Class 12 Political Science Solved Paper 2024 (Assamese) | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান 2024 প্ৰশ্নকাকত সমাধান

In this article, we have shared the Assam Board Class 12 Political Science Solved Paper 2024 (Assamese),দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান 2024 প্ৰশ্নকাকত সমাধান to help students prepare for their exams. The Assam Higher Secondary Education Council (AHSEC), under the Assam State School Education Board (ASSEB), conducts the Class 12 exams every year. This solved paper includes clear and simple answers to all the questions. It will help students understand the topics better and score good marks in their Assam Board Class 12 Political Science exam.

এই পোস্টত আমি ২০২৪ চনৰ দ্বাদশ শ্ৰেণীৰ ৰাজনীতিশাস্ত্ৰৰ সমাধান কৰা প্ৰশ্নপত্ৰ অসমীয়াত উপস্থাপন কৰিছোঁ। এইটো অসমীয়াৰ মাধ্যমৰ অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC) ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰাজনীতিশাস্ত্ৰৰ পৰীক্ষাৰ প্ৰস্তুতিত অতি উপযোগী। অসমীয়াত দিয়া সমাধানসমূহক তপস্যাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব পাৰি।

Assam Board Class 12 Political Science (ৰাজনীতি বিজ্ঞান) 2024 Solved Question Paper in Assamese

২০২৪
ৰাজনীতি বিজ্ঞান
(নতুন পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে)
(সম্পূৰ্ণ নম্বৰ: ৮০)
উত্তীৰ্ণৰ বাবে নম্বৰ: ২৪
প্ৰশ্নৰ পাৰ্শ্বত উল্লেখ কৰা সংখ্যাবোৰ প্ৰশ্নটোৰ পূৰ্ণ নম্বৰ সূচাই।

ক – শাখা (সমসাময়িক বিশ্ব ৰাজনীতি)

1. নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো ছটাৰ উত্তৰ লিখা:

(a) ভাৰতে অর্থনৈতিক সংস্কাৰ কোন চনত কৰিছিল?

উত্তৰঃ ভাৰতে অর্থনৈতিক সংস্কাৰ ১৯৯১ চনত কৰিছিল।

(b) ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্রাৰ নাম কি?

উত্তৰঃ ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্রাৰ নাম হ’ল— ইউৰো।

(c) মানৱ নিৰাপত্তাৰ প্ৰতি যিকোনো নতুন ভাৱুকি এটা লিখা।

উত্তৰঃ সন্ত্ৰাসবাদ হৈছে মানৱ নিৰাপত্তাৰ প্ৰতি নতুন ভাৱুকি।

(d) চাৰ্কৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ চাৰ্কৰ সম্পূৰ্ণ ৰূপটো হ’ল— South Asian Association for Regional Cooperation.

(e) বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে উদযাপন কৰা হয়?

উত্তৰঃ বিশ্ব পৰিৱেশ দিৱস ৫ জুন তাৰিখে উদযাপন কৰা হয়।

(f) কোনখন বসুন্ধৰা শীৰ্য সম্মিলনে পৰিৱেশৰ বিষয়টো বিশ্ব ৰাজনীতিত গুৰুত্বপূর্ণ বিষয়ৰূপে চিহ্নিত কৰে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনে।

(g) কোন চনত আছিয়ান আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৯৪ চনত আছিয়ান আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল।

(h) গঠনৰ সময়ত ৰাষ্ট্ৰসংঘৰ ছনদত কিমানখন ৰাষ্ট্ৰই চহী কৰিছিল?

উত্তৰঃ গঠনৰ সময়ত ৰাষ্ট্ৰসংঘৰ ছনদত ৫০খন ৰাষ্ট্ৰই চহী কৰিছিল।

(i) ৰাষ্ট্ৰসংঘ কেতিয়া প্রতিষ্ঠা হৈছিল?

উত্তৰঃ ৰাষ্ট্ৰসংঘ ১৯৪৫ চনৰ ২৪ অক্টোবৰত প্রতিষ্ঠা হৈছিল।

(j) চীনে ‘মুক্ত দুৱাৰ নীতি’ গ্রহণ কৰিছিল। হয় অথবা নহয় লিখা।

উত্তৰঃ হয়।

2. তলৰ প্ৰশ্নসমূহৰ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখা:

(a) ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিৱ প্রধান কোন আছিল? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ নৰৱেৰ ট্ৰাইভহাল্ডান লী ৰাষ্ট্রসংঘৰ প্রথম সচিব প্রধান আছিল।

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত।

অথবা

সমগ্র বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা।

উত্তৰঃ সমগ্র বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম হ’ল— Amnesty International আৰু Global Rights Watch.

(b) প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পার্থক্য লিখা।

উত্তৰঃ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পার্থক্য হ’ল—

প্ৰব্ৰজনকাৰীশৰণাৰ্থী
প্ৰব্ৰজনকাৰী সাধাৰণতে স্ব – ইচ্ছাই উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰ ভিতৰতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যায়।কিন্তু শৰণাৰ্থীসকল হ’ল যুদ্ধৰ ভয়ত, প্রাকৃতিক দুৰ্যোগৰ কৱলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তি।
প্ৰব্ৰজনকাৰীসকল আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত বিশেষ সুৰক্ষাৰ অধিকাৰী নহয়।১৯৫১ চনৰ শৰণাৰ্থী সন্ধিৰ দৰে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত শৰণাৰ্থীসকলক সুৰক্ষিত কৰা হৈছে।

(c) কোন দুখন ৰাষ্ট্ৰই ফাৰাক্কা চুক্তিত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ভাৰত আৰু বাংলাদেশে ফাৰাক্কা চুক্তিত স্বাক্ষৰ কৰিছিল।

(d) পৰিৱেশ সজাগতা মানে কি?

উত্তৰঃ পৰিৱেশ সজাগতা মানে হৈছে পৰিৱেশৰ প্ৰতি লোকৰ সচেতনতা বৃদ্ধি কৰা, পৰিৱেশৰ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা। ই পৰিৱেশত হোৱা দূষণ, প্ৰাকৃতিক সম্পদৰ অপচয়, বনজ সম্পদ ধ্বংস আদি সমস্যাসমূহৰ বিষয়ে মানৱজাতিক সজাগ কৰি তোলে আৰু কৰ উন্নয়নৰ দিশে আগবঢ়োৱা লক্ষ্য কৰে।

(e) আছিয়ানৰ যিকোনো দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ আছিয়ানৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম হ’ল— ইণ্ডোনেছিয়া আৰু থাইলেণ্ড।

(f) ছোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত সৃষ্টি হোৱা দুখন স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ছোভিয়েট ইউনিয়ন ভাঙোনৰ পিছত সৃষ্টি হোৱা দুখন স্বাধীন ৰাষ্ট্ৰৰ নাম হ’ল— ৰাছিয়া আৰু লাটভিয়া।

অথবা

দ্বিতীয় বিশ্ব কি?

উত্তৰঃ দ্বিতীয় বিশ্ব বিৰোধী শক্তি আৰু মিত্ৰ শক্তিৰ মাজত সংঘটিত এক বৈশ্বিক যুদ্ধ। ই ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰত আৰম্ভ হৈছিল আৰু ১৯৪৫ চনত সমাপ্ত হৈছিল। এই যুদ্ধৰ ফলত প্ৰায় ৭ কোটিমান লোকৰ মৃত্যু হৈছিল, যাৰ ভিতৰত অসংখ্য অসামৰিক লোকো আছিল।

3. নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো তিনিটা প্রশ্নৰ উত্তৰ লিখা:

(a) অনুন্নত ৰাষ্ট্ৰসমূহত বিশ্বায়নৰ ফলাফল আলোচনা কৰা।

উত্তৰঃ বিশ্বায়নৰ জৰিয়তে সমগ্র বিশ্বত সমৰূপী অর্থনৈতিক ব্যৱস্থা সম্ভৱ হোৱাৰ প্ৰৱল সম্ভৱনা থাকে। ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ পৰা অর্থনৈতিক ব্যৱস্থাৰ মুক্ততাৰ বাবে ব্যৱসায় আৰু বাণিজ্যৰ বিস্তৃতভাবে সম্প্ৰসাৰণ ঘটিছে। পুঁজিৰ মুক্ত আদান-প্রদানৰ বাবে ব্যৱসায়িক প্রতিষ্ঠানসমূহে অবাধে উদ্যোগ কল-কাৰখানা স্থাপন কৰাৰ সুবিধা লাভ কৰিছে আৰু ইয়ে নিয়োগৰ সুযোগ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে।

বিশ্বায়ন প্রক্রিয়াৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ থকা দুটা সংস্থা আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি আৰু বিশ্ব বাণিজ্য সংস্থাৰ জৰিয়তে ৰাষ্ট্ৰসমূহৰ বিকাশমূলক আৰু ব্যৱসায়িক কার্যকলাপ সুচল হৈ উঠিছে। গুৰুত্বপূর্ণভাৱে বিশ্বায়ন প্রক্রিয়াৰ অৱদান বিশ্বব্যাপী আন্তঃসংযোগতাই বিশ্বৰ অগণন জনসাধাৰণৰ মাজত সম্পর্ক স্থাপনত সহায়ক হিচাপে থিয় দিছে।

(b) বিশ্বৰ সামুহিক সম্পদ বুলিলৈ কি বুজা। বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ সামূহিক বা ৰাজহুৱা সম্পদ বুলিলে সেই সমূহ সম্পদক বুজোৱা হয় যিবোৰ কোনো ব্যক্তিৰ বাবে নহয়, বৰং এটা সম্প্রদায়ে ভোগ কৰে। এখন নদী, এখন উদ্যান এটা সামূহিক কেন্দ্র আদি সামূহিক বা। ৰাজহুৱা সম্পদৰ ভিতৰত পৰে। বিশ্বত এনে বহুত অঞ্চল আছে যিবোৰ কোনো সাৰ্বভৌম ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয় আৰু সেয়েহে বিশ্ব সমুদায়ে সামূহিকভাৱে এনে অঞ্চলবোৰ শাসন কৰা প্ৰপ্রযোজন। এনে সম্পদবোক বিশ্বৰ সামূহিক সম্পদ বুলিব পৰা যায় বিশ্বৰ এনে সামূহিক সম্পদসমূহৰ ভিতৰত পৃথিৱীৰ জলবায়ু, এন্টার্কটিকা মহাদেশ, বৰফাবৃত অঞ্চল আৰু মহাকাশ অন্যতম।

বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে দুটা পৰামৰ্শ তলত আলোচনা কৰা হ’ল—

(i) এই উমৈহতীয়া ৰক্ষণা-বেক্ষণৰ বাবে সকলোবোৰ দেশৰে সম্পূর্ণ সহায় সহযোগিতাৰ প্ৰয়োজন। উমৈহতীয়া সম্পদসমূহৰ দ্বায়িত্ব সকলোৱে ল’ব লাগিব।

(ii) উমৈহতীয়া সম্পদসমূহৰ ক্ষেত্ৰত উত্তৰৰ আৰু দক্ষিণৰ দেশসমূহৰ মাজত সংঘাত আছে। সেইফালৰ পৰা এইবোৰৰ ৰক্ষণা-বেক্ষণৰ বাবে উত্তৰৰ দেশবোৰৰ দ্বায়বদ্ধতা বেছি।

অথবা

পৰিৱেশ প্ৰদূষণৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ পৰিৱেশ প্ৰদূষণৰ কাৰণসমূহৰ মধ্যে কিছু মুখ্য কাৰণ হ’ল:

(ক) যান্ত্রিক কাৰ্যকলাপ: শিল্প-কাৰখানা আৰু যানবাহন ইত্যাদিৰ দ্বাৰা ইন্ধন পুৰাণৰ বাবে বায়ুমণ্ডলত বিষাক্ত গেছসমূহ মুকলি হয়, যাৰ ফলত বায়ু প্ৰদূষণ সৃষ্টি হয়।

(খ) বনসংকোচন: বনাঞ্চলৰ সংকোচনৰে বায়ুমণ্ডলত কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত গ্ৰীণহাউছ গেছৰ পৰিমাণ বৃদ্ধি আৰু গ্লোবেল ৱাৰ্মিং হয়।

(গ) কেমিকেলৰ ব্যৱহাৰ: কৃষিত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰে মাটি আৰু পানী প্ৰদূষিত কৰে। এইবোৰে জীৱবৈচিত্ৰৰ বাবে বিপদ সৃষ্টি কৰে।

(ঘ) প্লাষ্টিক আৰু বর্জ্যৰ পৰিমাণ বৃদ্ধি: প্লাষ্টিকৰ ব্যৱহাৰ আৰু বর্জ্য সঠিকভাৱে নিষ্কাশন নকৰা ফলত মাটি, জলাশয় আৰু সাগৰ প্ৰদূষিত হয়।

(c) নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এক মুখ্য অংগ আৰু ইয়াক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা হিচাপে অভিহিত কৰা হয়। ৰাষ্ট্ৰসংঘৰ মুখ্য অংগ হিচাপে এই পৰিষদৰ বহুতো কাৰ্যাৱলী আছে। তলত সেইবোৰ উল্লেখ কৰা হ’ল—

(ক) আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা: নিৰাপত্তা পৰিষদৰ এক মূল কাৰ্য হ’ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। ৰাষ্ট্ৰসংঘৰ চনদৰ ৩৩ নং অনুচ্ছেদত উল্লেখ আছে যে বিশ্বশান্তি আৰু নিৰাপত্তা ব্যাহত হ’ব পৰা কোনো পৰিস্থিতিৰ সৃষ্টি হ’লে বি বাদ জড়িত দেশে আলাপ-আলোচনা, মধ্যস্তা নাইবা আন্তৰাষ্ট্ৰীয় আদালতৰ জৰিয়তে তেনে বিবাদ মীমাংসা কৰাৰ কাৰণে নিৰাপত্তা পৰিষদে চেষ্টা ক ৰিব।

(খ) শাস্তিমূলক ব্যৱস্থাৰ প্রয়োগ: নিৰাপত্তা পৰিষদৰ অন্য এক অন্যতম কার্য হ’ল শাস্তিমূলক ব্যৱস্থাৰ প্রয়োগ শাস্তিমূলক নিৰাপত্তা পৰিষদৰ যদি বিশ্বাস হয় যে কোনো দেশে গ্ৰহণ কৰা নীতিৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ব্যাহত হোৱাৰ সম্ভাৱনা আছে আৰু সেই দেশ শান্তিপূর্ণ উপায়ে বিবাদ মীমাংসা কৰাৰ বাবে আগ্ৰহী নহয়, তেতিয়াহ’লে পৰিষদ তেনে দেশৰ বিৰু ব্যৱস্থা গ্রহণ কৰিব পাৰে। এই শাস্তিমূলক ব্যৱস্থা অর্থনৈতিক আৰু সামৰিক এই দুই ধৰণৰ হ’ব পাৰে।

(গ) নিৰস্ত্ৰীকৰণ: নিৰাপত্তা পৰিষদৰ অন্য এক কাৰ্য হ’ল নিৰস্ত্ৰীকৰণৰ। নিৰস্ত্ৰীকৰণ আৰু অস্ত্র-পাতি নিয়ন্ত্ৰণৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰি সদস্য ৰাষ্ট্ৰসমূহলৈ এই পৰিকল্পনা পৰিষদে পঠাব পাৰে। দেশসমূহৰ আর্থিক সম্পদ যাতে অস্ত্র-পাতি বৃদ্ধিত বেছিকৈ খৰচ কৰা নহয়; সেই বিষয়েও পৰিষদে দৃষ্টি ৰাখিব লাগে।

(ঘ) নির্বাচনসংক্রান্ত ক্ষমতা: নির্বাচনসংক্রান্ততো নিৰাপত্তা পৰিষদৰ কৰণীয় আছে। এই পৰিষদৰ অনুমোদনক্রমে সাধাৰণ সভাই ৰাষ্ট্ৰসংঘত নতুন সদস্যক ভর্তি কৰিব পাৰে। কোনো সদস্য ৰাষ্ট্ৰক বহিষ্কাৰ কৰাৰ বিষয়তো নিৰাপত্তা পৰিষদৰ অনুমোদনৰ প্ৰয়োজন।

(d) ছোভিয়েট ইউনিয়ন ভংগৰ কাৰণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ ছোভিয়েট ইউনিয়ন ভংগৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—

১। গর্বাচেভে যিবোৰ সংস্কাৰ কৰিব বিচাৰিছিল বা প্রশাসনৰ ক্ষেত্ৰত যি শিথিলতা আনিব বিচাৰিছিল সেইবোৰ অতি লেহেম গতিত আগবাঢ়িছিল। ইয়াৰ ফলশ্রুতিত জনসাধাৰণ ধৈর্য্যচ্যুত আৰু নিৰাশ হৈ পৰিছিল। কাৰণ, তেওঁলোকৰ মতে ইমান লেহেম গতিত কামবোৰ আগবাঢ়িলে তেওঁলোকে আশা কৰা অনুসৰি লাভৱান নহ’ব।

২। ছোভিয়েট ইউনিয়নৰ পতনৰ আন এটা কাৰণ হ’ল ৰাছিয়া, বাল্টিক প্রজাতন্ত্র (ইষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া) ইউক্রেইন, জর্জিয়া আৰু ছোভিয়েট ইউনিয়ৰ অংশ হিচাপে থকা বিভিন্ন প্ৰজাতন্ত্ৰবোৰৰ মাজত গঢ়ি উঠা জাতীয়তাবাদ আৰু সার্বভৌমত্ব লাভৰ আকাংক্ষা।

৩। ছোভিয়েট ইউনিয়নৰ পতনৰ আন এটা কাৰণ হ’ল ঐতিহাসিক কাৰণ; ছোভিয়েট ইউনিয়নৰ কেতবোৰ স্বাধীন প্রজাতন্ত্র একত্রিত হৈ গঠিত হৈছিল। গতিকে, এই প্রজাতন্ত্রবোৰৰ বহুত বিষয়ত বৈসাদৃশ্য আছিল আৰু ইয়াৰ বাবে প্ৰজাতন্ত্ৰবোৰৰ মাজত অভ্যন্তৰীণ সমস্যাই দেখা দিছিল।

৪। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ আন এটা কাৰণ হ’ল মধ্য এছিয়াত জাতীয়তাবাদীসকলৰ বিক্ষোভ। ছোভিয়েট ইউনিয়নৰ আন আন প্রজাতন্ত্ৰৰ সৈতে থকা মধ্য এছিয়াৰ প্ৰজাতন্ত্ৰবোৰৰ জাতিগত আৰু ধর্মীয় পার্থক্য তথা অর্থনৈতিক অনগ্ৰসৰতা।

(e) ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদানসমূহ তলত আলোচনা কৰা হ’ল—

(ক) নিবাৰক: যুদ্ধত প্ৰতিপক্ষৰো যথেষ্ট ক্ষতি হ’ব বুলি ঘোষণা কৰি যুদ্ধক বাধা দিয়া নীতিটোৱে হৈছে নিবাৰক।

(খ) প্ৰতিৰক্ষা: নিৰাপত্তাৰ দ্বিতীয় উপাদানটো হ’ল প্ৰতিৰক্ষা। যুদ্ধ সংঘটিত হ’লে আক্ৰমণকাৰী ৰাষ্ট্ৰৰ উদ্দেশ্য ব্যৰ্থ কৰা আৰু আক্ৰমণকাৰী ৰাষ্ট্ৰক ওভোটাই পঠোৱা নাইবা সম্পূৰ্ণৰূপে পৰাস্ত কৰাই হ’ল প্ৰতিৰক্ষা।

(গ) ক্ষমতাৰ ভাৰসাম্য: পৰম্পৰাগত নিৰাপত্তা নীতিৰ তৃতীয় উপাদানটো হ’ল ক্ষমতাৰ ভাৰসাম্য। যেতিয়া দেশ এখনেই অন্য এখন দেশক নিজৰ শত্রু গণ্য কৰে আৰু সেই দেশ শক্তিশালী হ’লে ভৱিষ্যতে কোনো এক মুহূর্তত সেই দেশে আক্রমণাত্মক ভূমিকা গ্ৰহণ কৰিব পাৰে ভয় কৰে। সেইবাবে দেশবোৰৰ মাজত ক্ষমতাৰ ভাৰসাম্যৰ দিশটোৰ প্ৰতি চৰকাৰসমূহে অতি সচেতন হৈ থাকে। বিৰোধ থকা আৰু অতীতত সংঘাতত লিপ্ত হৈ থকা দেশবোৰৰ লগতে, প্ৰধানকৈ ওচৰ-চুবুৰীয়া দেশবোৰৰ সৈতে এক অনুকূল ক্ষমতাৰ ভাৰসাম্য অটুট ৰাখিবলৈ চৰকাৰসমূহে যথেষ্ঠ যত্ন কৰে। ক্ষমতাৰ ভাৰসাম্য অব্যাহত ৰখাৰ এক ভাল উপায় হ’ল সামৰিক ক্ষমতা বৃদ্ধি কৰা।

(ঘ) মিত্রজোঁট গঠন: পৰম্পৰাগত নিৰাপত্তাৰ চতুৰ্থটো উপাদান হ’ল মিত্রজোঁট গঠন কৰা। মিত্ৰজোঁট হ’ল ৰাষ্ট্ৰসমূহৰ মাজত মর্চা গঠন কৰা সামৰিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধ নাইবা প্ৰতিৰক্ষা স্থাপনৰ এক সমন্বিত প্রচেষ্টা। প্রায়ভাগ মিত্রজোঁটেই লিখিত চুক্তিৰ আধাৰত আনুষ্ঠানিক ৰূপ পায়। কোনখন ৰাষ্ট্ৰ ভাবুকি হ’ব পাৰে সেইটো ন্যায়সংগত আৰু স্পষ্টভাৱে চিনাক্তকৰণ কৰি মিত্ৰজোঁট গঠন কৰা হয়। দেশবোৰে আন দেশ বা মিত্ৰজোঁটৰ তুলনাত ক্ষমতা বৃদ্ধি কৰিবলৈ মিত্ৰজোঁট গঠন কৰে। মিত্ৰজোঁটৰ গঠন ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিবৰ্তনৰ লগে লগে মিত্ৰজোঁটৰ পৰিবৰ্তন হয়।

4. নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা:

(a) চাৰ্কৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আলোচনা কৰা।

উত্তৰঃ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তোলাৰ উদ্দেশ্যৰূপে ১৯৮৫ চনৰ ডিচেম্বৰত চাৰ্ক (SAARC) গঠন কৰা হৈছিল। চাৰ্কে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত আৰ্থ-সামাজিক বিকাশ ত্বৰান্বিত কৰাৰ লগতে অঞ্চলটোৰ মুমবিশ্বাস বৃদ্ধি কৰাৰ বাবে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। সদস্যৰ পৰা আফগানিস্তানৰ যোগদানৰ পাছত চাৰ্কৰ সদস্যৰ সংখ্যা আঠখনে বৃদ্ধি পায়। চাৰ্কে ইউৰোপীয় সংঘ, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বিশ্ব সংগঠনৰ সৈতে কূটনৈতিক সম্পর্ক স্থাপন কৰিছে।

চাৰ্কৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজত ৰাজনৈতিক মতভেদ সত্ত্বেও, দক্ষিণ এছিয়া মুক্ত বাণিজ্য ক্ষেত্ৰ (SAFTA) গঠন কৰা হৈছে, যাৰ উদ্দেশ্য আছিল দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত মুক্ত বাণিজ্য প্ৰসাৰিত কৰা। চাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহে এই চুক্তিৰ মাধ্যমে বাণিজ্যিক উন্নতিৰ এক নতুন দিশ দেখিবলৈ পোৱা গৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি স্থাপন আৰু সহযোগিতাৰ ক্ষেত্ৰত চাৰ্কৰ শীর্ষ সম্মিলনসমূহ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

অথবা

ভাৰত আৰু পাকিস্থানৰ মাজৰ সম্পৰ্কৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পর্ক স্বাধীনতাৰ পৰাই সংঘাতৰ সন্মুখীন হৈছে, যাৰ মূল কাৰণ হৈছে কাশ্মীৰ সমস্যা। ১৯৪৭-৪৮ আৰু ১৯৬৫ চনত দুয়ো ৰাষ্ট্ৰৰ মাজত যুদ্ধ হৈছিল, কিন্তু কাশ্মীৰৰ বিষয়ে কোনোধৰণৰ সমাধান লাভ কৰা নহ’ল। ১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ সময় ভাৰত জয়ী হলেও কাশ্মীৰ সমস্যা অমীমাংসিত থাকে।

ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ আন এক কাৰণ হৈছে বাণিজ্যিক আৰু কৌশলগত বিষয়সমূহ, যেনে চিয়াচেন হিমবাহৰ ওপৰত আধিপত্য আৰু অস্ত্র-শস্ত্র সংগ্রহ। ১৯৯৮ চনত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক বিস্ফোৰণ ঘটোৱাৰ পিছত দুয়ো ৰাষ্ট্ৰে সামৰিক বন্ধুত্ব গঢ়ি তুলিছিল আৰু পূর্ণ যুদ্ধৰ পৰা নিজকে আঁতৰাই ৰখাৰ চেষ্টা কৰিছিল।

পাকিস্তান আৰু ভাৰতৰ মাজত কাশ্মীৰৰ সন্ত্রাসবাদী কাৰ্যকলাপ আৰু সীমান্তৰ ওপৰত সন্দেহও প্ৰচলিত। ভাৰতৰ অভিযোগ, পাকিস্তানে কাশ্মীৰৰ সন্ত্রাসবাদীসকলক সহযোগিতা দিয়াৰ লগতে খালিস্তানি সংগ্রামীসকলক অস্ত্র যোগান ধৰিছে। পাকিস্তানৰ দিশৰ পৰা, সিন্ধু আৰু বেলুচিস্তানৰ অস্থিৰতাৰ বাবে ভাৰতক দোষাৰোপ কৰা হৈছে।

(b) আছিয়ানৰ মূল স্তম্ভ কেইটা কি কি? বিশদভাৱে আলোচনা কৰা।

উত্তৰঃ আছিয়ানৰ মূল স্তম্ভ তিনিটা।

সেইবোৰ হ’ল—

(ক) আছিয়ান নিৰাপত্তা পৰিষদ: আছিয়ান নিৰাপত্তা পৰিষদ গঠন কৰাৰ মূল উদ্দেশ্য হ’ল এছীয় ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদে যাতে সশস্ত্র সংঘর্ষলৈ ৰূপান্তৰিত নহয় তাৰ প্ৰতি পৰিষদে লক্ষ্য ৰাখিব। আছিয়ানৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে শান্তি-সম্প্রীতি তথা নিৰপেক্ষতা বজাই ৰখা, ৰাষ্ট্ৰসমূহে সহযোগিতাৰ মাজেৰে কাম কৰা, আন ৰাষ্ট্ৰৰ কাৰ্যত হস্তক্ষেপ নকৰা আৰু সকলো ৰাষ্ট্ৰৰে সার্বভৌম অধিকাৰৰ প্ৰতি সম্মান জনোৱা আদিৰ বাবে ২০০৩ চনলৈকে বহুত চুক্তি সম্পাদন কৰিছিল।

(খ) আছিয়ান অর্থনৈতিক পৰিষদ: আছিয়ানে যদিও সদস্য ৰাষ্ট্ৰসমূহৰ নিৰপত্তা তথা বৈদেশিক নীতিৰ ক্ষেত্ৰত কিছুমান কার্য সমাপন কৰি আছে, বৰ্তমান ই ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক ক্ষেত্রত অধিক মনোনিবেশ কৰা দেখিবলৈ পোৱা যায়। আছিয়ানৰ অঞ্চলৰ অৰ্থনৈতিক ব্যৱস্থা যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় সংঘ আৰু জাপানৰ সমপৰ্যায়ৰ নহয়, তথাপি ই অর্থনৈতিক দিশত যি দ্রুতগতিৰে আগবাঢ়িবলৈ আৰম্ভ কৰিছে তাৰ প্ৰতি লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে ভৱিষ্যতে ই অর্থনৈতিক দিশত আন ৰাষ্ট্ৰতকৈ যথেষ্ট আগবাঢ়ি যাব। আছিয়ানৰ সদস্যভুক্ত ৰাষ্ট্রসমূহে ভৱিষ্যতে কেৱল নিজৰ এলেকাৰ ভিতৰতে নহয়, ইয়াৰ বাহিৰতো অর্থনৈতিক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’ব।

(গ) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদ: আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদৰ উদ্দেশ্য হ’ল সংস্থাটোৰ সদস্য ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ মাজত সংহতি আৰু একতা স্থাপনৰ অৰ্থে জনমুখী আৰু সামাজিকভাৱে দায়বদ্ধ আছিয়ান সম্প্রদায় সৃষ্টিত বৰঙণি আগবঢ়োৱা। এই পৰিষদে জনসাধাৰণৰ কল্যাণ সাধন হোৱা এখন সমাজ গঠনৰ লগতে এক উমৈহতীয়া আত্মপৰিচয় দাঙি ধৰিব বিচাৰে। পৰিষদে বহনক্ষম বিকাশৰ বাবে মানৱ, সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদৰ পৃষ্ঠপোষকতা কৰাত গুৰুত্ব প্রদান কৰে।

(c) বিশ্ব ৰাজনীতিত চীনৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ বিশ্ব ৰাজনীতিত চীনৰ ভূমিকা আজিৰ দিনত অত্যন্ত গুৰুত্বপূৰ্ণ। চীন বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি, আৰু ইয়াৰ আৰ্থিক শক্তি বিশ্বমঞ্চত বৃদ্ধি পাইছে। দেশটোৰ বাণিজ্যিক পৰিসৰ বিস্তৃত হৈছে, আৰু চীনৰ ‘বেল্ট এণ্ড ৰোড’ উদ্যোগৰ মাধ্যমে বহু দেশৰ লগত আৰ্থিক সম্পর্ক শক্তিশালী হৈছে। চীন জাতিসংঘ, বিশ্ব বাণিজ্য সংস্থা (WTO), আৰু অন্যান্য আন্তৰ্জাতিক সংগঠনৰ সদস্য হিচাপে বিশ্বৰ বিভিন্ন নীতি আৰু সিদ্ধান্তত এক কেন্দ্রীয় ভূমিকা পালন কৰে।

বিশ্বৰ চতুৰ্থ শিল্প বিপ্লৱৰ অংশ হিচাপে চীন বিজ্ঞান, প্ৰযুক্তি আৰু প্ৰতিষ্ঠানিক উন্নতিতো এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। সামৰিক ক্ষেত্ৰত চীনৰ শক্তি বিশ্বৰ অন্যতম বৃহৎ, আৰু দেশটি দক্ষিণ চীন সাগৰ, ভাৰতৰ সৈতে সীমান্ত সমস্যা আৰু অন্যান্য ভূ-ৰাজনৈতিক সমস্যাত সামৰিক ক্ষমতা আৰু প্ৰভাৱ বৃদ্ধি কৰিছে।

বিশ্বৰ অৰ্থনৈতিক মঞ্চত চীনৰ উপস্থিতি আৰু বাণিজ্যিক দিশৰ প্ৰভাৱ বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত এক বিশাল ভূমিকা পালন কৰিছে। যদিও চীনৰ ভূ-ৰাজনৈতিক পৰিস্থিতি আৰু সীমান্তৰ সমস্যাসমূহ, বিশেষকৈ ভাৰতৰ সৈতে, সমস্যা সৃষ্টি কৰি থাকে, চীনৰ বিশ্ব ৰাজনীতিত ভূমিকা অব্যাহতভাৱে শক্তিশালী হৈছে।

খ – অংশ (স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি)

5. নিম্নলিখিত প্রশ্নসমূহৰ পৰা যিকোনো ছটা প্ৰশ্নৰ উত্তৰ লিখা:

(a) প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ অন্তর্ভুক্ত এটা বৃহৎ পৰিকল্পনাৰ নাম লিখা।

উত্তৰঃ প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ অন্তর্ভুক্ত এটা বৃহৎ পৰিকল্পনাৰ নাম হ’ল— ভাক্ৰানাঙ্গল প্ৰকল্প।

(b) কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৭৭ চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল।

(c) ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্রতিষ্ঠান গঢ়ি তোলা হৈছে?

উত্তৰঃ ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি নিতি আয়োগ প্রতিষ্ঠান গঢ়ি তোলা হৈছে।

(d) কোনটো দলে ৰাষ্ট্রীয় গণতান্ত্রিক মর্চাক প্রতিনিধিত্ব কৰে?

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টি দলে ৰাষ্ট্রীয় গণতান্ত্রিক মর্চাক প্রতিনিধিত্ব কৰে।

(e) কোনখন চৰকাৰৰ দিনত মণ্ডল আয়োগ গঠন কৰা হৈছিল?

উত্তৰঃ জনতা দলৰ চৰকাৰৰ দিনত মণ্ডল আয়োগ গঠন কৰা হৈছিল।

(f) কোন চনত নাগালেণ্ড ৰাজ্য সৃষ্টি হৈছিল?

উত্তৰঃ ১৯৬৩ চনত নাগালেণ্ড ৰাজ্য সৃষ্টি হৈছিল।

(g) চিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু ___________ৰ মাজত। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ চিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত।

(h) কোন চনত প্ৰথমবাৰৰ কাৰণে ভাৰতত আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল?

উত্তৰঃ ১৯৭৫ চনত প্ৰথমবাৰৰ কাৰণে ভাৰতত আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল।

(i) কোন চনত ৰাজ্য পুনৰগঠন আয়োগ গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫৩ চনত ৰাজ্য পুনৰগঠন আয়োগ গঠন কৰা হৈছিল।

(j) 1966 চনত লালবাহাদুৰ শাস্ত্রী আৰু জেনেৰেল আয়ুব খানৰ মাজত হোৱা চুক্তিখনৰ নাম লিখা।

উত্তৰঃ 1966 চনত লালবাহাদুৰ শাস্ত্রী আৰু জেনেৰেল আয়ুব খানৰ মাজত হোৱা চুক্তিখনৰ নাম হ’ল— টাচকেন্ট চুক্তি।

6. তলত প্রশ্নসমূহৰ পৰা যিকোনো পাঁচটা প্রশ্নৰ উত্তৰ লিখা:

(a) প্রিভি পাৰ্চৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰঃ দেশীয় ৰাজ্যসমূহক ভাৰতীয় সংঘত চামিল কৰাৰ সময়ত শাসকবৃন্দক এইটো নিশ্চিত কৰা হৈছিল যে তেওঁলোকৰ পৰিয়ালে ব্যক্তিগত সম্পত্তি ৰাখিবলৈ সক্ষম হ’ব আৰু ৰাজ্যখনৰ আয়ৰ ওপৰত ভিত্তি কৰি চৰকাৰী ভাত্তা পাব। এই চৰকাৰী ভাত্তাক “প্ৰিভি পাৰ্চ” বুলি কোৱা হৈছিল। যদিও সংবিধানত উল্লেখ কৰা সমতা আৰু ন্যায়ৰ নীতিসমূহৰ পৰিপন্থী বুলি এনে ভাত্তাৰ সমালোচনা হৈছিল। ১৯৭১ চনত ইন্দিৰা গান্ধীৰ চৰকাৰে সংবিধান সংশোধন কৰি এই প্ৰিভি পাৰ্চ বিলুপ্ত কৰিছিল।

(b) সাম্প্রদায়িকতা উদ্ভৱ হোৱা দুটা কাৰণ লিখা।

উত্তৰঃ সাম্প্রদায়িকতা উদ্ভৱ হোৱা দুটা কাৰণ হ’ল—

(ক) ঐতিহাসিক বিভাজন আৰু শাসনৰ নীতি: ঔপনিবেশিক শাসনকালত ইংৰাজ চৰকাৰে “ভাগ কৰা আৰু শাসন কৰা” নীতি অনুসৰি জাতি, ধৰ্ম, আৰু সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰিছিল।

(খ) সামাজিক আৰু অৰ্থনৈতিক বৈষম্য: বিভিন্ন সম্প্ৰদায়ৰ মাজত অৰ্থনৈতিক, শিক্ষাগত আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত বৈষম্য থাকি আহিছিল। এই বৈষম্যই সম্প্ৰদায়সমূহৰ মাজত অসন্তোষ আৰু অবিশ্বাসৰ সৃষ্টি কৰি সাম্প্রদায়িকতাৰ পথ মুকলি কৰে।

(c) ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ‘বিশাল মিত্রতা’ মানে কি?

উত্তৰঃ ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ‘বিশাল মিত্রতা’ মানে হৈছে এটা ৰাজনৈতিক জোঁট বা জোটবন্ধন, য’ত বহু সংখ্যক ৰাজনৈতিক দল বা গোট একত্ৰিত হৈ কোনো নিৰ্দিষ্ট ৰাজনৈতিক লক্ষ্য সাধন কৰিবলৈ একেলগে কাম কৰে। ই সাধাৰণতে একেটা শক্তিশালী প্ৰতিৰোধ গঢ়ি তোলাৰ উদ্দেশ্যে গঠিত হয়, বিশেষকৈ এটা প্ৰবল ৰাজনৈতিক দল বা শাসনক্ষম দলৰ বিৰুদ্ধে।

(d) নতুন অর্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ নতুন অর্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল—

(ক) উদাৰীকৰণ: চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস কৰি অৰ্থনীতি অধিক মুক্ত কৰা। ইয়াৰ উদ্দেশ্য আছিল ব্যৱসায় আৰু উদ্যোগৰ ওপৰত কৰ, অনুমতি, আৰু বিধি-নিয়মৰ বৰঝ কমোৱা।

(খ) ব্যক্তিগতকৰণ: হৈছে চৰকাৰী উদ্যোগসমূহ ব্যক্তিগত খণ্ডৰ হাতত সোপাৰ্দা কৰাৰ প্ৰক্ৰিয়া। ই মূলত ৰাজহুৱা খণ্ডৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ হ্ৰাস কৰি ব্যক্তিগত খণ্ডক অধিক সৰল আৰু প্ৰতিযোগিতামূলক কৰাৰ উদ্দেশ্যে কৰা হয়।

(e) ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? প্রথম মুখ্য নির্বাচন আয়ুক্ত কোন আছিল?

উত্তৰঃ ভাৰতৰ নিৰ্বাচন আয়োগ ১৯৫০, ২৫ জানুৱাৰী তাৰিখে গঠন কৰা হৈছিল।

প্ৰথম মুখ্য নির্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন।

অথবা

ভাৰতীয় জনসংঘৰ দুটা আদর্শ উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় জনসংঘৰ দুটা আদর্শ হ’ল—

(ক) চৰকাৰী ভাষা হিচাপে হিন্দী ভাষাক স্বীকৃতি প্রদানৰ ক্ষেত্রত।

(খ) অখণ্ড আৰু একত্রিত ভাৰতবর্ষ গঢ়ি তুলাত।

(f) আঞ্চলিকতাবাদৰ সমস্যা সমাধানৰ দুটা উপায় লিখা।

উত্তৰঃ আঞ্চলিকতাবাদৰ সমস্যা সমাধানৰ দুটা উপায় হ’লঃ

(ক) কেন্দ্ৰৰ সকলো ৰাজ্যৰ প্ৰতি সমান ব্যৱহাৰঃ আঞ্চলিকতাবাদৰ সমস্যা সমাধানৰ এক প্ৰধান উপায় হ’ল কেন্দ্ৰৰ সকলো ৰাজ্যৰ প্ৰতি সমান ব্যৱহাৰ। যদি কেন্দ্ৰই সকলো ৰাজ্যক সমান দৃষ্টিৰে চাই আৰু সমান মৰ্যাদা প্ৰদান কৰে তেন্তে দেশত আঞ্চলিকতাবাদ আৰু আঞ্চলিকতাবাদী ভাৱধাৰাৰ  সমস্যাৰ যথেষ্ট পৰিমাণে সমাধান হ’ব।

(খ) ৰাজ্যসমূহৰ প্ৰয়োজন আৰু সমস্যাসমূহৰ উচিত সমাধানঃ কেন্দ্ৰই যদি সকলো ৰাজ্যৰ, অঞ্চল আৰু সম্প্ৰদায় সমূহৰ দাবী আৰু প্ৰয়োজনীয়তা উপযুক্তভাৱে পূৰণ কৰে আৰু তেওঁলোকৰ সমস্যাৰ উচিত সমাধান কৰিব পাৰে তেতিয়াও আঞ্চলিকতাবাদৰ সমস্যাৰ যথেষ্ট পৰিমাণে অৱসান ঘটিব।

অথবা

আঞ্চলিকতাবাদ উৎপত্তিৰ দুটা কাৰণ লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাজনীতিত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ তলত উল্লেখ কৰা হ’ল—

(ক) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা: ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো অংগৰাজ্যসমূহৰ প্ৰতি সমভাৱ প্রদান কৰা দেখা নাযায়। অর্থাৎ কিছুমান ৰাজা বা অঞ্চলক অৱহেলাৰ চকুৰে দেখা যায়। ফল স্বৰূপে এনে অৱহেলিত ৰজা বা অঞ্চলসমূহে নিজৰ প্রাপ্য আদায়ৰ বাবে আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা দেখা যায়।

(খ) কেন্দ্রীয়কৰণৰ প্ৰৱণতা: কেন্দ্রীয় চৰকাৰৰ অধিক কেন্দ্ৰীয়কৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কর্তৃত্ব লাভৰ চেষ্টাও বহু সময়ত আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ কাৰণ হৈ পৰে।

7. নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো তিনিটা প্রশ্নৰ উত্তৰ লিখা:

(a) ভাৰতত বিৰোধী দলৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। ভাৰতবৰ্ষত চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়ললৈকে স্বীকৃতি কোনো বিৰোধী দল নাছিল (যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছক বাদ দি কোনো দলেই ৫০ খন সন লাভ কৰা নাছিল।) কিন্তু পৰৱৰ্তী কালত বিৰোধী দলৰ স্থিতি লাভ কৰিবলৈ কেইবাটাও দল সক্ষম হ’ল। প্ৰকৃততে ১৯৭৭ চনৰ পিছৰ পৰাহে আমাৰ দেশত বিৰোধী দলৰ ভূমিকা কিছু স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়। পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে বিৰোধী দলে লোৱা বলিষ্ঠ ভূমিকাই গণতন্ত্ৰক জনপ্ৰিয় চৰকাৰ ৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। বিৰোধী দলৰ ভূমিকা থকা দুখন উল্লেখযোগ্য ৰাষ্ট্ৰ হ’ল一 আমেৰীকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড (গ্ৰেট ব্ৰিটেইন)।

এখন গণতান্ত্ৰিক দেশত শাসনত থকা দলটোৰ বিপৰীতে বিৰোধীৰ আখনত থকা বিৰোধী দলৰ ভূমিকা কেনে হ’ব লাগে এই লৈ ৰাজনৈতিক পণ্ডিতসকলে বহুতো পৰামৰ্শ আগবঢ়াইছে। প্ৰধানতঃ বিৰোধী দলৰ কৰণীয় এনেধৰণৰ一

১। জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে।

২। শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা।

৩। চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হ’লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা।

৪। জনসাধাৰণৰ অভাৱ-অভিযোগ, আশা-আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা। 

৫। প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।

৬। জনমত গঠন কৰা।

৭। চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা।

৮। জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

৯। জনমতৰ প্ৰতি চৰকাৰক সজাগ, দায়বদ্ধ আৰু জবাবদিহী কৰা।

১০। চৰকাৰে যাতে স্বেচ্চাচাৰীভাৱে শাসন চলাব নোৱাৰে সেইক্ষেত্ৰত চোকা নজৰ ৰখা।

১১। প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম-কাজক গতিশীলতাক প্ৰদান কৰা।

(b) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতাসকলে কিয় ধর্মনিৰপেক্ষতাৰ নীতিৰ ওপৰত গুৰুত্ব দিছিল?

উত্তৰঃ ভাৰত, সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ ১৯৭৬ চনত ‘ধৰ্মনিৰপেক্ষতা’ শব্দটো প্ৰৱৰ্তন কৰা হৈছিল। ধৰ্মনিৰপেক্ষতাৰ অৰ্থ হ’ল চৰকাৰক ধৰ্মৰ পৰা পৃথক কৰা যাৰ অৰ্থ হ’ল ভাৰত চৰকাৰে কোনো বিশেষ ধৰ্মক অনুসৰণ বা অনুকূল কৰা উচিত নহয় বৰঞ্চ প্ৰতিটো ধৰ্মক সমানে অনুকূল কৰা উচিত।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতাসকলে ধৰ্মনিৰপেক্ষতাৰ নীতিৰ ওপৰত গুৰুত্ব দিছিল কাৰণ ই একতাবদ্ধতা, সাম্প্ৰদায়িক সৌহার্দ্য, আৰু ভাৰতৰ বৈচিত্র্যক সন্মানিত কৰাৰ লক্ষ্যৰে দিছিল। 

ইয়াৰ কিছু মুখ্য কাৰণসমূহ হ’ল:

(ক) ভাৰতৰ বৈচিত্র্য সন্মান কৰা: ভাৰত বিভিন্ন ধৰ্ম, ভাষা, আৰু সংস্কৃতিৰ এক মিলনৰূপ দেশ। স্বাধীনতা সংগ্ৰামৰ নেতাসকলে ধাৰ্মিক একতাৰ ওপৰত গুৰুত্ব দিছিল যাতে সকলো ধৰ্মৰ লোকৰ সমান অধিকাৰ আৰু সন্মান ৰক্ষা হয় আৰু ভাৰতত সাম্প্ৰদায়িক দ্বন্দ্ব সৃষ্টি নহয়।

(খ) ব্ৰিটিছ উপনিবেশবাদৰ বিৰুদ্ধে একত্ৰিত প্ৰতিবাদ: ব্রিটিছ শাসন আমলে, ব্ৰিটিছ শাসকসকলে সমাজত ধৰ্মীয় বিভাজন সৃষ্টি কৰি ভাৰতীয় সমাজক দুভাগৰ পৰা শাসন কৰিছিল। নেতাসকলে ধৰ্মনিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰি, একতাবদ্ধ প্ৰতিবাদৰ মাধ্যমে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ চেষ্টা কৰিছিল।

(গ) সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে প্ৰতিবাদ: স্বাধীনতা সংগ্ৰামৰ নেতাসকলে ধৰ্মনিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰি, সাম্প্ৰদায়িক বিভাজন আৰু অস্থিৰতা প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে ভাৰতৰ সমাজত সাম্প্ৰদায়িক শক্তিসমূহক ধ্বংস কৰি একতা, শান্তি আৰু সমৰ্থনৰ পৰিসৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল।

(ঘ) সমাজত সমতা আৰু ন্যায় প্রতিষ্ঠা: স্বাধীনতা সংগ্ৰামৰ নেতাসকলে ধৰ্মনিৰপেক্ষতাৰ নীতিৰ দ্বাৰা ভাৰতৰ সকলো জনগণৰ সমান অধিকাৰ আৰু ন্যায়ৰ সুৰক্ষা প্ৰদান কৰিবলৈ লক্ষ্য কৰিছিল। ই স্বাধীন ভাৰতৰ শক্তিশালী আৰু একতাবদ্ধ সমাজৰ সৃষ্টিত সহায়ক হৈছিল।

অথবা

ভাৰত বিভাজনৰ পৰিণতিসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পৰিণতি স্বৰূপে দেশ খনত এক কৰুণ তথা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিভাজনৰ ফলত সীমান্তৰ দুই পাৰতে হত্যা, সংঘাত, নৃশংসতা চূড়ান্তভাৱে বৃদ্ধি পাইছিল। ধৰ্মৰ ভিত্তিত এটা ধৰ্মীয় সম্প্ৰদায়ৰ লোকে আন এক ধৰ্মৰ লোকক দয়াহীনভাৱে হত্যা কৰিবলৈ ধৰিছিল। কিছুমান অঞ্চল আনকি ‘সাম্প্ৰদায়িক মণ্ডল’ত বিভাজিত হৈ উঠিছিল। যেনে— অমৃতসৰ, লাহোৰ, কলকাতা আদি। ইটো ধৰ্মৰ লোক সিটো ধৰ্মৰ লোকৰ অঞ্চললৈ যোৱাতো নিষেধ কৰি দিয়া হৈছিল। হিন্দু আৰু শিখসকল মুছলমান লোক বাস কৰা অঞ্চলত প্ৰৱেশ কৰা বন্ধ কৰা হয়। ঠিক তেনেদৰে মুছলমান লোকৰ হিন্দু আৰু শিখসকলৰ অঞ্চলত প্ৰৱেশ কৰাঁতো বন্ধ কৰি দিয়া হয়। ভাৰত বিভাজনৰ পৰিণতিৰূপে ৮০ লাখ লোক নতুন সীমান্তলৈ প্ৰব্ৰজন কৰিব লগা হয়। এনেদৰে সীমান্ত পাৰ কৰোঁতে অসংখ্য লোকক হত্যা কৰা হৈছিল, বহু মহিলাক ধৰ্ষণ কৰা হৈছিল আনকি তাৰ পিছত কিছুমান মহিলাক হত্যা কৰিও পেলাইছিল। তাৰোপৰি দুই সীমান্তত বহু সংখ্যক মহিলাক অপহৰণ কৰি লৈ বলপূৰ্বকভাৱে ধৰ্মান্তৰিত কৰা হৈছিল। তদুপৰি বহু নিস্পাপ শিশু নিজৰ পৰিয়ালৰ পৰা তথা পিতৃ-মাতৃৰ পৰা পৃথক হৈ পৰিছিল। বিভাজনৰ ফলত সৃষ্টি হোৱা নৃশংসতা আৰু হিংসাত্মক কাৰ্য-কলাপত প্ৰায় ৫ ৰ পৰা ১০ লাখ পৰ্যন্ত লোকে মৃত্যুক সাবটি ল’ব লগা হৈছিল। বহু লোক গৃহহীন হৈ পৰিছিল। আনকি বহুলোক জীৱনৰ কাৰণে পংগু হৈ পৰিছিল। 

বিভাজনৰ পিছত নৱ গঠিত ৰাষ্ট্ৰ পাকিস্তানলৈ ব্যাপক সংখ্যাত মুছলমান সম্প্ৰদায়ৰ লোকৰ প্ৰব্ৰজন ঘটাৰ পিছতো বহু সংখ্যক মুছলমান লোক ভাৰতত ৰৈ যায়। ধৰ্মৰ ভিত্তিত এই বিভাজন ঘটাৰ পিছতো কিন্ত ভাৰতবৰ্ষ ধৰ্মৰ ভিত্তিত হিন্দু ৰাষ্ট্ৰলৈ পৰিৱৰ্তিত নহ’ল, বৰং ই এখন ধৰ্মনিৰপেক্ষ দেশ ৰূপেহে গঢ়ি উঠিল।

(c) 1977 চনত কংগ্ৰেছ পৰাজিত হোৱাৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ ১৯৭৭ চনত কংগ্ৰেছৰ পৰাজিত হোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল:

(ক) জৰুৰীকালীন অৱস্থাত কংগ্ৰেছ দলে ক্ষমতাৰ অপব্যৱহাৰ।

(খ) প্ৰতিৰোধমূলক আটক, বলপূৰ্বক বন্ধ্যাকৰণ আৰু স্থানচ্যুতিৰ ব্যাপক ব্যৱহাৰ।

(গ) উত্তৰ ভাৰতৰ মধ্যবিত্ত শ্ৰেণী কংগ্ৰেছ দলৰ পৰা আঁতৰি গ’ল।

(d) প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছ দলে প্ৰথম তিনিটা  নিৰ্বাচনত আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচনত অনুষ্ঠিত হৈছিল 1952 চনত। এই নিৰ্বাচন আছিল লোক সভাৰ নিৰ্বাচন। এই নিৰ্বাচনত কগ্ৰেছে 489 খন আসনৰ ভিতৰত 364 খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচপে প্ৰাধান্যতা দেখুওৱাইছিল। কংগ্ৰেছ দলে এই নিৰ্বাচনত 45% ভোট লাভ কৰি অতুলনীয়ভাৱে ভাৰতীয় কমিউনিষ্ট পাৰ্টিক চেৰ কৰি পেলাইছিল।

ঠিক একে দৰে 1957 চনৰ দ্বিতীয় লোকসভা নিৰ্বাচনত কগ্ৰেছ দলে পূৰ্বৰ দৰেই নিজৰ স্থিতি বাহাল ৰাখিবলৈ সক্ষম হৈছিল। এই নিৰ্বাচনত কগ্ৰেছে সৰ্বমুঠ 494 খন আসনৰ ভিতৰত 371 খন আসন লাভ কৰিছিল আৰু মুঠভোটৰ 47.8% লাভ কৰি আধিপত্য বিস্তাৰ কৰিছিল।

তাৰোপৰি 1962 চনৰ সাধাৰণ নিৰ্বাচনতো সৰ্বমুঠ 494 খন আসনৰ ভিতৰত 361 খন আসন লাভ কৰিছিল আৰু মুঠ ভোটৰ 44.7% লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

অথবা

স্বাধীনতাৰ পিছত ভাৰতে সম্মুখীন হোৱা প্রত্যাহ্বানসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীনতাৰ পাছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বানসমূহ হ’ল—

(ক) শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ প্ৰত্যাহ্বানঃ স্বাধীনতা তথা বিভাজনৰ পিছত ভাৰতৰ বাবে আটাইতকৈ উল্লেখযোগ্য প্ৰত্যাহ্বানেই আছিল শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপন। দেশ বিভাজনৰ ফলত নিজ ঘৰ, সম্পত্তি, মাটি-বাৰী হেৰুৱাই নিঠৰুৱা আৰু মানসিকভাৱে ভাঙি পৰা লোকসকলক শৰণাৰ্থী শিবিৰত আশ্ৰয় প্ৰদান কৰা হৈছিল। শৰণাৰ্থীসকলৰ কাৰণে ভাৰতৰ চৰকাৰে ভিন্ন ঠাইত শিবিৰ গঠন কৰে। পশ্চিম পঞ্জাৱ পৰা অহা হিন্দু আৰু শিখ সম্প্ৰদায়ৰ শৰণাৰ্থী সকলৰ কাৰণে চৰকাৰখনে কুৰুক্ষেত্ৰত এক প্ৰকাণ্ড শিবিৰৰ নিৰ্মাণ কৰে। শিবিৰটোত প্ৰায় তিনি লাখতকৈয়ো বেছি লোক থাকিব লগা হৈছিল। এই ব্যাপক সংখ্যক শৰণাৰ্থীৰ খাদ্যৰ যোগান ধৰাঁতো ভাৰত চৰকাৰৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছিল। এই ক্ষেত্ৰত ভাৰতৰ সেনাই বিশেষ ভূমিকা পালন কৰিছিল। চৰকাৰে পশ্চিম পঞ্জাৱৰ পৰা অহা লোকৰ বাবে প্ৰায় ২০০ টা শিবিৰ নিৰ্মাণ কৰিছিল। তদুপৰি প্ৰত্যেক শৰণাৰ্থী পৰিয়ালৰ কাৰণে ৪ হেক্টৰ মাটি আবন্টন কৰে আৰু শস্যৰ বীজ, সা-সঁজুলি ক্ৰয় কৰিবলৈ ঋণ প্ৰদানৰো পদক্ষেপ লয়। তাৰোপৰি জলন্ধৰত এক পুনৰসংস্থাপন সচিবালয়ৰো প্ৰতিষ্ঠা কৰা হয়।

উত্তৰ পশ্চিম সীমান্তৰ পৰা অহা অসংখ্য শৰণাৰ্থীক ফৰিদাবাদত পুনৰসংস্থাপন কৰিছিল। ঠিক তেনেদৰে দিল্লীতো অসংখ্য শৰণাৰ্থীলোকে প্ৰৱেশ কৰিছিল। একেদৰে বোম্বাইতো সিন্ধু, পঞ্জাৱ আৰু উত্তৰ-পশ্চিম সীমান্তৰ প্ৰায় ৫০ লাখ শৰণাৰ্থীৰ প্ৰৱেশ ঘটে। কলকাতাতো পূৱ বংগৰ বহু হিন্দু শৰণাৰ্থীয়ে প্ৰৱেশ কৰিছিল। এইধৰণৰ বৃহৎ শৰণাৰ্থীক পুনৰ সংস্থাপন কৰাঁতো আছিল ভাৰতৰ বাবে স্বাধীনতাৰ পিছৰ এক বৃহৎ সমস্যা।

(খ) জাতি নিৰ্মাণ বা জাতীয় একতা আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰত্যাহ্বানঃ স্বাধীনতাৰ পিছৰ প্ৰথম সময়ছোৱাত ভাৰতবৰ্ষই মুখামুখি হোৱা এক প্ৰধান প্ৰত্যাহ্বান আছিল ভাৰতৰ জাতীয় ঐক্যতা আৰু ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা। যিহেতু বিভাজনৰ ফলত চিন্ন ভিন্ন হৈ পৰা লোকক সকলক একত্ৰিত কৰি এক নতুন ভাৰত গঢ়াতো অতি কঠিন আছিল। কাৰণ ভাৰত বিভিন্ন ভাষা-ভাষী, জাতি,ধৰ্মৰ দেশ। বিভাজনৰ ফলত বিভিন্ন জাতি-ধৰ্ম, হিন্দু- মুছলমান, শিখ আদিৰ মাজত বিভেদৰ আৰু শত্ৰুতাৰ সৃষ্টি হয়। সেইবোৰ দূৰ কৰি সকলোৰে মাজত একতা গঢ়ি এক গণতান্ত্ৰিক ভাৰত গঢ়াটো সহজ নাছিল। তথাপি সকলো ৰাজ্য ভাৰতৰ সৈতে চামিল হ’ব বিচৰা নাছিল । কিছুমানে স্বতন্ত্ৰভাৱে ৰ’ব বিচাৰিছিল, কিছুমানে পাকিস্তানৰ লগত চামিল হ’ব বিচাৰিছিল আৰু কিছুমানে ভাৰতৰ পৰাই পৃথক হ’ব বিচাৰিছিল। এনে পৰিস্থিতিত ভাৰতৰ বাবে জাতীয় একতা আৰু ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা অতিকে কঠিন প্ৰত্যাহ্বান আছিল কাৰণ সকলো শ্ৰেণীৰ সকলো জনসাধাৰণৰ ঐক্যতাৰ অবিহনে এইয়া সম্ভৱ নহয়।

(e) বৃটিছ ভাৰতীয় প্রদেশ বুলিলে কি বুজা? দেশীয় ৰাজ্যসমূহৰ লগত ইয়াৰ পাৰ্থক্য কি আছিল?

উত্তৰঃ ব্ৰিটিছ ভাৰতীয় ৰাজ্যসমূহ ১৮৫৮ চনৰ আগতে ব্ৰিটিছ মুকুট বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা প্ৰত্যক্ষভাৱে পৰিচালিত অঞ্চল আছিল। বংগ, বম্বে, মাদ্ৰাজ আদি এই ভূখণ্ডসমূহ ব্ৰিটিছ চৰকাৰে নিৰ্ধাৰণ কৰা আইন আৰু নীতিৰ অধীনত ব্ৰিটিছ বিষয়াসকলে পৰিচালনা কৰিছিল। ৰাজহ সংগ্ৰহ, আইন প্ৰয়োগ আৰু শাসন ব্যৱস্থা প্ৰত্যক্ষভাৱে ব্ৰিটিছ কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিছিল, স্থানীয় শাসকৰ কোনো জড়িত নাছিল।

ৰাজকীয় ৰাজ্যসমূহ আছিল ব্ৰিটিছ মুকুটৰ আধিপত্যৰ অধীনত মহাৰাজা বা নবাবৰ দৰে থলুৱা ৰজাৰ দ্বাৰা শাসিত অৰ্ধস্বায়ত্তশাসিত অঞ্চল। এই ৰাষ্ট্ৰসমূহে ব্ৰিটিছৰ সৈতে চুক্তিবদ্ধ হৈছিল, যাৰ ফলত তেওঁলোকে বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষাৰ ওপৰত নিয়ন্ত্ৰণ আত্মসমৰ্পণ কৰাৰ লগতে আভ্যন্তৰীণ স্বায়ত্তশাসনৰ অনুমতি দিছিল। শাসকসকলে নিজৰ ভূখণ্ডৰ ভিতৰতে নিজৰ কৰ্তৃত্ব বজাই ৰাখিছিল যদিও প্ৰয়োজন সাপেক্ষে ব্ৰিটিছক কৰ আদায় আৰু সহায় কৰিবলৈ বাধ্য হৈছিল। দুয়োটাৰে মাজৰ প্ৰধান পাৰ্থক্য আছিল শাসন ব্যৱস্থা। ব্ৰিটিছ ভাৰতীয় ৰাষ্ট্ৰসমূহ প্ৰত্যক্ষভাৱে ব্ৰিটিছ বিষয়াসকলে পৰিচালনা কৰিছিল। আনহাতে ৰাজকীয় ৰাষ্ট্ৰসমূহ পৰোক্ষভাৱে নিয়ন্ত্ৰিত আছিল, থলুৱা শাসকসকলে সীমিত সাৰ্বভৌমত্ব বজাই ৰাখিছিল। এই দ্বৈত ব্যৱস্থাই ব্ৰিটিছক কৌশলগত মিত্ৰতাৰ সৈতে প্ৰত্যক্ষ শাসনৰ সংমিশ্ৰণেৰে নিজৰ বিশাল সাম্ৰাজ্য পৰিচালনা কৰিবলৈ অনুমতি দিছিল।

অথবা

ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতিসমূহ কি কি?

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতিসমূহ হ’লঃ

(ক) গোষ্ঠীনিৰপেক্ষতাঃ শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতে গ্ৰহণ কৰা গোষ্ঠীনিৰপেক্ষ নীতি শীতল যুদ্ধৰ অন্তৰ পিছতো ৰৈ যায় আৰু ভাৰতৰ বৈদেশিক নীতিৰ অবিচ্ছিন্ন অংগ হৈ পৰে।

(খ) বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘলৈ সমৰ্থনঃ ভাৰত আন্তঃৰাষ্ট্ৰীয় সংস্থা ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য। ভাৰতে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বৰ ওপৰত সদায় প্ৰাধান্য দি আহিছে আৰু ৰাষ্ট্ৰসংঘক শক্তিশালী সমৰ্থন জনাই আহিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ শান্তি সুৰক্ষা অভিযানলৈ ভাৰতে সৰ্বাধিক সেনা প্ৰেৰণ কৰি আহিছে।

8. নিম্নলিখিত প্রশ্নসমূহৰ পৰা যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখা:

(a) ভাৰতৰ স্বাধীনতাৰ আৰম্ভনিৰ সময় চোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ স্বাধীনতাৰ আৰম্ভনিৰ সময়ত ভাৰতৰ পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহ আছিল:

(ক) আধুনিকীকৰণৰ আৰ্হি: বিকাশৰ মানদণ্ড হিচাপে পশ্চিমা আৰ্হি গ্রহণ কৰিব লাগে নে প্ৰথাগত সামাজিক গাঁথনি অটুট ৰাখি বিকাশৰ উপায় সন্ধান কৰিব লাগে – এই বিষয়ত বিতৰ্ক হৈছিল। পশ্চিমা ধৰণৰ পুঁজিবাদী বা সমাজবাদী আধুনিকীকৰণৰ বিষয়েও মতভেদ আছিল।

(খ) বিকাশৰ আদৰ্শৰ নির্বাচন: ছোভিয়েট আৰ্হি অধিক জনপ্রিয় আছিল, আৰু নেহৰুৰ দৰে নেতাসকলেও ইয়াক সমৰ্থন কৰিছিল।

(গ) সামাজিক আৰু অৰ্থনৈতিক পুনৰ বিতৰণ: দৰিদ্ৰতা নিবাৰণ আৰু সামাজিক সাম্য স্থাপনক চৰকাৰৰ মুখ্য দায়িত্ব বুলি বিবেচনা কৰা হৈছিল।

(ঘ) কৃষি বনাম উদ্যোগ: পৰিকল্পনা, কৃষি বা উদ্যোগত এই দুটাৰ ভিতৰত কোনটোক অগ্ৰাধিকাৰ দিয়া হ’ব সেই সম্পৰ্কে পৰিকল্পনাকাৰীসকলৰ মাজত বিতৰ্ক হৈছিল। কমসংখ্যকেহে ভাবিছিল যে ঔদ্যোগিক উৎপাদনৰ ভয়াৱহ বৃদ্ধি নহ’লে দৰিদ্ৰতাৰ চক্ৰৰ পৰা কোনো পলায়ন হ’ব নোৱাৰে। তেওঁলোকে যুক্তি দিছিল যে ভাৰতীয় পৰিকল্পনাত খাদ্য শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষি কৌশল আছে।

(b) ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক বৈচিত্ৰ্যময় আৰু সময়ৰ সৈতে পৰিৱর্তনশীল। চীনৰ সৈতে সীমান্ত বিবাদ, বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু আক্সাই চীনক লৈ বিবাদ, সম্পৰ্কত প্ৰভাৱ পেলাইছে। 1962 চনৰ যুদ্ধৰ পিছত দুয়োৰে সম্পৰ্কে গৰম-ঠাণ্ডা অৱস্থাৰ অভিজ্ঞতা লাভ কৰিছে। পাকিস্তানৰ সৈতে দেশবিভাগ আৰু কাশ্মীৰ সমস্যা মূল বিবাদৰ বিষয়। পাকিস্তানৰ মাটিৰ পৰা হোৱা সন্ত্রাসবাদী কাৰ্যকলাপে সম্পর্কত অধিক উত্তেজনা সৃষ্টি কৰিছে। অন্যদিশে, বাংলাদেশৰ সৈতে 1971 চনৰ মুক্তিযুদ্ধত ভাৰতৰ ভূমিকা সম্পর্ক উন্নত কৰিলেও, সীমান্ত সমস্যা আৰু নদী পৃষ্ঠৰ ভাগ-বতৰা যেনে বিষয়ত সময় সময়ত সমস্যাৰ সৃষ্টি হয়। 

নেপালৰ সৈতে ঐতিহাসিক আৰু সংস্কৃতিক সম্পৰ্ক মজবুত হৈ থাকিলেও, চিনৰ প্ৰভাৱ বৃদ্ধিৰ ফলত কিছু সময়ত উত্তেজনা দেখা গৈছে। ভুটানৰ সৈতে ভাৰতৰ সম্পৰ্ক অত্যন্ত বন্ধুত্বপূর্ণ, আৰু জলবিদ্যুৎৰ ক্ষেত্ৰত দুয়োৰে সহযোগিতা গুৰুত্বপূর্ণ। শ্ৰীলংকাৰ সৈতে সংস্কৃতি আৰু বাণিজ্যৰ ক্ষেত্ৰত সু-সম্পৰ্ক আছে যদিও এলটিটিই সংকটক লৈ কিছু উত্তেজনা সৃষ্টি হৈছিল। মিয়ানমাৰৰ সৈতে উত্তৰ-পূবৰ সংযোগ, আৰু আফগানিস্তানৰ সৈতে পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতাৰ দিশত ভাৰত সক্ৰিয়।

(c) দেশ বিভাজন প্রক্রিয়াত জড়িত নীতি আৰু জটিলতাসমূহ আলোচনা কৰা।

উত্তৰঃ দেশ বিভাজন প্ৰক্ৰিয়া বহু জটিলতা আৰু সমস্যাৰে পূৰ্ণ হৈছিল। দেশ বিভাজনৰ মূল নীতি আছিল ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত অঞ্চলসমূহক ভাৰত আৰু পাকিস্তানত ভাগ কৰা। মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলসমূহ পাকিস্তানৰ অন্তৰ্ভুক্ত হ’ব আৰু বাকী অংশ ভাৰতৰ সৈতে থাকিব বুলি সিদ্ধান্ত লোৱা হৈছিল। কিন্তু বাস্তৱত ই কার্যকৰ কৰাৰ সময়ত অজস্র সমস্যাই দেখা দিছিল।

ইংৰাজ শাসনাধীন ভাৰতত একো পূৰ্ণ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল নাছিল। মুছলমান অধ্যুষিত পূৰ্ব আৰু পশ্চিম অঞ্চলসমূহক সামৰি পাকিস্তান গঠন কৰা হৈছিল। তদুপৰি, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ মুছলমানসকলৰ পাকিস্তানত চামিল হোৱাৰ ইচ্ছা নাছিল। সৰুমত নেতা আব্দুল গফাৰ খানে দ্বি-জাতি তত্ত্বৰ বিৰোধিতা কৰিছিল, কিন্তু ইয়াক উপেক্ষা কৰি অঞ্চলটো পাকিস্তানত অন্তৰ্ভুক্ত কৰা হয়।

পাঞ্জাৱ আৰু বংগ প্রদেশক লৈ দ্বিতীয় জটিলতা দেখা গৈছিল। যদিও এই প্রদেশসমূহত মুছলমানৰ সংখ্যা অধিক আছিল, বহু এলেকাত হিন্দু আৰু শিখ সংখ্যাগৰিষ্ঠ আছিল। সেয়ে এই অঞ্চলসমূহক জিলা বা তলৰ পৰ্যায়ত ধর্মীয় সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত ভাগ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ১৪ আগষ্টৰ আগলৈও এই বিভাজনৰ সিদ্ধান্ত সম্পূৰ্ণ ৰূপে লোৱা নাছিল। ফলত বহু লোক স্বাধীনতাৰ দিনটোত তেওঁলোক পাকিস্তানত নে ভাৰতত আছে সেয়া জানিবও পৰা নাছিল।

চতুৰ্থ জটিলতা আছিল দেশ বিভাজনৰ ফলত সীমান্তৰ দুয়োপাৰৰ সংখ্যালঘুসমূহৰ ওপৰত হোৱা অত্যাচাৰ। হিন্দু, শিখ আৰু মুছলমানসকলে নিজা অঞ্চলত বিদেশী হৈ পৰিছিল। ধৰ্মীয় হিংসা, লুটপাট, আৰু গণহত্যাই লক্ষ লক্ষ লোকক জন্মস্থান এৰি অন্য অঞ্চললৈ পলায়ন কৰিবলৈ বাধ্য কৰিছিল। এই সকলো ঘটনাই দেশ বিভাজনক এক গভীৰ দুখদায়ক আৰু জটিল অধ্যায়ত পৰিণত কৰিছিল।

অথবা

পৰিকল্পনা কি? উন্নয়নত ইয়াৰ ভূমিকা কি?

উত্তৰঃ পৰিকল্পিত বিকাশ বা উন্নয়ন হল বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ জৰিয়তে সাধন কৰা বিকাশ বা উন্নয়ন সাধন কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাক পৰিকল্পিত বিকাশ বোলে।

উন্নয়নত পৰিকল্পনা বা পৰিকল্পিত অৰ্থনীতিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰৰ উন্নয়ন তথা বিকাশত যথেষ্ট পৰিমাণে সহায় কৰে। দেশৰ কৃষিখণ্ডৰ উৎপাদন বৃদ্ধি তথা বিকাশ, কৃষিকাৰ্যত আধুনিক উন্নত কৌশলৰ প্ৰয়োগ, খাদ্য সমস্যা দূৰীকৰণ, দৰিদ্ৰতা তথা নিৱনুৱা হ্ৰাসকৰণ, নিৰক্ষৰতা দূৰীকৰণ, বৈষ্যমতা দূৰীকৰণ, ঔদ্যোগিক বিকাশ আদিৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰে। পৰিকল্পনাই ভাৰতলৈ আৰ্থ-সামাজিক প্ৰগতি আৰু বিকাশ কঢ়িযাই আনে।

গ – অংশ (For Old Course Students in liue of Project Works)

9. নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখা:

(a) নতুন আন্তৰাষ্ট্রীয় অর্থনৈতিক ব্যৱস্থাৰ লক্ষ্য চমুকৈ বর্ণনা কৰা।

উত্তৰঃ উন্নয়নশীল দেশসমূহে অৰ্থনৈতিক উপনিৱেশবাদ আৰু উন্নত ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতাৰ অন্ত পেলাবলৈ নতুন আন্তৰাষ্ট্রীয় অর্থনৈতিক ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়ায়। উন্নয়নশীল ৰাষ্ট্ৰসমূহে বিশ্বাস কৰিছিল যে তেতিয়াৰ প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক ব্যৱস্থা যেতিয়া বহু দেশে স্বাধীনতা লাভ কৰা নাছিল তেতিয়া প্ৰতিষ্ঠা হৈছিল। সেয়েহে ইয়াৰ ফলত বৈষম্যৰ সৃষ্টি হয়। ঔপনিৱেশিকতাবাদৰ অন্ত পৰাৰ পিছতো প্ৰকৃত অৰ্থনৈতিক স্বাধীনতা নাছিল। উন্নয়নশীল ৰাষ্ট্ৰসমূহ আন উন্নত দেশসমূহৰ পিছ পৰি আছিল। সেয়েহে NIEO ঔদ্যোগীকৰণ, কৃষি উৎপাদন, অৰ্থনৈতিক পৰিৱৰ্তন আদিৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ উপৰিও নতুন আন্তৰাষ্ট্রীয় অর্থনৈতিক ব্যৱস্থাই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেনেকৈ হয় আৰু পুঁজি আৰু প্ৰযুক্তিৰ প্ৰবাহৰ ক্ষেত্ৰত সংস্কাৰ বিচাৰিছিল যাতে উন্নয়নশীল দেশসমূহো সমানে লাভৱান হ’ব পাৰে। নতুন আন্তৰাষ্ট্রীয় অর্থনৈতিক ব্যৱস্থা আন অৰ্থনৈতিক কাৰ্যসূচীতকৈ পৃথক। ইয়াৰ লক্ষ্য হৈছে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা ব্যৱস্থাৰ উন্নতি আৰু ইয়াৰ উদ্দেশ্য সম্প্ৰসাৰণ কৰা। ইয়াৰ লক্ষ্য হৈছে বিশ্ব অৰ্থনৈতিক উন্নয়ন য’ত অতি কম উন্নত দেশসমূহেও লাভৱান হয়।

অথবা

গোষ্ঠী-নিৰপেক্ষ আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ গোষ্ঠী-নিৰপেক্ষ আন্দোলন শীতল যুদ্ধৰ সময়ত উদ্ভৱ হোৱা এক গুৰুত্বপূর্ণ আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা আছিল। এই আন্দোলনৰ মুখ্য উদ্দেশ্য আছিল দুই মিত্ৰগোষ্ঠী—আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পুঁজিবাদী শিবিৰ আৰু ছোভিয়েট ইউনিয়নৰ নেতৃত্বত সমাজবাদী শিবিৰৰ মাজত নিৰপেক্ষ থাকি নিজা ৰাষ্ট্ৰসমূহৰ স্বাৰ্থৰ সুৰক্ষা কৰা।

১৯৫৬ চনত ইণ্ডোনেছিয়াৰ বাহুং চহৰত গোষ্ঠী-নিৰপেক্ষতাৰ সমর্থনত অনুষ্ঠিত হোৱা সভাই এই আন্দোলনৰ ভিত্তি স্থাপন কৰিছিল। ইয়াৰ প্ৰধান হোতা আছিল যুগোশ্লাভিয়াৰ যোচিপ ব্র’জ টিটো, ভাৰতৰ জৱাহৰলাল নেহৰু, আৰু ইজিপ্তৰ গামাল আবদেল নাচেৰ। ইন্দোনেছিয়াৰ চুকাৰ্ণো আৰু ঘানাৰ কুৱামে এনকুমাৰো এই আন্দোলনত বিশেষভাৱে জড়িত আছিল।

১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত প্ৰথম শীৰ্ষ সম্মিলনই আন্দোলনটো আনুষ্ঠানিক ৰূপ প্ৰদান কৰে। এই সম্মিলনত ২৫ খন দেশৰ অংশগ্ৰহণৰ সৈতে তিনিটা মূল বিষয়ত গুৰুত্ব দিয়া হৈছিল—গোষ্ঠী-নিৰপেক্ষ সহযোগিতা, শীতল যুদ্ধৰ পৰা সৃষ্টি হোৱা মানসিক চাপ, আৰু সদ্যস্বাধীন দেশসমূহৰ অভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত স্থিৰতা আনিবলৈ প্ৰচেষ্টা।

(b) আধিপত্যৰ বিভিন্ন প্রকাৰবোৰ কি কি? প্রত্যেকৰে উদাহৰণ দিয়া।

উত্তৰঃ আধিপত্যৰ বিভিন্ন প্রকাৰবোৰ হ’ল—

(ক) অনমনীয় ক্ষমতা হিচাপে আধিপত্য: অনমনীয় ক্ষমতাৰ বুলিলে অদম্য সামৰিক শক্তিক বুজাই যাৰ দ্বাৰা এখন ৰাষ্ট্ৰই আন  ৰাষ্ট্ৰৰ ওপৰত নিজৰ আধিপত্য আৰু নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। 

(খ) গাঁথনিগত ক্ষমতা হিচাপে আধিপত্য: এই  আধিপত্যই প্ৰধানতঃ বিশ্ব অৰ্থনীতিৰ বিশেষ এটা ধাৰাক প্ৰতিনিধিত্ব কৰে যাক মুক্ত বিশ্ব অৰ্থনীতি বুলি জনা যায়।

(গ) নৰম ক্ষমতা হিচাপ আধিপত্য: এই আধিপত্যই কোনো ৰাষ্ট্ৰৰ আদৰ্শগত আৰু সাংস্কৃতিক আধিপত্যৰ কথা বুজাই।

উক্ত প্ৰকাৰ সমূহৰ উদাহৰণসমূহ হ’ল—

(ক) অনমনীয় ক্ষমতা হিচাপে আধিপত্য: ইয়াৰ উদাহৰণ সমূহ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন, জাৰ্মানী, জাপান, ফ্ৰান্স, ইজৰাইল আদি ৰাষ্ট্ৰ।

(খ) গাঁথনিগত ক্ষমতা  হিচাপে আধিপত্য: ইয়াৰ উদাহৰণ সমূহ হ’ল আমেৰিকা, চীন, ইংলেণ্ড,ৰাছিয়া, ফ্ৰান্স আদি।

(গ) নৰম ক্ষমতা হিচাপে আধিপত্য: ইয়াৰ উদাহৰণ সমূহ হ’ল আমেৰিকা, ইংলেণ্ড,ফ্ৰান্স, জাৰ্মানী, জাপান, কানাডা, চুইডেন, চুইজাৰলেণ্ড, নেডাৰলেণ্ড, অষ্ট্ৰেলীয়া আদি।

(c) বিশ্বায়নৰ পৰিণতিসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ সাম্প্রতিককালত আগবাঢ়ি গৈ থকা বিশ্বায়নে মানৱ জাতিৰ ওপৰত কেনেধৰণৰ পৰিণতিৰ সৃষ্টি কৰিব সেই বিষয়ে এতিয়াই খাটাংকৈ কোৱা টান। তথাপি আলোচনাৰ সুবিধাৰ বাবে সম্ভাৱ্য পৰিণতিবোৰ অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক এই তিনি শীর্ষত ভগাই তলত আলোচনা কৰা হ’ল:

(ক) অৰ্থনৈতিক পৰিণতি: বিশ্বায়নৰ অর্থনৈতিক পৰিণতি বুজিবলৈ লাভৰ বিতৰণ প্ৰণালীৰ ভুমিকা অত্যন্ত গুৰুত্বপূর্ণ। বিশ্বায়নে সাধাৰণতে উন্নত দেশবোৰক আটাইতকৈ অধিক লাভবান কৰে, কিয়নো এই দেশবোৰৰ মূলধন আৰু প্ৰযুক্তি উন্নয়নশীল ৰাষ্ট্ৰত বিনিয়োগ কৰি অধিক মুনাফা উপাৰ্জন কৰে। আনহাতে, উন্নয়নশীল ৰাষ্ট্ৰসমূহ কম লাভবান হয়, কিয়নো এই প্ৰক্ৰিয়াত সিহঁতৰ স্থানীয় উৎপাদক আৰু ক্ষুদ্ৰ উদ্যোগ ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ দৰিদ্ৰ আৰু পশ্চাদপদ ৰাষ্ট্ৰসমূহ বিশ্বায়নৰ দ্বাৰা লোকচানৰ সন্মুখীন হয়, কিয়নো সিহঁতৰ বৈদেশিক বিনিয়োগৰ সুযোগ, প্ৰযুক্তি প্ৰৱেশ, আৰু সমান ধাৰণাৰ সমতা কম। সেয়ে, বিশ্বায়নৰ দ্বাৰা লাভ আৰু লোকচানৰ বুজাবুজি এটা জটিল প্ৰক্ৰিয়া।

(খ) ৰাজনৈতিক পৰিণতি: বিশ্বায়নে ৰাষ্ট্ৰীয় সার্বভৌমত্বক সীমিত কৰি ৰাষ্ট্ৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে। চৰকাৰে কল্যাণকামী কামৰ পৰিসৰ সংকুচিত কৰি আইন-শৃংখলা, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত কেন্দ্ৰিত হয়। বজাৰ ভিত্তিক দৃষ্টিভংগীৰ ফলত আৰ্থ-সামাজিক নীতিবোৰ লাভ-লোকচানৰ মাপকাঠিত বিবেচিত হয়। লগতে, বহুজাতিক কোম্পানীৰ প্ৰভাৱত চৰকাৰী সিদ্ধান্তৰ ওপৰত হস্তক্ষেপ বৃদ্ধি পায়।

(গ) সাংস্কৃতিক পৰিণতি: বিশ্বায়নে সাংস্কৃতিক দিশত সমৰূপতাৰ সৃষ্টি কৰি চহকী বাৰেবৰণীয়া সংস্কৃতিক সংকুচিত কৰাৰ সম্ভাৱনা বহন কৰে। পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ বৃদ্ধি হয়, যাৰ ফলত স্থানীয় সংস্কৃতিৰ অস্তিত্ব সংকট দেখা যায়। সংস্কৃতিৰ গতিশীলতাই বাহ্যিক প্ৰভাৱক সদায় নেতিবাচক নকৰে; তেনে প্ৰভাৱ পৰম্পৰাৰ সংযোজন আৰু পৰিপূৰকতা সৃষ্টি কৰিব পাৰে।

অথবা

ৰাষ্ট্রসংঘ এটা নিখুঁট আন্তৰাষ্ট্রীয় সংগঠন বুলি তুমি ভাবানে? কাৰণ দর্শোৱা।

উত্তৰঃ ৰাষ্ট্রসংঘক এক নিখুঁট আন্তৰাষ্ট্ৰীয় সংগঠন বুলি গণ্য কৰা টান, আৰু ইয়াৰ পক্ষে আৰু বিপক্ষে কিছুমান যুক্তি তলত দিয়া হৈছে।

ৰাষ্ট্ৰসংঘ নিখুঁট হ’ব পাৰে:

(ক) গণতান্ত্ৰিক পদ্ধতি: ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰৰ একেটি ভোটৰ অধিকাৰ আছে, যাৰ ফলত সৰু আৰু ডাঙৰ ৰাষ্ট্ৰৰ সমান সুযোগ আছে।

(খ) বিশ্ব শান্তিৰ প্ৰচেষ্টা: এই সংগঠনে যুদ্ধ আঁতৰাই শান্তি স্থাপন কৰিবলৈ সফলভাৱে কূটনৈতিক প্রচেষ্টা কৰিছে, যেনে কোৰীয় যুদ্ধৰ সময়ত।

(গ) বৈশ্বিক সহযোগিতা: দাৰিদ্ৰ্য, অগ্ৰগতি, আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিছে (উদাহৰণ, টেকছাসযোগ্য উন্নয়ন লক্ষ্যসমূহ)।

নিখুঁট নোহোৱাৰ কাৰণ:

(ক) ক্ষমতাৰ অসম বণ্টন: নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহৰ ভেটোৰ অধিকাৰ আছে, যি বহু সময়ত অন‍্যায়িক কাৰ্যক অনুমোদন কৰে।

(খ) অধিক দিশে অপৰ্যাপ্ত কার্যক্ষমতা: ৰাষ্ট্ৰসংঘে ৰুৱাণ্ডা গণহত্যা, ইৰাক যুদ্ধৰ দৰে বহু সংকটত সঠিক পদক্ষেপ ল’ব পৰা নাই।

(গ) বৈষম্যমূলক ভূমিকা: সৰ্বাধিক শক্তিশালী ৰাষ্ট্ৰসমূহৰ স্বাৰ্থৰ দিশে বেছিকৈ মনোযোগ দিয়া হয়।

10. নিম্নলিখিত প্রশ্নসমূহৰ পৰা তলৰ যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখা:

(a) নর্মদা বচাও আন্দোলনে কিয় নর্মদা উপত্যকাত বান্ধ প্ৰকল্পৰ বিৰোধীতা কৰিছিল?

উত্তৰঃ নর্মদা বচাও আন্দোলনে নর্মদা উপত্যকাত বান্ধ প্ৰকল্পৰ বিৰোধিতা কৰিবলৈ কিছুমান গুৰুত্বপূর্ণ কাৰণ দাঙি ধৰিছিল।

(ক) প্ৰাকৃতিক সম্পদ আৰু জীৱনধাৰাৰ ক্ষতি: বান্ধ প্ৰকল্পৰ ফলত ২৪৫খন গাঁও জলমগ্ন হোৱাৰ সম্ভাৱনা আছিল আৰু প্ৰায় ২১ লাখ লোকৰ পুনৰ সংস্থাপনৰ প্ৰয়োজন হৈছিল। ই লোকসকলৰ জীৱিকা, সাংস্কৃতিক সম্পদ, আৰু পাৰিপাৰ্শ্বিক পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব বুলি আন্দোলনটোৱে দাবী কৰিছিল।

(খ) বৃহত্তৰ সামাজিক ব্যয়: আন্দোলনটোৱে উল্লেখ কৰিছিল যে এনে প্ৰকল্পসমূহৰ ফলত সৃষ্টি হোৱা বৃহৎ সামাজিক ব্যয়, যেনে লোকৰ পুনৰ সংস্থাপন, জীৱনধাৰাৰ হানি, আৰু প্ৰাকৃতিক সম্পদৰ ক্ষতি উপযুক্তভাৱে বিবেচনা কৰা হোৱা নাই।

(গ) স্থানীয় সম্প্ৰদায়ৰ অধিকাৰ: আন্দোলনটোৱে দাবী জনাইছিল যে প্ৰাকৃতিক সম্পদত স্থানীয় সম্প্ৰদায়ৰ নিয়ন্ত্রণ থাকা উচিত আৰু তেওঁলোকৰ মতামত লোৱা উচিত। গণতান্ত্রিক দেশত স্থানচ্যুত লোকসকলৰ মতামত নোলোৱাক আন্দোলনটোৱে অমান্য কৰিলে।

(ঘ) সামাজিক ন্যায়ৰ অভাৱ: আন্দোলনটোৱে একদেশী মানুহক আনৰ উপকাৰৰ বাবে ত্যাগ কৰিবলৈ বাধ্য কৰাৰ নীতিৰ বিৰোধিতা কৰিছিল।

(b) ওলোমা সংসদ কি? ভাৰতত সাম্প্ৰতিক সময়ত উদ্ভৱ হোৱা ওলোমা সংসদ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ লোকসভাত কোনো এটা দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে সেই পৰিস্থিতিক ‘ওলমা সংসদ’ বোলা হয়।

১৯৮৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত নৱম লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ৫২৯ খন আসনৰ ভিতৰত মাত্ৰ ১৭৯ খন আসনহে লাভ কৰে। কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰিবলৈ সমৰ্থ নহ’ল। ফলত ‘ওলমা সংসদ’ৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঠিক তেনেদৰে  ১৯৯৬ চনৰ একাদশ লোকসভা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ নকৰে । ফলত ওলোমা সংসদৰ পৰিস্থিতিৰে সৃষ্টি হয়। ফলত জনতা  দল আৰু ইয়াৰ মিত্ৰগোষ্ঠীয়ে ইউনাইটেড ফ্ৰন্ট মৰ্চা গঠন কৰে। এনেদৰে ওলোমা সংসদৰ পৰিস্থিতিৰ ভাৰতত বহুবাৰ সূচনা হৈছে।

অথবা

মৰ্চা চৰকাৰত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰঃ মৰ্চা চৰকাৰত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা হ’ল—

(ক) আঞ্চলিক দলৰ শক্তি বৃদ্ধি: নব্বইৰ দশকত দলিত আৰু পিছপৰা জাতিসমূহক প্ৰতিনিধিত্ব কৰা শক্তিশালী আঞ্চলিক দল আৰু আন্দোলনমুখী সংগঠনৰ উৎপত্তি হয়। এই দলবোৰে আঞ্চলিকতাৰ প্ৰচাৰ কৰি নিজৰ চৰিত্ৰ প্ৰতিষ্ঠা কৰে।

(খ) মৰ্চা চৰকাৰ গঠনত ভূমিকা: ১৯৯৬ চনৰ সংযুক্ত মৰ্চা চৰকাৰৰ ক্ষেত্ৰত আঞ্চলিক দলবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জনতা দলৰ সৈতে বহুতো আঞ্চলিক দলৰ সহযোগত এই চৰকাৰ গঠন কৰা হৈছিল।

(গ) গণতান্ত্ৰিক প্ৰক্ৰিয়াত স্থিতিশীলতাৰ অভাৱ: আঞ্চলিক দলবোৰৰ সহায়ত গঠিত চৰকাৰে কেন্দ্ৰত এক সংযুক্ত ৰাজনীতিৰ যুগৰ পাতনি মেলে। এই সময়ছোৱাত কেন্দ্ৰত সংখ্যালঘু চৰকাৰ আৰু অন্যান্য দলৰ সমর্থনৰে গঠিত সংযুক্ত চৰকাৰ দেখা যায়।

(ঘ) আঞ্চলিক দলৰ প্ৰাসঙ্গিকতা: আঞ্চলিক দলবোৰৰ সহযোগিতা আৰু সমর্থনৰ ওপৰত কেন্দ্ৰৰ চৰকাৰৰ স্থায়িত্ব নির্ভৰ কৰে। উদাহৰণস্বৰূপে, ১৯৯৬ চনত বিজেপি বৃহৎ দল হিচাপে পৰিগণিত হৈছিল, কিন্তু আঞ্চলিক দলৰ সমর্থন নথকাৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে।

(ঙ) বিকল্প ৰাজনীতিৰ উদাহৰণ: আঞ্চলিক দলসমূহে কেন্দ্ৰীয় দলসমূহৰ বিকল্প শক্তি হিচাপে নিজৰ স্থিতি মজবুত কৰে। এইদৰে ১৯৮৯ চনৰ ৰাষ্ট্ৰীয় মৰ্চা, ১৯৯৬ চনৰ ঐক্য মর্চা, আৰু ১৯৯৯ চনৰ ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ দৰে চৰকাৰত আঞ্চলিক দলবোৰে বিশেষ ভূমিকা পালন কৰে।

(c) ভাৰতীয় জনতা দলৰ ৰাজনীতি আৰু কাৰ্যসূচী চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় জনতা পার্টি (BJP)ৰ ৰাজনীতি আৰু কাৰ্যসূচী মূলত ৰাষ্ট্ৰীয়তাবাদ আৰু সংস্কাৰবাদী চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি গঠিত। দলটোৱে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (RSS)-ৰ আদৰ্শক আঁকোৱালি লৈ ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু দেশপ্ৰেমৰ ওপৰত গুৰুত্ব দিয়ে। জনসংঘৰ উত্তৰাধিকাৰী হিচাপে ১৯৮০ চনত গঠিত হোৱা দলটোৱে ভাৰতবৰ্ষৰ ঐতিহ্য আৰু জাতীয় একতাৰ প্ৰতিফলন কৰিবলৈ চেষ্টা কৰে।

BJP ৰ কাৰ্যসূচীৰ মাজত বিশেষকৈ অন্তর্ভুক্ত হৈছে—

(ক) ৰাষ্ট্ৰীয় একতা আৰু উন্নয়ন: ৰাষ্ট্ৰৰ অখণ্ডতা আৰু শক্তিশালী নেতৃত্বৰ অধীনত উন্নয়নমূলক কাৰ্যসূচী।

(খ) সংস্কাৰবাদী ধাৰা: আৰ্থিক উদাৰীকৰণ আৰু সংস্কাৰৰ মাধ্যমেৰে ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰা।

(গ) ধৰ্মীয় আৰু সংস্কৃতিক সমৰ্থন: ভাৰতীয় পৰম্পৰা আৰু হিন্দুত্বৰ প্ৰচাৰ-প্ৰসাৰ।

(ঘ) সমাজ কল্যাণমূলক কার্যসূচী: শ্ৰমিক, কৃষক আৰু সাধাৰণ লোকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি প্ৰণয়ন।

-00000-

Benefits of Class 12 Political Science Assamese Medium Solved Question Papers

  1. Exam Preparation Made Easy (সহজ পৰীক্ষা প্ৰস্তুতি)
    – Solved question papers help students understand the exam pattern and marking scheme effectively.
  2. Clear Understanding of Concepts (বিষয় বুজা সহজ)
    – Each question is answered clearly, making it easier for students to understand key concepts.
  3. Practice for Better Performance (অভ্যাসৰ জৰিয়তে ভাল প্ৰদৰ্শন)
    – Regular practice with solved papers improves time management and accuracy during exams.
  4. Self-Assessment (নিজকে মূল্যায়ন)
    – Students can evaluate their performance and identify areas for improvement.
  5. Familiarity with Important Questions (প্ৰয়োজনীয় প্ৰশ্নৰ জ্ঞান)
    – Solved papers highlight frequently asked questions and important topics.
  6. Reduces Exam Fear (পৰীক্ষাৰ ভয় হ্ৰাস)
    – Practicing solved papers boosts confidence and reduces exam-related stress.
  7. Improves Writing Skills (লিখনি কৌশল উন্নত কৰে)
    – Students learn how to present their answers in a structured and clear manner.
  8. Helps in Revision (পুনৰাবৃত্তিত সহায়)
    – Solved papers act as a quick revision tool before the exam.

Using Class 12 Political Science Assamese Medium Solved Question Papers ensures better preparation and helps students achieve excellent results in their exams.

1 thought on “Class 12 Political Science Solved Paper 2024 (Assamese) | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান 2024 প্ৰশ্নকাকত সমাধান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
Share via
Copy link