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে যেনেঃ

(ক) বিশ্বত এতিয়াও এক মহাশক্তি আছে। এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীনতা বিপদাপন্ন নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্রয়োজন। এই আন্দোলনে এনে এক সামুহিক প্ৰতিৰোধ শক্তি হিচাপে কাম কৰিব পাৰে।

(খ) শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰি দিয়া নাই। দাৰিদ্রতা, বৈষ্যমতা আদিৰ দ্বাৰা তৃতীয় বিশ্বৰ দেশসমূহ পীড়িত হৈ আছে। এনে সমস্যা সমাধানৰ বাবে তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতাৰ যথেষ্ট প্রাসংগিকতা আছে। এনে প্রাসংগিকতাই গোষ্ঠী নিৰপেক্ষ আন্দোলনক প্রাসংগিক কৰি ৰাখিছে।

(গ) শীতল যুদ্ধৰ পিছত গঢ়ি উঠা আন্তর্জাতিক ব্যৱস্থা গণতান্ত্রিক নীতিৰ ওপৰত প্রতিষ্ঠিত নহয়। এনে অগণতান্ত্রিক নীতিৰ বিৰুদ্ধে থিয় দিবলৈ এক সামুহিক মঞ্চ লাগে। এই আন্দোলনে এই মঞ্চ প্রদান কৰিব ধৰিছে।

২৪। শীতল যুদ্ধৰ সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট  ইউনিয়নৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কেনেকুৱা আছিল ? 

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাবে শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতৰ ভূমিকা আছিল দূতৰপীয়া। এটা স্তৰত, দুয়োটা মিত্র শক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ই বিশেষ যত্ন কৰিছিল। দ্বিতীয় স্তৰত ই নতুনকৈ উপনিবেশকতাবাদৰ পৰা মুক্তি পোৱা দেশবোৰে এই মিত্র শক্তিত যোগ দিয়াৰ বিৰোধিতা কৰিছিল।

ভাৰতৰ নীতি নকাৰাত্মক বা নিস্ক্রিয় কোনোটোৱেই নাছিল। নেহেৰুৱে বিশ্ববাসীক কোৱাৰ দৰে, গোষ্ঠী নিৰপেক্ষতা ‘পলায়নবাদী’ নীতি নাছিল। তাৰ বিপৰীতে শীতল যুদ্ধৰ প্রতিদ্বন্দিতা নৰম কৰিবলৈ ভাৰতে বিশ্ব ঘটনাক্রমত সক্রিয় অংশ গ্রহণৰ পোষকতা কৰিছিল। ভাৰতে দুয়োটা মিত্ৰগোষ্ঠীৰ মাজৰ দূৰত্ব কমাবলৈ বিচাৰিছিল আৰু এইদৰে মতভেদে পূর্ণাঙ্গৰূপ লোৱাত বাধা দিছিল। ভাৰতৰৰ ৰাজনীতিক আৰু নেতাসকলক প্ৰায়ে শীতল যুদ্ধৰ প্ৰতিদণ্ডীসকলৰ মাজত সমন্বয় ৰক্ষাকাৰী আৰু মধ্যস্থতাকাৰী হিচাবে ব্যৱহাৰ কৰা হৈছিল। উদাহৰণস্বৰূপে ১৯৫০ ৰ দশকৰ প্ৰথম ভাগৰ কোৰিয়া যুদ্ধৰ কথা ক’ব পাৰি।

ভাৰতে গোষ্ঠী নিৰপেক্ষ গোটৰ আন সদস্য সমূহকো জড়িত কৰিব বিচাৰিছিল। শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতে আমেৰিকা আৰু ৰাচিয়াই নেতৃত্ব দিয়া মিত্ৰগোষ্ঠীৰ অংশ নোহোৱা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠন সমূহক সক্ৰিয় কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছিল। নেহৰুৱে ‘স্বতন্ত্ৰ আৰু পৰস্পৰ সহযোগী ৰাষ্ট্ৰসমূহৰ এটা ৰাষ্ট্ৰমণ্ডলত গভীৰ বিশ্বাস কৰিছিল যাতে শীতল যুদ্ধ শেষ কৰিব নোৱাৰিলেও ইয়াক নৰম কৰাত ইতিবাচক ভূমিকা ল’ব পাৰে।

কিছুমানে কোৱাৰ দৰে গোষ্ঠী নিৰপেক্ষতা এনে এটা মহৎ আন্তঃৰাষ্ট্ৰীয় বিষয় নাছিল যি ভাৰতৰ প্রকৃত স্বাৰ্থৰ লগত বিশেষ জড়িত নাছিল। গোষ্ঠী নিৰপেক্ষ নীতিয়ে অন্ততঃ দুই ধৰণে ভাৰতক প্রত্যক্ষভাবে সহায় কৰিছে।

প্রথম, গোষ্ঠী নিৰপেক্ষ ভাবোতে এনে আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত আৰু পক্ষ ল’ব লাগিছিল যাৰ দ্বাৰা বৃহৎ শক্তিসমূহ আৰু তাৰ মিত্রপক্ষৰ স্বাৰ্থ পূৰণ হোৱাতকৈ ইয়াৰ নিজৰ স্বাৰ্থ পূৰণ হৈছিল। 

দ্বিতীয়তে, ভাৰতে প্ৰায়ে এখন বিশ্ব শক্তিৰ বিপৰীতে আন এখন বিশ্ব শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। যদি ভাৰতে অনুভৱ কৰে যে এখন বিশ্ব শক্তিয়ে ইয়াৰ ওপৰত অৱহেলা কৰিছে বা অযথা হেঁচা প্ৰয়োগ কৰিছে, তেন্তে ভাৰতে আনখন বিশ্ব শক্তিৰ ফালে গতি কৰিব পাৰে। দুয়োটা গোটে ভাৰতক সহায়ক বুলি গণ্য কৰিব নোৱাৰিছিল বা অত্যাচাৰ কৰিব পৰাও নাছিল।

২৫। অস্ত্র শস্ত্ৰৰ নিয়ন্ত্রণ বজাই ৰাখিবলৈ মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত চুক্তিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ অস্ত্র-শস্ত্ৰৰ নিয়ন্ত্রণ বজাই ৰাখিবলৈ মার্কিন যুক্তৰাষ্ট্র আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি কেইখনৰ বিষয়ে তলত দিয়া ধৰণে আলোচনা কৰা হ’ল-

১। সীমিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (Limited Test Ban Treaty, LTBT): বায়ুমণ্ডল, আকাশৰ বহিবভাগত বা পানীৰ তলত পাৰমাণবিক অস্ত্র পৰীক্ষা নিষিদ্ধকৰণ -চুক্তিখন সম্পাদন হৈছিল ১৯৬৩ চনৰ ৫ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্র, গ্রেট ব্রিটেইন আৰু ছোভিয়েট ৰাছিয়াৰ মাজত আৰু ইয়াক কার্যকৰী কৰা হৈছিল ১৯৬৩ চনৰ ১০ অক্টোবৰৰ পৰা। এই চুক্তিখনক সীমিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি বুলি জনা যায়।

২। পাৰমাণবিক অস্ত্র সম্প্রসাৰণ বিৰোধ চুক্তি (Nuclear Non-Proliferation Treaty, NPT): পাৰমাণৰিক অস্ত্র সম্প্ৰসাৰণ বিবোধ চুক্তি অনুসৰি কেৱল পাৰমাণৱিক শক্তি আহৰণ কৰা ৰাষ্ট্ৰসমূহৰহে পাৰমাণবিক অস্ত্র থাকিব। এই চুক্তি অনুসৰি পাৰমাণৱিক ৰাষ্ট্র বুলি কলে সেইবোৰ ৰাষ্ট্রক গণ্য কৰা হ’ব: যিবোৰ ৰাষ্ট্রই ১৯৬৭ চনৰ ১ জানুৱাৰীৰ আগতে পাৰমাণৱিক অস্ত্র তৈয়াৰ কৰিছিল বা বিস্ফোৰিত কৰিছিল। সেই অনুসৰি পাৰমাণবিক অস্ত্রৰ ৰাষ্ট্ৰসমূহ হ’ল- আমেৰিকা যুক্তৰাষ্ট্র, ছোভিয়েট ৰাছিয়া, ব্রিটেইন, ফ্রান্স আৰু চীন। এই চুক্তি ১৯৬৮ চনৰ ১ জুলাইত ৱাশিংটন, লণ্ডন আৰু মস্কোত স্বাক্ষৰ হৈছিল আৰু বলবৎ হৈছিল ১৯৭০ চনৰ মাৰ্চ মাহত। 

৩। অস্ত্র সীমিতকৰণ কৌশল, আলোচনা-১ (Strategic Arms Limitation Talks-1 (SALT-1)): প্রথমতে অস্ত্র সীমিতকৰণ কৌশলৰ বিষয়ে আলোচনা হৈছিল ১৯৬৯ চনৰ নৱেম্বৰ মাহত। ইয়াৰ পিছত ছোভিয়েট নেতা মিখাইল ব্রেজনেভ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ৰীছার্ড নিক্সনে মস্কোত এন্টি-ব্যালিচটিক মিছাইল পদ্ধতিৰ সীমিতকৰণ চুক্তি (Limitation of Anti Ballistic Missile System, ABM Treaty)

(খ) ৰণকৌশল আগ্রাসী। অস্ত্র সীমিতকৰণৰ (Limitation of Strategic Offensive Arms) দুখন আন্তর্জাতিক চুক্তিত ১৯৭২ চনৰ ২৬ মে’ত স্বাক্ষৰিত কৰিছিল। এই চুক্তি দুখন ১৯৭২ চনৰ ৩ অক্টোবৰত কাৰ্যকৰী কৰা হৈছিল।

৪। অস্ত্র সীমিতকৰণ কৌশল আলোচনা-২ (Strategic Arms Limitation Talks- II): অস্ত্র সীমিতকৰণ কৌশলৰ দ্বিতীয়খন আলোচনা ১৯৭২ চনৰ নৱেম্বৰ মাহত আৰম্ভ হৈছিল। আমেৰিকাৰ ৰাষ্ট্রপতি জিম্মি কার্টাব আৰু ছোভিয়েট নেতা লিয়োনল্ড ব্রেজনেভে ৰণকৌশলত আক্রমণ কৰা অস্ত্র সীমিতকৰণৰ চুক্তিত (Treaty on the limitation of Strategic offensive arms) ভিয়েটনামত ১৯৭৯ চনৰ ১৮ জুনত স্বাক্ষৰ কৰিছিল।

৫। অস্ত্র হ্রাস কৰা কৌশলগত চুক্তি-১ (Strategic Arms Reduction Treaty-1): ৰণকৌশলত আক্রমণ কৰা অস্ত্রৰ নির্মাণ হ্রাস আৰু সীমিতকৰণৰ চুক্তি-১ খন ১৯৯১ চনৰ ৩১ জুলাইত মস্কোত ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি মিখাইল গর্বাচেভ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জর্জ বুশ্ব (জ্যেষ্ঠ)ৰ মাজত স্বাক্ষৰিত হৈছিল।

৬। অস্ত্র হ্রাস কৰা কৌশলগত চুক্তি-২ (Strategic Arms Reduction Treaty-II): ৰণকৌশলত আক্রমণ কৰা অস্ত্র নির্মাণ হ্রাস আৰু সীমিতকৰণৰ চুক্তি-২ খন ৰাছিয়াৰ ৰাষ্ট্রপতি বোৰিচ্ য়েল্টছিন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জর্জ বুশ্ব (জ্যেষ্ঠ)ৰ মাজত ১৯৯৩ চনৰ ৩ জানুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল।

-0000-

FAQs (Frequently Asked Questions)

  1. শীতল যুদ্ধ কি আছিল?

শীতল যুদ্ধ আছিল এক সময়ৰ ৰাজনৈতিক আৰু সামরিক উত্তেজনা, য’ত আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন একে সময়ত পৰস্পৰে একে বিশ্বাসৰ পৰা আলাদা আছিল আৰু সৰাসৰিভাৱে যুজাই নাছিল।

  1. শীতল যুদ্ধৰ কাৰণ কি আছিল?

শীতল যুদ্ধৰ মূল কাৰণ আছিল আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ বেলেগ বেলেগ চৰকাৰী আৰু অৰ্থনৈতিক বিশ্বাস (পুঁজিবাদী বনাম সমাজবাদী) আৰু বিশ্বত অধিক ক্ষমতা লাভ কৰাৰ পৰা।

  1. শীতল যুদ্ধৰ সময়ত কি কি গুৰুত্বপূর্ণ ঘটনা ঘটিছিল?

শীতল যুদ্ধৰ সময়ত কিছু গুৰুত্বপূর্ণ ঘটনা আছিল: বাৰ্লিন ব্লকেড, কিউবান মিছাইল সংকট, কোৰিয়া যুদ্ধ, আৰু ভিয়েটনাম যুদ্ধ।

  1. শীতল যুদ্ধ বিশ্বত কেনে প্ৰভাৱ পেলাইছিল?

শীতল যুদ্ধ বিশ্বৰ ৰাজনৈতিক সম্পর্ক পৰিৱৰ্তন কৰি, নেট’ আৰু ৱাৰ্ছাৱ পেক্টৰ দৰে সামৰিক গোট সৃষ্টি কৰিছিল আৰু একাধিক দেশত যুদ্ধ আৰু উত্তেজনা সৃষ্টি হৈছিল।

  1. শীতল যুদ্ধ অধ্যয়ন কৰা কিয় আৱশ্যক?

শীতল যুদ্ধ অধ্যয়ন কৰাটো আমাক বুজিবলৈ সহায় কৰে যে কিদৰে দেশসমূহৰ মাজত ধৰ্ম, চৰকাৰী বিশ্বাস আৰু শক্তি লৈ প্ৰত্যক্ষ সংঘৰ্ষ নোহোৱা অৱস্থাতো উত্তেজনা সৃষ্টি হৈছিল, আৰু ইয়াৰ ফলত কিদৰে বিশ্ব আজিৰ পৰিসৰে গঠন হৈছে।

Last Words

We hope this post on AHSEC Assam Board Class 12 Political Science Chapter 1 – “শীতল যুদ্ধৰ যুগ” (The Cold War Era) Question Answers has helped clarify the topic for you. For more important notes and question answers, please explore the Assamese Medium Class 12 Notes section on our homepage.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
Share via
Copy link